অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

জ্যোতি কলা কেন্দ্ৰ

জ্যোতি কলা কেন্দ্ৰ (সম্পূৰ্ণ নাম: জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়) তেজপুৰত অৱস্থিত এখন সংগীতানুষ্ঠান। মহাবিদ্যালয় খনত মূলতঃ সংগীত আৰু নৃত্যৰ শিক্ষণ-প্ৰশিক্ষণ দিয়া হয়। ১৯৪০ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰে।

হালনাগাদ: ২১ ডিচেম্বৰ ২০২০ ১৯৭ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

জ্যোতি কলা কেন্দ্ৰ (সম্পূৰ্ণ নাম: জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়) তেজপুৰত অৱস্থিত এখন সংগীতানুষ্ঠান। মহাবিদ্যালয় খনত মূলতঃ সংগীত আৰু নৃত্যৰ শিক্ষণ-প্ৰশিক্ষণ দিয়া হয়। ১৯৪০ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰে। মহাবিদ্যালয়খন তেজপুৰ চহৰৰ SC পথৰ দাঁতিত তেজপুৰ জিলা ডাকঘৰৰ ওচৰত অৱস্থিত।

ইতিহাস

‘তেজপুৰ মিউজিক স্কুল’ বুলি আত্মপ্ৰকাশ কৰা এই সংগীতানুষ্ঠানখনৰ স্ৰষ্টা আৰু দ্ৰষ্টা আছিল জ্যোতিপ্ৰসাদ আগৰৱালা। তেওঁৰেই চেষ্টাত ১৯৪০ চনৰ ১ নৱেম্বৰ তাৰিখে কবি নলিনীবালা দেৱীৰ পৌৰোহিত্যত তেজপুৰ বাণ ৰঙ্গমঞ্চত অসমৰ ভিতৰতে প্ৰথম বুলি জনা এই সংগীত বিদ্যালয়ৰ শুভাৰম্ভ হৈছিল। ১৯৩৬ চনত তেজপুৰত বহা অসম সাহিত্য সভাৰ বাৰ্ষিক অধিবেশনৰ ৰাহিধন ২২০ টকা আৰু ‘শোনিত কুঁৱৰী’ তথা ‘জয়মতী’ৰ পালা ৰেকৰ্ডিং কৰি ছেনোলা কোম্পানীৰ পৰা পোৱা তবলা আৰু হাৰমনিয়ামৰ লগতে খান চাহাব মহম্মদ চৈয়ৱ ডাঙৰীয়াই দান দিয়া ‘এচৰাজ’ আদিৰেই আৰম্ভ হৈছিল এই সংগীত বিদ্যালয়। জ্যোতিপ্ৰসাদৰ মৃত্যুৰ পাছত তেওঁৰ স্মৃতিক যুগমীয়া কৰি ৰাখিবলৈ স্কুলখনৰ নামকৰণ কৰা হয় ‘জ্যোতি মিউজিক স্কুল’।

এইখিনি সময়তে ১৯৫৪ চনত আত্মপ্ৰকাশ কৰা আন এখন শ্ৰদ্ধা বুটলিবলৈ সক্ষম হোৱা সংগীত বিদ্যালয় আছিল ‘ইষ্ট ইণ্ডিয়ান আৰ্ট স্কুল,তেজপুৰ’। ১৯৫৬ চনত এই দুয়োটা অনুষ্ঠান এক হৈ জ্যোতিকলা কেন্দ্ৰ ৰূপে পৰিগণিত হয়। চহৰৰ মাজমজিয়াত পৰিত্যক্ত অৱস্থাত থকা ব্ৰাহ্ম সমাজৰ ঘৰ এটা ৯০ বছৰলৈ ১ টকা ভাৰাত লীজত লৈ ই চলি আছে। এতিয়া ইয়াক ‘জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়’ নামেৰে জনা যায়।১

তথ্যসূত্ৰ

  1. ↑ শান্তনু বৰুৱা. (২০১৫). তেজপুৰ, এখন চহৰ অনেক কাহিনী. শশী মোহন ভট্টাচাৰ্য, ত্ৰিবাহু প্ৰকাশন গোষ্ঠী, কলিবাৰী, তেজপুৰ. পৃ. ২১,২২

সম্পৰ্কিত শ্ৰেণী

অসমৰ শৈক্ষিক প্ৰতিষ্ঠানতেজপুৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জ্যোতি কলা কেন্দ্ৰ” প্ৰবন্ধৰ সংশোধন ২৫৫২৫২ (২১ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।