অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

জাপানৰ সংবিধান

জাপানৰ সংবিধান (শ্বিঞ্জিটাই:, ক্যুজিটাই:, হেপবাৰ্ণ: Nihon-koku kenpō) জাপান দেশৰ সংবিধান আৰু সৰ্বোচ্চ আইন। এই সংবিধানৰ প্ৰায় অংশই আমেৰিকী অসামৰিক বিষয়াই লিখা, দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ জাপানৰ মিত্ৰশক্তি শাসন কালত।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৪৫৬ শব্দ · ৩ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

জাপানৰ সংবিধান (শ্বিঞ্জিটাই:, ক্যুজিটাই:, হেপবাৰ্ণ: Nihon-koku kenpō) জাপান দেশৰ সংবিধান আৰু সৰ্বোচ্চ আইন। এই সংবিধানৰ প্ৰায় অংশই আমেৰিকী অসামৰিক বিষয়াই লিখা, দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ জাপানৰ মিত্ৰশক্তি শাসন কালত। এই সংবিধানে ১৮৯০ চনত গৃহীত পূৰ্বৰ মেইজি সংবিধানৰ১ স্থান দখল কৰিছিল ১৯৪৭ চনৰ ৩ মে' তাৰিখে। জাপানৰ সংবিধান বিশ্বৰ আতাইতকৈ পুৰণি অসংশোধিত সংবিধান। সংবিধানখনৰ দৈৰ্ঘ্যও কম: বিশ্বৰ সংবিধানসমূহত গড়ে ২১,০০০ শব্দ থাকে, কিন্তু জাপানৰ সংবিধানত কেৱল ৫,০০০ শব্দ আছে।২৩

লিখন

এই সংবিধানক চেঙ' কেনপ' (戦後憲法) বা "যুদ্ধোত্তৰ সংবিধান" আখ্যা দিয়া হয়। হেইৱা কেনপ' (平和憲法) বা "শান্তি সংবিধান" নামেৰেও এই সংবিধান জনাজাত। সংবিধানখনৰ খচৰা তৈয়াৰীৰ তদাৰকীৰ ভাৰ আছিল দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ জাপানৰ মিত্ৰশক্তিৰ দ্বাৰা শাসনৰ কালৰ মিত্ৰশক্তিৰ চুপ্ৰিম কামাণ্ডাৰ ডৌগলাছ মেকাৰ্থাৰৰ ওপৰত।৪ সংবিধানখন প্ৰৱৰ্ত্তন কৰাৰ আগত পিচে জাপানী পণ্ডিতৰ এটি দলে দস্তাৱেজখন অধ্যয়ন কৰি কিছু সাল-সলনি কৰিছিল।

ব্যৱস্থা

পূৰ্বৰ মেইজি সংবিধানত জাপানত এক অৰ্ধ-সৰ্বগ্ৰাসী আৰু ৰাজ্যবাদী ব্যৱস্থা আছিল, য'ত সম্ৰাটৰ হাতত সম্পূৰ্ণ ক্ষমতা আছিল। এই নতুন সংবিধানত তাৰ বিপৰীতে সাংবিধানিক ৰাজতন্ত্ৰ আৰু সংসদীয় গণতন্ত্ৰৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ল। জাপানৰ সংবিধানৰ আতাইতকৈ জনাজাত অংশ হ'ল দফা ৯, য'ত জাপানে যুদ্ধ ঘোষণা কৰাৰ অধিকাৰ ত্যাগ কৰিছে।৫

সম্ৰাটৰ স্থান

এই সংবিধানৰ মতে, জাপান দেশত এক সংসদীয় ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ল,৬ আৰু জাপানৰ নাগৰিকসকলক কিছু মৌলিক অধিকাৰ প্ৰদান কৰা হ'ল। পূৰ্বৰ মেইজি সংবিধানত জাপানৰ সম্ৰাটক সকলো সাৰ্বভৌম ক্ষমতা প্ৰদান কৰা হৈছিল।৭ তাৰ বিপৰীতে বৰ্তমানৰ সংবিধানত সম্ৰাটক "ৰাজ্য আৰু জনতাৰ মাজৰ ঐক্যৰ চিহ্ন" আখ্যা দিয়া হৈছে, আৰু সম্ৰাটৰ দায়িত্বভাৰ কেৱল ঔপচাৰিকহে, সকলো শাসকীয় ক্ষমতাবিহীন।৮ জাপানৰ নতুন সংবিধানত সম্ৰাটৰ পদবীৰ উৎস জাপানৰ "জনগণৰ ইচ্ছা, যি সাৰ্বভৌম"।

জাপানৰ সম্ৰাটৰ উপৰিও সম্ৰাটৰ পৰিয়ালৰ অন্যান্য সদস্যসমূহকো বিভিন্ন ঔপচাৰিক দায়িত্ব প্ৰদান কৰা হয়।

জাপানৰ নাগৰিকৰ অধিকাৰ

জাপানৰ সংবিধানত তলত উল্লিখিত মৌলিক অধিকাৰ, সকলো জাপানী নাগৰিকক, প্ৰদান কৰা হৈছে:৯

