ঋষি কিন্দম (সংস্কৃত ভাষা: किन्दम) হিন্দু মহাকাব্য মহাভাৰতত উল্লেখ কৰা এজন ঋষি।১
কিংবদন্তি
এবাৰ কিন্দম ঋষি আৰু তেওঁৰ পত্নীয়ে হৰিণ আৰু হৰিণীৰ ৰূপ ধৰি সংগম কৰি আছিল। তাত চিকাৰ কৰি থকা হস্তিনাপুৰাৰ ৰজা পাণ্ডুৱে তেওঁলোকক হৰিণ বুলি ভুল কৰি কাঁড় মাৰি প্ৰাণঘাতী আঘাত কৰে। ক্ৰোধিত কিন্দমে নিজৰ প্ৰকৃত ৰূপ ধাৰণ কৰে, আৰু ৰজাক তিৰস্কাৰ কৰিলে যে, তেওঁ সংগমৰ কাৰ্য শেষ কৰাৰ আগতেই তেওঁক হত্যাৰ উদ্দেশ্যে আঘাত কৰিছিল। সেয়ে মৃত্যুৰ আগতে কিন্দমে পাণ্ডুক অভিশাপ দিছিল যে প্ৰেম-কামনাৰ উদ্দেশ্যেৰে পত্নীক স্পৰ্শ কৰাৰ লগে লগে তেওঁৰো মৃত্যু হ’ব।২৩
তথ্যসূত্ৰ
- ↑ www.wisdomlib.org. (2017-01-21). Kindama: 2 definitions. www.wisdomlib.org
- ↑ Uberoi, Meera. (1996). The Mahabharata. ISBN 9788170702313
- ↑ Pattanaik, Devdutt. (2000). The goddess in India: the five faces of the eternal feminine. Inner Traditions International. ISBN 9780892818075
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঋষি কিন্দম” প্ৰবন্ধৰ সংশোধন ৬৩২৫৩৭ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।