অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

জাপানৰ ৰাজপৰিয়াল

জাপানৰ ৰাজপৰিয়াল বা ঔপনিৱেশিক গৃহস্থিয়ে (皇室, ক'শ্বিৎচু) বৰ্তমানে জাপান শাসন কৰা সম্ৰাটৰ পৰিয়াল আৰু বংশৰ সেই সদস্যসমূহক সামৰে যিয়ে আনুষ্ঠানিক আৰু ৰাজহুৱা দায়িত্বভাৰ বহন কৰি আছে। জাপানৰ সংবিধানৰ মতে, জাপানৰ সম্ৰাট "ৰাজ্য আৰু প্ৰজাৰ মাজৰ ঐক্যৰ চিহ্ন"।

হালনাগাদ: ২৭ আগষ্ট ২০২৬ ৩৭১ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

জাপানৰ ৰাজপৰিয়াল বা ঔপনিৱেশিক গৃহস্থিয়ে (皇室, ক'শ্বিৎচু) বৰ্তমানে জাপান শাসন কৰা সম্ৰাটৰ পৰিয়াল আৰু বংশৰ সেই সদস্যসমূহক সামৰে যিয়ে আনুষ্ঠানিক আৰু ৰাজহুৱা দায়িত্বভাৰ বহন কৰি আছে। জাপানৰ সংবিধানৰ মতে, জাপানৰ সম্ৰাট "ৰাজ্য আৰু প্ৰজাৰ মাজৰ ঐক্যৰ চিহ্ন"। সম্ৰাটৰ বাদে, ৰাজপৰিয়ালৰ অন্য সদস্যসমূহে কেৱল ঔপচাৰিক আৰু সামাজিক দায়িত্বহে পালন কৰে। জাপানৰ চৰকাৰৰ চালনত সম্ৰাটৰ বাদে আন আন সদস্যৰ কোনো ভূমিকা নাই।

ৰাজপৰিয়ালৰ ইতিহাস

জাপানত কেইবাশতকৰ পৰা 'সম্ৰাট'ৰ পদবী ৰাজপৰিয়ালৰেই কেৱল পুৰুষ সদস্যৰ এজনৰ পৰা আনজনলৈ হস্তান্তৰ হৈ আহিছে। জাপানী ৰাজতন্ত্ৰ বৰ্তমানে ক্ষমতাসীন ৰাজতন্ত্ৰসমূহৰ ভিতৰত আতাইতকৈ পুৰণি নিৰন্তৰ শাসনত থকা ৰাজতন্ত্ৰ।১

জাপানী ৰাজপৰিয়ালে আনুষ্ঠানিকভাৱে ১২৬জন সম্ৰাটক মান্যতা প্ৰদান কৰে। সম্ৰাটৰ সূচি আৰম্ভ হয় প্ৰবাদপ্ৰতিম সম্ৰাট জিম্মুৰ পৰা, যাৰ সময় পৰম্পৰানুযায়ী খ্ৰীষ্টপূৰ্ব ৬৬০ৰ ১১ ফেব্ৰুৱাৰী বুলি অনুমান কৰা হয়। এই সূচী, নিৰন্তৰভাৱে ২০২১ত জাপান শাসন কৰা সম্ৰাট নাৰুহিট'লৈকে আহে। এই সূচীৰ প্ৰথম ২৯জন সম্ৰাটৰ বিষয়ে বিশেষ ঐতিহাসিক সাক্ষ্য পোৱা নাযায়। কিন্তু ১৫০০ বছৰ পূৰ্বে শাসনভাৰ গ্ৰহণ কৰা সম্ৰাট কিনমেইৰ সময়ৰ পৰাই এই সূচীৰ প্ৰত্যেক সম্ৰাট আৰু ৰাজপৰিয়ালৰ নিৰন্তৰতাৰ সবল সাক্ষ্য উপলব্ধ।২

