নীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী (Nirendranath Chakravarty; ১৯ অক্টোবৰ ১৯২৪ - ২৫ ডিচেম্বৰ ২০১৮) হ'ল এজন সমসাময়িক ভাৰতীয় বাঙালী কবি, অনুবাদক আৰু ঔপন্যাসিক।১ তেওঁ কলকাতা বাংগুৰ এভিনিউত বাস কৰিছিল। তেওঁ হাৰ্গেৰ দ্য এডভেঞ্চাৰ্ছ অৱ টিনটিন বাংলা ভাষাত অনুবাদ কৰিছিল।
জীৱনী

১৯২৪ চনত অবিভক্ত বংগৰ ফৰিদপুৰ জিলাত তেওঁৰ জন্ম। কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ দৈনিক "ৰায়াহ"ত সাংবাদিকতাৰ জীৱন আৰম্ভ কৰিছিল। ১৯৭৪ চনত উলঙ্গ ৰাজা (দ্য নেকেড কিং) কবিতাৰ কিতাপখনৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। ২০০৭ চনত কলিকতা বিশ্ববিদ্যালয় তেওঁক সন্মানীয় ডক্টৰ অৱ লিটাৰেচাৰ ডিগ্ৰী প্ৰদান কৰে। চক্ৰৱৰ্তীয়ে সাহিত্য অনুবাদৰ বাবে ফ্ৰান্স আৰু ছোভিয়েট ইউনিয়নৰ ভাৰত মহোৎসৱত অংশগ্ৰহণ কৰিছিল।২ চক্ৰৱৰ্তীয়ে ভাদুডি় মশাইৰ কেইখনমান চোৰাংচোৱা উপন্যাসো লিখিছিল আৰু ১৯৯০ চনত লীজৰ আন্তঃৰাষ্ট্ৰীয় কবি সন্মিলনত অংশগ্ৰহণ কৰিছিল।৩ তেওঁ পশ্চিমবঙ্গ বাংলা একাডেমী সভাপতি আছিল।
উল্লেখযোগ্য কামসমূহ
কবিতা সংকলন
তেওঁৰ কিছু গুৰুত্বপূৰ্ণ কবিতাৰ সংকলন হ'লঃ
- নীল নিৰ্জন, ১৯৫৪
- অন্ধকাৰ বাৰাণ্ডা, ১৯৬১
- প্ৰথম নায়ক, ১৯৬১
- নিৰক্ত কৰবী, ১৯৬৫
- কবিতাৰ বদল কবিতা, ১৯৭৬
- সময় বড় কম, ১৯৮৪
- যাবতীয় ভালবাসি ১৯৮৭
- ঘুমিয়ে পৰাৰ আগে
- ঘুমিয়ে পৰাৰ যুগ, ১৯৮৭
- চল্লিশেৰ দিনগুলো, ১৯৯৪
- শ্ব 'টিয়ো সেলুকাস, ১৯৯৫
- অন্য গোপাল, ১৯৯৯
- ভালোবাসা মন্দবাসা, ২০০৩
- শ্ৰেষ্ঠ কবিতা
- কবিতা সমগ্ৰ ১
- কবিতা সমগ্ৰ ২
কিশোৰ সাহিত্য
- সাদা বাঘ
- বিবিৰ চড়া
- বাৰো মাসেৰ চড়া
- পিত্ৰী পুৰুষ
- অমলকান্তি (বাজে কবিতা)
তেওঁৰ কিছু জনপ্ৰিয় কবিতা হ'ল -
- অমলকান্তি ৰোদ্দুৰ হতে চেয়েছিল
- কলকাতাৰ যীশু, ১৯৬৯
- উলঙ্গ ৰাজা, ১৯৭১
- পাহাড়ি বিছে
তেওঁৰ জনপ্ৰিয় অনুবাদ -
তেওঁ হাৰ্গেৰ দ্য এডভেঞ্চাৰ্ছ অৱ টিনটিন বাংলা ভাষালৈ অনুবাদ কৰিছিল।
মৃত্যু
চক্ৰৱৰ্তী হৃদৰোগত আক্ৰান্ত হৈ ২০১৮ চনৰ ২৫ ডিচেম্বৰত ১২:২৫ বজাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৪ বছৰ। মৃত্যুৰ কেইমাহমান পূৰ্বৰে পৰাই তেওঁ শ্বাস-প্ৰশ্বাসত সমস্যাৰ সন্মুখীন হৈছিল।৪
বঁটা
- উলঙ্গ ৰাজাৰ বাবে ১৯৭৪ চনত সাহিত্য অকাডেমী বঁটা।
- ১৯৭৪ চনত উলঙ্গ ৰাজাৰ বাবে আনন্দ পুৰস্কাৰ।
- ১৯৮৯ চনত ব্ৰাছেলছ সাহিত্য বৃত্তি লাভ।
- ২০০৭ চনত কলিকতা বিশ্ববিদ্যালয়ে তেওঁক সন্মানীয় ডক্টৰ অৱ লিটাৰেচাৰ ডিগ্ৰী প্ৰদান কৰে।
তথ্যসূত্ৰ
- ↑ Bose. Contemporary Bengali Literature. Academic Publishers. পৃ. 12
- ↑ Every generation owes their love quotes to these 7 legendary Bengali poets. zeenews.india.com
- ↑ Prabirendra Chattopadhyay. QuijjhoTika: A Quiz Book. Sristisukh Prokashan LLP. পৃ. 57. ISBN 978-1-63415-360-7
- ↑ (25 December 2018). প্ৰয়াত কবি নীৰেন্দ্ৰনাথ চক্ৰবৰ্তী. Zee 24 Ghanta
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী” প্ৰবন্ধৰ সংশোধন ৫১৭৪২০ (১২ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।