অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

জাপানত ইছলাম ধৰ্ম

জাপানৰ নিকৱৰ্টী দেশসমূহৰ তুলনাত জাপানত ইছলাম ধৰ্মৰ ইতিহাস চুটি। জাপান দেশত ইছলাম ধৰ্ম আতাইতকৈ কম সংখ্যক লোকে বিশ্বাস কৰা ধৰ্মৰ অন্যতম। ইছলাম ধৰ্মাৱলম্বী লোকৰ সংখ্যা জাপানত বাহাই ধৰ্মাৱলম্বী লোকৰ সংখ্যাতকৈ অধিক, কিন্তু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ সংখ্যাতকৈ কম।

হালনাগাদ: ২১ নৱেম্বৰ ২০২৫ ২৭৮ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

জাপানৰ নিকৱৰ্টী দেশসমূহৰ তুলনাত জাপানত ইছলাম ধৰ্মৰ ইতিহাস চুটি। জাপান দেশত ইছলাম ধৰ্ম আতাইতকৈ কম সংখ্যক লোকে বিশ্বাস কৰা ধৰ্মৰ অন্যতম। ইছলাম ধৰ্মাৱলম্বী লোকৰ সংখ্যা জাপানত বাহাই ধৰ্মাৱলম্বী লোকৰ সংখ্যাতকৈ অধিক, কিন্তু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ সংখ্যাতকৈ কম।১ ঊনবিংশ শতিকাৰ পূৰ্বে জাপানত খুব কমহে ইছলামৰ প্ৰভাৱ আছিল, আলগা কিছু ঘটনাৰ বাদে। বৰ্তমানে, জাপানত বসবাস কৰা গৰিষ্ঠসংখ্যক মুছলমানেই প্ৰবাসী, যদিও স্থানীয় জাপানী মানুহ কিছুমানেও ইছলাম ধৰ্মত বিশ্বাস কৰে।২

সংখ্যা

১৯৪১ চনত টকিঅ' মছজিদৰ মুখ্য পৃষ্ঠপোষকে দাবী কৰিছিল যে জাপানত সেই সময়ত প্ৰায় ৬০০ মুছলমান লোক আছিল, যাৰ কেৱল তিনি বা চাৰিজনহে স্থানীয় জাপানী মানুহ আছিল।৩ ১৯৮২ চনত জাপানত প্ৰায় ৩০ হাজাৰ মুছলমান লোক আছিল, যাৰ প্ৰায় ১৫ হাজাৰ স্থানীয় জাপানী লোক আছিল।৪ স্থানীয় জাপানী মুছলমানৰ সৰহ সংখ্যকেই মহিলা, যাৰ পতি জাপানত প্ৰবাসী মুছলমান যি ১৯৮০ৰ দশকৰ অৰ্থনৈতিক বিকাশৰ সময়ত জাপানলৈ আহিছিল। আন কিছু স্থানীয় মুছলমান হ'ল বুদ্ধিজীৱী আৰু শিক্ষক যিয়ে ইছলাম অধ্যয়ন কৰি ইছলামলৈ ধৰ্মান্তৰিত হৈছে।৫৬ বৰ্তমানে, বিভিন্ন অনুমানৰ মতে জাপানত মুছলমান লোকৰ সংখ্যা প্ৰায় ১ লাখৰ ওচৰত।৪৬৭ জাপানত ইছলাম এটি সংখ্যালঘু ধৰ্ম, আৰু ইছলাম ধৰ্মাৱলম্বী লোকৰ সংখ্যা জাপানৰ বৃদ্ধি পাইছে নে হ্ৰাস পাইছে, সেই বিষয়ে কোনো বিশেষ তথ্য উপলব্ধ নহয়। ১৯৯০ৰ দশকত ধৰ্মান্তৰিত হোৱা লোকৰ মাজত কম বয়সীয়া বিবাহিত জাপানী মহিলা ভালেমান আছিলম মডাৰ্ণ ৰিলিজনৰ মতে।৫

