ঋষি
৬৭ প্ৰবন্ধ
-
অৱৎসৰ
অৱৎসৰ ঋগবেদত উল্লেখ থকা এগৰাকী ঋষি। তেওঁৰ নাম প্ৰথমে পঞ্চম মণ্ডলৰ ৪৪ নং সূক্তত পোৱা যায়।
-
কন্ৱ
কন্ব ত্ৰেতাযুগৰ এজন প্ৰাচীন হিন্দু ঋষি আছিল। তেওঁ ঋগবেদৰ কিছুমান গীত লিখিছিল বুলি কোৱা হৈছে। তেওঁ অংগিৰসসকলৰ অন্যতম আছিল। তেওঁক ঘোৰাৰ পুত্ৰ বুলি কোৱা হৈছে যদিও এই বংশ “প্ৰগথা কন্ব’’ৰ, পৰৱৰ্তী যি বহুতো কন্ৱ আছিল।
-
কৰ্দম
কৰ্দম প্ৰাচীন হিন্দু সাহিত্যত প্ৰচলিত এটা চৰিত্ৰ। সৃষ্টিকৰ্তা ব্ৰহ্মাৰ পুত্ৰ কৰ্দমক সৃষ্টিৰ অন্যতম পূৰ্বপুৰুষ প্ৰজাপতি বুলি বৰ্ণনা কৰা হৈছে। বিষ্ণুক প্ৰসন্ন কৰি উপযুক্ত পত্নীৰ বাবে তেওঁৰ পৰামৰ্শ বিচাৰি প্ৰথম পুৰুষ মনুৰ এগৰাকী কন্যা দেৱাহুতিক বিয়া কৰায়।
-
গ্ৰিৎসমদ
গ্ৰীৎসমদ, এজন ঋগ্বেদিক ঋষি আছিল। ঋগবেদৰ দ্বিতীয় মণ্ডলৰ অধিকাংশই তেওঁৰ বুলি কোৱা হয়। তেওঁ শুনাহোত্ৰ অংগিৰসৰ পুত্ৰ আৰু শুনাক ভাৰ্গৱৰ দত্তক পুত্ৰ। উইটজেলৰ মতে সোমাহুতি ভাৰ্গৱ গ্ৰীৎসমদৰ বংশধৰ, কাৰণ সোমাহুতিয়ে তেওঁক গ্ৰীৎসমদৰ ভিতৰত এজন বুলি কৈছে।
-
জৰৎকাৰু
জৰৎকাৰু হিন্দু ধৰ্মৰ এজন ঋষি। তেওঁ নাগ-দেৱী মনসাৰ স্বামী আৰু তেওঁলোকৰ পুত্ৰ আস্তিক মুনিৰ পিতৃ। মনসা আৰু আস্তিকৰ কাহিনীত তেওঁক গৌণ চৰিত্ৰ হিচাপে দেখা যায়। জৰৎকাৰুক কঠোৰ তপস্যা কৰা মহান বিদ্বান ঋষি হিচাপে বৰ্ণনা কৰা হৈছে।
-
দেৱপী
দেৱপী বা দেৱপী অৰ্ষ্টিষেণ, এজন অমৰ ঋষি। নিৰুক্ত (ii.10), বৃহদ্দেৱত, মহাভাৰত, পুৰাণ আদিৰ মতে তেওঁ কুৰু ৰাজকুমাৰ আৰু হস্তিনাপুৰৰ ৰজা প্ৰতীপৰ জ্যেষ্ঠ পুত্ৰ আছিল।
-
প্ৰতাৰ্দনা
প্ৰতাৰ্দনা হিন্দু সাহিত্যত প্ৰচলিত চন্দ্ৰবংশ (চন্দ্ৰ বংশ)ৰ এজন ৰজা। তেওঁক দ্যুমন, শত্ৰুজিত, বৎস, ঋতধ্বজ, কুৱলাশ্ব বুলিও কোৱা হয়। তেওঁ কাশীৰ ৰজা দিৱোদাস আৰু যযাতি ৰজাৰ কন্যা মাধৱীৰ পুত্ৰ। তেওঁ অষ্টকৰ পিতৃ।
-
মধুচন্দা
মধুচন্দা বা মধুচ্চন্দা, মধুষচন্দাঃ বৈশ্বমিত্ৰ নামেৰেও জনাজাত, হিন্দু সাহিত্যত উল্লেখ কৰা এজন ঋষি। ঋগবেদৰ কেইবাটাও গীত তেওঁৰ দ্বাৰা ৰচিত। তেওঁ বিশ্বামিত্ৰ ঋষিৰ অন্যতম পুত্ৰ। মধুচ্চন্দাক বৈদিক সাহিত্যৰ ওপৰত পূৰ্ণজ্ঞান প্ৰাপ্ত কৰা বুলি গণ্য কৰা হয় আৰু তেওঁ এজন মহান গায়কো আছিল।
