অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

শ্বিশ গুম্বাদ

শ্বিছ গুম্বাদ ("গ্লেজড গম্বুজ"), লোডী বংশৰ এটা সমাধি আৰু ১৪৮৯ চনৰপৰা ১৫১৭ খ্ৰীষ্টাব্দৰ ভিতৰত নিৰ্মাণ কৰা বুলি অনুমান কৰা হয়; ইতিহাসবিদ চাইমন ডিগবীয়ে কাষৰ মছজিদটোৰ এটা শিলালিপিৰ ভিত্তিত যুক্তি দিছে যে ইয়াক ১৪৯৪ খ্ৰীষ্টাব্দত সম্পূৰ্ণ কৰা হৈছিল।

হালনাগাদ: ২৬ জানুৱাৰী ২০২৬ ৩২৫ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

শ্বিছ গুম্বাদ ("গ্লেজড গম্বুজ"), লোডী বংশৰ এটা সমাধি আৰু ১৪৮৯ চনৰপৰা ১৫১৭ খ্ৰীষ্টাব্দৰ ভিতৰত নিৰ্মাণ কৰা বুলি অনুমান কৰা হয়; ১ ইতিহাসবিদ চাইমন ডিগবীয়ে কাষৰ মছজিদটোৰ এটা শিলালিপিৰ ভিত্তিত যুক্তি দিছে যে ইয়াক ১৪৯৪ খ্ৰীষ্টাব্দত সম্পূৰ্ণ কৰা হৈছিল।২ শ্বিছ গুম্বাদ (কাঁচৰ গম্বুজ)ত কবৰ আছে, য’ত বাস কৰা লোকসকলক নিৰ্দ্বিধায় চিনাক্ত কৰিব পৰা নাযায়। ইতিহাসবিদসকলে কৈছে যে, এই গঠনটো হয় এটা অজ্ঞাত পৰিয়ালৰ বাবে উৎসৰ্গিত হ’ব পাৰে, যিটো লোডী পৰিয়ালৰ অংশ আৰু চিকন্দৰ লোডীৰ দৰবাৰৰ আছিল,৩৪৫৬ নহয় ই বাহলুল লোডী (মৃত্যু ১২ জুলাই ১৪৮৯)ৰ বাবে উৎসৰ্গিত হ'ব পাৰে, যি আফগান লোডী জনগোষ্ঠীৰ মুৰব্বী, দিল্লী চুলতানৰ লোডী বংশৰ প্ৰতিষ্থাপক আৰু চুলতান আছিল।২

শ্বিছ গুম্বাদ দিল্লীৰ লোডী বাগিছাত অৱস্থিত আৰু এই সমাধিস্থল অঞ্চলটোক আনুষ্ঠানিকভাৱে গাঁও খাইৰপুৰ বুলি কোৱা হৈছিল।৭৮

ইতিহাস

শ্বিশ গুম্বাদ নিৰ্মাণৰ সঠিক তাৰিখ জানিব পৰা হোৱা নাই। শ্বিশ গুম্বাদকে ধৰি লোডী উদ্যানত চাৰিটা কীৰ্তিচিহ্ন (সমাধি) আছে। চাৰিটা সমাধিৰ ভিতৰত আটাইতকৈ পুৰণি মহম্মদ শ্বাহ (যি ছায়ীদ বংশৰ আছিল)ৰ সমাধি। শ্বাহৰ সমাধি ১৪৪৪ খ্ৰীষ্টাব্দত আলাউদ্দিন আলম শ্বাহে নিৰ্মাণ কৰিছিল। ছিকন্দৰ লোডীৰ শাসন কালত বৰা গুম্বাদ আৰু কাষৰীয়া মছজিদ নিৰ্মাণ কৰা হৈছিল। ১৫১৭ চনত ইব্ৰাহিম লোডীয়ে নিৰ্মাণ কৰিছিল ছিকন্দৰ লোডীৰ সমাধি। শ্বিশ গুম্বাদ ১৪৮৯-১৫১৭ খ্ৰীষ্টাব্দৰ ভিতৰত ইব্ৰাহিম লোডীয়ে নিৰ্মাণ কৰা বুলি কোৱা হয়।৮৯

ইতিহাসবিদসকলৰ মাজত এই গঠনৰ ভিতৰৰ কবৰবোৰ কোন কোন সেই বিষয়ে কোনো সহমত নাই। শ্বিশ গুম্বাদ হয়তো কোনো অজ্ঞাত পৰিয়ালৰ বাবে উৎসৰ্গিত হ'ব পাৰে, যিটো লোডী পৰিয়ালৰ আৰু চিকন্দৰ লোডীৰ দৰবাৰৰ অংশ আছিল,৩৪৫৬ নহয় ই বাহলুল লোডী (মৃত্যু ১২ জুলাই ১৪৮৯)ৰ বাবে উৎসৰ্গিত আছিল, যি আফগান লোডী জনগোষ্ঠীৰ প্ৰধান আৰু দিল্লী চুলতানৰ লোডী বংশৰ প্ৰতিষ্ঠাপক আৰু চুলতান আছিল।২১০১১

