অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আন্না চুদা

আন্না চুদা (ইংৰাজী: Anna Suda, জন্ম: ১২ অক্টোবৰ ১৯৯৭, চুদা আন্না বা চুদান্না নামেৰেও জনা যায়) এগৰাকী জাপানী নৃত্যশিল্পী, অভিনেত্ৰী আৰু ফেশ্বন ডিজাইনাৰ। তেওঁ আগতে জে-পপ গ্ৰুপ গাৰ্লছ, হেপিনেছ আৰু চুদামা-য়ূজু-য়ূল্লীৰ সদস্য আছিল।

হালনাগাদ: ১৩ জুলাই ২০২৬ ৫৩১ শব্দ · ৩ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

আন্না চুদা (ইংৰাজী ভাষা: Anna Suda, জন্ম: ১২ অক্টোবৰ ১৯৯৭, চুদা আন্না বা চুদান্না নামেৰেও জনা যায়) এগৰাকী জাপানী ভাষা নৃত্যশিল্পী, অভিনেত্ৰী আৰু ফেশ্বন ডিজাইনাৰ।১ তেওঁ আগতে জে-পপ গ্ৰুপ গাৰ্লছ, হেপিনেছ আৰু চুদামা-য়ূজু-য়ূল্লীৰ সদস্য আছিল।২৩ অভিনেত্ৰী হিচাপে তেওঁ ২০১৩ চনত ট'কাই টিভি আৰু ফুজি টিভিৰ ধাৰাবাহিক আছু নো হিকাৰি ও চুকামে: ২০১৩ ছামাৰত অভিনয় কৰিছিল।৩

প্ৰাৰম্ভিক জীৱন

আন্না চুদাৰ জন্ম ১২ অক্টোবৰ ১৯৯৭ তাৰিখে জাপানৰ টোকিঅ’ত হয়। তেওঁৰ মাতৃ এগৰাকী ফিলিপিনা আৰু পিতৃ জাপানী। তেওঁৰ এজন ডাঙৰ ভাতৃ আৰু দুগৰাকী সৰু ভগ্নী আছে।৪৫

তেওঁ ৯ বছৰ বয়সতে নৃত্য অনুশীলন আৰম্ভ কৰে আৰু জুনিয়ৰ হাইস্কুলৰ প্ৰথম বছৰত টোকিঅ’স্থিত EXPG নৃত্য বিদ্যালয়ত নামভৰ্তি কৰে। শৈশৱকালত তেওঁৰ সংগীতীয় প্ৰভাৱ মূলত পশ্চিমীয়া সংগীত, জে-পপ আৰু কে-পপৰ পৰা আহিছিল।৪

তেওঁ জাপানী ভাষাৰ লগতে তাগালগ ভাষাও ক’ব পাৰে।

কেৰিয়াৰ

২০১১ চনত তেওঁ VOCAL BATTLE AUDITION 3-ৰ নৃত্য বিভাগত অংশগ্ৰহণ কৰে। প্ৰশিক্ষণ শিবিৰৰ পৰীক্ষাত বাদ পৰিলেও, EXPG-ৰ পৰা EGD (EXPG GIRLS DANCERS)-ৰ সদস্য হ’বলৈ সক্ষম হয়।

৮ মাৰ্চ ২০১২ তাৰিখে ঘোষণা কৰা হয় যে EGD-ৰ সদস্য কিজু ৰেইনাৰ সৈতে তেওঁ নতুন সদস্য হিচাপে ই-গাৰ্লছত যোগদান কৰিব।৬

জানুৱাৰী ২০১৩ চনত তেওঁ ধাৰাবাহিক নাটক Shinryo-chu -in the Room--ৰ জৰিয়তে অভিনয় জীৱনৰ সূচনা কৰে। সেই বছৰেই আছিতো নো হিকাৰি ও চুকামে: ২০১৩ ছামাৰ শীৰ্ষক টেলিভিছন ধাৰাবাহিকত চুদান্নাই প্ৰথমবাৰৰ বাবে মুখ্য চৰিত্ৰত অভিনয় কৰে।৭ ২৭ মে ২০১৩ তাৰিখে তেওঁ নতুন সদস্য আৰু পাৰফৰ্মাৰ হিচাপে হেপিনেছত যোগদান কৰিব বুলি ঘোষণা কৰা হয়।৮

