নৃত্যশিল্পী
৭৮ প্ৰবন্ধ
-
ইলোৰা পাটনায়ক
ইলোৰা পাটনায়ক (ইংৰাজী: Ellora Patnaik; জন্ম: ৫ ছেপ্টেম্বৰ, ১৯৬৮) এগৰাকী কানাডিয়ান চলচ্চিত্ৰ, মঞ্চ আৰু টেলিভিছন অভিনেত্ৰীৰ লগতে এগৰাকী ওডিছী নৃত্যশিল্পী।
-
উটাকো হানাজোনো
উটাকো হানাজোনো (Utako Hanazono; জানুৱাৰী ১৯০৫ – ১৯৮২) আছিল এগৰাকী জাপানী লেখিকা, আধুনিক নৃত্যশিল্পী, গেইছা আৰু তেওঁৰ পিছৰ বছৰবোৰত টামাই হানাজোনো নামৰ জাপানীজ পৰম্পৰাগত নৃত্যৰ মাষ্টাৰ।
-
ঊষা পৌড়েল
ঊষা পৌড়েল (জন্ম নাম: ৰুক্মিণী কুমাৰী পৌড়েল, জন্ম ২৯ আগষ্ট ১৯৭৭) এগৰাকী নেপালী নৃত্যশিল্পী আৰু চলচ্চিত্ৰ অভিনেত্ৰী। ঊষাই নেপালী চলচ্চিত্ৰ জগতত "কৰ্ম" ছবিৰে অভিনয় আৰম্ভ কৰিছিল। তেওঁৰ দ্বিতীয় ছবিখন "মুনা মদন", লক্ষ্মী প্ৰসাদ দেৱকোটাৰ জনপ্ৰিয় কিতাপৰ ওপৰত আধাৰিত, ১৯৯৯ চনত মুক্তি লাভ কৰিছিল।
-
কুইণ্টিলিয়া
কুইণ্টিলিয়া (১শ শতিকাত জীৱিত) এগৰাকী প্ৰাচীন ৰোমান মঞ্চ শিল্পী আছিল। তেওঁ এগৰাকী পেণ্টোমাইম নৃত্যশিল্পী আৰু অভিনেত্ৰী আছিল। তেওঁ কেলিগোলাৰ শাসনকালত এজনী খ্যাতনামা সুন্দৰী আছিল। তেওঁ চেনেটৰ পম্পেদিয়ুচৰ প্ৰেমিকা আছিল।
-
কেট ৰুকা
কেট ৰুকা ( Cat Ruka) জন্ম: ১৯৮৩, নিউজিলেণ্ডৰ এগৰাকী নৃত্যশিল্পী, নৃত্য পৰিচালক, পৰিৱেশন পৰিচালক আৰু কলা নিৰ্দেশক।
-
গীতা চন্দ্ৰন
গীতা চন্দ্ৰন এগৰাকী ভাৰতীয় নৃত্যশিল্পী আৰু কণ্ঠশিল্পী। কৰ্ণাটকী সংগীতৰ প্ৰশিক্ষণ প্ৰাপ্ত আৰু তেওঁ ভাৰতীয় শাস্ত্ৰীয় নৃত্য ভাৰতনাট্যমৰ এগৰাকী প্ৰসিদ্ধ শিল্পী। গীতাই থিয়েটাৰ, নৃত্য, শিক্ষা, ভিডিঅ' আৰু চলচ্চিত্ৰত এই কৰা কামৰ বাবেও স্বীকৃত।
-
গুছমিয়াটি ছুইদ
গুছমিয়াটি ছুইদ (Gusmiati Suid, ১৯৪২–২০০১) এগৰাকী ইণ্ডোনেছিয়ান নৃত্যশিল্পী আৰু নৃত্য পৰিচালক আছিল, যিয়ে সুমাত্ৰা, মালয় আৰু মিনাঙৰ পৰম্পৰাগত নৃত্যৰ বিশেষজ্ঞ আছিল। তেওঁ পাডাং পাঞ্জাঙৰ ASKI Performing Arts Academy ত অধ্যয়ন কৰি পিছলৈ নৃত্যৰ অধ্যাপনা কৰে।
-
চাণ্টাল গুণ্ডাং
চাণ্টাল গুণ্ডাং (ইংৰাজী: Chantal Gondang) এগৰাকী কেমেৰুণীয় নৃত্যশিল্পী, কৰিঅ’গ্ৰাফাৰ, নৃত্য শিক্ষক আৰু শৈল্পিক পৰিচালক।
-
চুং হা
