অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হিমাংশী খুৰানা

হিমাংশী খুৰানা (ইংৰাজী: Himanshi Khurana; জন্ম: ২৭ নৱেম্বৰ ১৯৯১) এগৰাকী ভাৰতীয় মডেল, অভিনেত্ৰী আৰু গায়িকা, যিয়ে মূলতঃ পঞ্জাবী চলচ্চিত্ৰত কাম কৰে। তেওঁ পঞ্জাবী ছবি সাড্ডা হকত অভিনয় কৰিছিল। ২০১৯ চনত তেওঁ বাস্তৱধৰ্মী অনুষ্ঠান বিগ বছ ১৩ত এগৰাকী প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছিল।

হালনাগাদ: ১৮ ছেপ্তেম্বৰ ২০২৬ ২৫১ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

হিমাংশী খুৰানা (ইংৰাজী ভাষা: Himanshi Khurana; জন্ম: ২৭ নৱেম্বৰ ১৯৯১) এগৰাকী ভাৰতীয় মডেল, অভিনেত্ৰী আৰু গায়িকা, যিয়ে মূলতঃ পঞ্জাবী ভাষা চলচ্চিত্ৰত কাম কৰে।১ তেওঁ পঞ্জাবী ছবি সাড্ডা হকত অভিনয় কৰিছিল। ২০১৯ চনত তেওঁ বাস্তৱধৰ্মী অনুষ্ঠান বিগ বছ ১৩ত এগৰাকী প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছিল।২

প্ৰাৰম্ভিক জীৱন

খুৰানাৰ জন্ম ১৯৯১ চনৰ ২৭ নৱেম্বৰত হৈছিল আৰু তেওঁ পঞ্জাবৰ কীৰতপুৰ চাহিবৰ নিবাসী।১৩৪

কৰ্মজীৱন

খুৰানাই ১৬ বছৰ বয়সতে মিছ লুধিয়ানা খিতাপ জয় কৰি মডেলিং কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ ২০১০ চনৰ মিছ পিটিচি পঞ্জাবীৰ অন্যতম চূড়ান্ত প্ৰতিযোগী আছিল। একে বছৰতে তেওঁ চণ্ডীগড়ত আয়োজিত মিছ নৰ্থ জ’ন প্ৰতিযোগিতাত বিজয়ী হয়।৫

২০১০ চনত "জডী - বিগ ডে পাৰ্টি" গীতটোৰ জৰিয়তে তেওঁ পঞ্জাবী সংগীত জগতত আত্মপ্ৰকাশ কৰে। পিছলৈ ২০১২ চনত ফিৰোজ খানৰ (ফছলী বটেৰে) আৰু হৰজৌতৰ (ইজহাৰ) মিউজিক ভিডিঅ’ত অভিনয় কৰে। ২০১৩ চনত খুৰানাক হাৰ্ডী সান্ধুৰ "সোঁচ" গীতটোত আৰু হিট ছবি সাড্ডা হকত দেখা গৈছিল।৬ ২০১৫ চনটো খুৰানাৰ বাবে অতি সফল বৰ্ষ হিচাপে প্ৰমাণিত হয়। এই সময়ছোৱাত তেওঁ জেছী গিল, বাদশাহ, জে ষ্টাৰ, নিঞ্জা আৰু মানকিৰ্ট অউলখৰ দৰে বহু গায়কৰ সৈতে কাম কৰে। ২০১৬ চনৰ মাৰ্চ মাহত তেওঁ সুখ-ই (মিউজিকেল ডক্টৰজ)ৰ সৈতে "ছ্যেড চং"ত অভিনয় কৰে। ২০১৮ চনত খুৰানাই "হাই ষ্টেণ্ডাৰ্ড" গীতটোৰ জৰিয়তে গায়িকা হিচাপে আত্মপ্ৰকাশ কৰে।

