অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শ্বাৰ্লিন চোপ্ৰা

শ্বাৰ্লিন চোপ্ৰা (ইংৰাজী: Sherlyn Chopra; জন্ম: ১১ ফেব্ৰুৱাৰী ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে হিন্দী আৰু তেলুগু ভাষাৰ চলচ্চিত্ৰত কাম কৰাৰ বাবে পৰিচিত। ২০০৭ চনত ৰেড স্বস্তিক ছবিৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ পাতনি মেলে।

হালনাগাদ: ১৫ জুলাই ২০২৬ ৩২৪ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

শ্বাৰ্লিন চোপ্ৰা (ইংৰাজী ভাষা: Sherlyn Chopra; জন্ম: ১১ ফেব্ৰুৱাৰী ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে হিন্দী ভাষা আৰু তেলুগু ভাষা ভাষাৰ চলচ্চিত্ৰত কাম কৰাৰ বাবে পৰিচিত। ২০০৭ চনত ৰেড স্বস্তিক ছবিৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ পাতনি মেলে।১২ ২০১২ চনৰ জুলাই মাহত আমেৰিকান আলোচনী প্লেবয়ৰ বেটুপাতত স্থান পোৱাৰ পিছত চোপ্ৰাই সংবাদ মাধ্যমৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰে। এনে কৰা তেওঁ আছিল প্ৰথমগৰাকী ভাৰতীয় আৰু তেওঁক এগৰাকী "বলীবুডৰ কিংবদন্তি" বুলি অভিহিত কৰা হৈছিল।৩৪৫ ইয়াৰ পিছত তেওঁক এমটিভি স্প্লিটচভিলাৰ ষষ্ঠ ছিজনৰ আঁতধৰোঁতা হিচাপে নিৰ্বাচিত কৰা হয়।৬৭ ২০১৩ চনৰ ডিচেম্বৰ মাহত তেওঁ "বেড গাৰ্ল" শীৰ্ষক এটা মিউজিক ছিংগেল মুকলি কৰে।৮ তেওঁ ২০০৯ চনত ৰিয়েলিটি শ্ব' বিগ বছৰ এজন প্ৰতিযোগী আছিল।৯

প্ৰাৰম্ভিক জীৱন

চোপ্ৰাৰ জন্ম ভাৰতৰ হায়দৰাবাদত এজন ভাৰতীয় খ্ৰীষ্টান পিতৃ আৰু এগৰাকী ভাৰতীয় মুছলমান মাতৃৰ গৰ্ভত হৈছিল।১০১১ তেওঁৰ এগৰাকী ভগ্নী আছে যি অনুষ্ঠান পৰিচালিকা (এমচি) হিচাপে কাম কৰে আৰু এজন ককায়েক নিউজিলেণ্ডত ছফ্টৱেৰ ইঞ্জিনিয়াৰ হিচাপে কৰ্মৰত। তেওঁৰ পিতৃ-মাতৃয়ে প্ৰথমবাৰৰ বাবে ইৰানত লগ পাইছিল। ঘৰত তেওঁৰ পৰিয়ালে হিন্দী, ইংৰাজী আৰু উৰ্দু ভাষা কয়। তেওঁলোক এসময়ত ভাৰতীয় মেথডিষ্ট চাৰ্চৰ সক্ৰিয় সদস্য আছিল। শ্বাৰ্লিন ইমানেই ধৰ্মপৰায়ণ আছিল যে তেওঁ এসময়ত ধৰ্মীয় সভাৰ সন্মুখত গোটেই প্লাজম ১১৯ মুখস্থ মাতি শুনাইছিল।১২১৩