-
মৃকান্দ
মৃকান্দ বা মৃকাণ্ড হিন্দু পৌৰাণিক কাহিনীৰ এজন ঋষি। তেওঁ মনস্বিনীৰ স্বামী আৰু মাৰ্কণ্ডেয়ৰ পিতৃ।
-
শকতায়ন
শকতায়ন (শাকতায়ন; ৮১৪–৭৬০ খ্ৰীষ্টপূৰ্ব) এজন সংস্কৃত ব্যাকৰণবিদ, ভাষাবিদ আৰু বৈদিক পণ্ডিত। তেওঁৰ এই তত্ত্বৰ বাবে পৰিচিত যে, সকলো বিশেষ্যই এটা বাক্যমূলৰপৰা উদ্ভৱ হৈছে, যিটো ব্যাকৰণবিদ পাণিনিৰ বিপৰীত আছিল। তেওঁ এইটোও ধাৰণা কৰিছিল যে, বিশেষ্য বা আন শব্দৰ লগত সংলগ্ন হ’লেহে বিভক্তিবোৰৰ অৰ্থ থাকে।
-
শাকল্য
শাকল্য আছিল প্ৰাচীন ভাৰতীয় ব্যাকৰণবিদ আৰু বৈদিক যুগৰ পণ্ডিত। তেওঁৰ আদি নাম আছিল বিদগ্ধ। যিহেতু তেওঁ বৈদিক ঋষি শকলৰ পুত্ৰ আছিল, সেয়েহে তেওঁক শাকল্য বুলিও কোৱা হৈছিল। তেওঁ বৈদিক গ্ৰন্থসমূহ সংশোধন কৰি পদপাঠ ৰচনা কৰা বুলি ধৰা হয়।
-
সত্যকাম জাবালা
সত্যকাম জাবালা, যাক সত্যকাম জাবালি বুলিও জনা যায়, এজন বৈদিক ঋষি আছিল, যি প্ৰথমে প্ৰাচীন বৈদিক গ্ৰন্থৰ চতুৰ্থ প্ৰপাথক/অধ্যায় চান্দোগ্য উপনিষদত প্ৰকাশ পাইছে। বাল্যৱস্থাতে ব্ৰহ্মচাৰী হ’বলৈ মন কৰি সত্যকামে মাতৃ জবালাৰপৰা তেওঁৰ পিতৃ আৰু পৰিয়ালৰ বিষয়ে জানিবলৈ ইচ্ছা কৰে।
-
অশ্বল
অশ্বল মিথিলাৰ ৰজা জনকৰ দৰবাৰত প্ৰধান হোত্ৰ ব্ৰাহ্মণ পুৰোহিত আছিল। জনক ৰজাই আয়োজন কৰা অশ্বমেধ যজ্ঞত তেওঁ পৰিচালক আছিল, য’লৈ কুৰু আৰু পাঞ্চলৰ ব্ৰাহ্মণসকলক আমন্ত্ৰণ জনোৱা হৈছিল। বৃহদাৰণ্যক উপনিষদ আৰু শতপথ ব্ৰাহ্মণ গ্ৰন্থত তেওঁৰ উল্লেখ আছে।
-
উপমন্যু
উপমন্যু হিন্দু ধৰ্মৰ এজন ঋষি, শিৱ দেৱতাৰ ভক্ত আৰু গণৰ নেতা (গানমত্য) হোৱাৰ বাবে বেছিকৈ পৰিচিত। তেওঁক সামবেদৰ বাম্চা ব্ৰাহ্মণ (১.১৮)ত উল্লেখ কৰা কম্বোজা ঔপমান্যৱ ঋষিৰ পিতৃ বা পূৰ্বপুৰুষ বুলি কোৱা হয়।
-
ঋষি কিন্দম
ঋষি কিন্দম (সংস্কৃত: किन्दम) হিন্দু মহাকাব্য মহাভাৰতত উল্লেখ কৰা এজন ঋষি।
-
কহোদা
কহোদা প্ৰাচীন ভাৰতীয় উপমহাদেশৰ মিথিলা ৰাজ্যৰ এজন বৈদিক ঋষি আছিল। তেওঁ আছিল মিথিলা অঞ্চলৰ বেদৰ আচাৰ্য। ভাৰতীয় বিখ্যাত দাৰ্শনিক অষ্টবক্ৰৰ পিতৃ।
