আজান বা হালখেদা (Grey Heron Ardea cinerea ) কণামুচৰি পৰিয়ালৰ এবিধ ডাঙৰ প্ৰজাতিৰ কণামুচৰি। ইহঁত আকাৰত ময়ূৰতকৈ ডাঙৰ হয়। ইহঁত চাৰিটা প্ৰজাতিৰ আৰু ইউৰোপ, এছিয়া, আফ্ৰিকাৰ কিছু অংশত ইহঁতক দেখিবলৈ পোৱা যায়। ১ ইহঁতৰ বেছিভাগেই নাতিশীতোষ্ণ অঞ্চলত বিচৰণ কৰে। ইহঁত সাধাৰণত ভাৰতৰ স্থায়ী বাসিন্দা আৰু কিছু ক্ষেত্ৰত পৰিভ্ৰমী চৰাই। ইহঁতৰ বেছিভাগেই সপৰিয়ালে বসবাস কৰে। ২ ৩
বিৱৰণ
আজান বা হালখেদাৰ দৈৰ্ঘ্য সাধাৰণতে ৯০ৰ পৰা ৯৮ চে.মি. আৰু ডেউকা ১৫৫ৰ পৰা ১৯৫ চে.মি. হয়। ইহঁতৰ শৰীৰৰ ওজন ১.০২ কেজিৰ পৰা ২.০৮ কেজিলৈকে হ'ব পাৰে। ৪ ৫ ইহঁতক চিনাক্তকৰণৰ উপায় হ'ল, ইহঁতৰ পিঠি ধূসৰ ছাইৰঙী আৰু পেটৰ ৰঙ ধূসৰ বগা, ডেউকাৰ তলৰ ফালৰ পৰা তলপেটলৈকে ক’লা বৰণৰ। প্ৰাপ্তবয়স্কবোৰৰ মূৰ আৰু ডিঙি বগা, চকুৰ ওপৰৰ পৰা ভ্ৰূৰ ক’লা দাগ মূৰৰ পিছফাললৈকে ব্যাপ্ত আৰু যিটোৰ মূৰত টিকনিৰ দৰে পাখি থাকে। ডিঙিৰ আগফালে নীলা আভাযুক্ত ক’লা দাগ এটা দেখা যায়। অপ্ৰাপ্তবয়স্কবোৰৰ মূৰৰ ক’লা দাগটো অস্পষ্ট আৰু ইহঁত প্ৰাপ্তবয়স্কবোৰতকৈ বহুখিনি শেঁতা হয়, মূৰ আৰু ডিঙি ধূসৰ হয়, টিকনিৰ নিচিনা পাখিকেইডাল চুটি আৰু গাঢ় ধূসৰ ৰঙৰ হয়। ইহঁতৰ ঠোঁট দীঘল, পোন, শক্তিশালী আৰু ৰং গোলাপী হালধীয়া; ঠেং দুখন অতি দীঘল আৰু বাদামী ৰঙৰ। ৬
আচৰণ আৰু বাসস্থান
উৰণৰ সময়ত ইহঁতে জোৰ জোৰকৈ আৰু কৰ্কশভাৱে ফ্ৰা-এংক শব্দ কৰি মাত মাতে। লাহে লাহে উৰি থকাৰ সময়ত ইহঁতে ইহঁতৰ দীঘল ডিঙিটো ভাঁজ কৰি ৰাখে। প্ৰজননৰ সময়ত ইহঁতে বিভিন্ন ধৰণৰ শব্দ কৰে। ইহঁতৰ বিচৰণেক্ষত্ৰৰ ভিতৰত নিৰ্মল পানী আৰু নিমখীয়া জলাশয়, খাল, বৃহৎ হ্ৰদ আৰু শিলেৰে পৰিপূৰ্ণ দ্বীপ আদি অন্তৰ্ভুক্ত। ইহঁত মাংসভোজী, সেয়ে ইহঁতে অগভীৰ পানীত মাছ, বেং, সৰু স্তন্যপায়ী প্ৰাণী, শামুক জাতীয় প্ৰাণী আৰু সৰু সৰু পোক-পৰুৱা খায়। ইহঁতে আনকি চৰাইৰ পোৱালিও খায়। ইউৰোপ, এছিয়া, আফ্ৰিকা মহাদেশ ইহঁতৰ আৱাসভূমি। স্পেইন, ফ্ৰান্স, মধ্য ইটালী, বাল্কন, ইৰাক, ইৰাণ, মালদ্বীপ আৰু ম্যানমাৰ, চাহাৰা মৰুভূমি, কেনেৰী দ্বীপপুঞ্জ, মৰক্কো, আলজেৰিয়া, টিউনিছিয়া আৰু ভূমধ্যসাগৰীয় দ্বীপপুঞ্জ, পূব চাইবেৰিয়া, মংগোলিয়া, পূব চীন, জাপান, মাদাগাস্কাৰ আৰু সমগ্ৰ ভাৰতৰ ইহঁত স্থায়ী বাসিন্দা। ৬
আজান বা হালখেদাই সাধাৰণতে বসন্ত কালত গছৰ ওখ ডালত প্ৰজননৰ বাবে বাহ সাজে। এবাৰত ৩ৰ পৰা ৫টালৈকে নীলাভ সেউজীয়া ৰঙৰ কণী পাৰে। পিতৃ-মাতৃ দুয়োৱে মিলি ২৩ৰ পৰা ২৫ দিনৰ ভিতৰত কণীবোৰৰ পৰা পোৱালি জগায়। ৭ৰ পৰা ৮ সপ্তাহৰ ভিতৰত পোৱালিবোৰ উৰিব পৰা হয়। ৭
তথ্যসূত্ৰ
- ↑ Ibis, spoonbills, herons, Hamerkop, Shoebill, pelicans – IOC World Bird List. www.worldbirdnames.org
- ↑ (2016-01-12). Taxonomy & Evolution. web.archive.org
- ↑ Jobling, James A. (2010). The Helm Dictionary of Scientific Bird Names. Christopher Helm. পৃ. 54, 107. ISBN 978-1-4081-2501-4
- ↑ (2012-01-27). ARKive - Grey heron videos, photos and facts - Ardea cinerea. web.archive.org
- ↑ (1993). CRC handbook of avian body masses. CRC Press. ISBN 978-0-8493-4258-5
- ↑ Witherby. (1943). Handbook of British Birds, Volume 3: Hawks to Ducks. H. F. and G. Witherby Ltd. পৃ. 125–133
- ↑ Grey herons. AvianWeb
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আজান (চৰাই)” প্ৰবন্ধৰ সংশোধন ৪৪১৯৯৯ (৩১ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।