তেওঁ ষ্টেনলী গাৰ্লছ হাইস্কুলত পঢ়া-শুনা কৰিছিল। তাত তেওঁ এজন অতি মেধাৱী ছাত্ৰী আছিল, তেওঁৰ কোনো বন্ধু নাছিল আৰু বহুত পঢ়া-শুনা কৰা ছোৱালী হিচাপে পৰিচিত আছিল। তেওঁ স্কুলৰ ভিতৰতে শীৰ্ষস্থান দখল কৰি উত্তীৰ্ণ হৈছিল। পিছলৈ তেওঁ ছেচুনদৰাবাদৰ চেইণ্ট এনছ কলেজ ফৰ উইমেনত নামভৰ্তি কৰে। ১৯৯৯ চনত তেওঁ "মিছ অন্ধ্ৰ" খিতাপ লাভ কৰে, যিয়ে পৰৱৰ্তী সময়ত তেওঁক বিনোদন জগতৰ প্ৰতি আগ্ৰহী কৰি তোলে। চোপ্ৰাৰ মতে, মি টু আন্দোলনৰ (ভাৰত) প্ৰতিটো কণ্ঠ গুৰুত্বসহকাৰে শুনা উচিত আৰু কেৱল গুজৱ বুলি উলাই নকৰি ভালদৰে তদন্ত কৰা উচিত।১৪১৫

কেৰিয়াৰ

চোপ্ৰাই বলীউডৰ ছবিত মুখ্য অভিনেত্ৰী হিচাপে অভিনয় জীৱন আৰম্ভ কৰিছিল। তেওঁ টাইম পাছ, ৰেড স্বস্তিক আৰু গেমৰ দৰে ছবিত অভিনয় কৰিছিল। ৰিচাৰ্ড ঋষিৰ বিপৰীতে এ ফিল্ম বাই অৰবিন্দ ছবিৰ জৰিয়তে তেওঁ তেলুগু চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে।১৬ চোপ্ৰা বিগ বছৰ এজন প্ৰতিযোগীও আছিল।১৭ অনুষ্ঠানটোৰ ২৭তম দিনত তেওঁক বহিষ্কাৰ কৰা হৈছিল।১৮ শেহতীয়াকৈ কষ্টিউম ড্ৰামা পৌৰষপুৰ ৩ত দ্বৈত চৰিত্ৰত কৰা অভিনয়ে সমালোচকৰপৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।১৯

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2 June 2007). Red Swastik (Now Playing). The Times of India
  2. ↑ (8 June 2007). Red Swastik Review 1.5/5 · Red Swastik Movie Review · Red Swastik 2007 Public Review · Film Review. Bollywood Hungama
  3. ↑ (25 July 2012). Bollywood star becomes first Indian to pose for Playboy. The Telegraph
  4. ↑ (17 July 2013). Sherlyn Chopra shoots for Playboy. NDTV
  5. ↑ (20 September 2013). Sherlyn Chopra goes Naked to ride on Horseback. Bihar Prabda
  6. ↑ (23 April 2013). Sherlyn Chopra to host the sixth season of MTV Splitsvilla. IBN Live
  7. ↑ (14 May 2013). Sheryln Chopra heats up Splistsvilla-. The Times of India
  8. ↑ Sherlyn Chopra's new Music Video Bad Girl goes Viral. Biharprabha News
  9. ↑ (30 October 2009). Sherlyn Chopra evicted from Bigg Boss
  10. ↑ (14 March 2021). Sharmila Tagore to Sushmita Sen, Bollywood divas born in Hyderabad. The Times of India
  11. ↑ Sherlyn Chopra. India Today
  12. ↑ (23 July 2012). Bollywood insult? Playboy calls Sherlyn Chopra a legend. emirates247.com
  13. ↑ (10 May 2020). Mumbai: Mumbai actress Sherlyn Chopra says, I thank my mom for training me good and hard to be a boss babe, shared her view on Mother's day
  14. ↑ Madhumitha. (18 December 2008). Confessions of a diva. Go-nxg.com
  15. ↑ (31 October 2022). Bigg Boss 16: Sherlyn Chopra finally records her statement against 'Me Too' accused Sajid Khan. The Times of India
  16. ↑ A film by Aravind. idlebrain.com
  17. ↑ (6 October 2009). Rakhi's mom on Bigg Boss. The Times of India
  18. ↑ Sherlyn Chopra at 55th Idea Filmfare Awards in Mumbai. The Times of India. (27 February 2010). Retrieved 30 April 2013
  19. ↑ Sherlyn Chopra opens up about her role in 'Paurashpur 2'. The Times of India

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীতেলুগু চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বাৰ্লিন চোপ্ৰা” প্ৰবন্ধৰ সংশোধন ৬১৭৩৬৮ (১৫ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।