কিম চুং-হা (ইংৰাজী: Kim Chung-ha; জন্ম: কিম চান-মি, ৯ ফেব্ৰুৱাৰী, ১৯৯৬) এগৰাকী দক্ষিণ কোৰিয়াৰ গায়িকা, নৃত্যশিল্পী আৰু নৃত্য পৰিচালক। তেওঁ কেৱল চুং হা নামেৰেও পৰিচিত।
-
চেলিনা
চেলিনা কুইণ্টানিলা-পেৰেজ (ইংৰাজী: Selena Quintanilla-Pérez) এগাৰাকী আমেৰিকান গায়িকা আৰু গীতিকাৰ আছিল। "টেহানো সংগীতৰ ৰাণী" হিচাপে পৰিচিত চেলিনা জনপ্ৰিয় সংগীত আৰু ফেশ্বন জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে বিংশ শতিকাৰ শেষৰফালৰ অন্যতম জনপ্ৰিয় মেক্সিকান-আমেৰিকান শিল্পী হিচাপে পৰিগণিত হয়।
-
ছানি লেন
ছানি লেন এগৰাকী আমেৰিকান পৰ্ণগ্ৰাফিক অভিনেত্ৰী আৰু নগ্ন মডেল। তেওঁ নাইটমুভছ, এভিএন, আৰু এক্সআৰচিঅ' হল অৱ ফেমৰ সদস্য।
-
ছামিয়া গামাল
ছামিয়া গামাল (Samia Gamal, আৰবী: سامية جمال, জন্ম: ৫ মাৰ্চ ১৯২৪ – মৃত্যু: ১ ডিচেম্বৰ ১৯৯৪) আছিল এগৰাকী ইজিপ্তৰ “বেলী ডান্সাৰ’’ আৰু চলচ্চিত্ৰ অভিনেত্ৰী। গামালে নিজৰ কেৰিয়াৰৰ সময়ছোৱাত ৫০খনতকৈও অধিক চিনেমাত অভিনয় কৰিছিল।
-
ছিয়াৰা চেক্সটন
চিয়াৰা চেক্সটন (জন্ম ১৬ মে' ১৯৮৮) এগৰাকী ইংৰাজ মহিলা তথা পাঁচবাৰৰ বিশ্ব চেম্পিয়ন পেছাদাৰী আইৰিছ নৃত্যশিল্পী, যিয়ে লৰ্ড অৱ দ্য ডান্সৰ সৈতে ভ্ৰমণ কৰিছে।
-
জুলিয়েট বিনোচে
জুলিয়েট বিনোচে (ইংৰাজী: Juliette Binoche; জন্ম: ৯ মাৰ্চ ১৯৬৪) এগৰাকী ফৰাচী অভিনেত্ৰী। তেওঁ ৬০ খনতকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছে, বিশেষকৈ ফৰাচী আৰু ইংৰাজী ভাষাত। তেওঁ এটা একাডেমী বঁটা, এটা বাফটা (BAFTA) বঁটা, এটা ভলপি কাপ আৰু এটা চিজাৰ বঁটাকে ধৰি বহুতো সন্মান লাভ কৰিছে।
-
জেন ফাৰৱেল
জেন ফাৰৱেল (১৮ জানুৱাৰী ১৯১৬ – ৬ এপ্ৰিল ১৯৯৩) এগৰাকী আমেৰিকান লোক-নৃত্য আৰু মনোৰঞ্জন প্ৰশিক্ষক আছিল। তেওঁ বিশেষকৈ স্ক্যাণ্ডিনেভিয়ান নৃত্যত বিশেষজ্ঞ আছিল।
-
জোই ছালডানা
জোই ইয়াদিৰা ছালডানা-পেৰেগো (জন্ম: ১৯ জুন, ১৯৭৮, পেছাগতভাৱে জোই ছালডানা নামেৰে পৰিচিত) এগৰাকী আমেৰিকান অভিনেত্ৰী। ছালডানাই সৰ্বকালৰ শীৰ্ষ ১০খন সৰ্বাধিক উপাৰ্জনকাৰী ছবিৰ ভিতৰত চাৰিখনত অভিনয় কৰিছে।
-
টেৰেছা বাণ্ডেটিনি
