অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

অকিনাৱা প্ৰশাসনিক অঞ্চল

অকিনাৱা প্ৰশাসনিক অঞ্চল (沖縄県, জাপানী: অকিনাৱা-কেন) হৈছে জাপানৰ এটি প্ৰশাসনিক অঞ্চল। এই প্ৰিফেকচাৰটো হৈছে জাপানৰ দক্ষিণতম আৰু পশ্চিমতম প্ৰিফেকচাৰ আৰু ২০২০ চনৰ ২ ফেব্ৰুৱাৰীলৈকে ইয়াৰ জনসংখ্যা হৈছে ১,৪৫৭,১৬২। এই অঞ্চলটো ২,২৮১ কিলোমিটাৰ স্কোৱেৰ ভৌগোলিক এলেকা জুৰি বিয়পি আছে।

হালনাগাদ: ১২ নৱেম্বৰ ২০২৩ ৩০৯ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

অকিনাৱা প্ৰশাসনিক অঞ্চল (沖縄県, জাপানী: অকিনাৱা-কেন) হৈছে জাপানৰ এটি প্ৰশাসনিক অঞ্চল।১ এই প্ৰিফেকচাৰটো হৈছে জাপানৰ দক্ষিণতম আৰু পশ্চিমতম প্ৰিফেকচাৰ আৰু ২০২০ চনৰ ২ ফেব্ৰুৱাৰীলৈকে ইয়াৰ জনসংখ্যা হৈছে ১,৪৫৭,১৬২। এই অঞ্চলটো ২,২৮১ কিলোমিটাৰ স্কোৱেৰ ভৌগোলিক এলেকা জুৰি বিয়পি আছে।

নাহা হৈছে অকিনাৱাৰ ৰাজধানী আৰু সৰ্ববৃহৎ চহৰ। ইয়াত অৱস্থিত অন্যান্য ডাঙৰ চহৰবোৰ হ’ল - অকিনাৱা, উৰুমা, উৰাচু ইত্যাদি।২ অকিনাৱা প্ৰশাসনিক অঞ্চলটোৱে অকিনাৱা, ডাইট’ আৰু চাকিচিমা গোটকে ধৰি ৰিয়ুকিউ দ্বীপপুঞ্জৰ দুই তৃতীয়াংশ সামৰি লৈছে, যিটো ১০০০ কিলোমিটাৰ দক্ষিণ পশ্চিমলৈ কাগোছিমা প্ৰিফেকচাৰৰ চাতচুনান দ্বীপপুঞ্জৰ পৰা টাইৱানলৈ বিয়পি আছে। এই অঞ্চলটোৰ বৃহত্তৰ সংখ্যক লোকে ইয়াৰ আটাইতকৈ ডাঙৰ দ্বীপ অকিনাৱাত বাস কৰে। ৰিয়ুকুৱানসকল হৈছে অকিৱানাৰ থলুৱা লোক, তেওঁলোক কাগোছিমা প্ৰশাসনিক অঞ্চলৰ আমামি দ্বীপপুঞ্জত বাস কৰে।