-
কাক্ষীৱত
দীৰ্ঘতমাৰ পুত্ৰ কাক্ষীৱত এজন প্ৰাচীন বৈদিক ঋষি আছিল। তেওঁক প্ৰাজা (শক্তিশালী) বুলি কোৱা হৈছিল। তেওঁৰ কন্যা ঘোষা তেওঁৰ শিষ্যা হিচাপে আছিল, যিয়ে পিতৃৰ দৰে বৈদিক শ্লোক ৰচনা কৰিছিল। তেওঁৰ বংশধৰসকলক কাক্ষীৱত বুলিও কোৱা হয়।
-
কৌশিক
কৌশিক বা কৌছিক হৈছে ব্ৰাহ্মণসকলৰ এটা উপাধি আৰু গোত্ৰ, যাৰ নাম ব্ৰহ্মৰ্ষি বিশ্বামিত্ৰৰ নামেৰে নামাকৰণ কৰা হৈছে। কৌশিক/কৌছিক হৈছে ভাৰতীয় বংশৰ ওপৰত প্ৰয়োগ কৰা প্ৰাচীন ভাৰতীয় "গোত্ৰ"। কৌশিকৰ উৎপত্তি এটা প্ৰাচীন হিন্দু গ্ৰন্থৰ পৰা উল্লেখ কৰিব পাৰি।
-
গৰ্গ (ঋষি)
গৰ্গ আছিল এজন প্ৰাচীন ভাৰতীয় ঋষি, যিয়ে ঋগ্বেদ গীত ৰচনা কৰিছিল। একে নামৰ আন লোকৰ পৰা তেওঁক পৃথক কৰিবলৈ তেওঁক গৰ্গ ভৰদ্বাজ ("ভাৰদ্বাজৰ বংশধৰ গৰ্গ") বুলিও জনা যায়।
-
পিপ্পলাড়া
পিপ্পলাড়া হিন্দু পৰম্পৰাৰ এজন ঋষি আৰু দাৰ্শনিক আছিল। দহখন মুখ্য উপনিষদৰ ভিতৰত অন্যতম প্ৰশ্নোপনিষদৰ ৰচনাকাৰ বুলি তেওঁক বেছিকৈ জনা যায়। তেওঁ অথৰ্ববেদ শিক্ষাৰ পিপ্পলাড়া চিন্তাধাৰা প্ৰতিষ্ঠা কৰিছিল বুলি বিশ্বাস কৰা হয়। কিছুমান পুৰাণত তেওঁক শিৱৰ অৱতাৰ (অংশ) বুলি গণ্য কৰা হয়।
-
বদৰায়ণ
বদৰায়ণ আছিল এজন ভাৰতীয় দাৰ্শনিক আৰু ঋষি যি ব্ৰহ্মসূত্ৰৰ সুখ্যাত ৰচক আছিল। ব্ৰহ্মসূত্ৰসমূহ হিন্দু দাৰ্শনিক বেদান্ত বিদ্যালয়ৰ উৎস গ্ৰন্থ আৰু উপনিষদ আৰু ভাগৱত গীতাৰ লগতে প্ৰস্থানত্ৰয়ীৰ তিনিখন গ্ৰন্থৰ ভিতৰত অন্যতম।
-
বিভাণ্ডক
বিভাণ্ডক হিন্দু ধৰ্মৰ এজন ঋষি। তেওঁ ঋষি কাশ্যপৰ বংশৰ অন্তৰ্গত। ৰামায়ণত বৰ্ণিত ঋষ্যশৃংগ আছিল, তেওঁৰ পুত্ৰ। মহাভাৰতত এটা কাহিনী বৰ্ণিত আছে যে, ঋষি বিভাণ্ডকে এবাৰ অপ্সৰীসকলৰ ভিতৰত আটাইতকৈ ধুনীয়া উৰ্বশীক দেখা পোৱাৰ সুযোগ পাইছিল।
-
ভাণ্ডিন
ভাণ্ডিন মিথিলা ৰাজ্যৰ ৰজা জনকৰ দৰবাৰত ৰাজকীয় আচাৰ্য আছিল। কিছুমান নথি-পত্ৰত তেওঁৰ নাম ভাণ্ডী বা বাণ্ডি বুলি লিখা আছে। তেওঁ এজন জ্ঞানী পণ্ডিত আছিল, যিয়ে মিথিলাৰ ৰজা জনকৰ দৰবাৰত অনুষ্ঠিত হোৱা শাস্ত্ৰ বিতৰ্কত বহু বৈদিক পণ্ডিতক পৰাস্ত কৰিছিল।
