লা মেৰী (জন্ম: ৰাছেল মেৰিৱেদাৰ হিউজ জুনিয়ৰ; ১৩ মে’ ১৮৯৯ – ৭ জানুৱাৰী ১৯৮৮) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন জনগোষ্ঠীয় নৃত্যশিল্পী, ক’ৰিওগ্ৰাফাৰ, শিক্ষয়িত্ৰী, কবি আৰু নৃবিজ্ঞানী আছিল।১ তেওঁ নিজৰ কামত বহু দেশৰ নৃত্য শৈলী, বিশেষকৈ স্পেইন আৰু ভাৰতৰ নৃত্যশৈলীৰ সংমিশ্ৰণ ঘটাইছিল।
প্ৰাৰম্ভিক জীৱন আৰু প্ৰশিক্ষণ
১৮৯৯ চনৰ ১৩ মে’ত কেণ্টাকীৰ লুইচভিলত ৰাছেল মেৰিৱেদাৰ হিউজ জুনিয়ৰ নামেৰে তেওঁৰ জন্ম হৈছিল। কেইবছৰমানৰ পিছত তেওঁৰ পৰিয়ালটো ছান এণ্টোনিঅ’লৈ স্থানান্তৰিত হয় আৰু তাতেই তেওঁ বেলে, স্পেনিছ আৰু মেক্সিকান নৃত্যশৈলীৰ অধ্যয়নেৰে নৃত্যৰ প্ৰশিক্ষণ আৰম্ভ কৰে। তেওঁ সৰু অৱস্থাত বেহেলা বজাবলৈ শিকাৰ লগতে কবিতা লিখিছিল আৰু অপেছাদাৰী নাটকত অভিনয়ো কৰিছিল।২
ইয়াৰ পিছত তেওঁ হাৱাইত হাৱাইয়ান নৃত্য আৰু নিউয়ৰ্কত আধুনিক নৃত্য তথা বেলেৰ প্ৰশিক্ষণ অব্যাহত ৰাখে। তেওঁ যেতিয়া পেচাদাৰীভাৱে কাম আৰম্ভ কৰিছিল, তেতিয়া তেওঁ নিজৰ পৰিৱেশনত অভিনয়, গায়ন আৰু বেহেলা বাদনক একত্ৰিত কৰিছিল। ইয়াৰ ভিতৰত আছিল নিৰ্বাক চলচ্চিত্ৰ যুগত মূল চিনেমাখন দেখুওৱাৰ আগতে চিনেমা হলৰ গৰাকীসকলে উপস্থাপন কৰা চুটি জীৱন্ত মঞ্চ প্ৰদৰ্শন অৰ্থাৎ প্ৰ'লগসমূহ।২
কৰ্মজীৱন
হিউজে ১৯২০ চনৰ আৰম্ভণিতে নিউয়ৰ্ক চহৰলৈ যায়, য’ত তেওঁ ভডভিল (vaudeville) আৰু মাৰিয়া মণ্টেৰোৰ স্পেনিছ নৃত্য কোম্পানীত কাম কৰিছিল। তাতেই তেওঁ নিজৰ এজেণ্ট আৰু ভৱিষ্যতৰ স্বামী গুইডো কাৰাৰাছক লগ পাইছিল। কাৰাৰাছে ১৯২৬ চনত মেক্সিকোত, ১৯২৭ চনত কিউবা আৰু পুৱেৰ্টো ৰিকোত আৰু ১৯২৮ চনৰ জুনৰ পৰা ১৯২৯ চনৰ আগষ্টলৈকে মধ্য আৰু দক্ষিণ আমেৰিকাত তেওঁৰ বাবে অনুষ্ঠানৰ ব্যৱস্থা কৰি দিছিল। ১৯২৬ চনত এজন মেক্সিকান সাংবাদিকে তেওঁৰ নাম "মেৰী হিউজ"ৰ পৰা চুটি কৰি লা মেৰী কৰাৰ পিছত হিউজে এই নামটো গ্ৰহণ কৰে।২

তেওঁৰ প্ৰাৰম্ভিক কাৰ্যসূচীবোৰত বেলে আৰু ব্যাখ্যামূলক নৃত্যৰ কাম অন্তৰ্ভুক্ত আছিল।৩ ১৯৩০-ৰ দশকত তেওঁ ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী ৰাম গোপালৰ ওচৰত শিক্ষা গ্ৰহণ কৰে, যি আছিল পশ্চিমীয়া দেশত ভাৰতীয় নৃত্যৰ অন্যতম পথ-প্ৰদৰ্শক। ৰাম গোপালে তেওঁৰ সৈতে ব্যাপকভাৱে ভ্ৰমণ কৰিছিল।৪ ১৯৩০-ৰ দশকত তেওঁ মধ্য আৰু দক্ষিণ আমেৰিকা, ইউৰোপ, উত্তৰ আফ্ৰিকা, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, ভাৰত, বাৰ্মা, ইণ্ডোনেছিয়া, ফিলিপাইন, চীন, জাপান আৰু হাৱাইৰ দৰে অঞ্চলত ভ্ৰমণ আৰু অধ্যয়ন কৰিছিল। ভ্ৰমণৰ সময়ত লা মেৰীয়ে বিভিন্ন অঞ্চলৰ থলুৱা নৃত্যসমূহ শিকিছিল আৰু সেইবোৰৰ সংগীত তথা পৰম্পৰাগত পোছাকৰ ৰেকৰ্ডিং সংগ্ৰহ কৰিছিল।
