সত্য মোহন যোশী (সত্য মোহন যোশী; ১২ মে' ১৯২০ – ১৬ অক্টোবৰ ২০২২) আছিল এজন নেপালী লেখক আৰু পণ্ডিত।১ নেপালৰ ইতিহাস আৰু সংস্কৃতি বিষয়ক গৱেষণাৰ বাবে যোশী পৰিচিত।২ তেওঁ নেপাল ভাষা একাডেমীৰ আচাৰ্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।৩
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
নেপালৰ ললিতপুৰ জিলাত শংকৰ ৰাজ আৰু ৰাজ কুমাৰী যোশীৰ ঘৰত ১৯২০ চনৰ ১২ মে'ত৪ সত্য মোহন যোশীৰ জন্ম হৈছিল।৫৬ ঘৰতে আখৰ-লিপি শিকাৰ পিছত তেওঁ কাঠমাণ্ডু দৰবাৰ হাইস্কুলত নামভৰ্তি কৰিছিল। ১৭ বছৰ বয়সত তেওঁ পাটান ৰাধা দেৱী শ্ৰেষ্ঠৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।৭ তেওঁ ত্ৰিচন্দ্ৰ কলেজত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছিল।৮ ১৯৫৯ চনত প্ৰত্নতাত্ত্বিক আৰু সাংস্কৃতিক বিভাগৰ প্ৰথমজন সঞ্চালক হৈছিল৯ আৰু কাঠমাণ্ডুত ৰাষ্ট্ৰীয় নাচঘৰ-ৰাষ্ট্ৰীয় থিয়েটাৰ,১০ পাটান প্ৰত্নতাত্ত্বিক উদ্যান,১১ তৌলিহাৱা প্ৰত্নাতাত্ত্বিক সংগ্ৰহালয়১২ আৰ্ ভক্তপুৰ ৰাষ্ট্ৰীয়া চিত্ৰকলা সংগ্ৰহশালা স্থাপন কৰিছিল।১৩
কেৰিয়াৰ
১৯৬০ চনত ৰজা মহেন্দ্ৰৰ অভ্যুত্থানৰ পিছত যোশী চীনলৈ উৰা মাৰিছিল। তাত তেওঁ পিকিং ব্ৰডকাষ্টিং ইনষ্টিটিউটত নেপালী ভাষা শিকোৱা আৰম্ভ কৰিছিল। চীনত থকাৰ সময়ত তেওঁ ১২৬০ খ্ৰীষ্টাব্দৰ আৰম্ভণিতে চীনলৈ প্ৰব্ৰজন কৰা মল্ল ৰাজবংশৰ এজন ভাস্কৰ্য আৰানিক'ৰ বিষয়ে গৱেষণা কৰিছিল।৬ তেওঁ কাঠমাণ্ডুৰ কীৰ্তিপুৰ অৰানিকোৰ সৈতে সম্পৰ্কিত ঐতিহাসিক শিল্পকলা ব্যৱহাৰ কৰি অৰানিকো হোৱাইট ডাগোবা গেলেৰী স্থাপন কৰিছিল।১৪
বিভিন্ন বিষয়ৰ তেওঁৰ ৬০খনতকৈও অধিক গ্ৰন্থ প্ৰকাশ হৈছে, যাৰ ভিতৰত আছে হামৰো লোক সংস্কৃতি (১৯৫৬-ত মদন পুৰস্কাৰ) নেপালী ৰাষ্ট্ৰীয় মুদ্ৰা (১৯৬০-ৰ মদন পুৰস্কাৰ) কৰ্ণালী লোক সংস্কৃতি (এক গৱেষণা সংকলন) আৰু নাটক ক্ৰমে চাৰুমতী, সুঙ্কেশৰী, মাজিফা লাখে আৰু বাঘ ভৈৰৱ।৮১৫
স্বীকৃতি
২০২১ চনত তেওঁৰ নামত তেওঁৰ ছবি থকা এটি ৰাষ্ট্ৰীয় ডাক টিকট জাৰি কৰা হৈছিল। নেপালী মুদ্ৰাত ১০ টাকা মূল্যৰ এই ডাকটিকট মুঠ ১০০,০০০ কপি ছপা কৰা হৈছিল॥১৬১৭ নেপাল ৰাষ্ট্ৰ বেংক-এ ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত যোশীৰ শত সংখ্যক জন্মদিন উপলক্ষে তেওঁৰ ছবি সম্বলিত ১০০, ১,০০০ আৰু ২,৫০০ টকাৰ তিনিটা নতুন মুদ্ৰা জাৰি কৰিছিল।১৮ ২০২১ চনৰ ১৭ নৱেম্বৰত যোশী নেপালৰ ইলেক্ট্ৰনিক পাছপোৰ্ট লাভ কৰা প্ৰথম ব্যক্তি হিচাপে পৰিগণিত হয়।১৯২০ তেওঁৰ সম্মানত ললিতপুৰৰ এটি পথ নামকৰণ কৰা হয়। ২০২২ চনৰ ১৮ মাৰ্চত সত্যমোহন শীৰ্ষক তেওঁৰ জীৱনী প্ৰকাশ পাইছিল। জীৱনীখন লেখক আৰু সাংবাদিক গিৰীশ গিৰীয়ে লিখিছিল।২১
মৃত্যু
ললিতপুৰ কেআইএছটি চিকিৎসালয়ত ১০২ বছৰ বয়সত ২০২২ চনৰ ১৬ অক্টোবৰত যোশীৰ মৃত্যু হয়।২২২৩২৪ তেওঁৰ ইচ্ছা অনুসৰি তেওঁৰ মৰণোত্তৰ দেহ গৱেষণাৰ বাবে এখন চিকিৎসালয়লৈ দান কৰা হৈছিল। প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবা, ললিতপুৰ মহানগৰৰ মেয়ৰ চিৰি বাবু মহাৰ্জন আৰু অন্যান্য ৰাজনীতিবিদসকলে তেওঁলোকৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। যোশীৰ অন্ত্যেষ্টিক্ৰিয়া ৰাষ্ট্ৰীয় মৰ্যাদাৰে কৰা হৈছিল।২৫
