অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

আকবৰী মহল

আকবৰী মহল আগ্ৰা দুৰ্গৰ জেনানা (হাৰেম কোৱাৰ্টাৰ)ত অৱস্থিত এটা ৰাজপ্ৰাসাদ। ই সম্ৰাটৰ অধীনৰ হাৰেমৰ মহিলাসকলৰ বাসগৃহ হিচাপে ব্যৱহৃত হৈছিল আৰু সম্ৰাটৰ বাবে জিৰণি লোৱাৰ ঠাই হিচাপে ব্যৱহাৰ কৰা হৈছিল।

হালনাগাদ: ১৮ ছেপ্তেম্বৰ ২০২৬ ১২০ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

আকবৰী মহল আগ্ৰা দুৰ্গৰ জেনানা (হাৰেম কোৱাৰ্টাৰ)ত অৱস্থিত এটা ৰাজপ্ৰাসাদ। ই সম্ৰাটৰ অধীনৰ হাৰেমৰ মহিলাসকলৰ বাসগৃহ হিচাপে ব্যৱহৃত হৈছিল আৰু সম্ৰাটৰ বাবে জিৰণি লোৱাৰ ঠাই হিচাপে ব্যৱহাৰ কৰা হৈছিল।

ইতিহাস

১৫৬৫ চনৰ আশে-পাশে নিৰ্মিত আকবৰী মহল হাৰেমৰ দক্ষিণ-পূব অংশত অৱস্থিত আৰু ই ৰাজপৰিয়ালৰ পত্নীসকলৰ অন্যতম ৰাজপ্ৰসাদ হিচাপে ব্যৱহৃত হৈছিল।১ জাহাংগীৰি মহল, বাংলা বুৰ্জ আৰু খাছ মহলৰ মাজত অৱস্থিত ইয়াৰ এটা বৃহৎ শিলৰ পকী চোতাল আছে আৰু ইয়াৰ চাৰিওফালে বিভিন্ন কোঠা আৰু ছুইট আছে।২ ইয়াৰ পশ্চিম দিশৰ গেটৱেৰ মাজেৰে এটা প্ৰৱেশদ্বাৰ আছে, যিটো এনেদৰে ডিজাইন কৰা হৈছে যাতে ই হাৰেমৰ মহিলাসকলৰ বাবে পৰ্দা বা আঁৰ-বেৰ নিশ্চিত কৰে।৩ তলৰ মহলাত ওখ চিলিং থকা বৃহৎ বিশাল হলটোৱে মহিলা আৰু সম্ৰাটৰ সভাস্থলী হিচাপে কাম কৰিছিল।৪ ইয়াৰ বিপৰীত ফালে বাঙালী বুৰ্জৰ ওচৰত আকবৰী বাওলি (কুঁৱা) আছে।

আকবৰী মহলৰ এটা কোঠা
আকবৰী মহলৰ এটা কোঠাছবি: Anupamg · CC BY-SA 3.0

তথ্যসূত্ৰ

  1. ↑ Kausar, Zinat. (1992). Muslim Women in Medieval India. Janaki Prakashan. ISBN 978-81-85078-74-8
  2. ↑ Nath, R. (1977). Agra and Its Monumental Glory. Taraporevala
  3. ↑ Peck, Lucy. (2011-04-06). Agra: The Architectural Heritage. Roli Books Private Limited. ISBN 978-81-7436-942-0
  4. ↑ Akbari Mahal Agra - Akbari Mahal Agra Fort - Akbari Mahal Red Fort Agra - Akbari Mahal Agra India. www.agraindia.org.uk

সম্পৰ্কিত শ্ৰেণী

ঐতিহাসিক কীৰ্তিচিহ্ন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আকবৰী মহল” প্ৰবন্ধৰ সংশোধন ৬৩৬০৯৫ (১৮ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।