তেওঁ শিকা খোজ আৰু গতিবিধিৰ শব্দভাণ্ডাৰৰ ওপৰত ভিত্তি কৰি তেওঁ নিজাকৈ নৃত্য কৰ্ম সৃষ্টি কৰিছিল। লেটিন আমেৰিকা, স্পেইন, আফ্ৰিকা আৰু এছিয়াৰ নৃত্যশৈলীৰ ওপৰত তেওঁ কৰা গৱেষণাই তেওঁক প্ৰতিটো নৃত্যশৈলীৰ শিপাৰ সৈতে মিল থকাকৈ মঞ্চত মৌলিকতা প্ৰদৰ্শন কৰাত সহায় কৰিছিল।
দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ বাবে তেওঁৰ আন্তঃৰাষ্ট্ৰীয় নৃত্য ভ্ৰমণ অসম্ভৱ হৈ পৰাত তেওঁ আৰু তেওঁৰ স্বামী নিউয়ৰ্ক চহৰত নিগাজিকৈ থাকিবলৈ লয়। তাত তেওঁ আৰু ৰুথ ছেইণ্ট ডেনিছে ১৯৪০ চনত হিন্দু নৃত্যৰ বিদ্যালয় স্কুল অৱ নাট্য প্ৰতিষ্ঠা কৰে।৫ এই বিদ্যালয়ৰ জৰিয়তে লা মেৰীয়ে তেওঁৰ প্ৰথম পৰিৱেশ্য দল দ্য ফাইভ নাট্যচ গঠন কৰিছিল। ১৯৪৫ চনত তেওঁ এই বিদ্যালয়খনক এথন’লজিক ডান্স চেণ্টাৰৰ অন্তৰ্ভুক্ত কৰে, যিটো ১৯৪২ চনৰ পৰা ১৯৫৬ চনলৈ চলি আছিল। তেওঁ আমেৰিকান মিউজিিয়াম অৱ নেচাৰেল হিষ্ট্ৰীতো অনুষ্ঠান পৰিৱেশন কৰিছিল আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ যুৱ জনগোষ্ঠীয় নৃত্যশিল্পীসকলৰ কনচাৰ্ট কাৰ্যসূচী উপস্থাপন কৰিছিল। ১৯৪৪ চনত তেওঁ হিন্দু নৃত্যৰ গতিবিধি আৰু হস্তমুদ্ৰা অন্তৰ্ভুক্ত কৰি চোৱান লেকৰ ক’ৰিওগ্ৰাফী কৰিছিল।
১৯৬০ চনত তেওঁ নিউয়ৰ্কৰ পৰা কেপ কডলৈ গুচি যায়, কিন্তু লেখা-মেলা আৰু বক্তৃতা-প্ৰদৰ্শন অব্যাহত ৰাখে। অৱসৰ গ্ৰহণ কৰিলেও তেওঁ ১৯৭০ চনৰ পৰা ১৯৭৯ চনলৈ এক বাৰ্ষিক গ্ৰীষ্মকালীন জনগোষ্ঠীয় নৃত্য উৎসৱৰ আয়োজন কৰিছিল। ইয়াৰ উপৰিও লা মেৰীয়ে মাছাচুচেটছৰ জেকবছ পিল’ত নিয়মীয়াকৈ শিক্ষাদান কৰিছিল।
১৯৮০ চনত তেওঁ পুনৰবাৰ অৱসৰ গ্ৰহণ কৰে আৰু ছান এণ্টোনিঅ’লৈ স্থানান্তৰিত হয়। ১৯৮৮ চনৰ ৭ জানুৱাৰীত তাতেই তেওঁৰ মৃত্যু হয়।১
সাহিত্যিক কৰ্ম
নিজৰ আত্মজীৱনীৰ উপৰিও লা মেৰীয়ে ভালেসংখ্যক আলোচনীৰ প্ৰবন্ধ আৰু গ্ৰন্থ প্ৰকাশ কৰিছিল। ইয়াৰ ভিতৰত দ্য জেষ্টাৰ লেংগুৱেজ অৱ হিন্দু ডান্স (১৯৪১) আৰু স্পেনিছ ডান্সিং (১৯৪৮) অন্যতম।৫ শেহতীয়া গ্ৰন্থখনক স্পেনিছ নৃত্যৰ বিষয়ত এখন নিৰ্ভৰযোগ্য গ্ৰন্থ হিচাপে গণ্য কৰা হয়।