তেওঁৰ শৰীৰৰ ঠাইত তেওঁৰ জ্যোতিষশাস্ত্ৰীয় জন্ম তালিকা (নেপালী ভাষাত চীন বা জন্ম-কুণ্ডলী), তেওঁৰ পুত্ৰ অনু ৰাজ যোশী আৰু পূৰ্ণ ৰাজ যোশীয়ে শঙ্খমূল ঘাটত দাহ কৰিছিল। তাৰ পিছত হিন্দু ৰীতি-নীতি অনুসৰি ছাইবোৰ বাগমতী নদীত বিসৰ্জন কৰা হৈছিল।২৬ নেপাল চৰকাৰ তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিবলৈ ২০২২ চনৰ ১৮ অক্টোবৰত এদিনীয়া ৰাজহুৱা বন্ধৰ ব্যৱস্থা কৰিছিল।২৭
উল্লেখযোগ্য কামসমূহ
- নেপালি লোক গীত: কে অধ্যায়ন ২৮
- হামৰো লোক সংস্কৃতি ২৯৩০
- নেপালি ৰাষ্ট্ৰীয় মুদ্ৰা ৩১
- লামা ৰা পাচুকে ৩২
- সিপাহী ৰা ৰাইতি ৩৩
- গুলাব ৰা গুৰান্স ৩৪
- দইলা কো বাত্তি ৩৫
- ৰাজামুকুট ৰা ৰাজ্যাভিষেক ৩৬
- কালাকাৰ আৰনিকো ৩৭
- সুনখেসাৰী ৩৮
- মজিপা লাখে ৩৯
- নেপালি চাদপৰ্ব ৪০
- ফড়কেৰা হেৰদা ৪১
- এক সায়া শব্দ ৪২
- নেপালি মূৰ্তিকলা কো বিকাশক্ৰম ৪৩
সন্মান আৰু পুৰস্কাৰ
- অৰ্ডাৰ অৱ ত্ৰি শক্তি পট্টা৪৪
- অৰ্ডাৰ অৱ গোৰখা দখিনা বাহু
- উজ্জ্বৱাল কীৰ্তিমান ৰাষ্ট্ৰদীপ
- মদন পুৰস্কাৰ
- ভানুভক্ত বঁটা
- পিএইচডিৰ সন্মানীয় প্ৰমাণপত্ৰ (কাঠমাণ্ডু বিশ্ববিদ্যালয়) ৪৫৪৬
- পদ্মশ্ৰী সাধনা বঁটা৪৭
তথ্যসূত্ৰ
- ↑ Dahal, Phanindra. (2 October 2020). Covid: God may punish Nepal for cancelling rites, religious leaders warn. BBC News
- ↑ interview
- ↑ Dr Satya Mohan Joshi the great personality of Nepalese culture. Vedinternational.forumne.net
- ↑ प्रयोगमा आयो ई-पासपोर्ट, एमआरपीभन्दा के फरक छ?. Nepalkhabar
- ↑ Lalitpur marks cultural institution Satya Mohan Joshi's hundredth birthday. kathmandupost.com
- ↑ (27 August 2010). Interview: Satya Mohan Joshi. Ecs.com.np
- ↑ लम्साल, अमृता. ८३ वर्षदेखि सँगै सत्यमोहन र राधादेवी. Setopati
- ↑ (15 July 2011). A cultural giant
- ↑ Basnet, Basanta. (16 October 2022). Satya Mohan Joshi: The polymath, his persistence and peace at last. Onlinekhabar
- ↑ Ojha, Anup. 'Satya Mohan', a book on a true giant of history, launched. kathmandupost.com
- ↑ Culture expert Joshi for archaeological garden in open space of Patan Durbar. Khabarhub
- ↑ Prajapati, Rajiv. (17 October 2022). The Life And Achievements Of Satya Mohan Joshi, Nepal's Man Of The Century. YetiYap
- ↑ Bhadgaule, Amrit. Always active. My Republica
- ↑ Araniko gallery stands neglected. Artsofnepal.com
- ↑ (14 September 2014). Nepali: सानदार बुढेसकाल
- ↑ (28 January 2021). Dr. on postage stamp Joshi and Ghimire. Degree, Honor or Humiliation?. Himal Sanchar
- ↑ सत्यमोहन जोशीको तस्वीराङ्कित हुलाक टिकटमा टाँचा. Setopati
- ↑ Nepal Rastra Bank unveils coins to commemorate historian Satya Mohan Joshi. kathmandupost.com
- ↑ Giri, Anil. (17 November 2021). Nepal to start issuing e-passports from today. The Kathmandu Post
