অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তেজস্বিনী মনোগনা

তেজস্বিনী মনোগনা (ইংৰাজী: Tejaswini Manogna; জন্ম: ১৯ মে’ ১৯৯৪) এগৰাকী ভাৰতীয় মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। বৃত্তিত এগৰাকী চিকিৎসক তেওঁ 'ডিভাইন মিছ আৰ্থ ইণ্ডিয়া ২০১৯' খিতাপ জয় কৰিছিল আৰু ফিলিপাইনছৰ পাৰানাক চহৰত অনুষ্ঠিত ১৯তম মিছ আৰ্থ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

হালনাগাদ: ৩০ মাৰ্চ ২০২৬ ৩০৬ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

তেজস্বিনী মনোগনা (ইংৰাজী ভাষা: Tejaswini Manogna; জন্ম: ১৯ মে’ ১৯৯৪) এগৰাকী ভাৰতীয় মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী।১ বৃত্তিত এগৰাকী চিকিৎসক তেওঁ 'ডিভাইন মিছ আৰ্থ ইণ্ডিয়া ২০১৯' খিতাপ জয় কৰিছিল আৰু ফিলিপাইনছৰ পাৰানাক চহৰত অনুষ্ঠিত ১৯তম মিছ আৰ্থ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।২

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

তেজস্বিনী মনোগনাৰ জন্ম ১৯৯৪ চনত ভাৰতৰ বৰ্তমানৰ তেলংগানাৰ হায়দৰাবাদ চহৰত হৈছিল।৩৪ তেওঁ ৰোজাৰী কনভেণ্ট হাইস্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল আৰু ভাৰতীয় সশস্ত্ৰ বাহিনীৰ যুৱ শাখা নেচনেল কেডেট কৰ্পছৰ (এনচিচি) সদস্য আছিল।৫

১৬ বছৰ বয়সতে তেওঁ ভাৰতীয় বায়ুসেনা, সেনাবাহিনী আৰু নৌসেনাৰ ১.৩ নিযুত কেডেটৰ ভিতৰত 'ভাৰতৰ শ্ৰেষ্ঠ এনচিচি কেডেট' আৰু 'শ্ৰেষ্ঠ শ্বুটাৰ' হিচাপে বিবেচিত হৈছিল।৬

শ্ৰীলংকাত অনুষ্ঠিত দক্ষিণ এছীয় আঞ্চলিক সহযোগিতা সংস্থাৰ (ছাৰ্ক) বৈঠকত তেওঁক 'ইয়ং এচিভাৰ এৱাৰ্ড' প্ৰদান কৰা হয়।৭

২০১৭ চনত তেওঁ ওচমানিয়া মেডিকেল কলেজৰপৰা চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী (এমবিবিএছ) লাভ কৰে।৮

মনোগনা ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ অন্যতম প্ৰধান ৰূপ ভাৰতনাট্যমতো প্ৰশিক্ষিত।৯ দূৰদৰ্শন আৰু ভাৰতৰ সাংস্কৃতিক মন্ত্ৰ্যালয়ৰদ্বাৰা তেওঁ এগৰাকী গ্ৰেডেড পেছাদাৰী নৃত্যশিল্পী হিচাপে ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি লাভ কৰিছে।৭

তেওঁ ইয়ৰ্কশায়াৰ, ফেলথাম আৰু শ্বেফিল্ডত ধাৰাবাহিকভাৱে সংগীতানুষ্ঠান আৰু কৰ্মশালা কৰিছে। তেওঁ যোগ প্ৰশিক্ষণত ডিপ্লমা লাভ কৰিছে আৰু হায়দৰাবাদত যোগ প্ৰশিক্ষক হিচাপে কাম কৰিছে।৮

সৌন্দৰ্য প্ৰতিযোগিতা

২০১৭ চনত মনোগনাই মিছ দিভা - ২০১৭ প্ৰতিযোগিতাৰ বাবে অডিচন দিছিল আৰু প্ৰতিযোগী হিচাপে নিৰ্বাচিত হৈছিল।৯ প্ৰতিযোগিতাৰ সময়ত তেওঁ 'মিছ টেলেণ্টেড' আৰু 'ডেজলাৰ ইটাৰ্না বেষ্ট মেকঅভাৰ' উপ-খিতাপ লাভ কৰিছিল।১০ ফাইনেলত তেওঁ শীৰ্ষ ৬ গৰাকী প্ৰতিযোগীৰ ভিতৰত স্থান লাভ কৰিছিল।১১

