অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বেলা নিছান

বেলা আলেকজেণ্ডাৰভনা নিছান এগৰাকী ৰাছিয়ান চকু বিশেষজ্ঞ, দৃষ্টিশক্তি বিকাৰ সংশোধনৰ আধুনিক পদ্ধতিৰ প্ৰতিষ্ঠাপক। তেখেত আমেৰিকান একাডেমী অৱ অফথালম'লজিৰ সদস্য আৰু চিকিৎসা বিজ্ঞানত জেট-ইনজেকচন যন্ত্ৰৰ ব্যৱহাৰৰ এগৰাকী সুপৰিচিত সমৰ্থক।

হালনাগাদ: ২৫ এপ্ৰিল ২০২৬ ২৭৪ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

বেলা আলেকজেণ্ডাৰভনা নিছান এগৰাকী ৰাছিয়ান চকু বিশেষজ্ঞ,১২ দৃষ্টিশক্তি বিকাৰ সংশোধনৰ আধুনিক পদ্ধতিৰ প্ৰতিষ্ঠাপক। তেখেত আমেৰিকান একাডেমী অৱ অফথালম'লজিৰ সদস্য৩৪৫ আৰু চিকিৎসা বিজ্ঞানত জেট-ইনজেকচন যন্ত্ৰৰ ব্যৱহাৰৰ এগৰাকী সুপৰিচিত সমৰ্থক।৬

জীৱনী

১৯৭৬ চনত বেলা নিছানে স্কুল এৰি ১৯৮২ চনত দ্য ছেকেণ্ড পিৰ’গভ মেডিকেল ইউনিভাৰ্চিটি অৱ অৰ্ডাৰ অৱ লেনিন (বৰ্তমান পিৰোগভ নেচনেল মেডিকেল ৰিচাৰ্চ ইউনিভাৰ্চিটি)ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৮৫-১৯৮৭ চনৰ ভিতৰত নিছান মস্কো স্বাস্থ্যসেৱা বিভাগৰ কমপ্লেক্স এণ্ড স্পেচিয়েল ভিজন কাৰেকচন লেবৰেটৰীৰ মুৰব্বী আছিল। ১৯৮৭ চনৰ পৰা ১৯৯১ চনলৈকে তেওঁ চকুৰ মাইক্ৰ’চাৰ্জাৰী কমপ্লেক্স (বৰ্তমান ফ্য’ড’ৰভ আই মাইক্ৰ’চাৰ্জাৰী কমপ্লেক্স)ৰ অপটিকেল চেলুনৰ এগৰাকী মুখ্য চিকিৎসক আছিল।

১৯৯১ চনৰ পৰা ১৯৯৫ চনলৈকে নিছানে টেল আভিভ (ইজৰাইল)ৰ অধ্যাপক আই এলয়াকিমৰ তত্বাৱধানত কন্টাক্ট, কমপ্লেক্স আৰু স্পেচিয়েল ভিজন কাৰেকচন চেণ্টাৰত কাম কৰে;৭ ১৯৯৫ চনৰ পৰা ১৯৯৮ চনলৈকে তেওঁ বাউচ এণ্ড লম্ব কোম্পানীৰ পেছাদাৰী সেৱাৰ (পূৰ্বৰ ইউ এছ এছ আৰ বিভাগ) মুৰব্বী আছিল। ২০০০ চনত ৰেটিনা আৰু চকুৰ স্নায়ুৰ ৰোগৰ দৃষ্টিশক্তি সংশোধনৰ ক্লিনিকেল আৰু শাৰীৰিক পদ্ধতিৰ ওপৰত নিবেদিত নিছানৰ কাম শৈক্ষিক সমাজত বহুলভাৱে পৰিচিত হয়। সেই সময়ছোৱাত নিছানে চিকিৎসা বিজ্ঞানত পি এইচ ডি লাভ কৰে।৮১৯

১৯৯৮ চনৰ পৰা ২০০১ চনলৈকে নিছান ৰাছিয়ান ফেডাৰেচনৰ স্বাস্থ্যসেৱা মন্ত্ৰালয়ৰ ফেডাৰেচন ইনষ্টিটিউট ফৰ বায়'মেডিকেল প্ৰব্লেমছৰ দৃষ্টিশক্তিৰ ৰোগ বিভাগৰ অপ্টোমেট্ৰি আৰু কন্টাক্ট ভিজন কাৰেকচন কোৰ্চৰ মুখ্য প্ৰবক্তা আছিল।১০১১

২০০১ চনত নিছান সহযোগী অধ্যাপক হয়।১১২ ২০০১ চনৰ পৰা ২০১১ চনলৈকে তেওঁ ৰাছিয়ান ষ্টেট মেডিকেল ইউনিভাৰ্চিটি (বৰ্তমান পিৰ'গভ নেচনেল মেডিকেল ৰিচাৰ্চ ইউনিভাৰ্চিটি)ৰ চকুৰ ৰোগ শিশু চিকিৎসা বিভাগৰ মুৰব্বী আছিল।১৩১৪

