ভক্তি যাদৱ (Bhakti Yadav) এগৰাকী ভাৰতীয় চিকিৎসক আছিল। তেওঁৰ জন্ম ৩ এপ্ৰিল ১৯২৬ চনত। তেওঁ ইন্দোৰৰ পৰা ভাৰতৰ প্ৰথম মহিলা এম বি বি এছ ডিগ্ৰীধাৰী আছিল আৰু তেওঁক ভাৰতৰ অন্যতম সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰীৰে সন্মানিত কৰি স্বীকৃতি দিয়া হৈছিল।১ ১৯৪৮ চনৰ পৰা জনসাধাৰণক বিনামূলীয়া চিকিৎসা প্ৰদান কৰাকে ধৰি তেওঁ অন্যান্য উদাৰতাৰ বাবে পৰিচিত আছিল। তেওঁ এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ আছিল।
প্ৰাথমিক জীৱন
ভক্তি যাদৱে ১৯২৬ চনৰ ৩ এপ্ৰিলত মহিদপুৰৰ উজ্জয়িনত জন্মগ্ৰহণ কৰিছিল। মহাৰাষ্ট্ৰৰ এটা প্ৰখ্যাত পৰিয়ালত তেওঁৰ জন্ম হৈছিল। ১৯৩৭ চনত যেতিয়া স্ত্ৰী শিক্ষা নিৰুৎসাহিত হৈছিল, তেতিয়াই তেওঁ উচ্চ শিক্ষা গ্ৰহণৰ ইচ্ছা প্ৰকাশ কৰিছিল। দেউতাকে তেওঁক ওচৰৰ গাঁও এখনলৈ পঠিয়াই দিলে য’ত তেওঁ সপ্তম মানলৈকে পঢ়িবলৈ পাইছিল। ইয়াৰ পিছত দেউতাকে ইন্দোৰলৈ গৈ তেওঁক সেই সময়ত ইন্দোৰৰ একমাত্ৰ ছোৱালীৰ বিদ্যালয় অহিল্যা আশ্ৰম স্কুলত নামভৰ্তি কৰাবলৈ লৈ যায়। বিদ্যালয়খনত বৰ্ডিঙৰ সুবিধা আছিল। একাদশ মানৰ পিছত ১৯৪৮ চনত বি এছ চি অধ্যয়নৰ বাবে ইন্দোৰৰ হোলকাৰ বিজ্ঞান মহাবিদ্যালয়ত যোগদান কৰে। তেওঁ প্ৰথম বছৰতে কলেজত সৰ্বশ্ৰেষ্ঠ স্থান দখল কৰিছিল।২
চিকিৎসা শিক্ষা
একাদশ শ্ৰেণীৰ বিশ্বাসযোগ্য ফলাফলৰ ভিত্তিত ভক্তি যাদৱে মহাত্মা গান্ধী মেম’ৰিয়েল মেডিকেল কলেজ (এম জি এম)ত ভৰ্তি হৈছিল আৰু তাৰ পৰা এম বি বি এছ ডিগ্ৰী লাভ কৰিছিল। মুঠ ৪০ গৰাকী এম বি বি এছ শিক্ষাৰ্থীৰ ভিতৰত তেওঁৱেই আছিল একমাত্ৰ মহিলা। এম জি এম মেডিকেল কলেজৰ এম বি বি এছৰ প্ৰথম বেটচৰ প্ৰথমগৰাকী মহিলা ছাত্ৰী আছিল ভক্তি যাদৱ। ১৯৫২ চনত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ মধ্য ভাৰতৰ পৰাও প্ৰথম এম বি বি এছ ডাক্তৰ হিচাপে পৰিগণিত হয়। তেওঁ এম জি এম মেডিকেল কলেজৰ পৰা এম এছো কৰিছিল।২
কৰ্ম
নন্দলাল ভাণ্ডাৰী প্ৰসূতি গৃহৰ তেওঁ দৰিদ্ৰ মিল শ্ৰমিকৰ পত্নীৰ চিকিৎসাৰ কৰাৰ স্বাৰ্থত তেওঁ চৰকাৰৰ চাকৰিৰ প্ৰস্তাৱ নাকচ কৰিছিল। তেওঁ তেওঁৰ স্বামী চি এছ যাদৱৰ সৈতে নিজৰ বাসগৃহত বাৎসল্য নাৰ্চিং হোম নামেৰে এখন ব্যক্তিগত চিকিৎসালয় আৰম্ভ কৰে।৩ ইয়াৰ তদাৰক কৰে তেওঁৰ পুত্ৰ চেতন এম যাদৱ আৰু বোৱাৰী সুনীতা যাদৱে। যাদৱে ৭০,০০০ সাধাৰণ প্ৰসৱকে ধৰি ১.৫ লাখ অপাৰেচন কৰিছিল।৪ তেওঁ প্ৰায় এহাজাৰ মান মহিলা ৰোগীৰ পৰা কোনো মাচুল নোলোৱাকৈ তেওঁলোকৰ চিকিৎসা কৰিছিল।৫
মৃত্যু
ভক্তি যাদৱৰ ২০১৭ চনৰ ১৪ আগষ্টত ইন্দোৰৰ নিজ ঘৰতে মৃত্যু হয়। অষ্টিঅ’পৰ’ছিছ আৰু বাৰ্ধক্যজনিত অন্যান্য ৰোগত আক্ৰান্ত আছিল তেওঁ। মৃত্যুৰ কেইমাহমানৰ পৰা তেওঁৰ শৰীৰৰ ওজন ক্ৰমাগতভাৱে কমি আহিছিল।৬
তথ্যসূত্ৰ
- ↑ सिंह, रवीश पाल. (25 January 2017). इंदौर की पहली महिला MBBS 'डॉक्टर दादी' को मिला पद्मश्री. Aaj Tak
- ↑ Natu, Parag. (25 January 2017). फ्री इलाज करती हैं इंदौर की पहली महिला MBBS, 91 की उम्र में मिला पद्मश्री (First MBBS From Indore Doctor Bhakti Yadav Awarded Padamshri For Her Services). Dainik Bhaskar
- ↑ Dr Bhakti Yadav (padmashri 2017). drbhaktiyadavpadmashri2017.business.site
- ↑ Dr Bhakti Yadav (padmashri 2017). drbhaktiyadavpadmashri2017.business.site
- ↑ Zee News. Indore: 91 Year old Dr. Bhakti Yadav Inspiring Story
- ↑ Padma Shri Dr Bhakti Yadav passes away in Indore - Times of India. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভক্তি যাদৱ” প্ৰবন্ধৰ সংশোধন ৪৮৫২০৮ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।