পানী ডুবি (Tachybaptus ruficollis), জলচৰ চৰাইৰ এটা জাত। এই প্ৰজাতিৰ গোত্ৰটোৰ নাম (Tachybaptus) প্ৰাচীন গ্ৰীক takhus অৰ্থাৎ 'দ্ৰুত' আৰু bapto অৰ্থাৎ 'ডুব যোৱা'ৰ পৰা আহিছে। বৈজ্ঞানিক নাম্ৰ দ্বিতীয় অংশ অৰ্থাৎ ruficollis লেটিন rufus (ৰঙা) আৰু আধুনিক লেটিন -collis (necked অৰ্থাৎ ডিঙি)-ৰ পৰা উদ্ভৱ হৈছে।১
২৩ৰ পৰা ২৯ চেণ্টিমিটাৰ (৯ৰ পৰা ১১+১⁄২ ইঞ্চি) দীঘল এই চৰাইবিধ ইয়াৰ পৰিয়ালৰ আটাইতকৈ সৰু ইউৰোপীয় সদস্য। ইয়াক সাধাৰণতে মুকলি পানীত দেখা পোৱা যায়।
শ্ৰেণীবিভাজন
১৭৬৪ চনত জাৰ্মান প্ৰকৃতিবিদ পিটাৰ চাইমন পালাছে ( Peter Simon Pallas) এই সৰু চৰাইটোৰ বৰ্ণনা কৰিছিল আৰু ইয়াক বৈজ্ঞানিক নাম কলম্বাছ ৰুফিকোলিছ (Colymbus ruficollis) দিছিল।২৩৪
বৰ্তমান এই চৰাইবিধৰ স্বীকৃতিপ্ৰাপ্ত ছটা উপপ্ৰজাতি আছে, যিবোৰ মূলতঃ আকাৰ আৰু ৰঙৰ দ্বাৰা পৃথক কৰা হৈছে-
- Tachybaptus ruficollis ruficollis – (Pallas, 1764): মনোনীত, ইউৰোপ আৰু পশ্চিম ৰাছিয়াৰ পৰা দক্ষিণে উত্তৰ আফ্ৰিকালৈ পোৱা যায়।
- Tachybaptus ruficollis iraquensis – (Ticehurst, 1923): দক্ষিণ-পূব ইৰাক আৰু দক্ষিণ-পশ্চিম ইৰাণত পোৱা যায়।
- Tachybaptus ruficollis capensis – (Salvadori, 1884): উপ-চাহাৰা আফ্ৰিকা, মাদাগাস্কাৰ, শ্ৰীলংকা আৰু ভাৰতীয় উপমহাদেশত পোৱা যায়, পূবে বাৰ্মালৈকে বিস্তৃত।
- Tachybaptus ruficollis poggei – (Reichenow, 1902): দক্ষিণ-পূবৰ পৰা উত্তৰ-পূব এছিয়া, হাইনান, টাইৱান, জাপান আৰু দক্ষিণ কুৰিল দ্বীপপুঞ্জৰ পৰা পোৱা যায়।
- Tachybaptus ruficollis philippensis – (Bonnaterre, 1790): উত্তৰ ফিলিপিনছত পোৱা যায়।
- Tachybaptus ruficollis cotabato – (Rand, 1948): মিন্দানাৱত (Mindanao) পোৱা গৈছে।
বিতৰণ
পানী ডুবিয়ে সমগ্ৰ ইউৰোপ, এছিয়াৰ বহু অংশ আৰু আফ্ৰিকাৰ বেছিভাগ অঞ্চলৰ উদ্ভিদ থকা হ্ৰদ আদিত সৰু সৰু জাকত প্ৰজনন কৰে। বেছিভাগ চৰাইয়ে শীতকালত অধিক মুকলি বা সাগৰীয় পানীলৈ পৰিভ্ৰমণ কৰে। পানীডুবি সকলো ঠাইতে পৰিভ্ৰমী চৰাই নহয়। যিবোৰ ঠাইত শীতকালি পানী গোট মাৰি বৰফ হৈ পৰে সেই ঠাইবোৰৰ পৰাহে ই গৰম ঠাইলৈ পৰিভ্ৰমণ কৰে। প্ৰজনন ঋতুৰ বাহিৰে অন্য সময়ত ই অধিক মুকলি পানীলৈ যায়, মাজে মাজে আনকি উপকূলত সৰু সৰু উপসাগৰতো দেখা দিয়ে।৫
বিৱৰণ
পানী ডুবি চৰাইটোৰ ঠোঁটটো জোঙা। গ্ৰীষ্মকালত প্ৰাপ্তবয়স্ক চৰাইৰ গাটো ডিঙি আৰু গাল মটীয়া ৰঙ (rufous)ৰ হৈ পৰে। প্ৰজনন নকৰা আৰু পোৱালি চৰাইৰ ক্ষেত্ৰত মটীয়া ৰঙৰ সলনি বাদামী বা ধূসৰ ৰং দেখা যায়। পোৱালি চৰাইৰ ঠোঁটটো হালধীয়া ৰঙৰ আৰু আগটোত ক’লা থাকে। লগতে ইয়াৰ গাল আৰু ডিঙিৰ কাষত ক’লা আৰু বগা ৰেখা থাকে। এই হালধীয়া ঠোঁটটো পোৱালি যিমানে ডাঙৰ হয় সিমানে ক’লা হৈ গৈ থাকে, শেষত প্ৰাপ্তবয়স্ক অৱস্থাত ক’লা হৈ পৰে।
