ডঁৰিক (Kalij pheasant, বৈজ্ঞানিক নামঃ Lophura leucomelanos) বিশেষকৈ হিমালয়ৰ পাদদেশ, পাকিস্তান নেপালৰ পৰা পশ্চিম থাইলেণ্ডলৈকে বিস্তৃত অৰণ্য আৰু ঘাঁহনিত পোৱা এবিধ চৰাই৷ উপপ্ৰজাতিৰ ওপৰত নিৰ্ভৰ কৰি মতাবোৰ যথেষ্ট পৰিৱৰ্তনশীল, কিন্তু সকলোৰে অন্ততঃ আংশিকভাৱে চিকচিকিয়া নীলা-ক'লা পাখি থাকে, আনহাতে মাইকীবোৰ সামগ্ৰিকভাৱে বাদামী ৰঙৰ। উভয় লিংগৰ মুখখন উদং ৰঙা আৰু ভৰি ধূসৰ ৰঙৰ (পিছৰটোৱে ইয়াক ৰঙা ভৰিৰ ৰূপালী ডঁৰিকৰ পৰা পৃথক কৰে)।১ ইয়াৰ পূব উপপ্ৰজাতিসমূহৰ তিনিটা (L. l. oatesi, L. l. lineata, আৰু L. l. crawfurdi) বিপন্ন আৰু L. l. moffitti কাৰ্যতঃ বনাঞ্চলত অজ্ঞাত।১
পুৰণি গ্ৰন্থসমূহতো এই নামটোৰ বানান kaleege বুলি উল্লেখ আছে, যেনে ফ্ৰেংক ফিনৰ গেম বাৰ্ডছ অৱ ইণ্ডিয়া এণ্ড এছিয়া,২ যদিও তেওঁৰ ইণ্ডিয়ান স্প'ৰ্টিং বাৰ্ডছত উল্লেখ নাই।৩ ১৯৬২ চনত এই প্ৰজাতিটোক হাৱাইলৈ৪ গেমবাৰ্ড হিচাপে অনা হয়।৫ ২০২১ চনৰ ২১ অক্টোবৰত জম্মু-কাশ্মীৰ চৰকাৰে ডঁৰিকক জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰাই হিচাপে ঘোষণা কৰে।৬
শ্ৰেণীবিভাজন
ডঁৰিক ৰূপালী ডঁৰিকৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আৰু দুয়োটাৰে সংকৰকৰণ হোৱা বুলি জনা যায়।৭ ট্যাক্সাসমূহৰ স্থান এল.আই. লিনেএটা আৰু এল.আই. ক্ৰ'ফুৰ্ডি বিতৰ্কৰ বিষয় হৈ পৰিছে, কিছুমানে ইয়াক ডঁৰিকৰ উপপ্ৰজাতি হিচাপে গণ্য কৰিছে১ আৰু আন কিছুমানক ৰূপালী ডঁৰিকৰ উপপ্ৰজাতি হিচাপে।৮ ডঁৰিকৰ দৰে ইহঁতৰ ঠেং ধূসৰ ৰঙৰ যদিও ইহঁতৰ গাৰ ৰং ৰূপালী ডঁৰিকৰ কিছুমান উপপ্ৰজাতিৰ নিচিনা৷
বিৱৰণ
মতা ডঁৰিকৰ মুঠ দৈৰ্ঘ্য ৬৩ৰ পৰা ৭৪ চে.মি. (২৫ৰ পৰা ২৯ ইঞ্চি) আৰু মাইকী ডঁৰিকৰ দৈৰ্ঘ্য ৫০ৰ পৰা ৬০ চে.মি.৷১ মাইকী ডঁৰিক বাদামী ৰঙৰ। কিছুমান উপপ্ৰজাতিৰ তলৰ অংশবোৰ বগা আৰু ক'লা ৰঙেৰে স্পষ্টভাৱে চিহ্নিত, আনহাতে আন কিছুমানত বেছিভাগ পাখি শেঁতা খোলাৰ দৰে দেখা যায়।
জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰাই
২০২১ চনৰ ২১ অক্টোবৰত জম্মু-কাশ্মীৰ চৰকাৰে ডঁৰিকক কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ চৰাই হিচাপে ঘোষণা কৰে।
ডঁৰিকক কাশ্মীৰী ভাষাত ৱান কোকুৰ, ৱান কোকুড বা বান কোকুৰ বুলি জনা যায়, যাক বনৰীয়া কুকুৰা বুলি অনুবাদ কৰিব পাৰি।৬
তথ্যসূত্ৰ
- ↑ McGowan, P. J. K. (1994). Kalij Pheasant (Lophura leucomelanos). pp. 533 in: del Hoyo, J, A. Elliott, & J. Sargatal (1994). Handbook of the Birds of the World. Vol. 2. New World Vultures to Guineafowl. Lynx Edicions
- ↑ Finn, F. (1911?). Game Birds of India and Asia
- ↑ Finn, F. (1915). Indian Sporting Birds
- ↑ BirdLife International. (2016). Lophura leucomelanos
- ↑ "Lophura leucomelanos | Kalij pheasant". hawaiibirdingtrails.hawaii.gov. State of Hawaii. Retrieved 25 February 2018
- ↑ (21 October 2021). Kalij Pheasant declared as bird of Jammu & Kashmir UT. The Chenab Times
- ↑ MacKinnon, J., & K. Phillipps (2000). A Field Guide to the Birds of China. Oxford University Press
- ↑ McGowan, P. J. K., A. L. Panchen (1994). Plumage variation and geographical distribution in the Kalij and Silver Pheasants. Bulletin of the British Ornithologists' Club. 114: 113-123
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডঁৰিক” প্ৰবন্ধৰ সংশোধন ৫৬৮৬১২ (৯ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।