অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আনন্দী

আনন্দী (জন্ম: ৰক্ষিতা; ৯ ডিচেম্বৰ ১৯৯২) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ তামিল আৰু তেলুগু চলচ্চিত্ৰত অভিনয় কৰে। ২০১২ চনত তেলুগু ছবি বাছ ষ্টপৰ জৰিয়তে আত্মপ্ৰকাশ কৰাৰ পাছত তেওঁ ভেট্ৰিমাৰানৰ তামিল নিৰ্মাণ পুৰীয়ালান (২০১৪)-ত অভিনয় কৰে।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৪১৪ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

আনন্দী (জন্ম: ৰক্ষিতা; ১ ৯ ডিচেম্বৰ ১৯৯২) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ তামিল ভাষা আৰু তেলুগু ভাষা চলচ্চিত্ৰত অভিনয় কৰে। ২০১২ চনত তেলুগু ছবি বাছ ষ্টপৰ জৰিয়তে আত্মপ্ৰকাশ কৰাৰ পাছত তেওঁ ভেট্ৰিমাৰানৰ তামিল নিৰ্মাণ পুৰীয়ালান (২০১৪)-ত অভিনয় কৰে। একে বছৰতে তেওঁ প্ৰভু চলোমনৰ ছবি কায়াল (২০১৪)-ৰ জৰিয়তে বিশেষ সফলতা লাভ কৰে, যাৰ বাবে তেওঁক 'কায়াল আনন্দী' বুলিও জনা যায়। তেওঁ কায়াল ছবিখনৰ বাবে তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটাত 'বিশেষ বঁটা'ও লাভ কৰিছিল।২

প্ৰাৰম্ভিক জীৱন

আনন্দীৰ জন্ম হৈছিল তেলেংগানাৰ ৱাৰাংগলৰ এটা তেলুগু পৰিয়ালত।৩৪

কৰ্মজীৱন

আনন্দীয়ে মাৰুতিৰ ছবি বাছ ষ্টপ (২০১২) যোগে অভিনয় জগতত পদাৰ্পণ কৰে। তেওঁৰ পৰৱৰ্তী ছবি প্ৰিয়তমা নীৱাচতা কুশলমা ২০১৩ চনৰ মাৰ্চ মাহত মুক্তি পায়। ছবিখনে নেতিবাচক সমালোচনা লাভ কৰিছিল যদিও এজন সমালোচকে কয় যে "বৰুণ সন্দেশ আৰু হাচিকাৰ অভিনয়েই ছবিখনৰ একমাত্ৰ সকাহ", লগতে তেওঁ যোগ দিয়ে যে হাচিকাক "পৰম্পৰাগত ৰূপত দেখিবলৈ ভাল লাগিছে আৰু তেওঁ এক শালীন প্ৰদৰ্শনো আগবঢ়াইছে।" ৫

তেওঁ মণিমাৰনৰদ্বাৰা লিখিত তামিল চলচ্চিত্ৰ পুৰীয়ালান (২০১৪)-ত হৰিশ কল্যাণৰ বিপৰীতে অভিনয় কৰিবলৈ চুক্তিবদ্ধ হৈছিল। নিৰ্মাণ কাৰ্য চলি থকাৰ সময়তে পৰিচালক ভেট্ৰিমাৰানে এই প্ৰকল্পটোত সহ-প্ৰযোজক হিচাপে বিনিয়োগ কৰিব বুলি ঘোষণা কৰাৰ পাছত ছবিখনৰ পৰিসৰ বৃদ্ধি পায়।৬

আনন্দীয়ে প্ৰভু চলোমনৰ পৰিচালনাত নিৰ্মিত ছবি কায়ালত নামভূমিকাত অভিনয় কৰে। পৰিচালকজনে ছবিখনৰ বাবে তেওঁৰ নাম ৰক্ষিতাৰপৰা সলাই আনন্দী কৰাৰ সিদ্ধান্ত লয়। দুবাৰকৈ অডিচন দিয়াৰ পাছতহে তেওঁ চলোমনক মুগ্ধ কৰিবলৈ সক্ষম হৈছিল আৰু নিৰ্বাচিত হৈছিল।৭ ছবিখনত তেওঁৰ অভিনয় প্ৰশংসিত হৈছিল।৮৯ ২০১৪ চনৰ বিজয় বঁটা আদিকে ধৰি কেইবাটাও শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ বঁটাৰ বাবে তেওঁ মনোনীত হৈছিল।১০