১৪২৯ৰ পৰা অকিনাৱা ৰিয়ুকিউ সাম্ৰাজ্যৰ আধীন আছিল। ১৬০৯ত ৰিয়ুকিউ আক্ৰমণৰ পিছত অনানুষ্ঠানিক ভাবে ই জাপানৰ সৈতে সংযুক্ত হৈছিল। ইয়াৰ সাত বছৰৰ পিছত ১৮৭৯ত জাপানে আনুষ্ঠানিক ভাবে অকিনাৱাক হানসকলৰ শেষ ডমেইন, ৰিয়ুকিউ ডমেইন ৰূপে প্ৰতিষ্ঠা কৰে। দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত, মিত্ৰশক্তিৰ জাপান দখলৰ সময়ত অকিনাৱা আমেৰিকা যুক্তৰাষ্ট্ৰই দখল কৰিছিল আৰু ১৯৪৫ চনৰপৰা ১৯৫০ চনলৈ ৰিয়ুকিউ দ্বীপৰ ইউ এছ মিলিটেৰি চৰকাৰে ইয়াত শাসন চলাইছিল। ১৯৭২ চনত জাপানক এই অঞ্চলটো ঘূৰাই দিয়াৰ আগলৈকে ১৯৫০ চনৰপৰা ই আমেৰিকা যুক্তৰাষ্ট্ৰৰ অসামৰিক প্ৰশাসনৰ দ্বাৰা শাসিত হৈ আছিল। অকিনাৱা জাপানৰ মুঠ ভূমিৰ মাত্ৰ ০.৬ শতাংশ, কিন্তু ‘আমেৰিকা যুক্তৰাষ্ট্ৰ বাহিনী জাপান’ৰ (ইউনাইটেড ষ্টেটচ্‌ ফৰ্চেচ জাপান) প্ৰায় ছাব্বিশ হাজাৰ (৭৫%) কৰ্মচাৰীক প্ৰিফেকচাৰত নিয়োগ কৰা হৈছে; অকিনাৱাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক উপস্থিতি অব্যাহত থকা কথাটো বিতৰ্কিত।৩৪

অকিনাৱা প্ৰশাসনিক অঞ্চলৰ মুঠ ভূমি ক্ষেত্ৰৰ প্ৰায় ৩৬% প্ৰাকৃতিক উদ্যান হিচাপে মনোনীত কৰা হৈছে, যেনে ইৰিঅ’ম’টে-ইশিগাকি, কেৰামা চ’ট’, আৰু য়াম্বাৰু ৰাষ্ট্ৰীয় উদ্যান; অকিনাৱা কাইগান আৰু অকিনাৱা চেনচেকি কুৱাচি-নেচনেল পাৰ্ক; আৰু ইৰাবু, কুমেজিমা, টাৰামা, আৰু টোনাকি প্ৰিফেকচুৰেল নেচাৰেল পাৰ্ক।৫

দ্বীপটো মুখ্যতঃ প্ৰবালৰ দ্বাৰা গঠিত, আৰু সেই প্ৰবালৰ মাজেৰে পৰিশোধন হোৱা বৰষুণৰ পানীয়ে দ্বীপটোত বহুতো গুহাৰ সৃষ্টি কৰিছে, এই গুহাবোৰৰ অকিনাৱাৰ যুদ্ধৰ সময়ত এক গুৰুত্বপূৰ্ণ ভূমিকা আছিল। গয়োকুচেণ্ডো৬ অকিনাৱাৰ মুখ্য দ্বীপৰ দক্ষিণ অংশত থকা এটা বিস্তৃত চূণশিলৰ গুহা।

বছৰটোৰ বেছিভাগ সময়তে দ্বীপটোৰ তাপমাত্ৰা ২০ °চেলচিয়াছৰ ওপৰত থাকে।

তথ্যসূত্ৰ

  1. ↑ Nussbaum, Louis-Frédéric. (2005). "Okinawa-shi" in
  2. ↑ Nussbaum, "Naha" in
  3. ↑ Inoue, Masamichi S. (2017). Okinawa and the U.S. Military: Identity Making in the Age of Globalization. Columbia University Press. ISBN 978-0-231-51114-8
  4. ↑ (June 26, 2016). U.S. civilian arrested in fresh Okinawa DUI case; man injured. The Japan Times
  5. ↑ 自然公園都道府県別面積総括. Ministry of the Environment
  6. ↑ (May 29, 2013). Gyokusendo Cave. Japan-guide.com

সম্পৰ্কিত শ্ৰেণী

জাপানএছিয়া

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অকিনাৱা প্ৰশাসনিক অঞ্চল” প্ৰবন্ধৰ সংশোধন ৩৯১৩৪৮ (১২ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।