ৰাজপৰিয়ালত সদস্যভুক্তিৰ নিয়ম

কশ্বিৎচু টেনপান (皇室典範) বা জাপানৰ ঔপনিৱেশিক গৃহস্থিৰ আইনৰ পঞ্চম দফা অনুযায়ী, ঔপনিৱেশিক পৰিয়াল, বা কজকু (皇族)ত এইসকল সন্নিৱিষ্ট৩:

  • কগ' (皇后) বা সম্ৰাজ্ঞী
  • টাই কটাইগ' (太皇太后) বা বৰ সম্ৰাজ্ঞী
  • শ্বিন্ন (親王) বা সম্ৰাটৰ পুৰুষতান্ত্ৰিক বংশৰ বৈধ পুত্ৰসৱ আৰু পৌত্ৰসৱ
  • শ্বিন্নহি (親王妃) বা সম্ৰাটৰ পুৰুষতান্ত্ৰিক বংশৰ বৈধ পুত্ৰসৱ আৰু পৌত্ৰসৱৰ ভাৰ্যাসৱ
  • নাইশ্বিন্ন (内親王) বা সম্ৰাটৰ পুৰুষতান্ত্ৰিক বংশৰ বৈধ অবিবাহিত পুত্ৰীসৱ আৰু পৌত্ৰীসৱ
  • অ (王) বা সম্ৰাটৰ পুৰুষতান্ত্ৰিক বংশৰ তিনি পুৰুষ বা তাতকৈ দূৰৰ পুৰুষ উত্তৰাধিকাৰীসৱ
  • অহি (王妃) বা সম্ৰাটৰ পুৰুষতান্ত্ৰিক বংশৰ তিনি পুৰুষ বা তাতকৈ দূৰৰ পুৰুষ উত্তৰাধিকাৰীসৱৰ ভাৰ্যা
  • জ'অ (女王) বা সম্ৰাটৰ পুৰুষতান্ত্ৰিক বংশৰ তিনি পুৰুষ বা তাতকৈ দূৰৰ অবিবাহিত নাৰী

১৯৪৭ চনৰ অক্টোবৰত ৰাজপৰিয়ালৰ ১১টা শাখা আঁতৰোৱা হৈছিল। তাৰ পাছৰে পৰা, ব্যৱহাৰিকভাৱে, কেৱল সম্ৰাট টাইশ্ব'ৰ পুৰুষতান্ত্ৰিক বংশৰ সদস্যসমূহহে জাপানী ৰাজপৰিয়ালৰ সদস্য হিচাপে গণ্য হৈ আহিছে। বৰ্তমানে জাপানী ৰাজপৰিয়ালত ১৭গৰাকী সদস্য আছে।৪

ৰাজপৰিয়ালৰ বৰ্তমানৰ সদস্যসমূহ

বৰ্তমানৰ জাপানৰ সম্ৰাট নাৰুহিট' পূৰ্বৰ সম্ৰাট আকিহিট' আৰু পূৰ্বৰ সম্ৰাজ্ঞী মিচিক'ৰ জ্যেষ্ঠ পুত্ৰ। তেওঁৰ জন্ম ১৯৬০ চনৰ ২৩ ফেব্ৰুৱাৰীত হৈছিল। ১৯৯৩ চনৰ ৯ জুনত বিবাহপাশত আবদ্ধ হোৱা তেতিয়াৰ যুৱৰাজ নাৰুহিট'ই ২০১৯ চনৰ ১ মে'ত ৰাজ্যভাৰ গ্ৰহণ কৰি সম্ৰাটৰ স্থান দখল কৰিলে, পিতৃ, পূৰ্বৰ সম্ৰাট আকিহিট'ৰ জীৱিতাৱস্থাতে সিংহাসন ত্যাগৰ পাছত।৫

সম্ৰাট নাৰুহিট'ৰ পত্নী, সম্ৰাজ্ঞী মাচাক'ৰ জন্ম ১৯৬৩ চনৰ ৯ ডিচেম্বৰত হৈছিল।৫ তেওঁ হিচাশ্বি অ'ৱাডাৰ পুত্ৰী, যি পূৰ্বতে বিদেশ মন্ত্ৰণালয়ত উপ-মন্ত্ৰী আৰু ৰাষ্ট্ৰসংঘলৈ জাপানৰ স্থায়ী প্ৰতিনিধি আছিল।

