অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শক্তি (ঋষি)

হিন্দু ধৰ্মত শক্তি আছিল এজন ঋষি (মুনি) আৰু বশিষ্ঠ আৰু অৰুন্ধতীৰ পুত্ৰ। মহাভাৰত মহাকাব্যত উল্লেখ থকা পৰাশৰৰ পিতৃ। শক্তি সম্পৰ্কে মহাভাৰতত পোৱা যায় এক কিংবদন্তি। এসময়ত ৰজা কল্মাশপাদে চিকাৰ কৰিবলৈ গৈ বহুতো জীৱ-জন্তু হত্যা কৰিছিল। ভাগৰুৱা আৰু ভোক আৰু পিয়াহত ভোগা ৰজাই হাবিৰ মাজেৰে আগবাঢ়ি গৈ আছিল।

হালনাগাদ: ১২ ডিচেম্বৰ ২০২৫ ১৬৮ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

হিন্দু ধৰ্মত শক্তি আছিল এজন ঋষি (মুনি) আৰু বশিষ্ঠ আৰু অৰুন্ধতীৰ পুত্ৰ। মহাভাৰত মহাকাব্যত উল্লেখ থকা পৰাশৰৰ পিতৃ।

শক্তি সম্পৰ্কে মহাভাৰতত পোৱা যায় এক কিংবদন্তি। এসময়ত ৰজা কল্মাশপাদে চিকাৰ কৰিবলৈ গৈ বহুতো জীৱ-জন্তু হত্যা কৰিছিল। ভাগৰুৱা আৰু ভোক আৰু পিয়াহত ভোগা ৰজাই হাবিৰ মাজেৰে আগবাঢ়ি গৈ আছিল। বাটত একেটা পথতে, বিপৰীত দিশৰ পৰা শক্তি আহিল। ৰজাই তেওঁক বাটৰ পৰা আঁতৰি যাবলৈ আদেশ দিলে। ঋষিয়ে ৰজাক মধুৰভাৱে সম্বোধন কৰি ক'লে "হে ৰজা, এইটো মোৰ পথ"। কৰ্তব্য আৰু পৰম্পৰা অনুসৰি এজন ৰজাই সদায় ব্ৰাহ্মণৰ বাবে বাট মুকলি কৰিব লাগে। ৰজাই ৰাক্ষস (অসুৰ)ৰ দৰে কামত অটল আছিল। ঋষিয়ে ৰজাক এইদৰে অভিশাপ দিলে: "হে আটাইতকৈ নীচ ৰজা, যিহেতু তুমি ৰাক্ষসৰ দৰে তপস্বীক অত্যাচাৰ কৰিছা, আজিৰ পৰাই তুমি নৰমাংসৰে জীৱন নিৰ্বাহ কৰা ৰাক্ষস হৈ পৰিবা! এতিয়াৰ পৰা হে আটাইতকৈ নীচ ৰজা! তুমি পৃথিৱীৰ ওপৰেৰে বিচৰণ কৰি মানৱ ৰূপত প্ৰভাৱ পেলাবা!"।১২

তেওঁ ভাৰতীয় মহাকাব্য মহাভাৰতৰ ৰচক ব্যাসৰ ককাক আছিল।

মৃত্যু

এইদৰে ঋষি শক্তিৰ দ্বাৰা অভিশপ্ত হৈ ৰাক্ষসে প্ৰথমে নিজেই শক্তিক বধ কৰি গিলি পেলালে। ইয়াৰ পিছত কল্মশপাদে মহৰ্ষি বশিষ্ঠৰ ১০০ জন পুত্ৰক ক্ৰমাগতভাৱে খাই পেলালে।৩

তথ্যসূত্ৰ

  1. ↑ N. RANGANATHA SHARMA; Litent. (9 January 2014). Vashista
  2. ↑ (1991). Immortal India
  3. ↑ (1975). Puranic encyclopaedia: a dictionary with special reference to epic and Puranic literature. archive.org

সম্পৰ্কিত শ্ৰেণী

ঋষি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শক্তি (ঋষি)” প্ৰবন্ধৰ সংশোধন ৫৬৩০৫৭ (১২ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।