অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰেমানন্দ গোবিন্দ শৰণ

প্ৰেমানন্দ গোবিন্দ শৰণ (জন্ম: অনিৰুদ্ধ কুমাৰ পাণ্ডে, ১৯৬৯), এগৰাকী ভাৰতীয় হিন্দু আধ্যাত্মিক গুৰু, সাধক আৰু দাৰ্শনিক। তেওঁৰ অনুগামীসকলৰ মাজত তেওঁ প্ৰেমানন্দ জী মহাৰাজ নামেৰে জনাজাত। তেওঁ ৰাধাবল্লভ সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৬৪৭ শব্দ · ৪ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

প্ৰেমানন্দ গোবিন্দ শৰণ (জন্ম: অনিৰুদ্ধ কুমাৰ পাণ্ডে, ১৯৬৯),১ এগৰাকী ভাৰতীয় হিন্দু আধ্যাত্মিক গুৰু, সাধক আৰু দাৰ্শনিক। তেওঁৰ অনুগামীসকলৰ মাজত তেওঁ প্ৰেমানন্দ জী মহাৰাজ নামেৰে জনাজাত।২ তেওঁ ৰাধাবল্লভ সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত।৩৪৫৬

প্ৰাৰম্ভিক জীৱন

১৯৬৯ চনত উত্তৰ প্ৰদেশৰ কানপুৰৰ সমীপৱৰ্তী সৰসৌল উন্নয়ন খণ্ডৰ অন্তৰ্গত আখৰী গাঁৱত প্ৰেমানন্দৰ জন্ম হৈছিল।৭ তেওঁৰ পিতৃৰ নাম শম্ভু পাণ্ডে আৰু মাতৃৰ নাম ৰমা দেৱী। ১৩ বছৰ বয়সতেই তেওঁ নিজৰ পৈতৃক গৃহ এৰি সন্ন্যাস গ্ৰহণ কৰে।৮

আধ্যাত্মিক শিক্ষা লাভ আৰু বৃন্দাবন গমন

তেওঁ ব্ৰহ্মচৰ্য জীৱনৰ দীক্ষা গ্ৰহণ কৰি সন্ন্যাসৰ তপস্বী ব্ৰত গ্ৰহণ কৰাৰ পিছত তেওঁক আনন্দস্বৰূপ ব্ৰহ্মচাৰী নাম দিয়া হয় আৰু তাৰ পিছত তেওঁ সন্ন্যাস গ্ৰহণ কৰে। মহাবাক্য গ্ৰহণ কৰাৰ লগে লগে তেওঁৰ নাম সলনি কৰি স্বামী আনন্দশ্ৰম ৰখা হয়। জীৱনৰ আদিকালৰ বেছিভাগ সময় তেওঁ বাৰাণসীৰ গংগাৰ পাৰত আধ্যাত্মিক সাধক হিচাপে কটায়। এদিন বৃন্দাবনত আঁহত গছৰ এজোপাৰ তলত ধ্যান কৰি থাকোঁতে এজন সাধুৱে তেওঁক পিছদিনা ৰাস লীলা চাবলৈ বাৰে বাৰে অনুৰোধ কৰিছিল, যিটো প্ৰেমানন্দ মহাৰাজে নিজৰ ইচ্ছা নথকা সত্ত্বেও ভগৱানৰ ইচ্ছা বুলি মানি লৈছিল।৯১০ তেওঁ "শৰণগতি মন্ত্ৰ" লাভ কৰি ৰাধাবল্লভী সম্প্ৰদায়ত দীক্ষা গ্ৰহণ কৰি তেওঁৰ বৰ্তমানৰ সদ্গুৰুদেৱ পূজ্য শ্ৰী হিত গৌৰাংগী শৰণজী মহাৰাজ বা বড়ে গুৰুজীক লগ পায়। বড়ে গুৰুজীয়ে তেওঁক "নিজ মন্ত্ৰ" দিছিল, যিটো "সহচাৰী ভৱ" আৰু "নিত্য বিহাৰ ৰস"ৰ দীক্ষা, যিয়ে তেওঁক ৰসিক সন্তসকলৰ মাজত প্ৰৱেশ কৰিবলৈ দিয়ে।১১১২

