অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সবিতা মহৰ্জন

সবিতা মহৰ্জন (ইংৰাজী: Sabita Maharjan; জন্ম ১৯৮০) এগৰাকী কম্পিউটাৰ বিজ্ঞানী। তেওঁ নৰৱেৰ অছলো বিশ্ববিদ্যালয়ৰ ইনফৰ্মেটিক্স বিভাগৰ নেটৱৰ্ক আৰু ডিষ্ট্ৰিবিউটেড চিষ্টেমৰ অধ্যাপক। তেওঁৰ গৱেষণাৰ বিষয়সমূহ হ'ল ৱায়াৰলেছ নেটৱৰ্ক, নেটৱৰ্ক সুৰক্ষা, গ্ৰীণ কম্পিউটিং আৰু ভেহিকুলাৰ এড হক নেটৱৰ্ক।

হালনাগাদ: ২৬ এপ্ৰিল ২০২৬ ১৯৯ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

সবিতা মহৰ্জন (ইংৰাজী ভাষা: Sabita Maharjan; জন্ম ১৯৮০) এগৰাকী কম্পিউটাৰ বিজ্ঞানী। তেওঁ নৰৱেৰ অছলো বিশ্ববিদ্যালয়ৰ ইনফৰ্মেটিক্স বিভাগৰ নেটৱৰ্ক আৰু ডিষ্ট্ৰিবিউটেড চিষ্টেমৰ অধ্যাপক।১ তেওঁৰ গৱেষণাৰ বিষয়সমূহ হ'ল ৱায়াৰলেছ নেটৱৰ্ক, নেটৱৰ্ক সুৰক্ষা, গ্ৰীণ কম্পিউটিং আৰু ভেহিকুলাৰ এড হক নেটৱৰ্ক। মূলতঃ নেপালৰ নিবাসী মহৰ্জনে নেপাল, জাপান আৰু নৰৱেত শিক্ষা গ্ৰহণ কৰিছে আৰু নেপাল, ছিংগাপুৰ আৰু নৰৱেত কৰ্মৰত হৈছে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৮০ চনত কাঠমাণ্ডুত সবিতা মহৰ্জনৰ জন্ম হৈছিল।২ তেওঁৰ পিতৃ-মাতৃয়ে এটা পথৰ দাঁতত পাচলিৰ দোকান চলাইছিল। তেওঁ মেইটিঘৰৰ ছেইণ্ট জেভিয়াৰ্ছ কলেজ আৰু তাৰ পিছত ত্ৰিভুৱন বিশ্ববিদ্যালয়ৰ পুলচোক কেম্পাছত অধ্যয়ন কৰে, য'ৰ পৰা তেওঁ ২০০৪ চনত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে। ইয়াৰ পিছত তেওঁ জাপান চৰকাৰৰ পৰা জলপানি লাভ কৰি টকিঅ' ইনষ্টিটিউট অৱ টেকন'লজীত অধ্যয়ন কৰে আৰু ২০০৮ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ২০০৯ চনত তেওঁ নৰৱেৰ অছলো বিশ্ববিদ্যালয়লৈ যায় আৰু ২০১৩ চনত তাৰ পৰা পিএইচডি সম্পূৰ্ণ কৰে।৩

কৰ্মজীৱন

মহৰ্জনে ২০০৪ চনৰ পৰা ২০০৬ চনলৈকে ত্ৰিভুৱন বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল আৰু ২০১০ চনত ছিংগাপুৰৰ ইনষ্টিটিউট ফৰ ইনফোকম ৰিচাৰ্চত কাম কৰিছিল। পিএইচডি সম্পূৰ্ণ কৰাৰ পিছত তেওঁ চিমুলা মেট্ৰ’পলিটান চেণ্টাৰ ফৰ ডিজিটেল ইঞ্জিনিয়াৰিংত এগৰাকী গৱেষক বিজ্ঞানী হিচাপে যোগদান কৰাৰ লগতে অছলো বিশ্ববিদ্যালয়ত সহযোগী অধ্যাপক হিচাপেও কাৰ্যনিৰ্বাহ কৰে।৩ পৰৱৰ্তী সময়ত তেওঁ অছলো বিশ্ববিদ্যালয়ৰ পূৰ্ণকালীন অধ্যাপক হয়।১

শৈক্ষিক কামৰ বাহিৰেও মহৰ্জনে নৰৱেৰ অনা-আৱাসিক নেপালী সংস্থাৰ মহিলা সমন্বয়ক হিচাপে নেতৃত্বদায়ী ভূমিকা পালন কৰিছে।৪

স্বীকৃতি

মহৰ্জনে ২০২০ চনত আই ই ই ই কমিউনিকেচন চচাইটিৰ গ্ৰীণ কমিউনিকেচন এণ্ড কম্পিউটিং টেকনিকেল কমিটিৰ তৰফৰ পৰা 'আউটষ্টেণ্ডিং ইয়ং ৰিচাৰ্চাৰ এৱাৰ্ড' লাভ কৰিছিল।৫

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Sabita Maharjan. Academic Staff. University of Oslo Department of Informatics
  2. ↑ Birth year from VIAF authority control record, accessed 2024-04-29
  3. ↑ (19 July 2018). Smart Grid, Energy Informatics and Vehicular Networks: Interview with Prof. Sabita Maharjan. Sujhaab Chautaari
  4. ↑ Sharma, Chiran. (11 June 2017). NRN Norway elects Thapa as new chief. MyRepública
  5. ↑ Report for 2020 IEEE COMSOC TCGCC awards. IEEE COMSOC Green Communications & Computing Technical Committee

সম্পৰ্কিত শ্ৰেণী

কম্পিউটাৰ বিজ্ঞানীনেপালৰ ব্যক্তিমহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সবিতা মহৰ্জন” প্ৰবন্ধৰ সংশোধন ৬০২৭৩০ (২৬ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।