-
মিত্ৰ-বৰুণ
মিত্ৰ আৰু বৰুণ ঋগবেদৰ প্ৰাচীন ভাৰতীয় শাস্ত্ৰত সঘনাই উল্লেখ কৰা দুজন দেৱতা। দুয়োকে আদিত্য অৰ্থাৎ অদিতিৰ পুত্ৰ বুলি গণ্য কৰা হয়; আৰু তেওঁলোক ঋতৰ সৎ ক্ৰমৰ ৰক্ষক। তেওঁলোকৰ সংযোগ ইমানেই ঘনিষ্ঠ যে সঘনাই মিত্ৰ–বৰুণ যুৰীয়া নামত এওঁলোকৰ সংযোগ ঘটে।
-
মুদগল
ৰাজৰ্ষি মুদ্গল (বা মুদ্গাল নামেৰেও লিখা হয়) নামেৰে পৰিচিত ঋষি মুদ্গল হিন্দু ধৰ্মৰ ৰাজৰ্ষিসকলৰ ভিতৰত অন্যতম। প্ৰথমে ক্ষত্ৰিয় (যোদ্ধা) ৰজা হিচাপে জন্মগ্ৰহণ কৰা মুদ্গলে ৰাজকীয় বিলাসী জীৱনশৈলী কটায়।
-
লোমশ মুনি
লোমশ মুনি হিন্দু গ্ৰন্থত উল্লেখ কৰা এজন ঋষি। মহাভাৰতত তেওঁক আটাইতকৈ বেছি উল্লেখ কৰা হৈছে, য'ত তেওঁ পাণ্ডৱসকলক অৰণ্যত নিৰ্বাসনৰ সময়ছোৱাত কেইবাটাও কিম্বদন্তি বৰ্ণনা কৰিছে।
-
শক্তি (ঋষি)
হিন্দু ধৰ্মত শক্তি আছিল এজন ঋষি (মুনি) আৰু বশিষ্ঠ আৰু অৰুন্ধতীৰ পুত্ৰ। মহাভাৰত মহাকাব্যত উল্লেখ থকা পৰাশৰৰ পিতৃ। শক্তি সম্পৰ্কে মহাভাৰতত পোৱা যায় এক কিংবদন্তি। এসময়ত ৰজা কল্মাশপাদে চিকাৰ কৰিবলৈ গৈ বহুতো জীৱ-জন্তু হত্যা কৰিছিল। ভাগৰুৱা আৰু ভোক আৰু পিয়াহত ভোগা ৰজাই হাবিৰ মাজেৰে আগবাঢ়ি গৈ আছিল।
-
শতানন্দ (ঋষি)
শতানন্দ এগৰাকী বৈদিক ঋষি আৰু প্ৰাচীন মিথিলাৰ জনক ৰজাৰ দৰবাৰত প্ৰধান পুৰোহিত আছিল। বাল্মীকি ৰামায়ণত তেওঁক মহৰ্ষি গৌতম আৰু দেৱী অহল্যাৰ জ্যেষ্ঠ পুত্ৰ হিচাপে উল্লেখ কৰা হৈছে।
-
সাংখ্যয়ান
সাংখ্যয়ান আছিল ঋগবেদ গ্ৰন্থত উল্লেখ কৰা এগৰাকী বৈদিক ঋষি। তেওঁ বশিষ্ঠ ঋষিৰ বংশৰ আছিল। তেওঁ ঋগবেদৰ কৌশিতকী ব্ৰাহ্মণ গ্ৰন্থৰ লেখক আছিল যাক পিছলৈ সাংখ্যায়ন ব্ৰাহ্মণ বুলি কোৱা হৈছিল।
-
সান্দিপনি
সন্দিপনি (সংস্কৃত: सान्दीपनि), কেতিয়াবা সান্দীপানী বুলিও অনুবাদ কৰা হয়, হিন্দু ধৰ্মত কৃষ্ণ আৰু বলোৰামৰ গুৰু। তেওঁ সকলো বেদ, চিত্ৰকলা, জ্যোতিৰ্বিজ্ঞান, গন্ধৰ্ব বেদ, চিকিৎসা, হাতী আৰু ঘোঁৰাৰ প্ৰশিক্ষণ, ধনুৰ্বিদ্যা আদিৰ বিষয়ে তেওঁলোকক শিক্ষিত কৰা বুলি ধৰা হয়।