গুৰু

এজন ৰাধাবল্লভী গোস্বামী জীয়ে মহাৰাজক "শৰণগতি মন্ত্ৰ"ৰ জৰিয়তে ৰাধাবল্লভী সম্প্ৰদায়ত দীক্ষা দিছিল। কিছুদিন পিছত পূজ্য শ্ৰী গোস্বামী জীৰ অনুৰোধ মৰ্মে মহাৰাজ জীয়ে তেওঁৰ বৰ্তমানৰ সদ্গুৰুদেৱ পূজ্য শ্ৰী হিত গৌৰাংগী শৰণজী মহাৰাজক লগ পায়, যাক বড়ে গুৰুজী বুলিও কোৱা হয়। তেওঁ সহচাৰী ভৱৰ অন্যতম শ্ৰদ্ধাৰ আৰু সুপৰিচিত সন্ত। পূজ্য শ্ৰী হিত গৌৰাংগী শৰণজী মহাৰাজে তেওঁক "নিজ মন্ত্ৰ" প্ৰদান কৰিছিল, যিটো "সহাচাৰী ভৱ" আৰু "নিত্য বিহাৰ ৰস"ৰ দীক্ষা, অৰ্থাৎ এইদৰে পূজ্য মহাৰাজ জীয়ে ৰসিক সন্তসকলৰ মাজত প্ৰৱেশ লাভ কৰে।১৩

ন্যাস

শ্ৰী হিত ৰাধা কেলি কুঞ্জ ন্যাস বৃন্দাবন হৈছে ২০১৬ চনত প্ৰতিষ্ঠিত এক অলাভজনক সংস্থা।১৪ এই ট্ৰাষ্টৰ লক্ষ্য হৈছে সমাজ আৰু জনসাধাৰণৰ উন্নতি তথা উত্থানৰ বাবে কাম কৰা। ই বৃন্দাবন ধামলৈ অহা তীৰ্থযাত্ৰীৰ বাবে খৰি, খাদ্য, কাপোৰ, চিকিৎসা, আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰীৰ যোগান ধৰে।১৫১৬

আধ্যাত্মিক শিক্ষা আৰু দৰ্শন

আধ্যাত্মিক জীৱনৰ প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই তেওঁ আশ্ৰমৰ শ্ৰেণীবদ্ধ বা পদানুক্ৰমিক জীৱনৰ বিৰোধিতা কৰি আহিছে। তেওঁ কয় যে আধ্যাত্মিকতাই হৈছে জীৱন, অস্তিত্ব আৰু সত্যৰ সাৰমৰ্ম।১৭ আৰু সকলোৰে জীৱনত গুৰুৰ গুৰুত্ব সৰ্বাধিক বুলি তেওঁ জোৰ দিয়ে।১৮ আধ্যাত্মিক শক্তিয়ে ব্যক্তিগত আৰু সামাজিক সম্পৰ্কত সমন্বয় বজাই ৰাখে। এটা নেতিবাচক চৰিত্ৰ অতি বিপদজনক হ’ব পাৰে; সেয়ে আপোনাৰ চৰিত্ৰ নষ্ট নকৰিব।১৯ ব্ৰহ্মচৰ্যৰ অমূল্য সম্পদৰ সংৰক্ষণ কৰক, যিয়ে সুস্থ, সুষম আৰু আধ্যাত্মিক জীৱন যাপন কৰাত বহুখিনি সহায় কৰে।২০