পূৰ্বৰ সম্ৰাট আকিহিট' জীৱিত আৰু সেয়েহে বৰ্তমানেও জাপানি ৰাজপৰিয়ালৰ সদস্য। তেওঁৰ জন্ম ১৯৩৩ চনৰ ২৩ ডিচেম্বৰত ট'কিঅ' ঔপনিৱেশিক ৰাজপ্ৰাসাদত হৈছিল। তেওঁ পূৰ্বৰ সম্ৰাট শ্ব'ৱা আৰু পূৰ্বৰ সম্ৰাজ্ঞী কজুনৰ জ্যেষ্ঠ পুত্ৰ। তেওঁ ১৯৮৯ চনৰ ৭ জানুৱাৰীত জাপানৰ সম্ৰাটৰ পদৱীৰ ভাৰ গ্ৰহণ কৰিছিল।৬ পূৰ্বৰ সম্ৰাজ্ঞী মিচিক'ও জীৱিত আৰু জাপানী ৰাজপৰিয়ালৰ সদস্য।৬ তেওঁৰ জন্ম ১৯৩৪ চনৰ ২০ অক্টোবৰত হৈছিল।

ৰাজকুমাৰী ট'শ্বি সম্ৰাট নাৰুহিট' আৰু সম্ৰাজ্ঞী মাচাক'ৰ পুত্ৰী। যুৱৰাজ আকিশ্বিন' পূৰ্বৰ সম্ৰাট আকিহিট'ৰ দ্বিতীয় পুত্ৰ,৭ আৰু পুত্ৰী যুৱৰাণী আকিশ্বিন'।৭ যুৱৰাণী আকিশ্বিন'ৰ দুটি সন্তান: ৰাজকুমাৰ হিচাহিট' আৰু ৰাজকুমাৰী কাক'। ৰাজকুমাৰ হিটাচি পূৰ্বৰ সম্ৰাট শ্ব'ৱা আৰু পূৰ্বৰ সম্ৰাজ্ঞী কজুনৰ দ্বিতীয় পুত্ৰ।৮ ৰাজকুমাৰী হিটাচি য়িশ্বিটাগা শ্বুগাৰুৰ পুত্ৰী।৮ আন আন সদস্য হ'ল ৰাজকুমাৰী মিকাচা,৯ ৰাজকুমাৰী ট'ম'হিট',৯ তেওঁৰ সন্তান ৰাজকুমাৰী আকিক' আৰু ৰাজকুমাৰী য়ক', আৰু অৱশেষত ৰাজকুমাৰী টাকাম'ড'১০ আৰু তেওঁৰ সন্তান ৰাজকুমাৰী চুগুক'।

তথ্যসূত্ৰ

  1. ↑ (8 August 2016). 5 Things to know about Japan's emperor and imperial family
  2. ↑ Hoye, Timothy. (1999). Japanese Politics: Fixed and Floating Worlds. পৃ. 78
  3. ↑ The Imperial House Law. kunaicho.go.jp
  4. ↑ Genealogy of the Imperial Family. kunaicho.go.jp
  5. ↑ Their Imperial Highnesses Crown Prince Naruhito and Crown Princess Masako. kunaicho.go.jp
  6. ↑ Their Majesties the Emperor and Empress. kunaicho.go.jp
  7. ↑ Their Imperial Highnesses Prince and Princess Akishino and their family. kunaicho.go.jp
  8. ↑ Their Imperial Highnesses Prince and Princess Hitachi. kunaicho.go.jp
  9. ↑ Their Imperial Highnesses Prince and Princess Mikasa and their family. kunaicho.go.jp
  10. ↑ Her Imperial Highness Princess Takamado and her family. kunaicho.go.jp

সম্পৰ্কিত শ্ৰেণী

জাপান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাপানৰ ৰাজপৰিয়াল” প্ৰবন্ধৰ সংশোধন ৬৩২৭৮২ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।