২০১৭ চনত চুদান্না নাইলন জাপানৰ ডিচেম্বৰ সংখ্যাৰ বেটুপাতত দেখা যায়, যি মডেল হিচাপে তেওঁৰ কেৰিয়াৰত প্ৰথম একক আলোচনী বেটুপাত আছিল।৯

৯ নৱেম্বৰ ২০১৬ তাৰিখে তেওঁ ই-গাৰ্লছৰ উপ-একক চুদামা-য়ূজু-য়ূল্লীৰ সদস্য আৰু ৰেপাৰ হিচাপে ঘোষণা হয়, যাৰ জৰিয়তে তেওঁ প্ৰথমবাৰৰ বাবে গোটৰ ভিতৰত কণ্ঠ ব্যৱহাৰ কৰে।১০

২১ ছেপ্টেম্বৰ ২০১৮ তাৰিখে চুদান্নাই জাপানী ফেশ্বন ব্ৰেণ্ড EVRIS-ৰ সৈতে পোছাক সংগ্ৰহৰ সহযোগিতাৰ কথা ঘোষণা কৰে।১১ -SUDA ANNA×EVRIS- "SPECIAL COLLABORATION" শীৰ্ষক এই সংগ্ৰহটো ২৬ অক্টোবৰ মুক্তি পায় আৰু ইয়াত তেওঁৰ নিজস্ব ডিজাইন কৰা কেইবাটাও পোছাক অন্তৰ্ভুক্ত আছিল।১২১৩

নৱেম্বৰ ২০১৮ চনত তেওঁ LDH Martial Arts-ৰ "ENERGY PROJECT"-ৰ এম্বেছেডৰ হিচাপে নিৰ্বাচিত হয়, যাৰ জৰিয়তে LDH-ৰ নিজস্ব ফিটনেছ সামগ্ৰী প্ৰচাৰ কৰা হয়।১৪১৫ সেই মাহতেই তেওঁ GYAO! ৱেব-নাটক হেপিগ'ৰা! (হেপি-গ'-লাকি!)-ত সহ-অভিনেত্ৰী হিচাপে অংশগ্ৰহণ কৰিব বুলি ঘোষণা হয়। ইয়াত তেওঁৰ সৈতে এলান শ্বিৰাহামা আৰু মেণ্ডি ছেকিগুচি (উভয়েই জেনাৰেচন ফ্ৰম এক্সাইল ট্ৰাইবৰ সদস্য) অভিনয় কৰে।১৬১৭

১৭ ছেপ্টেম্বৰ ২০১৯ তাৰিখে তেওঁ SUDA ANNA×EVRIS Vol.2- "SPECIAL COLLABORATION" শীৰ্ষক দ্বিতীয় সহযোগিতাৰ কথা ঘোষণা কৰে।১৮ এই সহযোগিতাটো ব্ৰেণ্ডটোৰ ষষ্ঠ বাৰ্ষিকী উপলক্ষে আগবঢ়োৱা হৈছিল আৰু ইয়াত চুদান্নাই নিজে ডিজাইন কৰা কেইবাটাও সামগ্ৰী অন্তৰ্ভুক্ত আছিল। এই সংগ্ৰহটো ১০ অক্টোবৰ মুক্তি পায়।১৯২০