২০১১ চনৰ পৰা নিছান মস্কো স্বাস্থ্যসেৱা বিভাগৰ আগশাৰীৰ বিশেষজ্ঞ। আজিকালি তেওঁ ইণ্টাৰনেশ্যনেল এছ'চিয়েচন অৱ কন্টাক্ট লেন্স এডুকেটৰছ[13] আৰু ইউৰোপিয়ান একাডেমী অৱ নেচাৰেল ছায়েন্সৰ১৫১৬১৭১ ফেলো আৰু আন্তঃৰাষ্ট্ৰীয় চিকিৎসা সম্পদৰ ৫০টাতকৈও অধিক প্ৰকাশনৰ লেখিকা।১৮১৯২০২১২২২৩২৪

উল্লেখযোগ্য কৰ্ম

  • শিশু আৰু কনটেক্ট লেন্স। ২০০৫ চনত
  • কোমল ট’ৰিক কনটেক্ট লেন্স ব্যৱহাৰ কৰি সামান্য দৃষ্টিশক্তিৰ সংশোধন। ২০১১ চন
  • দৃষ্টিশক্তিৰ অক্ষমতাৰ আন্তঃৰাষ্ট্ৰীয় দিশসমূহ — সামাজিকভাৱে উল্লেখযোগ্য ৰোগবিজ্ঞান — প্ৰতিৰোধমূলক ব্যৱস্থা। ২০১২ চন

তথ্যসূত্ৰ

  1. ↑ Белла Нисан / Гости / Радио Маяк. radiomayak.ru
  2. ↑ Новейшие методы коррекции рефракции | Радио России
  3. ↑ Дети и контактные линзы. rimina.ru
  4. ↑ Центр коррекции зрения — контактные линзы и очки. optica-karelia.ru
  5. ↑ Дети и контактные линзы. www.ochki.net
  6. ↑ (17 March 2011). Безыгольный инъектор Med-Jet - теперь в России. medikforum.ru
  7. ↑ Ко Дню медицинского работника - Офтальмолог Белла Нисан, Автор статьи Гарик Канаев, новости горских евреев на сайте Stmegi.info. www.stmegi.info
  8. ↑ Биография Беллы Нисан
  9. ↑ Белла Нисан √ гость Кати Новиковой и Дмитрия Мириманова / Радио Маяк. radiomayak.ru
  10. ↑ Офтальмолог Белла Нисан в утреннем шоу Марии Бачениной и Дмитрия Мириманова / Радио Маяк. radiomayak.ru
  11. ↑ Мультимедийный круглый стол, посвященный поддержке стариков и детей | РИА Новости
  12. ↑ Белла Нисан – доцент кафедры офтальмологии Российского государственного медицинского университета Минздрава РФ (Радио «Маяк», эфир от 07.02.2010)
  13. ↑ Линзы. Современные методы коррекции рефракции | Радио России
  14. ↑ Круглый стол: "Поддержка стариков и детей: основа цивилизованного общества" | Для СМИ. Агентство анонсов России и стран СНГ. Пресс-службы России. Мы не АФИША - мы работаем для СМИ. Анонсы событий: пресс-конференции, круглые столы, выставки. Пресс-релиз.
  15. ↑ Попечительский совет. www.fond-artist.ru
  16. ↑ Как правильно подобрать контактные линзы? | Радио России
  17. ↑ Линзы. Современные методы коррекции рефракции - Издательство "Метафора". metafora-knigi.ru
  18. ↑ Нечаев, В. С. (23 March 2018). К Вопросу Об Экспертной Оценке Организационных Аспектов Государственно-Частного Партнерства В Здравоохранении. Социология Медицины. পৃ. 21–23
  19. ↑ журнал для офтальмологов и оптометристов "Глаз" №5-2012. glazmag.ru
  20. ↑ журнал для офтальмологов и оптометристов "Глаз" №3-2012. glazmag.ru
  21. ↑ Нисан, Б. А. (23 March 2018). К вопросу о частно-государственном партнерстве в здравоохранении (на примере организации оптометрической службы). Проблемы Социальной Гигиены, Здравоохранения И Истории Медицины. পৃ. 40–42
  22. ↑ Нисан, Белла Александровна; Плыгунова, Нина Леодоровна; Кузнецова, Татьяна Сергеевна. (23 March 2018). Коррекция астигматизма слабых степеней мягкими торическими контактными линзами. Современная Оптометрия. পৃ. 10–11
  23. ↑ Нисан, Б. А.; Плыгунова, Н. Л.; Цыплакова, Т. С. (23 March 2018). Возможность применения торических мягких контактных линз для коррекции астигматизма у детей. Современная Оптометрия. পৃ. 16–17
  24. ↑ Дети и контактные линзы. Зрение ребенка. 7ya.ru

সম্পৰ্কিত শ্ৰেণী

চিকিৎসাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেলা নিছান” প্ৰবন্ধৰ সংশোধন ৬০২৫৫২ (২৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।