পৰোমিতা ভোহ্ৰা এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা আৰু লেখিকা। নগৰীয়া জীৱন, ইচ্ছা-আকাংক্ষা, পপ সংস্কৃতি আৰু লিংগ বিষয়ক বিষয়ত নিৰ্মিত তেখেতৰ তথ্যচিত্ৰসমূহৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।১ তেওঁ পুৰস্কাৰপ্ৰাপ্ত পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ খামোশ পানীৰ চিত্ৰনাট্যো ৰচনা কৰিছে।২
তেওঁৰ চলচ্চিত্ৰ প্ৰযোজনা সংস্থা পাৰোদেৱী পিকচাৰ্চ মুম্বাইত অৱস্থিত।৩ তেওঁ ছানডে মিড-ডে কাকতত Paro-normal Activity শীৰ্ষক স্তম্ভ লিখে।৪ ইয়াৰ উপৰিও তেওঁ মুম্বাই মিৰৰ কাকতৰ বাবে সাপ্তাহিক স্তম্ভ লিখিছিল।৫
জীৱনী
ভোহ্ৰা মুম্বাইত বাস কৰে।৬ তেওঁ শিখা ভোহ্ৰাৰ কন্যা।৭ শিখা ভোহ্ৰা আছিল সংগীত পৰিচালক অনিল বিস্বাসৰ প্ৰথম পত্নী আশালতা বিস্বাসৰ কন্যা। আশালতা বিস্বাস আছিল এগৰাকী অভিনেত্ৰী, যিয়ে ১৯৩০ আৰু ১৯৪০ দশকত হিন্দী চলচ্চিত্ৰত কাম কৰিছিল।৮
ভোহ্ৰাই দিল্লী বিশ্ববিদ্যালয়ৰ মিৰাণ্ডা হাউছত ১৯৮৬ চনৰ পৰা ১৯৮৯ চনলৈ গণ যোগাযোগ (Mass Communication) বিষয়ত অধ্যয়ন কৰিছিল।৯
ভোহ্ৰাই ভাৰতত যৌন বিষয়সমূহক ইতিবাচকভাৱে উপস্থাপন কৰাৰ উদ্দেশ্যে গঢ়ি তোলা অনলাইন প্লেটফৰ্ম Agents of Ishqৰ সহ-প্ৰতিষ্ঠাপক।১০ তেওঁ বৰ্তমান এই প্লেটফৰ্মটোৰ সৃষ্টিশীল পৰিচালক হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে।১১
Agents of Ishq-ত ইংৰাজী আৰু হিন্দী ভাষাত বহু-মাধ্যমীয় বিষয়বস্তু উপলব্ধ।১০ এই প্লেটফৰ্মে পাঠকসকলক সমগ্ৰ যৌন শিক্ষা লাভ কৰাত সহায় কৰে আৰু যৌন শিক্ষা, যৌন অভিজ্ঞতা আৰু যৌন আচাৰ-ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে।১২
ভোহ্ৰাই উল্লেখ কৰিছে যে এই প্লেটফৰ্মটোৱে “ইচ্ছা, স্বাধীনতা, লিংগ, সমতা আৰু পছন্দ”ৰ বিষয়ে আলোচনা কৰিব লাগে।১৩ লগতে ইয়াক এনে এখন মঞ্চ হিচাপে গঢ়ি তুলিবলৈ বিচাৰে য’ত ভাৰতীয় যুৱসমাজে যৌনতা সম্পৰ্কীয় সঠিক তথ্য লাভ কৰিব পাৰে।১২
তথ্যসূত্ৰ
- ↑ Aitken, Ian. (31 October 2011). The Concise Routledge Encyclopedia of the Documentary Film. Routledge. পৃ. 405. ISBN 978-0-415-59642-8
- ↑ Kamath, Sudhish. (11 February 2005). Khamosh Pani. দ্য হিন্দু
- ↑ Parodevi Pictures. www.parodevipictures.com
- ↑ (2020-04-28). The 'Women In Labour' Podcast: Filmmaker Paromita Vohra on adopting narratives free of patriarchy. Firstpost
- ↑ Articles by Paromita Vohra
- ↑ (2019-12-03). Filmmaker-artist Paromita Vohra's new installation urges to not shy away from pleasures aural and oral. The Indian Express
- ↑ Ashalata Biswas. Cinemaazi
- ↑ Pandya, Sonal. (October 17, 2016). Down memory lane: Ashalata Biswas. Cinestan
- ↑ Nathan, Archana. (2 April 2015). And I make documentaries. The Hindu
- ↑ Almeida, Rhea. (December 2018). How 'Agents of Ishq' is Helping India Talk About Sex. Goethe-Institut/Max Mueller Bhavan
- ↑ The Team - Agents of Ishq. Agents of Ishq
- ↑ Mantri, Geetika. (September 30, 2016). Singing condoms, podcasts and memes: 'Agents of Ishq' is on a mission to make sex ed fun. The News Minute
- ↑ Cook, Ian M; Udupa, Sahana. (September 6, 2019). Online Gods Ep 4: Rumours and the Agents of Ishq. Economic and Political Weekly
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাৰমিতা ভোহ্ৰা” প্ৰবন্ধৰ সংশোধন ৬৩৭৩৪৩ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।