জাপান
৩৮ প্ৰবন্ধ
-
তিনি জ্ঞানী বান্দৰ
তিনি জ্ঞানী বান্দৰ (Three wise monkeys; 三猿) জাপানৰ লোক-সংস্কৃতিত প্ৰচলিত একপ্ৰকাৰৰ প্ৰতীক। তিনিটা জাপানী বান্দৰে তিনি ভিন ভিন ভংগীত থকা এই প্ৰতীকে বেয়া নাচাবা, বেয়া নুশুনিবা, বেয়া নকবা বুজায়।
-
দ্য ষ্ট'ৰি অৱ পুপু
দ্য ষ্ট'ৰি অৱ পুপু (জাপানী: プープーの物語, পুপু নো মনোগাটাৰি) ১৯৯৮ চনৰ এটা জাপানী চলচ্চিত্ৰ যি কেন্সাকু ৱাটানাবে দ্বাৰা লিখিত আৰু পৰিচালিত। ছাকুৰা উয়েহাৰা আৰু ৰেইকো মাটছুও মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
নেচনেল ডায়েট
নেচনেল ডায়েট (; জাপানীজ: 国会; হেপবাৰ্ণ: কোক্কাই) হৈছে জাপানৰ ৰাষ্ট্ৰীয় আইনসভা। জাপানৰ আইনসভা নিম্ন সদন হাউচ অফ ৰিপ্ৰেজেণ্টেটিভচ (衆議院, Shūgiin) আৰু উচ্চ সদন, হাউচ অফ কাউঞ্চিল(参議院, চাংগিন) লৈ গঠিত। সমান্তৰাল ভোটদান প্ৰণালীৰ অধীনত দুয়োখন সদন পোনপটীয়াকৈ নিৰ্বাচিত হয়।
-
মাঞ্জি
মাঞ্জি (জাপানী: 卍) হৈছে ১৯৬৪ চনৰ এখন জাপানী ড্ৰামা চলচ্চিত্ৰ, যাক পৰিচালনা কৰিছিল ইয়াচুজো মাচুমুৰাই। ছবিখনৰ চিত্ৰনাট্য লিখিছিল কানেটো ছিণ্ডোৱে আৰু ই জুনিচিৰো টানিজাকিৰ ১৯২৮ চনৰ উপন্যাস কুয়িকচেণ্ডৰ আধাৰত নিৰ্মিত। ছবিখনত আয়াকো ৱাকাও আৰু ক্যোকো কিছিদাই মুখ্য ভূমিকাত অভিনয় কৰিছে।
-
মেনমা
মেনমা হৈছে চুনচিৰ জাপানী নাম, যি আচলতে চীনৰ লেক্ট’-কিণ্বিত বাঁহৰ গাজ। কিণ্বন বা ফাৰমেণ্টেশ্যন প্ৰক্ৰিয়াৰ পূৰ্বে বাঁহৰ গাজসমূহ ৰ’দত বা অন্য উপায়েৰে শুকুৱাই লোৱা হয়। মেনমা হৈছে নুডলচ বা নুডল চুপ, বিশেষকৈ ৰামেনৰ ওপৰত দিয়া এবিধ অতি সুলভ উপাদান।
-
মেৰিন কিটাগাৱা
মেৰিন কিটাগাৱা (জাপানী: 喜多川 海夢) এটা কাল্পনিক চৰিত্ৰ আৰু শ্বিনিচি ফুকুডাৰদ্বাৰা নিৰ্মিত মাংগা ধাৰাবাহিক মাই ড্ৰেছ-আপ ডাৰ্লিঙৰ মহিলা নায়িকা তথা হাইস্কুলৰ প্ৰথম বৰ্ষৰ ছাত্ৰী আৰু পুৰুষ নায়ক ৱাকানা গ'জোৰ সহপাঠী।
-
শিনকানছেন
শিনকানছেন (Shinkansen) যাক বুলেট ট্ৰেইন হিচাপে জনা যায়, হৈছে এক জাপানৰ এক দ্ৰুত ৰেল সেৱা ব্যৱস্থা। প্ৰথমতে জাপানৰ ৰাজধানী টকিঅ' চহৰক আনবোৰ ঠাইৰ লগত বুলেট ট্ৰেইনৰ সহায়ত যোগ কৰা হৈছিল যাতে অৰ্থনৈতিক ক্ষেত্ৰত সুবিধা হয়। শিনকানছেন হৈছে এটা জাপানী শব্দ যাৰ অৰ্থ হৈছে 'নতুন ট্ৰাংক লাইন'।
-
১৯৬৪ চনৰ নিগাটা ভূমিকম্প
১৯৬৪ চনৰ নিগাটা ভূমিকম্প হৈছিল জাপানৰ স্থানীয় সময় অনুসৰি ১৩:০১ বজাত (০৪:০১ গ্ৰিনিজ মান সময়]) ১৬ জুনত। ভূমিকম্প মান আছিল ৭.৫ বা ৭.৬। এই ভূমিকম্পটোৱে নিগাটা চহৰৰ বহুত ক্ষতি সাধন কৰে সেয়ে এই ভূমিকম্পটোক নিগাটা ভূমিকম্প বোলা হয়। নিগাটা ভূমিকম্পত চহৰখনত বহুত ঠাইত মাটিৰ তৰলীকৰণ ঘটে।