এম ভি ৰাজাম্মা (M. V. Rajamma; ১০ মাৰ্চ ১৯১৮ – ২৩ এপ্ৰিল ১৯৯৯) ১৯৩০ৰ দশকৰ পৰা ১৯৭০ৰ দশকলৈ বেছিভাগ তামিল, কানাড়ী আৰু তেলুগু ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী অভিনেত্ৰী, চলচ্চিত্ৰ নিৰ্মাতা আৰু নেপথ্য কণ্ঠশিল্পী। তেওঁ ড° ৰাজকুমাৰ, শিৱাজী গণেশন, এম জি আৰ আৰু এন টি আৰৰ দৰে দক্ষিণ ভাৰতীয় অভিনেতাসকলৰ নায়িকা আৰু মাতৃ উভয় ভূমিকাত অভিনয় কৰাৰ গৌৰৱপ্ৰাপ্ত। ১ কৰ্ণাটক চৰকাৰে তেওঁৰ সন্মানত এম.ভি.ৰাজম্মা বঁটা প্ৰতিষ্ঠা কৰে। ২
১৯৩৬ চনত মুক্তি পোৱা কানাড়া ছবি সংসাৰ নৌকাত মুখ্য অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰি ৰাজাম্মাই সমগ্ৰ দক্ষিণ ভাৰততে পূৰ্ণদৈৰ্ঘ্য ছবিত এক বিস্তৃত কৰ্মজীৱন উপভোগ কৰিছিল। তেওঁ দক্ষিণ ভাৰত আৰু কানাড়া ছবিৰ প্ৰথম আৰু অগ্ৰণী মহিলা প্ৰযোজক আছিল। ১৯৪৩ চনত তেওঁ নিজৰ ঘৰুৱা বেনাৰ বিজয়া ফিল্মছৰ অধীনত ৰাধা ৰমন ছবিখন নিৰ্মাণ কৰে। ৩ তামিল চলচ্চিত্ৰত তেওঁৰ প্ৰৱেশ ১৯৪০ চনৰ ক্লাছিক হিট ছবি উথামা পুথিৰণৰ জৰিয়তে হৈছিল। তেওঁৰ চাৰি দশকজোৰা কৰ্মজীৱনত প্ৰায় ৬০ খন কানাড়ী, ৮০খন তামিল, ২০খন তেলুগু আৰু এখন হিন্দী ছবিত অভিনয় কৰিছিল।
বঁটা
- ১৯৯৭-৯৮ – কৰ্ণাটক চৰকাৰৰ দ্বাৰা প্ৰদান কৰা ড॰ ৰাজকুমাৰ বঁটা
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ M. V. Rajamma, the favorite 'Amma'. Kalyanamalai
- ↑ (4 March 2017). Annual film awards presented
- ↑ Do you know the First Woman Producer of Kannada?. Reelbox
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এম ভি ৰাজাম্মা” প্ৰবন্ধৰ সংশোধন ৫২৩৬০৫ (১২ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।