ব্যক্তিগত জীৱন

চুদান্না তেওঁৰ উজ্জ্বল আৰু চকুত পৰা চুলিৰ ৰঙৰ বাবে জনাজাত।২১ অনলাইন আলোচনী FNMNL-ক দিয়া এটা সাক্ষাৎকাৰত তেওঁ কয় যে, কিশোৰী অৱস্থাত ই-গাৰ্লছৰ সৈতে ডেবিউ কৰি বিনোদন জগতত প্ৰৱেশ কৰাৰ পাছত, তেওঁ নিজকে নাৰীত্বসম্পৰ্কীয় নিৰ্দিষ্ট মানদণ্ডৰ সৈতে খাপ খুৱাবলৈ মানসিক চাপ অনুভৱ কৰিছিল আৰু এগৰাকী অভিনেত্ৰীৰ দৰে "সদায় পৰিপাটি দেখাব লাগিব" বুলি ভবা হৈছিল। কিন্তু এইটো তেওঁৰ বাবে অস্বস্তিকৰ আছিল, কিয়নো তেওঁ সদায় নিজস্বতা আৰু স্বতন্ত্ৰতাক অগ্ৰাধিকাৰ দি আহিছিল।

নিজৰ ভিতৰৰ সংকোচ ভাঙিবলৈ তেওঁ ষ্ট্ৰীটৱেৰ পৰিধান কৰিবলৈ আৰম্ভ কৰে আৰু চুলি উজ্জ্বল ৰঙেৰে ৰং কৰে। সেই সময়ত তেওঁৰ চৌপাশৰ লোকসকলে এই ধৰণৰ শৈলী সহজে গ্ৰহণ কৰা নাছিল আৰু কৈছিল যে এই ধৰণৰ চুলিৰ ৰং উচিত নহয় বা তেওঁ "এগৰাকী ছোৱালীৰ দৰে বেছি সাজ-পোছাক পিন্ধিব লাগে"। এই বাধাসত্ত্বেও চুদান্নাই নিজৰ পথ এৰি নিদিলে। এই কাৰণতেই তেওঁ যুৱতীসকলক নিজস্ব আত্মপ্ৰকাশৰ পথ বাছি ল’বলৈ উৎসাহিত কৰিব বিচাৰে আৰু তাত সংকোচ নকৰিবলৈ আহ্বান জনায়।২২

বিবাহ

২২ মাৰ্চ ২০২৩ তাৰিখে চুদান্নাই দুবছৰতকৈ অধিক সময় ধৰি পৰিচয়ৰ পাছত এগৰাকী অ-প্ৰসিদ্ধ পুৰুষৰ সৈতে বিবাহ পঞ্জীয়ন কৰে।২৩ তেওঁ প্ৰকাশ কৰে যে তেওঁলোক এটা পাৰ্টীত পৰিচিত হৈছিল আৰু সোনকালেই বন্ধুত্বৰ সম্পৰ্ক গঢ় লৈ উঠে, যি পাছলৈ প্ৰেমমূলক সম্পৰ্কলৈ ৰূপান্তৰিত হয়।২৪ দম্পতীয়ে ৫ মে' ২০২৪ তাৰিখে বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰে।২৫

অক্টোবৰ ২০২৪ চনত চুদাই তেওঁৰ আনুষ্ঠানিক সামাজিক মাধ্যম একাউণ্টৰ জৰিয়তে দম্পতীৰ প্ৰথম সন্তানৰ গৰ্ভাৱস্থাৰ কথা ঘোষণা কৰে। পাছলৈ তেওঁ ২৯ মাৰ্চ ২০২৫ তাৰিখে এজন পুত্ৰ সন্তানৰ জন্ম দিয়ে।২৬২৭