- ↑ Government provides first e-passport to Satya Mohan Joshi. Nepal Press
- ↑ 'Satya Mohan', a book on a true giant of history, launched. kathmandupost.com
- ↑ Dutta, Sharangee. (16 October 2022). Nepal's 'Man of Century' Satya Mohan Joshi dies at 103: Who was he?. Hindustan Times
- ↑ संस्कृतिविद् सत्यमोहन जोशीको १०३ वर्षको उमेरमा निधन. संस्कृतिविद् सत्यमोहन जोशीको १०३ वर्षको उमेरमा निधन
- ↑ (2022). Death of Satya Mohan Joshi published in Ekantipur
- ↑ Veteran cultural historian and polymath Satya Mohan Joshi passes away at 103. kathmandupost.com
- ↑ शंखमूल घाटमा चिना जलाएर जोशीको अन्त्येष्टि. ekantipur.com
- ↑ Diwakar. (17 October 2022). Satya Mohan Joshi death: Public holiday across Nepal on Tuesday. OnlineKhabar English News
- ↑ Madan Puraskar Pustakalaya. madanpuraskar.org
- ↑ Jośī, Satyamohana. (1958). Hāmro lok sanskritī. Ratna Pustak Bhandār
- ↑ Ojha, Anup; Chhetri, Samuel. Veteran cultural historian and polymath Satya Mohan Joshi passes away at 103. kathmandupost.com
- ↑ Satya Mohan Joshi passes away at 103. nepalnews.com
- ↑ Jośī, Satyamohana. (1963). Lāmā ra pācuke. Jagadambā Prakāśana
- ↑ Jośī, Satyamohana. (1970). Siphāhī ra raitī
- ↑ Madan Puraskar Pustakalaya. madanpuraskar.org
- ↑ Madan Puraskar Pustakalaya. madanpuraskar.org
- ↑ Jośī, Satyamohana. (1975). Rājamukuṭa ra rājyābhisheka. Śrī 5 ko Sarakāra, Sañcāra Mantrālaya, Sūcanā Vibhāga
- ↑ Manandhar, Vijay Kumar. (2004). A Comprehensive History of Nepal-China Relations Up to 1955 A.D.. Adroit Publishers. পৃ. 13. ISBN 978-81-87392-43-9
- ↑ Madan Puraskar Pustakalaya. madanpuraskar.org
- ↑ Books by Satya Mohan Joshi. Thuprai
- ↑ Jośī, Satyamohana. (1982). Nepālī cāḍa-parva. Nepāla Rājakīya Prajñā-Pratishṭhāna. ISBN 978-99933-2-950-3
- ↑ Jośī, Satyamohana. (1978). Pharkera herdā. Nepāla Rājakīya Prajñā-Pratishṭhāna
- ↑ Jośī, Satyamohana. (1990). Eka saya śabda. Nepālabhāshā Parishad
- ↑ Jośī, Satyamohana. (1976). Nepālī mūrtikalāko vikāsakrama. Nepāla Rājakīya Prajñā-Pratishṭhāna
- ↑ President Bhandari has affixed a postage stamp with man of century Joshi's picture. Headline Nepal
- ↑ (18 October 2022). Satya Mohan Joshi: A Father of Contemporary Nepali Language and Culture. NEPWAVE
- ↑ MWU to confer Honorary D. Litt. degree on Satya Mohan Joshi. Radio Nepal
- ↑ कर्णाली प्रदेशकै ठूलो साहित्य पुरस्कार 'मोहपथ'लाई, सत्यमोहन जोशीलाई साधना सम्मान. Setopati
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সত্য মোহন যোশী” প্ৰবন্ধৰ সংশোধন ৫৯৯৭৯২ (৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।