অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ইকিগাই

ইকিগাই (生き甲斐, Ikigai) হ’ল এটি জাপানী ধাৰণা, যি এজন ব্যক্তিক জীয়াই থকাৰ উদ্দেশ্য প্ৰদান কৰে। এজন ব্যক্তি সজীৱ হৈ থাকি সুখী, সুস্থ আৰু দীৰ্ঘায়ু জীৱন কটোৱাৰ ই এক জাপানী কলা।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২৯৮ শব্দ · ২ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

ইকিগাই (生き甲斐, Ikigai) হ’ল এটি জাপানী ধাৰণা, যি এজন ব্যক্তিক জীয়াই থকাৰ উদ্দেশ্য প্ৰদান কৰে। এজন ব্যক্তি সজীৱ হৈ থাকি সুখী, সুস্থ আৰু দীৰ্ঘায়ু জীৱন কটোৱাৰ ই এক জাপানী কলা।

অৰ্থ আৰু ব্যুৎপত্তি

অক্সফৰ্ড ইংৰাজী অভিধানে ইকিগাইক এক অনুপ্ৰেৰণামূলক শক্তি হিচাপে সংজ্ঞায়িত কৰে; যি এজন ব্যক্তিক জীয়াই থকাৰ উদ্দেশ্য প্ৰদান কৰে। সাধাৰণতে ই এনে এক অৱস্থা বা ব্যক্তি বিশেষক বুজায়, যি জীৱনলৈ আনন্দ বা পৰিপূৰ্ণতা কঢ়িয়াই আনে।১

ই দুটা জাপানী শব্দ; ‘ইকি’ (生き) আৰু ‘কাই’ (甲斐)ৰ সংযুক্ত ৰূপ। ইকি শব্দৰ অৰ্থ হৈছে; জীৱন বা জীৱিত আৰু কাই মানে হৈছে- এটা প্ৰভাৱ; এটা ফলাফল; এটা ফল; এক মূল্য; এক ব্যৱহাৰ অথবা এক লাভালাভ; যাক ‘গাই’ বুলি উচ্চাৰণ কৰা হয় অথবা ইয়াৰ অৰ্থ হ’ব পাৰে; জীয়াই থকাৰ উদ্দেশ্যত উপনীত হোৱা, জীৱনৰ অৰ্থ বা এনেকুৱা কিবা এটা যি জীৱনক অৰ্থপূৰ্ণ কৰি তোলে।

অৱলোকন

ইকিগাইয়ে জীৱনত এটা উদ্দেশ্যৰ ভাবনা থকা২৩ আৰু ইয়াক সফল কৰিবলৈ অনুপ্ৰাণিত হোৱাক বুজায়।৪ মিচিকো কুমানোৰ এক অধ্যয়ন অনুসৰি, নিজৰ ভালপোৱা বা ভাললগা কামটো কৰি এজন ব্যক্তিৰ মনত যি প্ৰাপ্তি আৰু পৰিপূৰ্ণতা অনুভৱ হয়, জাপানী ভাষাত এই অনুভৱকে ইকিগাই বুলি বৰ্ণনা কৰা হৈছে।৫ ইকিগাইৰ অনুভূতি সৃষ্টি কৰা কাৰ্যকলাপবোৰ কোনো ব্যক্তিৰ ওপৰত জোৰকৈ আৰোপ কৰা নহয়; সেইবোৰ স্বতঃস্ফূৰ্ত ভাৱে আৰু স্বেচ্ছাই এগৰাকী মানুহৰ মনলৈ আহে বুলি ধাৰণা কৰা হয়, সেয়ে ই সম্পূৰ্ণ ব্যক্তিগত আৰু এজন ব্যক্তিৰ অন্তৰ আত্মাৰ ওপৰত ই নিৰ্ভৰ কৰে।৬

নেচনেল জিঅ’গ্ৰাফীৰ সাংবাদিক ডেন বাটনাৰৰ মতে, [[অকিনাৱা প্ৰশাসনিক অঞ্চল| অকিনাৱা]] নিবাসী লোকসকল দীৰ্ঘকাল জীয়াই থকাৰ কাৰণসমূহৰ ভিতৰত এটা কাৰণ হৈছে ইকিগাই।৭ বাটনাৰে কৈছে যে; অকিনাৱানচ্‌সকলৰ অৱসৰ লোৱাৰ ইচ্ছা খুব কমেইহে থাকে। সুস্থ আৰু সৱল হৈ থকালৈকে তেওঁলোকে তেওঁলোকৰ ভালপোৱা কামটো কৰি থাকি ভাল পায়। ঘনিষ্ঠভাবে বান্ধ খাই থকা বন্ধুৰ গোট মৱাইও হ’ল অকিনাৱানচ্‌সকল দীৰ্ঘদিন জীয়াই থকাৰ আন এক ৰহস্য।৮

যদিও জাপানী সংস্কৃতিত ইকিগাই ধাৰণাটি দীৰ্ঘকাল ধৰি বিদ্যমান; জাপানী মনোৰোগ বিশেষজ্ঞ আৰু শিক্ষাবিদ মিয়েক’ কামিয়াইহে তেওঁৰ জীৱনৰ অৰ্থ (অন দ্য মিনিং অৱ লাইফ, 生きがいについて) কিতাপখনৰ জৰিয়তে এই ধাৰণাক জনপ্ৰিয় কৰে।৯ কিতাপখন এতিয়াও ইংৰাজীলৈ অনুবাদ হোৱা নাই।

তথ্যসূত্ৰ

  1. ↑ (২০২১). Oxford English Dictionary. Oxford University Press
  2. ↑ Schippers, Michaéla. (2017-06-16). IKIGAI: Reflection on Life Goals Optimizes Performance and Happiness. Erasmus Research Institute of Management, Erasmus University Rotterdam. ISBN 978-90-5892-484-1
  3. ↑ Mathews, Gordon. (1996). The Stuff of Dreams, Fading: Ikigai and "The Japanese Self". Ethos. পৃ. 718–747
  4. ↑ Schippers, Michaéla C.; Ziegler, Niklas. (2019-12-13). Life Crafting as a Way to Find Purpose and Meaning in Life. Frontiers in Psychology. পৃ. 2778
  5. ↑ Kumano, Michiko. (2018-06-01). On the Concept of Well-Being in Japan: Feeling Shiawase as Hedonic Well-Being and Feeling Ikigai as Eudaimonic Well-Being. Applied Research in Quality of Life. পৃ. 419–433
  6. ↑ Nakanishi, N. (1999-05-01). 'Ikigai' in older Japanese people. Age and Ageing. পৃ. 323–324
  7. ↑ Buettner, Dan. (September 2009). How to live to be 100+. TED
  8. ↑ García, Héctor; Miralles, Francesc. (2017). Ikigai: The Japanese Secret to a Long and Happy Life. Penguin Books. ISBN 978-0143130727
  9. ↑ Kamiya, Mieko. (1980). "『生きがいについて』 ("On the Meaning of Life" in Japanese)". Misuzu Shobo. ISBN 4622081814

সম্পৰ্কিত শ্ৰেণী

জাপানজাপানৰ সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইকিগাই” প্ৰবন্ধৰ সংশোধন ৬৩১২৮৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।