২০১৫ চনত আনন্দীৰ প্ৰথম মুক্তিপ্ৰাপ্ত ছবি আছিল বালাৰদ্বাৰা প্ৰযোজিত এ. চৰগুনমৰ চান্দি বীৰন, য’ত তেওঁ অথৰ্ভাৰ বিপৰীতে অভিনয় কৰিছিল।১১ ইয়াৰ পিছত তেওঁ জি. ভি. প্ৰকাশ কুমাৰৰ সৈতে এডাল্ট কমেডী ছবি ত্ৰিছা ইল্লানা নয়নতৰা (২০১৫)-ত অভিনয় কৰে।১২১৩ ছবিখন মুক্তি পোৱাৰ পিছত আনন্দীয়ে পৰিচালকজনৰ সৈতে কাম কৰি অসন্তুষ্টি প্ৰকাশ কৰিছিল। তেওঁ জানিবলৈ দিছিল যে তেওঁক কোৱা হৈছিল যে ছবিখন এখন "মৰমলগা প্ৰেমৰ কাহিনী" হ’ব, "এডাল্ট কমেডী" নহয়। তথাপি আনন্দীয়ে ছবিখনৰ তেলুগু সংস্কৰণৰ প্ৰচাৰত সহায় কৰিছিল।১৪ ২০১৬ চনত তেওঁ জি. ভি. প্ৰকাশ কুমাৰৰ সৈতে আকৌ দুখন ছবিত অভিনয় কৰে — এনাক্কু ইন্নোৰু পেৰ ইৰুক্কু আৰু কাডাভুল ইৰুক্কান কুমাৰু।১৫১৬ ২০১৭ চনত তেওঁৰ মুক্তিপ্ৰাপ্ত ছবিসমূহ আছিল ৰুবায়, পাণ্ডিগাই আৰু এন আলুডা ছেৰুপ্পা কানম। ২০১৮ চনত তেওঁ মাৰি চেল্ভাৰাজৰ প্ৰথম ছবি পাৰীয়েৰুম পেৰুমলত অভিনয় কৰে, যিখন জাতিভেদৰ ওপৰত নিৰ্মিত এখন উচ্চ প্ৰশংসিত তামিল চলচ্চিত্ৰ।১৭ ছবিখনে ইতিবাচক সমালোচনা লাভ কৰাৰ লগতে শিল্পীসকলৰ অভিনয়েও যথেষ্ট উচ্চ প্ৰশংসা বুটলিছিল।

ব্যক্তিগত জীৱন

২০২১ চনৰ ৭ জানুৱাৰীত তেলেংগানাৰ ৱাৰাংগলত আনন্দী চক্ৰেটিছৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁ এজন মেৰিন ইঞ্জিনিয়াৰ আছিল, যিয়ে পিছলৈ সহ-পৰিচালক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। তেওঁ 'মুডাৰ কুডাম' খ্যাত পৰিচালক নবীনৰ খুলশালি আৰু তেওঁ আলাউধিনিন অৰ্পুথা কেমেৰা তথা অগ্নি চিৰাগুগলৰ দৰে ছবিত কাম কৰিছে।১৮ আনন্দী আৰু চক্ৰেটিছৰ এজন পুত্ৰ সন্তান আছে।১৯

তথ্যসূত্ৰ

  1. ↑ Rakshitha, rechristened Anandhi in Kayal. The Times of India
  2. ↑ (14 July 2017). Tamil Nadu announces the State Film Awards for six consecutive years in surprise move. Here's the complete list of winners. The Indian Express
  3. ↑ Rao, Subha J. (19 August 2014). The big break. The Hindu
  4. ↑ Adivi, Sashidhar. (24 February 2021). Marriage doesn't erode a woman's capabilities: Anandhi Kayal. Deccan Chronicle
  5. ↑ As, Sashidhar. Priyathama Neevachata Kushalama Movie Review {2/5}: Critic Review of Priyathama Neevachata Kushalama by Times of India. The Times of India
  6. ↑ Chowdhary, Y. Sunita. (18 August 2013). etcetera. The Hindu
  7. ↑ (18 September 2013). Rakshitha, rechristened Anandhi in Kayal. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  8. ↑ Review: (2014). Sify
  9. ↑ Saraswathi/Rediff.com, S. Review: Kayal is compelling love story. Rediff
  10. ↑ Rangan, Baradwaj. (25 December 2014). Kayal: Has its moments, but strains too hard to be an epic. The Hindu
  11. ↑ Atharavaa-Sargunam film gets a title and buyer. Sify
  12. ↑ (25 September 2014). The Big Break. The Hindu
  13. ↑ Review: Trisha Illana Nayanthara (2015). Sify
  14. ↑ Balachandran, Logesh. I will not work with Trisha Illana Nayanthara director again. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  15. ↑ Enakku Innoru per Irukku review: Entertaining. Sify
  16. ↑ Saraswathi, S. Review: Kadavul Irukaan Kumaru is a waste of time. Rediff
  17. ↑ Pariyerum Perumal review: It's an inherently sincere and deeply affecting film. Sify
  18. ↑ Balachandran, Logesh. (8 January 2021). Kayal Anandhi ties the knot with Socrates in Warangal and she has a child.. India Today
  19. ↑ Rajkumar. (2023-05-06). கலப்பு திருமணம் செய்த கயல் ஆனந்தி தனது மகனின் ஜாதி சான்றிதழ் குறித்து சொன்ன விஷயம்.. Tamil Behind Talkies

সম্পৰ্কিত শ্ৰেণী

তামিল চলচ্চিত্ৰৰ অভিনেত্ৰীতেলুগু চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আনন্দী” প্ৰবন্ধৰ সংশোধন ৬৩৬৮০৮ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।