অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নিবেদিতা মেনন

নিবেদিতা মেনন (Nivedita Menon) এগৰাকী নাৰীবাদী লেখক আৰু দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ৰাজনৈতিক চিন্তাৰ অধ্যাপক। পূৰ্বতে তেওঁ ‘লেডী শ্ৰী ৰাম কলেজ’ আৰু ‘দিল্লী বিশ্ববিদ্যালয়’ৰ ৰাজনীতি বিজ্ঞান বিভাগত অধ্যাপনা কৰিছিল।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ১৮৩ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

নিবেদিতা মেনন (Nivedita Menon) এগৰাকী নাৰীবাদী লেখক আৰু দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ৰাজনৈতিক চিন্তাৰ অধ্যাপক। ১ পূৰ্বতে তেওঁ ‘লেডী শ্ৰী ৰাম কলেজ’ আৰু ‘দিল্লী বিশ্ববিদ্যালয়’ৰ ৰাজনীতি বিজ্ঞান বিভাগত অধ্যাপনা কৰিছিল। ১ তেওঁক ‘পাৰমাণৱিক শক্তি’ আৰু ‘কাশ্মীৰ সংঘাত’কে ধৰি কেইবাটাও ৰাজনৈতিক বিষয়ত শক্তিশালী স্থিতিৰ বাবে জনা যায়।

পাণ্ডিত্যপূৰ্ণ কৰ্মজীৱন

মেনন এগৰাকী নাৰীবাদী বিদ্বান, যি ২০০৯ চনৰপৰা দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়(জে এন ইউ)ৰ আন্তৰ্জাতিক অধ্যয়ন বিভাগত(ইণ্টাৰনেচনেল ষ্টাডিজ স্কুল)ত অধ্যাপনা কৰি আহিছে।১২৩৪ জে এন ইউলৈ যোৱাৰ আগতে তেওঁ ১৫ বছৰ লেডী শ্ৰী ৰাম কলেজত আৰু সাত বছৰ দিল্লী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগত অধ্যাপনা কৰিছিল।১ মেননে কয় যে, কলেজত পঢ়ি থকা সময়তে তেওঁ যি ভাৰতীয় নাৰীবাদী আন্দোলন সম্পৰ্কে অৱগত হৈছিল- সেই আন্দোলনসমূহে আৰু লগতে নাৰীবাদীসকলৰ বিশ্ববিশ্ৰুত লিখনিয়ে তেওঁক যৌনতা আৰু ৰাজনীতি আদি বিষয় সন্দৰ্ভত এক উচ্চ চেতনা বিকশিত কৰাত সহায় কৰিছিল।১ বেটি ফ্ৰিডনান, জাৰ্মেইন গ্ৰেয়াৰ আৰু গ্লোৰিয়া ষ্টিনেমৰ দৰে বিশ্ববিশ্ৰুত নাৰীবাদীসকলৰ কামৰ দ্বাৰা তেওঁ গভীৰভাৱে প্ৰভাৱিত হৈছিল।১

২০০৪ চনত প্ৰকাশিত ৰিকভাৰিং চাবভাৰছন: ফেমিনিষ্ট পলিটিক্স বিয়ণ্ড দ্য ল’কে ধৰি মেননে নাৰীবাদ আৰু ৰাজনীতি বিষয়ক বহু সংখ্যক কিতাপ লিখিছে আৰু সম্পাদন কৰিছে। ৫ তেওঁ ‘ইকন’মিক এণ্ড পলিটিকেল ৱিকলী’ শীৰ্ষক পত্ৰিকা, ‘খ’লিফা ডট অৰ্গ’ নামৰ অনলাইন নিউজ ব্ল’গ আৰু বহুসংখ্যক বাতৰি কাকতত সাম্প্ৰতিক সমস্যাসমূহ সম্পৰ্কত লিখা-মেলা কৰিছে। ৬৭