বিতৰ্ক

২০২৪ চনৰ জুন মাহত, প্ৰেমানন্দ গোবিন্দ শৰণ মহাৰাজৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। মধ্যপ্ৰদেশৰ সীহোৰ জিলাৰ কথাবাচক প্ৰদীপ মিশ্ৰই তেওঁৰ প্ৰবচনত ৰাধা ৰাণীৰ জন্মস্থান বৰছানা নহয় বুলি কৈছিল। ৰাধা ৰাণীৰ ঘৰ ৰাৱল গাঁৱত আছিল আৰু ছাতাত তেওঁৰ বিবাহ হৈছিল। ৰাধা জীৰ দেউতাকে বৰছানাত দৰবাৰ কৰিছিল আৰু তেওঁ বছৰত এবাৰহে তালৈ গৈছিল। প্ৰেমানন্দ জী মহাৰাজে প্ৰদীপ মিশ্ৰক এই অপ্ৰাসংগিক মন্তব্যসমূহ দিয়াৰ বাবে প্ৰশ্ন কৰে। তেওঁ দৃঢ়তাৰে কয় যে প্ৰদীপ মিশ্ৰৰ ‘ব্ৰজ উপাসনা’ৰ জ্ঞানৰ অভাৱ আৰু তেওঁ ‘ৰাধা তত্ত্ব’ৰ সাৰমৰ্ম স্পষ্টভাৱে হেৰুৱাইছে। তেওঁ প্ৰদীপ মিশ্ৰই ৰসিক সন্তৰ সংগ বিচাৰিব লাগে আৰু শ্ৰীমদ্ভাগৱত আৰু অন্যান্য শাস্ত্ৰ, পুৰাণসমূহ সঠিকভাৱে অধ্যয়ন কৰিব লাগে বুলি পৰামৰ্শ দিছিল; তেতিয়াহে তেওঁ ‘ৰাধা তত্ত্ব’ বুজিব পাৰিব। ব্ৰজবাসীয়ে প্ৰদীপ মিশ্ৰৰ প্ৰতিও ক্ষোভ প্ৰকাশ কৰি সাত দিনৰ ভিতৰত বৰছানালৈ আহি কিশোৰী জীৰ মন্দিৰত ক্ষমা খুজিবলৈ কয়। তেওঁলোকে স্থানীয় ভাষাত ঘোষণা কৰিছিল যে লাদলী জী আমাৰ সন্মান, গৌৰৱ আৰু সৰ্বস্ব। আমি তেওঁৰ লগত থাকো আৰু তেওঁৰ (শ্ৰীজী)ৰ বিষয়ে কোনো লোকে বেয়াকৈ কোৱাটো সহ্য নকৰো। প্ৰদীপ মিশ্ৰই তেওঁৰ মন্তব্যৰ বাবে ৰাজহুৱাভাৱে ক্ষমাপ্ৰাৰ্থনা কৰি প্ৰেমানন্দ মহাৰাজৰ প্ৰতি অতিশয় শ্ৰদ্ধা আৰু ভক্তি প্ৰকাশ কৰে। তেওঁ প্ৰতিশ্ৰুতি দিছিল যে তেওঁৰ কথা-প্ৰবচনৰ সময় হʼলেই, তেওঁ ৰাধা ৰাণী আৰু ব্ৰজৰ লোকসকলৰ ওচৰত ক্ষমা বিচাৰি বৰছানালৈ আহিব।২১২২২৩ ২০২৪ চনৰ ২৯ জুন তাৰিখে, প্ৰদীপ মিশ্ৰই বৰছানাৰ শ্ৰী ৰাধা ৰাণী মন্দিৰ পৰিদৰ্শন কৰে আৰু ক্ষমাও খোজে। ২৪২৫২৬

গ্ৰন্থপঞ্জী

  • Brahmcharya, 2019, Publisher: Generic, Language: Hindi,২৭
  • Ekantik Vartalap, 2019, Publisher: Generic, Language: Hindi, ASIN: B083BF71PW২৮
  • Hit Sadguru Dev Ke Vachnamirt, 2020, Publisher: Shri Hit Radha Keli Kunj Trust Vrindavan, Pages:54, Language: Hindi,
  • Ashtayam Seva Paddhati, 2020, Pages: 68, Publisher: Shri Hit Radha Keli Kunj Trust Vrindavan, Language: Hindi,
  • SPIRITUAL AWAKENING (VOL 1), 2024, Pages: 162, Publisher: Shri Hit Radha Keli Kunj Trust, Language: English,