প্ৰথম অৱস্থাত সকলো কীৰ্তিচিহ্ন স্বতন্ত্ৰভাৱে নিৰ্মাণ কৰা হৈছিল আৰু এটা পৰিসীমাত নাছিল। ২০ শতিকাৰ আৰম্ভণিতে এখন উদ্যান গঢ়ি তোলা হয় যিটো ১৯৩৬ চনৰ ৯ এপ্ৰিলত লেডী উইলিংডনে চাৰিটা কীৰ্তিচিহ্নক এটা পৰিসীমাত আনি উদ্বোধন কৰে।৮

নিৰ্মাণ

১৪৮৯-১৫১৭ খ্ৰীষ্টাব্দৰ ভিতৰত নিৰ্মিত শ্বিশ গুম্বাদ বৰ্গক্ষেত্ৰৰ আকৃতিত নিৰ্মাণ কৰা হৈছে। ব্ৰেকেট আৰু লিণ্টেল বিমৰ সংমিশ্ৰণ ব্যৱহাৰ কৰি এই স্থাপত্য ইছলামিক আৰু ভাৰতীয় স্থাপত্যৰ মিশ্ৰণ। যদিও গুম্বাদটো বাহিৰৰ পৰা দুটা মহলাত বিস্তৃত যেন লাগে, প্ৰকৃততে গঠনটো মাত্ৰ এটা মহলাহে। গুম্বাদৰ পশ্চিম দেৱাল মিহৰাবেৰে গঠিত যিয়ে মছজিদ হিচাপেও কাম কৰিছিল। এই স্মৃতিসৌধৰ মূল কোঠাটোৰ আকাৰ ১০ বৰ্গমিটাৰ (১০৮ বৰ্গফুট)।১২১৩

চিলিংখন প্লাষ্টাৰৰ কামেৰে সজাই তোলা হৈছে য’ত কোৰআনৰ শিলালিপি আৰু ফুলৰ ডিজাইন আছে। এই স্মৃতিসৌধটো প্ৰথমে কাঁচৰ দৰে জিলিকি থকা নীলা ইনামেলযুক্ত টাইলছেৰে সজাই তোলা হৈছিল। সেয়ে ইয়াৰ নাম "শ্বিশ গুম্বাদ" পালে। নীলা টাইলছৰ সজ্জা বৰ্তমান কেৱল মূল ফ্ৰণ্টেজৰ ওপৰত ট্ৰেচতহে আছে।

অৱস্থান

ভাৰতৰ দিল্লীৰ লোডী গাৰ্ডেনত অৱস্থিত আৰু ইয়াৰ এটা অংশ শ্বিশ গুম্বাদ। এই স্মৃতিসৌধটো থকা গাঁওখনক আগতে খইৰপুৰ বুলি কোৱা হৈছিল। বাগিচাখনৰ সীমাৰেখা পশ্চিম, উত্তৰ-পশ্চিম আৰু উত্তৰত অমৃতা শ্বাৰগিল মাৰ্গ, পূব দিশত মেক্স মুলাৰ মাৰ্গ আৰু দক্ষিণ দিশত লোডী ৰোড। লোডী উদ্যানৰ দক্ষিণ-পশ্চিম কোণত অৱস্থিত চফদৰজং সমাধি।

তথ্যসূত্ৰ

  1. ↑ Unknown Tomb. competentauthoritydelhi.co.in
  2. ↑ Simon Digby, The Tomb of Buhlul Lodi, The Bulletin of SOAS, Vol. 38, No. 3, 1975, pp. 550–61
  3. ↑ Who rests under that dome. দ্য হিন্দু
  4. ↑ Tombs within Lodi Gardens. Delhi information website
  5. ↑ Lodi Garden attraction. Expedia
  6. ↑ (30 May 2015). Heritage of the Gumbads. Delhi: Unknown Tales of a City (Chapter 32). ISBN 9789351941255
  7. ↑ Alphabetical List of Monuments in Delhi. Archaeological Survey of India
  8. ↑ Important gardens. New Delhi Municipal Council
  9. ↑ Bara Gumbad. orientalarchitecture.com
  10. ↑ C.E. Bosworth, The New Islamic Dynasties, (Columbia University Press, 1996), 304
  11. ↑ Ten sites in Delhi you must visit. Zee News
  12. ↑ Bystanders of the past. দ্য হিন্দু
  13. ↑ Lodi Gardens, New Delhi. fiftyplustravels.com

সম্পৰ্কিত শ্ৰেণী

ঐতিহাসিক কীৰ্তিচিহ্ন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বিশ গুম্বাদ” প্ৰবন্ধৰ সংশোধন ৫৭১৪৭৮ (২৬ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।