জাপান সাগৰ হৈছে জাপানী দ্বীপপূঞ্জ, ছাখালিন, আৰু এছীয় মূলভূমিৰ মাজত থকা এখন সীমান্তৱৰ্তী সাগৰ। জাপানী দ্বীপপূঞ্জই সাগৰখনক প্ৰশান্ত মহাসাগৰৰ পৰা পৃথক কৰিছে। ইয়াৰ সীমাত জাপান, উত্তৰ কোৰিয়া, ৰাছিয়া আৰু দক্ষিণ কোৰিয়া আছে। প্ৰায় সম্পূৰ্ণৰূপে প্ৰশান্ত মহাসাগৰৰ কাষত থকা বাবে ভূমধ্য সাগৰৰ দৰে ইয়াতো জোৱাৰ-ভাটা নহয়।১ ইয়াৰ জীৱ প্ৰজাতি আৰু লৱনত্বতো এই পৃথকীকৰণ প্ৰতিফলিত হয়। এই সাগৰৰ লৱনৰ পৰিমান মহাসাগৰতকৈ কম। সাগৰখনৰ কোনো ডাঙৰ দ্বীপ, উপসাগৰ নাইবা অন্তৰীপ নাই। ওচৰৰ সাগৰ আৰু প্ৰশান্ত মহাসাগৰৰ সৈতে সংযুক্ত প্ৰণালীসমূহৰ মাজেৰে বোৱা পানীয়েই ইয়াৰ জলস্তৰ নিৰ্ধাৰণ কৰে। কিছুসংখ্যক নদী ইয়াত পৰিছে যদিও সেই নদীসমূহে বিনিময় কৰা পানীৰ পৰিমান ১% মাত্ৰ।
নামকৰণ
জাপান সাগৰ বা Sea of Japan হৈছে জাপানস্থিত এই সাগৰখনক বুজোৱা এক দমনীয় শব্দ, কিন্তু সাগৰখনৰ ইতিহাসক প্ৰতিফলিত কৰা অন্য বহু নাম সীমান্তৱৰ্তী দেশসমূহত ব্যৱহাৰ কৰা দেখা যায়।
চীনত ইয়াক ৰিবেন হাই (日本海, আক্ষৰিকভাৱে "জাপান সাগৰ"), ৰাছিয়াত য়াপ'নস্কোয়ি মৌৰে (Японское море, আক্ষৰিকভাৱে "জাপান সাগৰ"), উত্তৰ কোৰিয়াত জছেন ডংঘাই (조선동해, আক্ষৰিকভাৱে "কোৰিয়ান পূৱ সাগৰ") আৰু দক্ষিণ কোৰিয়াত ডংঘাই (동해, আক্ষৰিকভাৱে "পূৱ সাগৰ") বুলি কোৱা হয়। জাপানত সাগৰখনৰ নাম সম্পৰ্কে এটা বিবাদ চলি আছে, উত্তৰ আৰু দক্ষিণ কোৰিয়াই সাগৰখনৰ ইংৰাজী অনুবাদ পূৱ সাগৰ হ'ব লাগে বুলি মতপোষণ কৰে।
ইউৰোপত সাগৰখনক, "মেৰ ডু জাপন" ফ্ৰান্সত, "জাপানিস্কাছ মীৰ" জাৰ্মানীত, "মাৰ ডেল গিয়াপ্প'নে" ইটালিত, আৰু স্পেইনত "মাৰ ডে জাপ'ন" বুলি কয়। দক্ষিণ পূৱ এছিয়াত, মালয় ভাষাত "লাউট জেপুন", ইণ্ডোনেছিয়ান ভাষাত "লাউট জেপাং" আৰু ফিলিপাইন ভাষা "ডাগাট হেপন" বুলি কোৱা হয়।
জীৱ প্ৰজাতি

উচ্চ হাৰত উপলব্ধ দ্ৰবীভূত অক্সিজেনৰ বাবে জাপান সাগৰত বহু জলজ জীৱ পোৱা যায় – প্ৰায় আঠ শতাধিক জলজ উদ্ভিদ আৰু ৯০০তকৈও অধিক মাছ আৰু ২৬টা স্তন্যপায়ী প্ৰজাতিকে ধৰি প্ৰায় ৩,৫০০তকৈও অধিক জলজ প্ৰাণী পোৱা যায়। সমুদ্ৰতীৰত বহু বৰ্গকিলোগ্ৰাম জীৱভৰ (biomass) পোৱা যায়। সামুদ্ৰিক মাছৰ ভিতৰত ছাউৰি, মেকেৰেল, জেক মেকেৰেলছ, ছাৰ্ডিন, আঞ্চভি, হেৰিং, ছি বিম, স্কুইড আৰু বিভিন্ন প্ৰজাতিৰ ছলমন আৰু ট্ৰোট উল্লেখযোগ্য। ইয়াৰোপৰি কড, পলোক আৰু আটকা মেকেৰেল আদি মাছো পোৱা যায়।
স্তন্যপায়ীৰ ভিতৰত ছীল আৰু তিমি আৰু খোলাধাৰী জীৱৰ ভিতৰত কেকোঁৰা উল্লেখনীয়। ঠেক জলীয় পথেৰে প্ৰশান্ত মহাসাগৰৰ সৈতে সংযুক্ত হৈ থকা বাবে ইয়াত বিশেষভাৱে বৈশিষ্টপূৰ্ণ গভীৰ পানীৰ সামুদ্ৰিক উদ্ভিদ প্ৰজাতি নাই। এই অঞ্চলত পোৱা একক বৈশিষ্টৰ জীৱ প্ৰজাতি সমূহক "জাপান সাগৰৰ মৌল" বোলা হয়।২
তথ্যসূত্ৰ
- ↑ টাইডছ ইন মাৰ্জিনেল, ছেমি-এনক্ল'জ এণ্ড ক'ষ্টেল ছিজ – পাৰ্ট I: ছি ছাৰফেচ হাইট. ইআৰচি-ষ্টেনিছ এট মিছিছিপি ষ্টেট ইউনিভাৰ্ছিটি
- ↑ Kameda Y. & Kato M. (2011). "Terrestrial invasion of pomatiopsid gastropods in the heavy-snow region of the Japanese Archipelago". BMC Evolutionary Biology'11': 118
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাপান সাগৰ” প্ৰবন্ধৰ সংশোধন ১৭২৩৪২ (২৭ ডিচেম্বৰ ২০১৭)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।