শ্ৰীজাত (Srijato) নামেৰে বেছি পৰিচিত শ্ৰীজাত বন্দ্যোপাধ্যায় এগৰাকী ভাৰতীয় বাঙালী কবি। ২০০৪ চনত তেওঁ তেওঁৰ কবিতা পুথি উড়ন্ত সব জোকাৰৰ বাবে আনন্দ পুৰস্কাৰ লাভ কৰে। ২০১৪ চনত মিচৰ ৰহস্য চলচ্চিত্ৰৰ "বালিৰ শহৰ" গীতৰ বাবে তেওঁ শ্ৰেষ্ঠ গীতিকাৰৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। সৃজিত মুখোপাধ্যায় পৰিচালিত জুলফিকাৰ (২০১৬) চলচ্চিত্ৰৰ যোগেদি তেওঁ অভিনয় শিল্পী হিচাপেও আত্মপ্ৰকাশ কৰিছিল।১
উল্লেখযোগ্য কামসমূহ
শ্ৰীজাতৰ কামৰ ভিতৰত উড়ন্ত সব জোকাৰ বিশেষভাৱে উল্লেখযোগ্য। ইয়াৰ উপৰিও আছে ছোটদেৰ চিড়িয়াখানা (২০০৫), বৰ্ষামঙ্গল (২০০৬), অকালবৈশাখী (২০০৭), বোম্বে টু গোৱা (২০০৭), কৰ্কটক্ৰান্তিৰ দেশ (২০১৪), ইত্যাদি।
গ্ৰন্থতালিকা
- শেষ চিঠি (১৯৯৯)
- দু-চাৰ কথা (২০০০)
- অনুভৱ কৰেছি তাই বলছি (২০০১)
- লিখতে হলে ভদ্ৰভাবে লিখুন (২০০২)
- উড়ন্ত সব জোকাৰ (২০০৪)
- ছোটদেৰ চিড়িয়াখানা (২০০৫)
- কাতিউশাৰ গল্প (২০০৬)
- বৰ্ষামঙ্গল (২০০৬)
- অকালবৈশাখী (২০০৭)
- বোম্বে টু গোয়া (২০০৭)
- কফিৰ নামটি আইৰিশ (২০০৮)
- বেটু আৰ জেঠু (২০০৮)
- এমনি বই (২০০৯)
- শেষ চিঠি দুচাৰ কথা (২০০৯)
- কম্বিনেশিয়া (২০১০)
- কিছু কবিতা (২০১১)
- ছাই ৰঙেৰ গ্ৰাম (২০১১)
- ট্ৰেন হাৰানোৰ গন্ধ (২০১২)
- আমাৰ সাণ্টা ঠাকুৰ (গদ্য) (২০১২)
- আমি আৰ উইলিয়াম (২০১৩)
- কৰ্কটক্ৰান্তিৰ দেশ (২০১৪)
- বান্ধৱীগাছ (২০১৫)
- কবিতাসমগ্ৰ ১ (২০১৫)
- অন্ধকাৰ লেখাগুচ্ছ (২০১৫)
- কবিতাসমগ্ৰ ২ (২০১৬)
- প্ৰেমেৰ কবিতা (২০১৭)
- মুশতাক হুসেনেৰ দৰবাৰি (২০১৭)
- শালিমাৰে সংঘাত (উপন্যাস) (২০১৭)
- ধ্বংস (২০১৮)
- লিমেৰিক (২০১৮)
- শ্ৰীজাত'ৰ ফেসবুক (২০১৮)
- তাৰাভৰা আকাশেৰ নিচে (উপন্যাস) (২০১৯)
- যে জোৎস্না হৰিণাতীত (২০১৯)
- যে কথা বলোনি আগে (গদ্য) (২০১৯)
- যা কিছু আজ ব্যক্তিগত (গদ্য) (২০১৯)
- মেঘ বদলেৰ কাব্যি (২০২০)
- বৃক্ষ অনুবাদক (উপন্যাস) (২০২০)
- শ্ৰীজাতৰ ফেসবুক II (২০২০)
গীতিকাৰ
শ্ৰীজাতে কবিতাৰ সমান্তৰালকৈ বিভিন্ন চলচ্চিত্ৰৰ বাবে গীত ৰচনা কৰিছে৷ তেওঁ গীতেৰে সমৃদ্ধ চলচ্চিত্ৰসমূহ হ'ল -
- ০৩৩
- অটোগ্ৰাফ
- জানি দেখা হবে
- সি/ও ছাৰ
- মিচৰ ৰহস্য
- শত্ৰু
- উড়ো চিঠি
- জিও কাকা
- ইতি মৃণালিনী
- চেপলিন
- চাৰুলতা
- অৱশেষে
- পাঁচ অধ্যায়
- একলা আকাশ
- নামতে নামতে
পুৰস্কাৰ
- ২০০৪: আনন্দ পুৰস্কাৰ - উড়ন্ত সব জোকাৰ (কবিতা)
- ২০১৪: ফিল্মফেয়াৰ পুৰস্কাৰ মিচৰ ৰহস্য চলচ্চিত্ৰৰ "বালিৰ চহৰ" গানৰ বাবে শ্ৰেষ্ঠ গীতিকাৰ৷
- ২০১৪: বাংলা অকাডেমি পুৰস্কাৰ- কৰ্কটক্ৰান্তিৰ দেশ (কবিতা)
তথ্যসূত্ৰ
- ↑ (6 Dec 2015). Srijato to debut as an actor in Srijit Mukherji's Zulfiqar
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰীজাত” প্ৰবন্ধৰ সংশোধন ৫৫২২২৭ (১৬ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।