অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

নুৰ শ্বছমা

নুৰ শ্বছমা হৈছে ১৬১৫ চনত মোগল সম্ৰাট জাহাংগীৰে চিকাৰৰ সময়ত ৰ’বৰ বাবে নিৰ্মাণ কৰা এটা ৰাজপ্ৰাসাদ আৰু তেওঁৰ নিজৰ নাম নুৰ-উদ্দিন মহম্মদ জাহাংগীৰৰ নামেৰে এই ঠাইখনৰ নাম শ্বছমা-ই-নুৰ (چشما نور – পোহৰৰ বসন্ত) ৰখা হৈছিল। বৰ্তমান ভাৰতৰ আজমেৰত অৱস্থিত আৰু এতিয়া ই কেৱল এটা ধ্বংসপ্ৰাপ্ত মণ্ডপ।

হালনাগাদ: ১৮ ছেপ্তেম্বৰ ২০২৬ ২০১ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

নুৰ শ্বছমা হৈছে ১৬১৫ চনত মোগল সম্ৰাট জাহাংগীৰে চিকাৰৰ সময়ত ৰ’বৰ বাবে নিৰ্মাণ কৰা এটা ৰাজপ্ৰাসাদ আৰু তেওঁৰ নিজৰ নাম নুৰ-উদ্দিন মহম্মদ জাহাংগীৰৰ নামেৰে এই ঠাইখনৰ নাম শ্বছমা-ই-নুৰ (چشما نور – পোহৰৰ বসন্ত) ৰখা হৈছিল।১ বৰ্তমান ভাৰতৰ আজমেৰত অৱস্থিত আৰু এতিয়া ই কেৱল এটা ধ্বংসপ্ৰাপ্ত মণ্ডপ।২

ইতিহাস

খোৱাজা মুইনুদ্দিন চিষ্টিৰ কন্যা হাফিজ জামালে কিছুদিন ইয়াত ধৰ্মীয় কাৰণ একাকিত্বত বাস কৰিছিল। ১৬১৩ খ্ৰীষ্টাব্দত জাহাংগীৰ আজমেৰলৈ আহি ইয়াত চিকাৰৰ ৰাজপ্ৰাসাদ নিৰ্মাণ কৰি মহল শ্বাহ নুৰ-উদ্দিন জাহাংগীৰ (̠জাহাংগীৰ ৰজাৰ ৰাজপ্ৰাসাদ) নাম ৰাখিছিল।

জাহাংগীৰে আজমেৰত প্ৰায় তিনি বছৰ (১৬১৩ চনৰপৰা ১৬১৯ খ্ৰীষ্টাব্দ) বাস কৰিছিল। সম্ৰাটে নিজেই তুজুক-ই-জাহাংগিৰীত এই ঠাইখনৰ বৰ্ণনা কৰিছে আৰু উপত্যকাটোত এটা ৰাজপ্ৰাসাদ নিৰ্মাণ কৰিবলৈ আৰু কিছুমান শ্বায়েৰী এটা শিলত লিখিবলৈ আৰু শিলটো তলৰ অট্টালিকাৰ তোৰণৰ ওপৰত স্থাপন কৰিবলৈ নিৰ্দেশ দিছিল।৩ ছাৰ থমাছ ৰ’ৱেও তেওঁৰ জাৰ্নেলত এই ঠাইখনক 'বিষাদপূৰ্ণ আনন্দৰ স্থান' বুলি বৰ্ণনা কৰিছে।৪

এই ঠাইত আন এটা ঐতিহাসিক গুৰুত্বপূৰ্ণ ধ্বংসাৱশেষ আছে, এটা বিশাল অসমাপ্ত জল ফোঁৱাৰাৰে, বৰ্তমান "ৰুথী ৰাণী কা মহল" বুলি জনা যায়, যিটো ১৫৩৫ চনত শাসনভাৰ লৈ মেৰৱাৰৰ ৰাও মালদেৱে নিৰ্মাণ কৰিছিল।৫ ফোঁৱাৰাটো মুখামুখীকৈ থকা স্তম্ভৰে গঠিত আছিল আৰু পানী শ্বছমাৰ পৰা তাৰাগড় দুৰ্গলৈ উঠাব লাগিছিল।

শেষৰফালে শ্বছমা উপত্যকা অলপ বহল হয় আৰু ইয়াতেই ঐতিহাসিক আজমেৰ যুদ্ধ৬ দাৰা শিকোহ আৰু ঔৰংজেবৰ মাজত শ্বাহজাহানৰ সঠিক উত্তৰাধিকাৰীৰ ভাগ্য নিৰ্ণয় কৰাৰ বাবে যুঁজ হয়।

তথ্যসূত্ৰ

  1. ↑ Sarda, Har Bilas. (1911). Ajmer: Historical And Descriptive.
  2. ↑ Kumar, Arjun. Ajmer: Beyond the dargah. The Economic Times
  3. ↑ Jahangir, Emperor of Hindustan; Rogers, Alexander; Beveridge, Henry. (1909–1914). The Tuzuk-i-Jahangiri; or, Memoirs of Jahangir. Translated by Alexander Rogers. Edited by Henry Beveridge. London Royal Asiatic Society
  4. ↑ Roe, Thomas; Foster, William. (1899). The embassy of Sir Thomas Roe to the court of the Great Mogul, 1615–1619, as narrated in his journal and correspondence. London, Printed for the Hakluyt society
  5. ↑ Tod, James. (1914). Annals And Antiquities Of Rajasthan Vol.2
  6. ↑ Battle of Deorai · Indian history. Encyclopædia Britannica

সম্পৰ্কিত শ্ৰেণী

ঐতিহাসিক কীৰ্তিচিহ্ন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নুৰ শ্বছমা” প্ৰবন্ধৰ সংশোধন ৬৩৬২০৪ (১৮ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।