অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শ্ৰীজনা ৰেগ্মী

শ্ৰীজনা ৰেগ্মী (श्रीजना रेग्मी) (জন্ম: ২৮ ডিচেম্বৰ ১৯৯২) এগৰাকী নেপালী গায়িকা-গীতিকাৰ, মডেল, আৰু অভিনেত্ৰী। তেওঁ মিছ নেপাল ২০১৬ প্ৰতিযোগিতাত শীৰ্ষ পাঁচজন ফাইনেলিস্টৰ অন্যতম আছিল আৰু মিছ গ্ৰেণ্ড ইণ্টাৰনেচনেল ২০১৪-ত নেপালক প্ৰতিনিধিত্ব কৰিছিল।

হালনাগাদ: ২৬ মাৰ্চ ২০২৫ ১৫১ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

শ্ৰীজনা ৰেগ্মী (श्रीजना रेग्मी) (জন্ম: ২৮ ডিচেম্বৰ ১৯৯২) এগৰাকী নেপালী গায়িকা-গীতিকাৰ, মডেল, আৰু অভিনেত্ৰী।১ তেওঁ মিছ নেপাল ২০১৬ প্ৰতিযোগিতাত শীৰ্ষ পাঁচজন ফাইনেলিস্টৰ অন্যতম আছিল আৰু মিছ গ্ৰেণ্ড ইণ্টাৰনেচনেল ২০১৪-ত নেপালক প্ৰতিনিধিত্ব কৰিছিল।২

শ্ৰীজনাই কাঠমাণ্ডু কলেজ অফ মেনেজমেণ্টৰ পৰা ব্যৱসায় শিক্ষাত স্নাতক ডিগ্ৰী লাভ কৰিছিল।৩

কৰ্মজীৱন

শ্ৰীজনাই ২০ বছৰ বয়সত মডেলিং আৰম্ভ কৰিছিল, যেতিয়া তেওঁ প্ৰথমবাৰৰ বাবে "The Joy Papaya Glam Hunt" প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু মুখ্য খিতাপ জয় কৰিছিল। তাৰ পিছত তেওঁ নেপালৰ হৈ মিছ গ্ৰেণ্ড ইণ্টাৰনেচনেল ২০১৪-ত সুখোথাই, থাইলেণ্ডত প্ৰতিযোগিতা কৰিছিল।৪৫

শ্ৰীজনাই নেপাল ফেশ্বন উইকত ২০১৪-২০১৬ লৈকে ৰেম্পত খোজ দিছিল আৰু "Wave", "Nari", "Navyata", "TNM Magazine", "Movers & Shakers Nepal" আদি নেপালী ফেশ্বন আলোচনীত উপস্থিত হৈছিল।৬

সংগীত

অক্টোবৰ ২০২৩ লৈকে তেওঁৰ প্ৰথম সংগীত এলবাম "Dreams Under A Rhododendron Tree"ৰ তিনিটা গীত মুক্তি দিয়া হৈছে।৭ তেওঁ ইউটিউব আৰু স্পটিফাইযোগে সংগীত মুক্তি দিয়ে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

তথ্যসূত্ৰ

  1. ↑ The hot BBQ! - The Himalayan Times. thehimalayantimes
  2. ↑ Miss Grand International
  3. ↑ nist.edu.np
  4. ↑ The Kathmandu Post · Read online latest news and articles from Nepal. kathmandupost
  5. ↑ Nepal, Glamour. (2014-10-01). Shrijana, competing at Miss Grand International. Glamour Nepal
  6. ↑ SRIJANA REGMI "The Alluring Bride". TNM
  7. ↑ Srijana Official YouTube channel. youtube

সম্পৰ্কিত শ্ৰেণী

নেপালৰ ব্যক্তিনেপালী চলচ্চিত্ৰৰ অভিনেত্ৰীনেপালী অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰীজনা ৰেগ্মী” প্ৰবন্ধৰ সংশোধন ৪৯৭৩৫৩ (২৬ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।