জাপানত ইছলাম ধৰ্মী লোকৰ প্ৰকৃত সংখ্যা অনুমানৰ বিষয়হে, যিহেতু কোনো নিশ্চিত সংখ্যা পোৱা নাযায়। জাপানৰ জাতীয় জনসংখ্যা আৰু সামাজিক সুৰক্ষা গৱেষণা প্ৰতিষ্ঠানত কৰ্মৰত হিৰ'শ্বি ক'জিমাৰ আৰু ৱাছেডা বিশ্ববিদ্যালয়ত কৰ্মৰত কেইক' ছাকুৰাইৰ দৰে জাপানী পণ্ডিতৰ মতে জাপানত প্ৰায় ৭০ হাজাৰ ইছলাম ধৰ্মী লোক আছে, যাৰ প্ৰায় ৯০% প্ৰবাসী আৰু ১০%হে স্থানীয় জাপানী লোক।৮৬ প্ৰবাসী লোকৰ মাজত সৰ্বাধিক সংখ্যা ইণ্ডোনেছিয়াৰ পৰা অহা লোকাৰ, তাৰ পাছতেই ভাৰতীয়, পাকিস্তানী আৰু বাংলাদেশী লোকৰ।৬ পিউ ৰিচাৰ্চ চেণ্টাৰৰ মতে ২০১০ চনত জাপানত ১ লাখ ৮৫ হাজাৰ মুছলমান লোক আছিল।৯ ২০১৯ চনত এই অনুমান ২ লাখ ৩০ হাজাৰ পালেগৈ। মুখ্য কাৰণ দৰ্শোৱা হ'ল অপ্ৰবাদনৰ প্ৰতি জাপান চৰকাৰৰ আগতকৈ তুলনামূলকভাৱে সহজ নীতি। ইয়াৰ ৫০ হাজাৰ স্থানীয় জাপানী লোক বুলি অনুমান কৰা হৈছে। ২০০১ চনত জাপানত ২৪টা মছজিদ আছিল, আৰু বৰ্তমানে ১১০টা মছজিদ আছে।১০ ২০১৯ চনৰেই আন এক অনুমানৰ মতে জাপানত মুছলমান লোকৰ সংখ্যা ২ লাখ যাৰ ৯০% লোক প্ৰবাসী আৰু ১০% স্থানীয় জাপানী।১১

জাপানত মুছলমান জনসংখ্যাৰ গড় বয়স কম, সেয়েহে অনুমান কৰা হৈছে যে ভৱিষ্যতলৈ দেশখনত দ্বিতীয় আৰু তৃতীয় প্ৰজন্মৰ স্থায়ী মুছলমান জনসংখ্যা দেখা যাব।১২

তথ্যসূত্ৰ

  1. ↑ Ever growing Muslim community in the world and Japan
  2. ↑ Yasunori, Kawakami; JapanFocus.org. (May 30, 2007). Local Mosques and the Lives of Muslims in Japan. JapanFocus.org
  3. ↑ R&A No. 890 1943, পৃ. 1
  4. ↑ E. Farah, Caesar. (25 April approximately 600, 2003). Islam: Beliefs and Observations. Barron's Educational Series; 7th Revised edition. ISBN 978-0-7641-2226-2
  5. ↑ Y. Nakano, Lynne; Japan Times Newspaper. (November 19, 1992). Marriages lead women into Islam in Japan. Japan Times
  6. ↑ Penn, Michael. Islam in Japan. Harvard Asia Quarterly
  7. ↑ International Religious Freedom Report 2008 - Japan
  8. ↑ Yasunori, Kawakami; JapanFocus.org. (May 30, 2007). Local Mosques and the Lives of Muslims in Japan. JapanFocus.org
  9. ↑ (27 January 2011). Table: Muslim Population by Country. Pew Research Center
  10. ↑ (7 January 2021). The number of Muslims in Japan is growing fast. The Economist
  11. ↑ Takahashi. (2021). Islamophobia in Japan: A Country at a Crossroads. Islamophobia Studies Journal. পৃ. 167–181
  12. ↑ (2 February 2021). Why Islam Is The Fastest-Growing Religion In Japan. Medium

সম্পৰ্কিত শ্ৰেণী

ইছলাম ধৰ্মজাপানদেশ অনুসৰি ইছলামদেশ অনুসৰি ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাপানত ইছলাম ধৰ্ম” প্ৰবন্ধৰ সংশোধন ৫৫৪৭০৮ (২১ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।