খুৰানাই পঞ্জাবী চিনেমাৰ অভিনেত্ৰী হিচাপে সাড্ডা হক ছবিৰ জৰিয়তে আত্মপ্ৰকাশ কৰি জনপ্ৰিয়তা অৰ্জন কৰে।১ অৱশ্যে তেওঁৰ প্ৰথম বলীউড ছবি আছিল জীত লেংগে জাহান (২০১২)। ইয়াৰ পিছত তেওঁ পঞ্জাবী ছবি লেদাৰ লাইফত মুখ্য চৰিত্ৰত অভিনয় কৰে। ২০১৫ চনৰ পঞ্জাবী ছবি টু বোলতো খুৰানাই মুখ্য অভিনেত্ৰী হিচাপে কাম কৰে।১ ইয়াৰ উপৰি তেওঁ ৬খন দক্ষিণ ভাৰতীয় ছবিতো অভিনয় কৰিছে (দুখন কন্নড় ভাষা, দুখন তামিল ভাষা, এখন তেলুগু ভাষা আৰু এখন মালয়ালম ভাষা)।৫

২০১৯ চনৰ নৱেম্বৰত খুৰানাই বাস্তৱধৰ্মী অনুষ্ঠান বিগ বছ ১৩ত এগৰাকী চেলিব্ৰিটি প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছিল।৭

ব্যক্তিগত জীৱন

২০১৯ চনৰ নৱেম্বৰত খুৰানাই বিগ বছ ১৩ত নিশ্চিত কৰিছিল যে তেওঁ বিগত ন বছৰ ধৰি চাও নামৰ এজন ব্যক্তিৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল।৮৯ ২০২০ চনৰ জানুৱাৰীত তেওঁ টুইটাৰৰ জৰিয়তে নিজৰ বাগদত্তাৰ সৈতে সম্পৰ্ক অন্ত পৰা বুলি জানিবলৈ দিয়ে।১০ ২০২০ চনৰ জানুৱাৰীৰপৰা ২০২৩ চনৰ ডিচেম্বৰলৈকে তেওঁ বিগ বছৰ সহ-প্ৰতিযোগী অসীম ৰিয়াজৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল।১১১২

তথ্যসূত্ৰ

  1. ↑ TNN. (12 January 2017). "2 BOL" to feature Himanshi Khurana as the female lead. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  2. ↑ (15 January 2020). Bigg Boss 13 contestant Himanshi Khurana reveals how Shehnaaz Gill 'ruined' her love life, says channel showed her as 'villain'. Hindustan Times
  3. ↑ (28 November 2020). Himanshi Khurana celebrates birthday with Asim Riaz. The Indian Express
  4. ↑ (16 December 2020). Himanshi Khurana Shares Unseen Pictures from Birthday Celebration with Asim Riaz and Friends. News18
  5. ↑ Majeed, Shariq. (29 January 2012). Bollywood dream keeps Himanshi busy. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  6. ↑ Sadda Haq banned in India. The Times of India
  7. ↑ Trivedi, Tanvi. (2 November 2019). Himanshi Khurana: Shehnaz has body shamed me and abused my family, but I will not bring that up in the house. The Times of India
  8. ↑ (28 November 2019). Bigg Boss 13: Mystery behind Himanshi Khurana's boyfriend 'Chow' ends; see his pic. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  9. ↑ (3 December 2019). Bigg Boss 13: Himanshi Khurana REVEALS Details About Her Beau 'Chow' To Asim Riaz. ABP Live
  10. ↑ (19 January 2020). Bigg Boss 13: Himanshi Khurana confirms break up with fiance. Mumbai Mirror
  11. ↑ (8 April 2020). Bigg Boss 13's Asim Riaz stands in support of girlfriend Himanshi Khurana; here's revisiting their complicated love story. The Times of India
  12. ↑ Mukherjee, Richa. (6 December 2023). Himanshi Khurana And Asim Riaz Breakup After 4 Years: "No Hate Only Love". NDTV

সম্পৰ্কিত শ্ৰেণী

পঞ্জাবী চলচ্চিত্ৰৰ অভিনেত্ৰীতামিল চলচ্চিত্ৰৰ অভিনেত্ৰীকন্নড় চলচ্চিত্ৰৰ অভিনেতাতেলুগু চলচ্চিত্ৰৰ অভিনেত্ৰীমালয়ালম চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিমাংশী খুৰানা” প্ৰবন্ধৰ সংশোধন ৬৩৬১৭২ (১৮ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।