মেননৰ ২০১২ চনত উন্মোচিত চিয়িং লাইক আ ফেমিনিষ্ট গ্ৰন্থই ইতিবাচক সমালোচনা লাভ কৰিছিল। ২০১২ চনৰ দিল্লীৰ দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ পাছত হোৱা হুলস্থূলে আশিংকভাৱে কিতাপখনৰ বিক্ৰীত প্ৰভাৱ পেলাইছিল আৰু কিতাপখনৰ বিক্ৰী ভাল হৈছিল।৮ ‘দ্য হিন্দু’ৰ এটি সমীক্ষাত কোৱা হৈছে যে, “কিতাপখনে ‘লিংগীকৰণ’ৰ প্ৰক্ৰিয়াটো কেনেধৰণে ঘটে সেয়া ব্যাখ্যা কৰিবলৈ সামাজিক প্ৰতিষ্ঠান, নীতি আৰু প্ৰচলিত সাধাৰণ ধাৰণাবোৰৰ অস্ত্ৰোপচাৰ কৰিছে আৰু ইয়াত ‘যৌনতা’ক জৈৱিক বৈশিষ্ট হিচাপে আৰু ‘লিংগ’ক সময়ৰ লগে লগে অহা সাংস্কৃতিক অৰ্থৰ সংহতি হিচাপে বিভাজিত কৰা হৈছে।” ৪ ‘ইকনমিক এণ্ড প্লিটিকেল ৱিকলি’ পত্ৰিকাত নাৰীবাদী বিদ্বান মেৰী জনে লিখিছে; “কিতাপখন অত্যন্ত আকৰ্ষণীয় শৈলীত লিখা হৈছে, যি পঢ়ুৱৈক হাঁহিৰ খোৰাক দিয়াৰ লগতে বহুতো গুৰুত্বপূৰ্ণ বিষয়লৈ টানি নিয়ে। ছটা অধ্যায়ত বিভাজিত কিতাপখনত সংকলিত, সংক্ষিপ্ত প্ৰতিফলনৰ এটা শৃংখলাৰ জৰিয়তে, সমসাময়িক ভাৰত আৰু অন্য ঠাইসমূহত মহিলা আন্দোলনে সন্মুখীন হোৱা জটিল প্ৰত্যাহবানৰ মোকাবিলা কৰিবলৈ নিবেদিতা মেনন সক্ষম হৈছে।”৯১০১১

গ্ৰন্থপঞ্জী

  1. পাৱাৰ এণ্ড কনটেষ্টেচন: ইণ্ডিয়া চিনচ্‌ নাইটিন এইট্টি নাইন (গ্ল’বেল হিষ্ট্ৰী অৱ দ্য পেজেণ্ট) ১২
  2. চিয়িং লাইক আ ফেমিনিষ্ট (২০১২) ১৩
  3. ৰিকভাৰিং চাবভাৰছন: ফেমিনিষ্ট পলিটিক্স বিয়ণ্ড দ্য ল’ (২০০৪) ১৪
  4. জেণ্ডাৰ এণ্ড পলিটিক্স ইন ইণ্ডিয়া ১৫
  5. ছেক্সুৱেলিটিচ্‌ (সংগৃহীত সংকলন)১৬

তথ্যসূত্ৰ

  1. ↑ Dixit, Neha. The Instigator: A Portrait of Nivedita Menon - The Wire. thewire.in
  2. ↑ Menon, Nivedita. (1970-01-01). Nivedita Menon | Jawaharlal Nehru University - Academia.edu. Jnu.academia.edu
  3. ↑ (2013-01-07). Nivedita Menon: We're witnessing new interventions by feminists of all genders. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  4. ↑ (2013-02-14). Training the eye. The Hindu
  5. ↑ to the official website of Women Unlimited. Womenunlimited.net
  6. ↑ (2011-08-28). About. Kafila
  7. ↑ Search | Economic and Political Weekly. Economic and Political Weekly. Epw.in. পৃ. 7, 7, 7, 7, 7–8, 8, 8, 8, 8
  8. ↑ (2013-04-21). A manual for new feminists | The Asian Age. Archive.asianage.com
  9. ↑ (2013-05-04). The Little Red Book of Feminism? | Economic and Political Weekly. Epw.in
  10. ↑ Menon, Nivedita. (2013-03-08). It Comes Slowly Slowly... Outlook
  11. ↑ Neha Thirani Bagri. Where is India's Feminist Movement Headed?. The New York Times
  12. ↑ Power and Contestation: India since 1989 by Nivedita Menon and Aditya Nigam. PopMatters
  13. ↑ Sharma, Nalini. (2016-08-19). Book Review: Seeing Like a Feminist by Nivedita Menon. Feminism in India
  14. ↑ Menon, Nivedita. UI Press · Nivedita Menon · Recovering Subversion: Feminist Politics beyond the Law. www.press.uillinois.edu
  15. ↑ Menon, Nivedita. (2001). Gender And Politics In India - Google Books. ISBN 9780195658934
  16. ↑ Singh, Jyoti. Feminist writings. The Tribune

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাহিত্যিকনাৰীবাদী লেখক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিবেদিতা মেনন” প্ৰবন্ধৰ সংশোধন ৬৩৭২৮৩ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।