এডেলি পেংগুইন( Pygoscelis adeliae ) হৈছে এণ্টাৰ্কটিকাৰ উপকূলীয় অঞ্চলত বাস কৰা পেংগুইনৰ এটা প্ৰজাতি। সাগৰীয় চৰাইৰ ভিতৰত ইহঁত আটাইতকৈ বেছি দক্ষিণ দিশত বসবাসকাৰী চৰাই। আন আন চৰাই যেনে Empera's penguin, South polar squaw, Wilson's storm petrel, Snow petrel, Antarctic petrel আদিও এই দক্ষিণ অঞ্চলত বাস কৰে। ১৮৪০ চনত ফৰাচী অভিযাত্ৰী জুলছ ডুমণ্ট ডি উৰভিলে প্ৰথমে পত্নীৰ নামেৰে ইহঁতৰ নাম "এডেলি" ৰাখিছিল।
শ্ৰেণীবিভাজন
এডেলি পেংগুইন হৈছে পাইগোচেলিছ প্ৰজাতিৰ অন্তৰ্গত তিনিটা প্ৰজাতিৰ ভিতৰত এটা। মাইট’কণ্ড্ৰিয়া আৰু কোষৰ নিউক্লিয়াছৰ অধ্যয়নত দেখা গৈছে যে এই প্ৰজাতিটো ৩.৮ কোটি বছৰৰ আগতে আন প্ৰজাতিৰ পৰা বিচ্ছিন্ন হৈছিল। পূৰ্বপুৰুষৰ এপ্টেন'ডাইটছৰ প্ৰায় ২০ লাখ বছৰৰ পিছত। ১৯ মিলিয়ন বছৰৰ আগতে এডেলি পেংগুইন আন প্ৰজাতিৰ পৰা বিচ্ছিন্ন হৈছিল।
বিতৰণ আৰু বাসস্থান
এতিয়াও অনুমান কৰা হৈছে যে এডেলি পেংগুইনত এতিয়াও ২.৪-৩.২ মিলিয়ন পৃথিৱীত বাস কৰে। ইয়াৰে বেছিভাগেই এণ্টাৰ্কটিকাৰ উপকূলীয় অঞ্চলত বাস কৰে। এণ্টাৰ্কটিকা মহাদেশৰ বিভিন্ন উপকূলীয় অঞ্চলত অক্টোবৰৰ পৰা ফেব্ৰুৱাৰীলৈকে এডেলি পেংগুইনৰ প্ৰজনন হয়। ইহঁতে দুটা কণী পাৰে যিবোৰ ৩২ৰ পৰা ৩৪ দিনলৈকে থাকে। পেংগুইনৰ অধিৱেশনত অংশগ্ৰহণ কৰাৰ পূৰ্বে ২২ দিন ঘৰতে থাকে পোৱালিকেইটা। প্ৰাপ্তবয়স্ক পেংগুইনে ইহঁতক তাতেই ৰাখে। ৫০-৬০ দিনৰ পিছত পোৱালিবোৰ সাগৰলৈ যায়।
বিৱৰণ
এই পেংগুইনবোৰৰ আকাৰ মধ্যমীয়া আকাৰৰ। ৪৬ৰ পৰা ৭৫ চে.মি. (১৮–৩০ ইঞ্চি) দীঘল আৰু ওজন ৩.৬–৬ কিলোগ্ৰাম (৭.৯–১৩.২ পাউণ্ড)। ১ ২ ইহঁতৰ পৃথক চিন হ’ল চকুৰ চাৰিওফালে বগা আঙুঠি আৰু ঠোঁটৰ তলৰ পাখি। এই দীঘল পাখিবোৰে ইহঁতৰ ওঁঠৰ প্ৰায় গোটেই অংশটো ঢাকি ৰাখে। ইহঁতৰ ঠেং আন পেংগুইনতকৈ দীঘল হয়। দেখাত প্ৰায় "টেক্সুডো" (টেক্সুডো হৈছে আমেৰিকাৰ ডিনাৰ জেকেট)ৰ দৰে। আন পেংগুইন প্ৰজাতিৰ তুলনাত ইহঁতৰ আকাৰ সৰু। ইহঁতৰ ক’লা মুখ আৰু বগা পেটৰ বাবে বেছিভাগ পেংগুইন কাৰ্টুনৰ দৰেই।
এডেলি পেংগুইনে ঘণ্টাত ৪৫ মাইল (৭২ কিলোমিটাৰ প্ৰতি ঘণ্টা) পৰ্যন্ত সাঁতুৰিব পাৰে। ইহঁতক প্ৰধানকৈ চিকাৰ কৰে নাহৰফুটুকী ছীল, স্কুয়া, হত্যাকাৰী তিমি।
তথ্যসূত্ৰ
- ↑ Adélie penguin (Pygoscelis adeliae). ARKive
- ↑ Adélie Penguin. Sea World
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এডেলি পেংগুইন” প্ৰবন্ধৰ সংশোধন ৪৫৪৬৯৩ (১৩ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।