১৯৩৮ চনত লা মেৰীয়ে ৮২ পৃষ্ঠাৰ কবিতাৰে সমৃদ্ধ চংছ এণ্ড ভয়েজেছ নামৰ এখন পুথি প্ৰকাশ কৰিছিল, যিখন বৰ্তমান অতি বিৰল। গ্ৰন্থখনৰ পাতনি অনুসৰি, তেওঁৰ কবিতাসমূহ আমেৰিকান পয়েট্ৰি মেগাজিন, লিটাৰেৰী ডাইজেষ্ট, ব্ৰেইথৱেইট এনথ’লজী, এল এলুৱেট, দ্য হাৰ্প, দ্য ডান্স মেগাজিন, ইণ্ডিপেণ্ডেন্ট পয়েট্ৰি এনথ’লজী, লেৰিয়েট, চাৰ্কল, বাকানিয়াৰ, কণ্টেম্পৰাৰী ভাৰ্ছ, ইণ্টাৰলুডছ, গামাডিয়ন, টেক্সাছ এনথ’লজী, বোজাৰ্ট, আমেৰিকান এনথ’লজী, পয়েট্ৰি জাৰ্নেল, ব্ৰাইট স্ক্ৰল, ইউনিকৰ্ন, হোম মেগাজিন, প্ৰেজেণ্ট ডে পয়েট্ৰি আৰু ৱাণ্ডাৰিং ইৰোচত প্ৰকাশ পাইছিল।
উত্তৰাধিকাৰ আৰু বঁটাসমূহ
সামগ্ৰিকভাৱে, জনগোষ্ঠীয় নৃত্য (ethnic dance) — যিটো শব্দ তেওঁ নিজেই সৃষ্টি কৰা বুলি দাবী কৰিছিল — সেই ক্ষেত্ৰত লা মেৰীৰ ব্যাপক কামে তেওঁক এই বিভাগৰ অন্যতম আগশাৰীৰ বিশেষজ্ঞ হিচাপে খ্যাতি প্ৰদান কৰিছে।১ লা মেৰীৰ কামে আন ক’ৰিওগ্ৰাফাৰসকলক নিজৰ সংস্কৃতিৰ নোহোৱা আন সংস্কৃতিৰ নৃত্যৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ অনুপ্ৰাণিত কৰাৰ লগতে দৰ্শককো শিক্ষিত কৰাত সহায় কৰিছিল। তেওঁৰ নৃবৈজ্ঞানিক কামে তেওঁৰ ক’ৰিওগ্ৰাফীত ব্যৱহাৰ কৰা প্ৰতিটো জনগোষ্ঠীৰ মূল্যবোধক মূৰ্ত কৰি তুলিছিল আৰু নৃত্য জগতত সততাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিছিল।
তেওঁ ১৯৭২ চনত কেপেজিঅ’ ডান্স এৱাৰ্ড লাভ কৰিছিল।১
তথ্যসূত্ৰ
- ↑ Dunning, Jennifer. (January 21, 1988). La Meri, 89, a Dancer, Teacher And Specialist in Ethnic Repertory. The New York Times
- ↑ Ruyter, Nancy Lee Chalfa. (October 29, 2019). La Meri and Her Life in Dance: Performing the World. University Press of Florida. ISBN 978-0813066097
- ↑ La Meri photographs. The New York Public Library Archives & Manuscripts
- ↑ Anderson, Jack. (October 15, 2003). Ram Gopal, Dancer Who Opened Western Eyes to India, Dies. The New York Times
- ↑ Au, Susan; Rutter, Jim. (2012). Ballet and Modern Dance. Thames & Hudson. পৃ. 131. ISBN 9780500204115
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লা মেৰী” প্ৰবন্ধৰ সংশোধন ৫৮৫৬৩৮ (৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।