অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

টনি ভন লেংছডৰ্ফ

টনি ভন লেংছডৰ্ফ (৩০ ছেপ্টেম্বৰ ১৮৮৪ – ২৪ মাৰ্চ ১৯৭৬) তেওঁ এগৰাকী জাৰ্মান প্ৰসূতি/স্ত্ৰীৰোগ বিশেষজ্ঞ আছিল যিয়ে এগৰাকী প্ৰাথমিক মহিলা চিকিৎসক হিচাপে কাম কৰাৰ বাবে আৰু চিকিৎসা মহিলা আন্তৰ্জাতিক সংস্থাৰ অগ্ৰণী সদস্য হিচাপে ভূমিকা গ্ৰহণ কৰাৰ বাবে পৰিচিত আছিল।

হালনাগাদ: ২ মে’ ২০২৬ ২৬১ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

টনি ভন লেংছডৰ্ফ (৩০ ছেপ্টেম্বৰ ১৮৮৪ – ২৪ মাৰ্চ ১৯৭৬)১ তেওঁ এগৰাকী জাৰ্মান প্ৰসূতি/স্ত্ৰীৰোগ বিশেষজ্ঞ আছিল যিয়ে এগৰাকী প্ৰাথমিক মহিলা চিকিৎসক হিচাপে কাম কৰাৰ বাবে আৰু চিকিৎসা মহিলা আন্তৰ্জাতিক সংস্থাৰ অগ্ৰণী সদস্য হিচাপে ভূমিকা গ্ৰহণ কৰাৰ বাবে পৰিচিত আছিল।

প্ৰাথমিক জীৱন আৰু শিক্ষা

১৮৮৪ চনৰ ৩০ ছেপ্টেম্বৰত প্ৰুছিয়াত এগৰাকী গৃহিণী আৰু প্ৰুছিয়ান সেনা বিষয়াৰ ঘৰত জন্মগ্ৰহণ কৰা টনি ভন লেংছডৰ্ফৰ চাৰিটা সন্তানৰ ভিতৰত ডাঙৰ। যদিও মাকে চিকিৎসক হিচাপে তেওঁৰ কেৰিয়াৰক সমৰ্থন কৰিছিল, তথাপি প্ৰুছিয়ান সেনাবাহিনীৰ সহকৰ্মীসকলৰ বিৰোধিতাৰ বাবে দেউতাকৰ উৎসাহ কম আছিল। তেওঁ ভনীয়েকৰ মেৰুদণ্ডৰ যক্ষ্মা ৰোগৰ অভিজ্ঞতাক চিকিৎসক হোৱাৰ প্ৰেৰণা হিচাপে উল্লেখ কৰিছিল, যেতিয়া পৰিয়ালৰ ঘৰত সঘনাই চিকিৎসক আছিল, যিটো কেৰিয়াৰক তেওঁ স্বাধীনতাৰ পথ হিচাপে দেখিছিল।২ ভন লেংছডৰ্ফে বন বিশ্ববিদ্যালয়ৰপৰা শৰীৰবিজ্ঞানৰ স্নাতক অধ্যয়ন আৰম্ভ কৰিছিল যদিও লিংগৰ বাবে তেওঁৰ বিৰুদ্ধে বৈষম্য কৰা হৈছিল; সকলো মহিলা ছাত্ৰীক "ভিজিটিং ছাত্ৰী" হিচাপে শ্ৰেণীভুক্ত কৰা হৈছিল। বন বিশ্ববিদ্যালয়ত এবছৰৰ পাছত হাইডেলবাৰ্গ বিশ্ববিদ্যালয়লৈ বদলি হয়, আৰু তাত সমান ব্যৱহাৰ কৰা হয়। বিশ্ববিদ্যালয়ত মহিলা সম্পৰ্কে প্ৰুছিয়া চৰকাৰৰ প্ৰগতিশীল নীতিৰ বাবে ভন লেংছডৰ্ফে ১৯০৮ চনত মাৰ্বাৰ্গ বিশ্ববিদ্যালয়ত প্ৰৱেশৰ বাবে প্ৰৱেশ পৰীক্ষা দিছিল; কিন্তু চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিবলৈ হাইডেলবাৰ্গলৈ উভতি যায়। চিকিৎসা বিজ্ঞানত মহিলাক সমৰ্থন নকৰা চকুৰ অধ্যাপকৰ বিৰোধিতা সত্ত্বেও ভন লেংছডৰ্ফে ১৯১০ চনত হাইডেলবাৰ্গ বিশ্ববিদ্যালয়ৰপৰা এম ডি লাভ কৰে।২৩

কেৰিয়াৰ

অধিক বিৰোধিতাৰ সন্মুখীন হৈ ভন লেংছডৰ্ফে ১৯১০ চনত এচেনত স্ত্ৰীৰোগ বিশেষজ্ঞ হিচাপে প্লেচমেণ্ট লাভ কৰে আৰু ১৯১১ চনত তেওঁৰ সম্পূৰ্ণ চিকিৎসা অনুজ্ঞাপত্ৰ লাভ কৰে। ১৯১৮ চনলৈকে তেওঁ এচেনত প্ৰেকটিছ কৰি থাকিল, তেতিয়া তেওঁ ব্যক্তিগত প্ৰেকটিছত প্ৰৱেশ কৰে কাৰণ এচেনৰ এজন অস্ত্ৰোপচাৰ কৰ্মীয়ে তেওঁৰ লিংগৰ বাবে তেওঁৰ সৈতে কাম কৰিবলৈ অস্বীকাৰ কৰিছিল। কিছুদিন তেওঁ ভনীয়েকৰ লগত অনুশীলন কৰিছিল। ১৯৬৪ চনত মেডিকেল উইমেনছ ইণ্টাৰনেশ্যনেল এছ'চিয়েচন প্ৰতিষ্ঠা কৰাত সহায় কৰাৰ পাছত তেওঁ অৱসৰ গ্ৰহণ কৰে।২৩

তথ্যসূত্ৰ

  1. ↑ (25 May 2013). Dokumentation: Arztinnen im Kaiserreich. Freie Universitat Berlin
  2. ↑ Harvey, Joy; Ogilvie, Marilyn. (2000-07-27). The Biographical Dictionary of Women in Science: Pioneering Lives from Ancient Times to the Mid-Twentieth Century. Taylor & Francis. পৃ. 744. ISBN 978-0-203-80145-1
  3. ↑ Freie Universität Berlin · Dokumentation: Ärztinnen im Kaiserreich. geschichte.charite.de

সম্পৰ্কিত শ্ৰেণী

চিকিৎসাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টনি ভন লেংছডৰ্ফ” প্ৰবন্ধৰ সংশোধন ৬০৪০৬৯ (২ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।