নৃত্যশিল্পী
৭৮ প্ৰবন্ধ
-
ভ্লাডিছলাভা ইভটুশেংকো
ভ্লাডিছলাভা ইভটুশেংকো (ইংৰাজী: Vladislava Evtushenko; জন্ম: ১ মে’ ১৯৯৬) এগৰাকী ৰাছিয়ান অভিনেত্ৰী, নৃত্যশিল্পী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ ৰাছিয়া ২০১৫ ৰ প্ৰথম ৰানাৰ্ছ-আপৰ খিতাপ অৰ্জন কৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁক মিছ ইউনিভাৰ্ছ ৰাছিয়া ২০১৫ হিচাপে নিযুক্ত কৰা হৈছিল।
-
মনিকা ক্ৰুজ
মনিকা ক্ৰুজ ছানচেজ (ইংৰাজী: Mónica Cruz Sánchez; জন্ম: ১৪ মাৰ্চ, ১৯৭৭) এগৰাকী স্পেনিছ অভিনেত্ৰী আৰু নৃত্যশিল্পী। তেওঁ অভিনেত্ৰী পেনেলোপি ক্ৰুজৰ সৰু ভনীয়েক। তেওঁ দ্য ইনকুৱাৰী (২০০৬), লাষ্ট আৱাৰ (২০০৮), জেৰী কটন (২০১০) আৰু আইৰন ক্ৰছ (২০১১) আদি চলচ্চিত্ৰত অভিনয় কৰিছে।
-
মাধৱী কৃষ্ণন
মাধৱী কৃষ্ণন (জন্ম ১৯৪১) এজনী ছিংগাপুৰৰ নৃত্যশিল্পী আৰু অভিনেত্ৰী। তেওঁ জাতীয় নৃত্য থিয়েটাৰ কোম্পানীৰ এটি প্ৰতিষ্ঠাতা সদস্যা আৰু মুখ্য নৃত্যশিল্পী আছিল। ১৯৭৯ চনত তেওঁ সাংস্কৃতিক পদক লাভ কৰিছিল আৰু ২০২২ চনত ছিংগাপুৰৰ ইণ্ডিয়ান হল অফ ফেমত অন্তৰ্ভুক্ত কৰা হৈছিল।
-
মালাইকা অৰোৰা
মালাইকা অৰোৰা (ইংৰাজী: Malaika Arora; জন্ম: ২৩ অক্টোবৰ ১৯৭৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী, নৃত্যশিল্পী, মডেল, ভিডিঅ' জকী আৰু দূৰদৰ্শন ব্যক্তিত্ব যিয়ে হিন্দী ভাষাৰ ছবিত অভিনয় কৰে। তেওঁ ২০০৮ চনত তেওঁৰ প্ৰাক্তন স্বামী আৰবাজ খানৰ সৈতে চলচ্চিত্ৰ প্ৰযোজক হিচাপে আত্মপ্ৰকাশ কৰিছিল।
-
মোজেজা আশ্ৰফ মনালিছা
মোজেজা আশ্ৰফ মনালিছা (বাংলা: মোজেজা আশব়ফ মোনালিসা; জন্ম: ৫ অক্টোবৰ ১৯৮৪) এগৰাকী বাংলাদেশী মডেল, অভিনেত্ৰী আৰু নৃত্যশিল্পী। তেওঁ ২০০০ চনত মিছ ফটোজেনিক খিতাপ লাভ কৰে।
-
লকেট চেটাৰ্জী
লকেট চেটাৰ্জী (Locket Chatterjee; জন্ম: ৪ ডিচেম্বৰ ১৯৭৪) ভাৰতৰ পশ্চিম বংগৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী, ৰাজনীতিবিদ আৰু হুগলী (লোকসভা সমষ্টি)ৰ প্ৰাক্তন সংসদ সদস্য। তেওঁ এগৰাকী শাস্ত্ৰীয় নৃত্যশিল্পীও।
-
লিউ চিয়েনিং
লিউ চিয়েনিং (ইংৰাজী: Liu Xiening; জন্ম: ২৩ অক্টোবৰ, ১৯৯৬) এগৰাকী চীনা অভিনেত্ৰী, গায়িকা আৰু নৃত্যশিল্পী। তেওঁ ইংৰাজী নাম চেলী লিউ বা চমুকৈ চেলী নামেৰেও পৰিচিত। তেওঁ দক্ষিণ কোৰিয়াৰ গাৰ্ল গ্ৰুপ গুগুডানৰ প্ৰাক্তন সদস্য।
-
লোলা ফালানা
ল’লেথা ইলেইন ফালানা (ইংৰাজী: Lola Falana; জন্ম: ১১ ছেপ্টেম্বৰ ১৯৪২), তেওঁৰ মঞ্চনাম লোলা ফালানা নামেৰেই অধিক পৰিচিত, এগৰাকী আমেৰিকান গায়িকা, নৃত্যশিল্পী আৰু অভিনেত্ৰী।
-
শোভনা নাৰায়ণ
শোভনা নাৰায়ণ ( Shobana Narayana)এগৰাকী স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় কথক নৃত্যশিল্পী আৰু ভাৰতীয় অডিট আৰু একাউণ্টছ চাৰ্ভিচৰ এগৰাকী বিষয়া। তেওঁ ভাৰতৰ বিভিন্ন ঠাইত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নৃত্যানুষ্ঠান পৰিৱেশন কৰিছে৷ আৰু তেওঁ ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰিছে।
