অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শাকল্য

শাকল্য আছিল প্ৰাচীন ভাৰতীয় ব্যাকৰণবিদ আৰু বৈদিক যুগৰ পণ্ডিত। তেওঁৰ আদি নাম আছিল বিদগ্ধ। যিহেতু তেওঁ বৈদিক ঋষি শকলৰ পুত্ৰ আছিল, সেয়েহে তেওঁক শাকল্য বুলিও কোৱা হৈছিল। তেওঁ বৈদিক গ্ৰন্থসমূহ সংশোধন কৰি পদপাঠ ৰচনা কৰা বুলি ধৰা হয়।

হালনাগাদ: ১৫ আগষ্ট ২০২৫ ২৬৬ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

শাকল্য আছিল প্ৰাচীন ভাৰতীয় ব্যাকৰণবিদ আৰু বৈদিক যুগৰ পণ্ডিত। তেওঁৰ আদি নাম আছিল বিদগ্ধ। যিহেতু তেওঁ বৈদিক ঋষি শকলৰ পুত্ৰ আছিল, সেয়েহে তেওঁক শাকল্য বুলিও কোৱা হৈছিল।১২৩

তেওঁ বৈদিক গ্ৰন্থসমূহ সংশোধন কৰি পদপাঠ ৰচনা কৰা বুলি ধৰা হয়। তেওঁৰ উদ্ধৃতি প্ৰায়ে পাণিনি আৰু প্ৰতিশাখ্যা, ধ্বনিবিজ্ঞানৰ গ্ৰন্থৰ লেখকসকলে উল্লেখ কৰে। তেওঁৰ ঋগবেদৰ পদপাঠ আছিল বিশ্লেষণৰ দিশত কৰা প্ৰাচীন লেখাসমূহৰ ভিতৰত অন্যতম; তেওঁ ঋগবেদৰ সংহিতা গ্ৰন্থক শব্দত ভাঙি আনকি যৌগিক শব্দৰ পৃথক উপাদানসমূহকো চিনাক্ত কৰিছিল।৪৫

বৰ্ণনা

শাকল্য সত্যশ্ৰীৰ শিষ্য আছিল আৰু পাইলাৰ টোলৰ শিষ্য আছিল। তেওঁ যজ্ঞবল্ক্যৰ সমসাময়িক আছিল। ব্ৰহ্মাণ্ড পুৰাণৰ মতে, এবাৰ অশ্বমেধ যজ্ঞৰ সময়ত ৰজা জনকে জানিব বিচাৰিছিল যে তাত উপস্থিত থকা ব্ৰাহ্মণসকলৰ ভিতৰত শ্ৰেষ্ঠ ব্ৰাহ্মণ কোন। সেয়ে, তেওঁ নিজৰ দৰবাৰলৈ হাজাৰটা গৰু, সোণ, ৰত্ন আৰু দাস আনি ঘোষণা কৰিলে যে, যিয়ে নিজকে আটাইতকৈ জ্ঞানী বুলি ভাবে তেওঁ আগবাঢ়ি আহি এই সকলোবোৰ নিজৰ কৰি নিব পাৰে। ঋষিসকলৰ মাজত হুলস্থূল আৰম্ভ হ’ল যিসকলে সকলোৱে ইজনে সিজনৰ লগত বিতৰ্ক কৰিবলৈ ধৰিলে। হঠাৎ যাজ্ঞবল্ক্যই তেওঁৰ শিষ্যসকলক তেওঁৰ আশ্ৰমলৈ সকলো ধন কাঢ়ি নিয়াৰ ব্যৱস্থা কৰিবলৈ ক’লে। এই কথা দেখি ঋষিসকলে তেওঁক সৰ্বশ্ৰেষ্ঠ বুলি প্ৰমাণ দিবলৈ প্ৰত্যাহ্বান জনালে। অশ্বালা, উদ্দালাকা আৰুণি, কহোলা কৌশিতকী, গাৰ্গী আদিয়ে তেওঁক কেইবাটাও প্ৰশ্ন কৰিছিল আৰু তেওঁ সকলোৰে উত্তৰ দিছিল। অৱশেষত যাজ্ঞবল্ক্যই শ্বাকল্যক ক’লে যে তেওঁ তেওঁকো এটা সুযোগ দিব বিচাৰে। শাকল্যই তেওঁক কামৰ লগত জড়িত কেইবাটাও প্ৰশ্ন সুধিলে আৰু সকলোৰে উত্তৰ যাজ্ঞবল্ক্যই দিলে। যেতিয়া তেওঁৰ সকলো প্ৰশ্ন শেষ হ’ল, তেতিয়া যাজ্ঞবল্ক্যই শাকল্যক ক’লে যে এতিয়া তেওঁ এটা প্ৰশ্ন কৰিব, কিন্তু এটা চৰ্ত আছে। শাকল্যই যদি প্ৰশ্নৰ শুদ্ধ উত্তৰ দিব নোৱাৰে তেন্তে লগে লগে তেওঁৰ মৃত্যু হ’ব। শাকল্যই প্ৰত্যাহ্বান গ্ৰহণ কৰিলে। কিন্তু যাজ্ঞবল্ক্যই “কাম’’ৰ লগত জড়িত প্ৰশ্ন এটা সোধাত শাকল্যই উত্তৰটো নাজানিলে আৰু সেয়ে তাতেই তেওঁৰ মৃত্যু হয়।

তথ্যসূত্ৰ

  1. ↑ Mandlik, AA. A Morphological Study of Kalidasa's Raghuvansham, Canto II. languageinindia.com
  2. ↑ www.wisdomlib.org. (2015-02-23). Yajnavalkya and Vidagdha (Section IX). www.wisdomlib.org
  3. ↑ Upanishads. upanishads.org.in
  4. ↑ Potter, Karl. The Encyclopedia of Indian Philosophies. পৃ. 4
  5. ↑ www.wisdomlib.org. (2017-01-29). Shakalya, Sākalya, Śākalya, Sakalya: 16 definitions. www.wisdomlib.org

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় দাৰ্শনিকঋষি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শাকল্য” প্ৰবন্ধৰ সংশোধন ৫৩২৯৪৪ (১৫ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।