বাহ্যিক সংযোগসমূহ

তথ্যসূত্ৰ

  1. ↑ (২ মে' ২০১৫). 芸能界で活躍するフィリピン人ハーフタレント. News Ameba
  2. ↑ Happiness Biography. Universal Music Japan
  3. ↑ E-girls須田アンナ、昼ドラ200作目の主演に大抜てき「全力の笑顔を見せる」. Oricon Style
  4. ↑ (মাৰ্চ ২০১৭). スダンナユズユリー × DJ DARUMA × A&R櫻井克彦『OH BOY』ヒップホップ座談会. Real Sound|リアল সাউণ্ড
  5. ↑ (২১ জানুৱাৰী ২০২০). E-girls須田アンナ、母親が「超絶美人」と話題 "最強すぎ"親子3代ショット披露 - モデルプレス. Modelpress
  6. ↑ Suda Anna new member of E-girls
  7. ↑ (৫ নৱেম্বৰ ২০১৪). E-girls・須田アンナ、ドラマでは「声高め」. ORICON NEWS
  8. ↑ (২৭ মে ২০১৩). Happiness 2nd Season START! 「川本璃」、「須田アンナ 」 新メンバー2名加入決定!! - UNIVERSAL MUSIC JAPAN. Happiness
  9. ↑ (১২ অক্টোবৰ ২০১৭). E-girls須田アンナ、レッドヘアで個性際立つ ボディメイク行い「NYLON JAPAN」初ソロカバー - モデルプレス. モデルプレス
  10. ↑ E-girls発スダンナユズユリー、来春CDデビュー「カッコいいヒップホップ魅せたい」. ORICON NEWS
  11. ↑ (২১ ছেপ্টেম্বৰ ২০১৮). . -SUDA ANNA×EVRIS- "SPECIAL COLLABORATION" 10/26 RELEASE .
  12. ↑ (২৬ অক্টোবৰ ২০১৮). . -SUDA ANNA×EVRIS- "SPECIAL COLLABORATION" 10/26 RELEASE
  13. ↑ "EVRIS 5th ANNIVERSARY MEETS:SUDA ANNA"公開START. EVRIS
  14. ↑ GENERATIONS数原、E-girls須田アンナに"格闘家転向"を提案. ORICON NEWS
  15. ↑ (২৯ নৱেম্বৰ ২০১৮). E-girls須田アンナへ「格闘家になった方がいい」. モデルプレス
  16. ↑ 白濱亜嵐がお嬢様を救うドタバタ逃亡劇ドラマ. 音楽ナタリー
  17. ↑ 白濱亜嵐がドタバタ逃亡劇「ハピゴラ!」に主演. 映画ナタリー
  18. ↑ (১৭ ছেপ্টেম্বৰ ২০১৯). -SUDA ANNA×EVRIS Vol.2- 【SPECIAL COLLABORATION】
  19. ↑ (১৭ ছেপ্টেম্বৰ ২০১৯). -SUDA ANNA×EVRIS Vol.2- 【SPECIAL COLLABORATION】
  20. ↑ "CRUSH ON YOU" MEETS: ANNA SUDA 公開START. EVRIS
  21. ↑ (২২ ফেব্ৰুৱাৰী ২০১৭). <E-girls新ユニット「スダンナユズユリー」デビューインタビューVol.1>須田アンナに迫るQ&A - モデルプレス. モデルプレス
  22. ↑ (২৮ মাৰ্চ ২০২০). 【特集】FUTURA LABORATORIES × NIGOLD by CO:LABS Vol.5|須田アンナが語る自己表現としてのファッションとNIGO. FNMNL
  23. ↑ (২১ মাৰ্চ ২০২৩). 元E-girlsの須田アンナが結婚を発表「沢山の愛を与えてくれる彼にとても支えられています」. ORICON NEWS
  24. ↑ (২৮ অক্টোবৰ ২০২৪). 元E-girls須田アンナ同せいTVで告白しノロケ全開. デイリースポーツ online
  25. ↑ (২৬ মে ২০২৪). 【wedding vlog】ついに結婚式当日!間違いなく今まで一番幸せな日でした. ANNABABY LIFE
  26. ↑ 元「E-girls」須田アンナ、第1子男児出産「愛情たっぷり注いでいこうと思います」. テレ朝news
  27. ↑ (৬ জানুৱাৰী ২০২৫). 須田アンナ、第1子出産を報告「最高の瞬間でした」 - モデルプレス. Modelpress

সম্পৰ্কিত শ্ৰেণী

নৃত্যশিল্পীজাপানী অভিনেত্ৰীইউটিউবাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্না চুদা” প্ৰবন্ধৰ সংশোধন ৬১৬৯৩৭ (১৩ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।