অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

তেজপুৰ উন্নয়ন প্ৰাধিকৰণ

তেজপুৰ উন্নয়ন প্ৰাধিকৰণ হৈছে ভাৰতৰ তেজপুৰ চহৰত পৰিকল্পিতভাৱে আন্তঃগাঁথনি আৰু আৱাস প্ৰকল্পৰ উন্নয়নৰ বাবে সৃষ্টি কৰা বিধিগত নাগৰিক সংস্থা। বৰ্তমানৰ ভাৰতীয় নগৰ উন্নয়ন প্ৰাধিকৰণৰ ভেটি ১৮৯৬ চনত বোম্বে প্লেগৰ ফলত ব্ৰিটিছ ঔপনিৱেশিক চৰকাৰৰ যুগত ডিজাইন কৰা গাঁথনিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে।

হালনাগাদ: ১১ ছেপ্তেম্বৰ ২০২৫ ২১৯ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

তেজপুৰ উন্নয়ন প্ৰাধিকৰণ হৈছে ভাৰতৰ তেজপুৰ চহৰত পৰিকল্পিতভাৱে আন্তঃগাঁথনি আৰু আৱাস প্ৰকল্পৰ উন্নয়নৰ বাবে সৃষ্টি কৰা বিধিগত নাগৰিক সংস্থা। বৰ্তমানৰ ভাৰতীয় নগৰ উন্নয়ন প্ৰাধিকৰণৰ ভেটি ১৮৯৬ চনত বোম্বে প্লেগৰ ফলত ব্ৰিটিছ ঔপনিৱেশিক চৰকাৰৰ যুগত ডিজাইন কৰা গাঁথনিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। ভাৰতীয় সংবিধানৰ ৭৪ সংখ্যক সংশোধনী অনুসৰি প্ৰতিখন চহৰৰ বাবে নগৰ উন্নয়ন প্ৰাধিকৰণ গঠন কৰা হৈছে। এই প্ৰাধিকৰণত নাগৰিক পৰিকল্পনাত বিশেষজ্ঞ পৰিকল্পনাকাৰী আৰু আমোলা থাকে। প্ৰাধিকৰণৰ বিষয়াসকলে স্থানীয় ৰাজ্য চৰকাৰৰ সৈতে নগৰ পৰিকল্পনা কাৰ্য্যকলাপত কাম কৰে।১

ইতিহাস আৰু উদ্দেশ্য

তেজপুৰ নগৰ উন্নয়ন প্ৰাধিকৰণ গঠন কৰা হৈছিল আৰু ইয়াত অ-আমোলাতন্ত্ৰিক ব্যক্তি আৰু সংস্থাৰ এটা গোট থাকে যিসকলে ভাৰতীয় চহৰসমূহত আন্তঃগাঁথনি উন্নয়নৰ পৰিকল্পনাৰ দায়িত্ব লয়।১২৩

তেজপুৰ নগৰ উন্নয়ন প্ৰাধিকৰণৰ পৰিচালনা অধ্যক্ষ বিৰাজ নাথে।৪

কাৰ্যকলাপ

তেজপুৰ নগৰ উন্নয়ন প্ৰাধিকৰণৰ পৰিকল্পনাকাৰীসকল তলত উল্লেখ কৰা বিষয়সমূহৰ বাবে দায়বদ্ধ।৫৬৭৮৯১০

  • টাউন প্লেনিং আঁচনিসমূহ যাতে ৰূপায়ণ কৰা হয় সেয়া নিশ্চিত কৰা।
  • অধিসূচিত অঞ্চলসমূহৰ বাবে গুৰু আঁচনিৰ উন্নয়ন পৰিকল্পনা তৈয়াৰ কৰা আৰু কাৰ্যকৰী কৰা।
  • সুলভ মূল্যৰ গৃহ নিৰ্মাণ, বস্তিবাসীৰ উন্নয়নৰ দৰে নগৰ অঞ্চল উন্নয়নৰ পদক্ষেপ সৃষ্টি আৰু ৰূপায়ণ।
  • বৰ্তমানৰ অঞ্চলসমূহৰ উন্নতিৰ বাবে স্থানীয় এলেকা পৰিকল্পনা ৰূপায়ণ।
  • বিল্ডিং আইন আধুনিকীকৰণ।
  • ট্ৰেনজিট অভিমুখী উন্নয়নক প্ৰসাৰিত কৰা।
  • স্থানীয় এলেকাৰ পৰিকল্পনাত ঐতিহ্যমণ্ডিত ভৱনসমূহৰ ৰূপান্তৰ অন্তৰ্ভুক্ত কৰা।
  • সামাজিক আৰু অৰ্থনৈতিক উন্নয়নৰ পৰিকল্পনা।

প্ৰত্যাহ্বান

তেজপুৰ নগৰ উন্নয়ন প্ৰাধিকৰণৰ পৰিকল্পনাকাৰীসকলে তলত দিয়া প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।১১১২

  • নগৰীয়া বসতিপ্ৰধান লোকসকলৰ গৃহৰ প্ৰয়োজনীয়তা পূৰণ কৰা।
  • উন্নয়নৰ পদক্ষেপত বিনিয়োগ।
  • খোৱাপানীৰ সমস্যা সমাধান কৰা।
  • অনাময় সমস্যা সমাধান কৰা।

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ (24 November 2021). Who plans Indian cities? Development Authorities who still follow colonial masterplans. theprint.in
  2. ↑ Jha, Ramanath. (29 April 2022). Constituting Special Planning Authority within the area of a planning authority
  3. ↑ Ramnani, Vandana. Centre sets up expert panel to train 5000 urban planners in the next five years. moneycontrol.com
  4. ↑ (15 May 2020). Urban Development Department appointed 9 development authority chairmen - Sentinelassam. sentinelassam.com
  5. ↑ (8 March 2022). Assam Cabinet takes key decisions - Sentinelassam. sentinelassam.com
  6. ↑ (12 April 2021). Tezpur fast losing its sheen due to haphazard growth, encroachments. assamtribune.com
  7. ↑ (3 August 2021). MLA Prithiraj Rabha inaugurates PMAY-U house in Tezpur - Sentinelassam. sentinelassam.com
  8. ↑ (2 May 2022). Centre sets up expert panel to train urban planners. hindustantimes.com
  9. ↑ Aijaz, Rumi. How Fares the PMAY (U)? Taking Stock of India's National Housing Programme. orfonline.org
  10. ↑ (17 April 2022). Govt to finalise 5 urban planning reform schemes for states. hindustan times
  11. ↑ (27 December 2021). Colony redevelopment – An intrinsic component of urban rejuvenation. Times of India
  12. ↑ (7 February 2022). Guiding peri-urban transformation. orfonline.org

সম্পৰ্কিত শ্ৰেণী

অসম চৰকাৰঅনুষ্ঠান প্ৰতিষ্ঠানতেজপুৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তেজপুৰ উন্নয়ন প্ৰাধিকৰণ” প্ৰবন্ধৰ সংশোধন ৫৩৮১৫৫ (১১ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।