২০১৯ চনত তেওঁ ফেমিনা মিছ ইণ্ডিয়া ২০১৯-ৰ তেলংগানা অডিচনত অংশ লৈ ৰাজ্যিক শীৰ্ষ ৩ গৰাকী প্ৰতিযোগীৰ ভিতৰত স্থান পায় যদিও মূল প্ৰতিযোগিতাখনৰ বাবে নিৰ্বাচিত হ’ব পৰা নাছিল।১২ সেই একে বছৰতে তেওঁ 'ডিভাইন মিছ ইণ্ডিয়া' প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ২০১৯ চনৰ ৩১ আগষ্টত 'কিংডম অৱ ড্ৰিমছ'ত ইয়াৰ ফাইনেল অনুষ্ঠিত হৈছিল।১৩১৪ পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় প্ৰকল্পৰ বাবে তেওঁ প্ৰতিযোগিতাখনত 'বিউটি ফৰ এ কজ' উপ-খিতাপ লাভ কৰে।১৫ অৱশেষত মনোগনাই মিছ আৰ্থ ইণ্ডিয়া ২০১৯ খিতাপ জয় কৰে আৰু মিছ আৰ্থ ২০১৯ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰে।

মিছ আৰ্থ ২০১৯

মনোগনাই মিছ আৰ্থ ২০১৯-ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল য’ত তেওঁ 'মিছ গ্ল’বেল চইচ' আৰু 'ইকো ট্ৰিভিয়া' বঁটা লাভ কৰিছিল। পৃথিৱী মাতৃৰ প্ৰতি শ্ৰদ্ধা জনাই আগবঢ়োৱা ভাৰতনাট্যম প্ৰদৰ্শনৰ বাবে তেওঁক 'ৱাটাৰ গ্ৰুপ'ৰ টেলেণ্ট ৰাউণ্ডৰ বিজয়ী হিচাপে ঘোষণা কৰা হৈছিল। ইয়াৰ উপৰি তেওঁ নিজৰ গোটৰ ভিতৰত 'বেষ্ট ইন লং গাউন' প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰিছিল। ২০১৯ চনৰ ২৬ অক্টোবৰত ফিলিপাইনছৰ পাৰানাক চহৰৰ ওকাডা মানিলাত মূল অনুষ্ঠানটো অনুষ্ঠিত হৈছিল।

তথ্যসূত্ৰ

  1. ↑ (20 September 2017). Tejaswini Manogna: This young achiever is a brainy beauty.. Telangana Today
  2. ↑ (11 September 2019). I tick all the boxes for the big win, says Hyderabad girl ahead of Miss Earth 2019 finale.. Indian Express
  3. ↑ Neeraja Murthy. (10 September 2019). All for the Earth: Dr Tejaswini Manogna will represent India at the Miss Earth pageant in the Philippines.. The Hindu
  4. ↑ (13 September 2017). Introducing Tejaswini Manogna Yamaha Fascino Miss Diva 2017.. The Times of India
  5. ↑ Kashetti, Srikanth. (1 February 2018). Meet Tejaswini, A Wonder Woman Who Is A Doctor, Dancer, NCC Cadet, Model, & A Yoga Teacher!
  6. ↑ (11 July 2014). Tejaswini Manogna: Bag full of talent.. The Deccan Chronicle
  7. ↑ (24 November 2018). A wonder woman - Telangana Today. Telangana Today
  8. ↑ (22 March 2018). Trying till she succeeds.. Indian Express
  9. ↑ (21 September 2017). Hyderabad girl Tejaswini Manogna is one of the finalists at the Miss Diva 2017 contest.. The Hindu
  10. ↑ (12 October 2017). Miss Diva 2017 Finale - Sub Contest Winners. ETimes
  11. ↑ (11 October 2019). Miss Diva 2017: Shraddha Shashidhar to represent India at Miss Universe. News18
  12. ↑ (6 February 2019). Tejaswini Manogna's introduction at Miss India 2019 Telangana audition.. Indiatimes
  13. ↑ (2 September 2019). Miss Divine Beauty celebrated the power of womanhood at the Grand Finale Event. Asian News International (ANI)
  14. ↑ (5 September 2019). Miss Divine Beauty 2019: Meet the Winners
  15. ↑ Gayatri, Sarada. (1 October 2019). Tejaswini aims for the crown.. Telangana Today

সম্পৰ্কিত শ্ৰেণী

চিকিৎসাবিদসৌন্দৰ্য প্ৰতিযোগী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তেজস্বিনী মনোগনা” প্ৰবন্ধৰ সংশোধন ৫৯৭৬২৮ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।