টেৰেছা লেণ্ডুচি বাণ্ডুচি বাণ্ডেটিনি (তেওঁৰ আৰ্কাডিয়ান নাম আমাৰিলি ইট্ৰুস্কা; ১১ আগষ্ট ১৭৬৩ – ৬ এপ্ৰিল ১৮৩৭) ইটালীয় নৃত্যশিল্পী, এক্সটেম্পৰেনিয়াছ পদ্যৰ সুৰকাৰ আৰু কবি আছিল, যাক ফিগুৰেণ্ট প'টেস্কা ("সাহিত্যিক বেলেৰিনা") হিচাপে স্মৰণ কৰা হয়।
-
ডি. ৰায় হোৱাইট
ডোনাল্ড ৰায় হোৱাইট (১৭ এপ্ৰিল ১৯২৭ – ২ জুলাই ১৯৮৫) এজন আমেৰিকান পাহাৰীয়া নৃত্যশিল্পী আৰু মনোৰঞ্জনকাৰী আছিল। তেওঁ হোৱাইট পৰিয়ালৰ মুৰব্বী আছিল। হোৱাইট পৰিয়ালৰ বিষয়ে সবিশেষ বৰ্ণনা কৰা কেইবাখনো আমেৰিকান তথ্যচিত্ৰত তেওঁক প্ৰদৰ্শন কৰা হৈছে।
-
দীপ্তি ওমচেৰী ভল্লা
দীপ্তি ওমচেৰী ভল্লা, জন্ম ১৯৫৭ চন, দিল্লী বিশ্ববিদ্যালয়ৰ সংগীত আৰু চাৰু-কলা অনুষদৰ কৰ্ণাটকী সংগীতৰ অধ্যাপিকা আৰু এগৰাকী মোহিনিয়াট্টম নৃত্যশিল্পী।
-
নাইমা আকেফ
নাইমা আকেফ (Naima Akef), জন্ম: ৭ অক্টোবৰ ১৯২৯ চন আৰু মৃত্যু: ২৩ এপ্ৰিল ১৯৬৬ চন, ইজিপ্তৰ চিনেমাৰ সোণালী যুগৰ এগৰাকী বিখ্যাত ইজিপ্তবাসী বেলী ডান্সৰ এগৰাকী নৃত্যশিল্পী আছিল আৰু তেওঁ সেই সময়ৰ ইজিপ্তৰ বহু ছবিতো অভিনয় কৰিছিল। আকেফৰ জন্ম হৈছিল নীল নদীৰ ব-দ্বীপ টাণ্টাত।
-
নাদিয়া গামাল
নাদিয়া গামাল ( Nadia Gamal; আৰবী: نادية جمال, ১৯৩৭ – ১৯৯০ ) এগৰাকী ইজিপ্তৰ নৃত্যশিল্পী আৰু অভিনেত্ৰী আছিল। স্থানীয় ইজিপ্তৰ বেলী নৃত্যক তেওঁ ৱেষ্টাৰ্ণ ৱাল্টজ, কাউবয়, ছা ছা নৃত্য আৰু অন্যান্য কিছু নৃত্যৰ সৈতে মিহলি কৰা বুলি জনা যায়।
-
নেৰেইডা ৰড্ৰিগেজ
নেৰেইডা ৰড্ৰিগেজ (ইংৰাজী: Nereyda Rodríguez; ১৬ আগষ্ট ১৯৩১ – ১ অক্টোবৰ ২০১১) এগৰাকী ডমিনিকান লোককথাবিদ, নৃত্যশিল্পী আৰু শিক্ষাবিদ। মূলতঃ "বেলেট নিগ্ৰো এণ্ড বেলেট ব্লাংকো" নামৰ ডমিনিকান ফ'ক'ৰিক বেলেটৰ সহ-প্ৰতিষ্ঠাপক আৰু পৰিচালক আৰু পপুলাৰ ডান্সিং থিয়েটাৰৰ সহ-প্ৰতিষ্ঠাপক আছিল।
-
পেৰ্নিয়া কুৰেশ্বী
পেৰ্নিয়া কুৰেশ্বী (ইংৰাজী: Pernia Qureshi) এগৰাকী ভাৰতীয় আমেৰিকান ফেশ্বন উদ্যোগী আৰু শাস্ত্ৰীয় নৃত্যশিল্পী। তেওঁ বৰ্তমান নতুন দিল্লী আৰু মুম্বাইত বসবাস কৰে।
-
ফ্ৰান্সিন ব্ৰুনেল-ৰিভছ