-
শোভা নাইডু
শোভা নাইডু (: Sobha Naidu; ১৯৫৬ – ১৪ অক্টোবৰ ২০২০) এগৰাকী ভাৰতীয় কুচিপুডী নৃত্যশিল্পী, শিক্ষয়িত্ৰী, আৰু নৃত্য পৰিচালিকা আছিল। বিখ্যাত কুচিপুডী মাষ্ট্ৰো ভেম্পতী চিন্না সত্যমৰ শিষ্য, তেওঁ এই শিল্পৰ অন্যতম আগশাৰীৰ অনুশীলনকাৰী হৈ পৰিছিল।
-
শ্বাশ্বতী সেন
শ্বাশ্বতী সেন এগৰাকী ভাৰতীয় নৃত্যশিল্পী আৰু নৃত্য পৰিচালক তেওঁ ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ এটা ধাৰা, কথকৰ প্ৰসাৰক। পণ্ডিত বীৰজু মহাৰাজৰ জ্যেষ্ঠ শিষ্যা আছিল তেওঁ আৰু এতিয়া নতুন দিল্লীৰ জোৰবাগ জিলাৰ কলাশ্ৰম ইনষ্টিটিউটত তেওঁ অধ্যাপনা আৰু নৃত্য পৰিৱেশন কৰে।
-
সুমা ভট্টাচাৰ্য
সুমা ভট্টাচাৰ্য (ইংৰাজী: Suma Bhattacharya) এগৰাকী প্ৰতিষ্ঠিত ফিনটেক উদ্যমী, মডেল, নৃত্যশিল্পী আৰু প্ৰাক্তন চলচ্চিত্ৰ অভিনেত্ৰী। বৰ্তমান তেওঁ এগৰাকী সফল ব্যৱসায়ী হিচাপে পৰিচিত।
-
হান্না ডড
হান্না ফ্ৰান্সেস্কা কেটি ডড (জন্ম ১৭ মে ১৯৯৫) এগৰাকী ইংৰাজ অভিনেত্ৰী, মডেল আৰু নৃত্যশিল্পী। তেওঁ প্ৰথমে মডেলিংৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে আৰু পিছত অভিনয়ত প্ৰৱেশ কৰে।
-
ৰ'জিতা বাল্টাজাৰ
ৰ'জিতা বাল্টাজাৰ (১৬ আগষ্ট ১৯৬০ – ৬ জুলাই ২০১৫) এগৰাকী বেলিজিয়ান ক'ৰিওগ্ৰাফাৰ, নৃত্যশিল্পী, নৃত্য নিৰ্দেশক আৰু বেলিজ নেচনেল ডান্স কোম্পানীৰ প্ৰতিষ্ঠাপক সহকাৰী সঞ্চালক আছিল। ২০০৪ চনত এজন নৃত্য দূত হিচাপে তেওঁক লৰ্ড ৰাবাৰ্ণ মিউজিক এৱাৰ্ড প্ৰদান কৰা হয়।
-
ৰেনা আইৰিছ
ৰেনা আইৰিছ (ইংৰাজী: Renae Ayris; জন্ম: ১৭ ছেপ্টেম্বৰ ১৯৯০) এগৰাকী অষ্ট্ৰেলিয়ান নৃত্যশিল্পী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী যিয়ে ২০১২ চনৰ মিছ ইউনিভাৰ্ছ অষ্ট্ৰেলিয়াৰ মুকুট লাভ কৰিছিল। তেওঁ মিছ ইউনিভাৰ্ছ ২০১২ প্ৰতিযোগিতাত তৃতীয় ৰানাৰ-আপৰ স্থান লাভ কৰিছিল।
-
ৰোচনাৰা
অলিভ কেথেৰিন ক্ৰেডক ( Olive Catherine Craddock) (জন্ম:২২ জানুৱাৰী ১৮৯৪ – মৃত্যু: ১৪ জুলাই ১৯২৬) ব্ৰিটিছ ভাৰতৰ প্ৰশিক্ষণপ্ৰাপ্ত এগৰাকী এংলো-ইণ্ডিয়ান নৃত্যশিল্পী আছিল, যিয়ে ৰোশনাৰা নামেৰে নৃত্য কৰিছিল। ব্ৰিটেইন আৰু আমেৰিকাত কেন্দ্ৰীয় ভাৰতীয় নৃত্য কৌশল প্ৰদৰ্শনৰ বাবে তেওঁ পৰিচিত আছিল।
-
ৱাং ইজিন
ৱাং ইজিন (ইংৰাজী: Wang Yijin; জন্ম: ২৫ ডিচেম্বৰ, ১৯৯৬) এগৰাকী চীনা চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ অভিনেত্ৰী তথা গায়িকা। তেওঁ ইংৰাজী নাম ৰীতা ৱাং নামেৰেও জনাজাত। তেওঁ প্ৰডিউচ কেম্প ২০২০ত তৃতীয় স্থান লাভ কৰাৰ পাছত বনবন গাৰ্লছ ৩০৩ৰ সদস্য আৰু মুখ্য কণ্ঠশিল্পী আছিল।
-
ৱেন হুই
ৱেন হুই (ইংৰাজী: Wen Hui; জন্ম ১৯৬০) এগৰাকী চীনা নৃত্যশিল্পী আৰু কৰিঅ’গ্ৰাফাৰ (নৃত্য পৰিচালক)। তেওঁ বেইজিঙত চীনৰ প্ৰথমটো স্বতন্ত্ৰ নৃত্য থিয়েটাৰ কোম্পানী 'লিভিং ডান্স ষ্টুডিঅৰ সহ-প্ৰতিষ্ঠা কৰিছিল।