প্ৰজননকালত পানী ডুবিৰ মাত 'ৱিট-ৱিট-ৱিট' বা 'ৱি-ৱি-ৱি' যেন শুনা যায়।
আচৰণ
পানী ডুবি সাঁতোৰাত খুবেই পাকৈত। ইহঁতে ডুব দি পানীৰ তলত মাছ আৰু জলজ পোক-পতংগ চিকাৰ কৰি খায়। ই জলজ উদ্ভিদৰ আঁৰ লৈ নিপুণভাৱে আত্মগোপন কৰিব পাৰে।
পানী ডুবিয়ে পানীৰ দাঁতিত বাহ সাজে। ভৰিৰ গঠনৰ বাবে ইহঁতে মাটিত ভালদৰে খোজ কাঢ়িব নোৱাৰে। সাধাৰণতে ই চাৰিৰ পৰা সাতটা কণী পাৰে। মাক-বাপেকে বাহ এৰি যোৱাৰ পৰত সাধাৰণতে কণীবোৰ অপতৃণেৰে ঢাকি ৰখাৰ যত্ন কৰে। ইয়াৰ ফলত চিকাৰীয়ে কণীবোৰ সহজে বিচাৰি উলিয়াব নোৱাৰে।৬ কণী ফুটাৰ পিছত পোৱালিবোৰে সোনকালেই সাঁতুৰিব পাৰে আৰু বাহ এৰি যায়। পোৱালিবোৰক প্ৰায়ে সাঁতুৰিব পৰা প্ৰাপ্তবয়স্ক চৰায়ে পিঠিত কঢ়িয়াই নিয়া দেখা যায়।৭ ভাৰতত এই প্ৰজাতিটোৱে বাৰিষা কালত প্ৰজনন কৰে।৮
তথ্যসূত্ৰ
- ↑ Jobling, James A. (2010). The Helm Dictionary of Scientific Bird Names. Christopher Helm. পৃ. 341, 377. ISBN 978-1-4081-2501-4
- ↑ Mayr, Ernst; Cottrell, G. William. (1979). Check-list of Birds of the World. Volume. Museum of Comparative Zoology. পৃ. 143
- ↑ Sherborn, C. Davies. (1905). The new species of birds in Vroeg's catalogue, 1764. Smithsonian Miscellaneous Collections. পৃ. 332–341 [339 No. 281] Includes a transcript of the 1764 text
- ↑ Rookmaaker, L.C.; Pieters, F.F.J.M. (2000). Birds in the sales catalogue of Adriaan Vroeg (1764) described by Pallas and Vosmaer. Contributions to Zoology. পৃ. 271–277
- ↑ BirdLife International (2017) [amended version of 2016 assessment]. "Tachybaptus ruficollis". IUCN Red List of Threatened Species. 2017: e.T22696545A111716447. doi:10.2305/IUCN.UK.2017-1.RLTS.T22696545A111716447.en. Retrieved 27 February 2022
- ↑ Prokop, Pavel; Trnka, Alfréd (2011). "Why do grebes cover their nests? Laboratory and field tests of two alternative hypotheses" (PDF). Journal of Ethology. 29: 17–22. doi:10.1007/s10164-010-0214-4. S2CID 24531647. Archived from the original (PDF) on 2012-04-14
- ↑ Finn, Frank (1905). "Notes on the nesting of the Indian Dabchick". Bird Notes. 4: 10–17
- ↑ Dalgliesh, Gordon (1906). "Notes on the Indian Podicipedidae". The Avicultural Magazine. 5 (2): 65–72
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পানী ডুবি” প্ৰবন্ধৰ সংশোধন ৫৪০৬২৮ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।