ফ্ৰান্সিন ব্ৰুনেল-ৰিভছ (ইংৰাজী: Francine Brunel-Reeves; ২৯ অক্টোবৰ ১৯৩৩ – ৩ ফেব্ৰুৱাৰী ২০১৮) এগৰাকী কুইবেকোৱা কণ্ঠশিল্পী, কলাৰ (নৃত্য নিৰ্দেশক), গীটাৰবাদক, নৃত্যশিল্পী, নৃতাত্ত্বিক সংগীতজ্ঞ আৰু পৰম্পৰাগত সংগীত তথা কুইবেকৰ নৃত্যৰ এগৰাকী স্বতন্ত্ৰ গৱেষক আছিল।
-
বংগপাণ্ডু ঊষা
বংগপাণ্ডু ঊষা হ'ল তেলুগু ভাষাৰ এগৰাকী কবি৷ তেওঁ ৱাই এছ আৰ কংগ্ৰেছ দলৰ সাংস্কৃতিক শাখাৰ আহ্বায়ক। তেওঁ লোকসংগীত আৰু নৃত্যৰ বাবে জনপ্ৰিয়। শেহতীয়াকৈ অন্ধ্ৰপ্ৰদেশ ৰাজ্য চৰকাৰে তেওঁক অন্ধ্ৰপ্ৰদেশ ৰাজ্যিক সৃষ্টিশীলতা আৰু সংস্কৃতি আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছে।
-
বাচিলা
বাচিলা (৩য় শতিকা) এজনী প্ৰাচীন ৰোমৰ মাইম (মুখাভিনয়) অভিনেত্ৰী আছিল। তেওঁ প্ৰথম আৰু দ্বিতীয় শতিকাৰ ৰোমান নৃত্যশিল্পী, অভিনেত্ৰী আৰু গায়িকা আছিল। তেওঁৰ সতীৰ্থ অভিনেতা-নৃত্যশিল্পী হেৰাক্লেইডেছৰ দ্বাৰা একুইলেয়াৰ ৰোমান এম্ফিথিয়েটাৰত তেওঁৰ স্মৃতিৰ প্ৰতি এক স্মৃতিসৌধ নিৰ্মাণ কৰা হৈছিল।
-
বিঠাবাই ভাউ মংগ নাৰায়ণগাঁওকাৰ
বিঠাবাই ভাউ মংগ নাৰায়ণগাঁওকাৰ ( Vithabai Bhau Mang Narayangankar; ১৯৩৫ চনৰ জুলাই – ১৫ জানুৱাৰী ২০০২) এগৰাকী ভাৰতীয় নৃত্যশিল্পী, গায়িকা আৰু ব্যংগ শিল্পী আছিল।
-
বিয়াট্ৰিচ লুৱেংগো
বিয়াট্ৰিচ লুৱেংগো গঞ্জালেজ (ইংৰাজী: Beatriz Luengo González; জন্ম: ২৩ ডিচেম্বৰ ১৯৮২) এগৰাকী স্পেনিছ সংগীতজ্ঞ, সুৰকাৰ, অভিনেত্ৰী, নৃত্যশিল্পী, গায়িকা আৰু মিয়ামীত থকা এগৰাকী উদ্যমী।
-
বেগম ছমৰু
জোৱানা নোবিলিছ ছম্ব্ৰে ( Joanna Nobilis Sombre; জনপ্ৰিয় নাম: বেগম ছমৰু; জন্ম: ফাৰ্জানা জেব উন-নিচা; প্ৰায় ১৭৫৩– ২৭ জানুৱাৰী ১৮৩৬) a convert Catholic Christian এগৰাকী ধৰ্মান্তৰিত কেথলিক খ্ৰীষ্টান বেগম ছমৰু আছিল অপৰিসীম ধনী, কিন্তু মৃত্যু হৈছিল কোনো উত্তৰাধিকাৰী নোহোৱাকৈ।
-
ব্যটৌটাছ বেলিয়াজুছ
ব্যটৌটাছ ফিনাদাৰ "ব্যটছ" বেলিয়াজুছ (২৬ ফেব্ৰুৱাৰী ১৯০৮ – ২০ ছেপ্টেম্বৰ ১৯৯৪) এজন নৃত্যশিল্পী, লোক-নৃত্য প্ৰশিক্ষক আৰু ক'ৰিওগ্ৰাফাৰ আছিল। তেওঁক আমেৰিকা যুক্তৰাষ্ট্ৰত আন্তঃৰাষ্ট্ৰীয় লোক-নৃত্যৰ পিতৃস্বৰূপ বুলি গণ্য কৰা হয়।