  • আইনৰ সমুখত সমতা
  • বংশগত খিতাপ বৰ্জন
  • গণতান্ত্ৰিক নিৰ্বাচন
  • দাস প্ৰথাৰ বৰ্জন
  • ৰাজ্য আৰু ধৰ্মৰ বিভাজন
  • সমাৱেশ, সমিতি, বক্তৃতাৰ স্বাধীনতা আৰু যোগাযোগৰ গোপনীয়তা
  • শ্ৰমিকৰ অধিকাৰ
  • সম্পত্তিৰ অধিকাৰ
  • প্ৰণালীগত আইনী ব্যৱস্থা
  • বে-আইনী গ্ৰেপ্তাৰীৰ পৰা ৰক্ষণ
  • ন্যায়পূৰ্ণ শুনানি
  • নিজৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান নকৰাৰ অধিকাৰ

এই অধিকাৰৰ উপৰিও আন আন কিছু অধিকাৰ প্ৰদান কৰা হৈছে:

  • আবেদনৰ অধিকাৰ
  • ৰাজ্যৰ ওপৰত গোচৰ তৰাৰ অধিকাৰ
  • চিন্তাৰ স্বাধীনতা
  • বাক স্বাধীনতা
  • ধৰ্মৰ স্বাধীনতা
  • শৈক্ষিক স্বাধীনতা
  • জোৰেৰে বিবাহ কৰাৰ পৰা ৰক্ষণ
  • বাধ্যতামূলক শিক্ষা
  • জোৰেৰে প্ৰৱেশ, সন্ধান আৰু জব্দ কৰাৰ পৰা ৰক্ষণ
  • নিৰ্যাতনৰ পৰা ৰক্ষণ
  • পূৰ্ববৰ্তীভাৱে আইন প্ৰয়োগৰ পৰা ৰক্ষণ
  • একেই দাবীৰ বাবে দুবাৰ শুনানিৰ পৰা ৰক্ষণ

শান্তি সংবিধান

দ্বিতীয় বিশ্বযুদ্ধৰ ঠিক পাছতেই লিখা জাপানৰ বৰ্তমানৰ সংবিধানখনক শান্তিৰ সংবিধানো বোলা হয়। সংবিধানখনৰ ৯ নং দফা বিশ্বৰ ভিতৰতেই এক বিৰল ঘোষণা।

জাপানী সংবিধানৰ ৯ নং দফাত লিখা হৈছে:১০

এক ন্যায় আৰু শৃংখলাৰ আধাৰিত আন্তৰ্জাতিক শান্তিৰ আন্তৰিক উচ্চাকাংক্ষাৰে, জাপানী জনগণে চিৰকাললৈ এখন দেশৰ সাৰ্বভৌম অধিকাৰ হিচাপে যুদ্ধক আৰু দাবী বা জোৰেৰে আন্তৰ্জাতিক বিবাদৰ নিষ্পত্তিক ত্যাগ কৰে।

(২) উপৰ্যুক্ত দফাৰ কাৰ্যকৰীকৰণৰ বাবে স্থল, জল আৰু বায়ু, তথা আন সম্ভৱ বাহিনী কেতিয়াও ৰখা নহয়। ৰাজ্যৰ যুদ্ধৰ অধিকাৰ কেতিয়াও ব্যৱহাৰ কৰা নহ'ব।

শেহতীয়াকৈ, জাপানৰ দক্ষিণপন্থী ৰাজনীতিত এই দফাক লৈ অসন্তুষ্টি প্ৰকাশিত হৈছে। জনপ্ৰিয় উদাৰতাবাদী গণতান্ত্ৰিক দলৰ ৰক্ষণশীল সদস্য কিছুমানে এই দফাৰ এক নতুন পঠনৰ পোষকতা কৰিছিল।১১

তথ্যসূত্ৰ

  1. ↑ National Diet Library. Meiji Constitution. www.ndl.go.jp/constitution/e/etc/c02.html
  2. ↑ (15 August 2017). The Anomalous Life of the Japanese Constitution. Nippon.com
  3. ↑ Ito, Masami, "Constitution again faces calls for revision to meet reality ", Japan Times, 1 May 2012, p. 3
  4. ↑ Moritsugu, Ken. (18 August 2016). Biden's remark on Japan Constitution raises eyebrows. AP NEWS
  5. ↑ Kapur 2018, পৃ. 9
  6. ↑ Prime Minister of Japan and His Cabinet. The Constitution of Japan. japan.kantei.go.jp/constitution_and_government_o
  7. ↑ Hanover. The Constitution of the Empire of Japan (1889). history.hanover.edu/texts/1889con.html
  8. ↑ Takemae 2002, পৃ. 270-271
  9. ↑ National Diet Library. Constitution of Japan. Chapter III. Rights and Duties of the People. www.ndl.go.jp/constitution/e/etc/c01.html#s3
  10. ↑ National Diet Library. The Constitution of Japan. Chapter II. Renunciation of War. www.ndl.go.jp/constitution/e/etc/c01.html#s2
  11. ↑ Harris Tobais. Foreign Policy. The Small Pacifist Party That Could Shape Japan’s Future. foreignpolicy.com/2021/11/04/komeito-ldp-japan-e

সম্পৰ্কিত শ্ৰেণী

জাপান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাপানৰ সংবিধান” প্ৰবন্ধৰ সংশোধন ৩৮১০১২ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।