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (6 February 2024). प्रेमानंद महाराज के गुरु कौन हैं? जिन्होंने सिखाया प्रेम मार्ग पर चलना. Aajtak.in
  2. ↑ (2024-02-01). https://timesofindia.indiatimes.com/india/growing-inclination-towards-more-inclusive-and-personal-understanding-of-spirituality-shri-premanand-govind-sharan-ji-maharaj/articleshow/107178271.cms
  3. ↑ Shri Hit Premanand Govind Sharan Ji Maharaj Songs. Wynk Music
  4. ↑ (11 January 2023). Growing inclination towards more inclusive and personal understanding of spirituality: Shri Premanand Govind Sharan Ji Maharaj. The Times of India
  5. ↑ Digital Desk, Republic Bharat. (2024-03-30). प्रेमानंद महाराज को सुनने वालों की तादात बढ़ी, यूट्यूब पर एकान्तिक वार्तालाप ने पूरे किए 500 एपिसोड. Republic Bharat
  6. ↑ Raj, Ritik. Spiritual Subtleness: Premanand ji Maharaj. DNA India
  7. ↑ (2 August 2023). प्रेमानंद जी महाराज का क्या है असली नाम, कैसे बनें संन्यासी, जानिए वृंदावन वाले प्रेमानंद महारा. ABP News
  8. ↑ आध्यात्मिक साधकों के पथप्रदर्शक बने हुए हैं नैष्ठिक ब्रह्मचारी प्रेमानंद जी महाराज. www.lokmatnews.in
  9. ↑ (21 February 2024). Premanand Ji Maharaj's divine journey to Vrindavan. Newsx
  10. ↑ (6 February 2024). प्रेमानंद महाराज के गुरु कौन हैं? जिन्होंने सिखाया प्रेम मार्ग पर चलना. Aajtak
  11. ↑ The Spiritual Journey Of Premanand Govind Sharan Ji Maharaj. Free Press Journal
  12. ↑ (13 June 2024). Premanand Ji Maharaj: क्‍या है प्रेमानंदजी का असली नाम, किस क्‍लास तक की पढ़ाई, क्‍यों बने संन्‍यासी?. News18
  13. ↑ The Spiritual Journey Of Premanand Govind Sharan Ji Maharaj. Free Press Journal
  14. ↑ K.H, Team. (2024-07-29). श्री हित प्रेमानंद जी महाराज: जानिए उनकी आध्यात्मिक यात्रा और जीवन के बारे में
  15. ↑ (18 May 2024). Radha Keli Kunj Vrindavan: The foremost spiritual awakening organization. Ibtimes
  16. ↑ (20 February 2024). अंदर से ऐसा दिखता है प्रेमानंद महाराज का आश्रम 'राधा केली कुंज', देखें PHOTOS. Aajtak.in
  17. ↑ Spiritual Subtleness: Premanand ji Maharaj. DNA India
  18. ↑ (2 February 2024). समस्त शास्त्रों में गुरु की उपयोगिता तथा महत्ता: प्रेमानंद गोविन्द शरण महाराज · mathura-vrindavan-premanand-maharaj-guru. Patrika News
  19. ↑ (13 April 2024). आपसी रिश्तों में क्यों आ रही दरार? प्रेमानंद महाराज ने युवाओं को दी खास सलाह. Zee News Hindi
  20. ↑ (23 March 2024). Reviving the Tradition of Brahmacharya: A Call for Modern Youth · Importance of Celibacy in Today's Society. Outlook India
  21. ↑ प्रेमानंदजी क्यों कथावचक प्रदीप मिश्रा पर भड़के,कहां- राधा रानी कहीं का नहीं छोड़ेंगी. DNA India
  22. ↑ Viral Video: 'राधा की जन्म स्थली बरसाना नहीं', इस बात पर भिड़े प्रदीप मिश्रा और प्रेमानंद, तू-तड़ाक पर उतर आए. Amar Ujala
  23. ↑ तुम नहीं बच पाओगे.. पंडित प्रदीप मिश्रा पर तमतमा क्यों गए हैं प्रेमानंद महाराज जी?. Navbharat Times
  24. ↑ (2024-06-29). Pandit Pradeep Mishra Tenders Apology At Radha Rani Temple In UP's Barsana After Backlash Over. news.abplive.com
  25. ↑ Yadav, Nita. (2024-06-29). Bad Words On Radharani, Premananda Maharaj's Anger And Saints' Mahapanchayat..the Story Of Pradeep Mishra's Apology In Barsana. - Gondwana University. Gondwana University
  26. ↑ भदौरिया, आलोक. (2024-07-01). प्रदीप मिश्रा ने मांगी माफी, ब्रजवासी बोले- विवाद खत्‍म, 7 दिनों का दिया था अल्‍टीमेटम. Navbharat Times
  27. ↑ Brahmcharya. Vrindavan Ras Mahima
  28. ↑ Ekantik Vartalaap ( Important Q&A ). VrindavanRasMahima.com

সম্পৰ্কিত শ্ৰেণী

উত্তৰ প্ৰদেশৰ ব্যক্তিহিন্দু ধৰ্মগুৰু

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰেমানন্দ গোবিন্দ শৰণ” প্ৰবন্ধৰ সংশোধন ৬৩৭৩৯৩ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।