অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অজিত সিং যাদৱ

অজিত সিং যাদৱ (Ajeet Singh Yadav; জন্ম: ৫ ছেপ্টেম্বৰ ১৯৯৩) এগৰাকী ভাৰতীয় পেৰা-এথলীট। তেওঁ পুৰুষৰ জেভেলিন থ্ৰো প্ৰতিযোগিতাৰ এফ-৪৬ শাখাত অংশগ্ৰহণ কৰে। ২০২৪ত ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকৰ জেভেলিন থ্ৰো প্ৰতিযোগিতাৰ এফ৪৬ শাখাত ৰূপৰ পদক লাভ কৰে।

হালনাগাদ: ২৭ এপ্ৰিল ২০২৬ ২৫৪ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

অজিত সিং যাদৱ (Ajeet Singh Yadav; জন্ম: ৫ ছেপ্টেম্বৰ ১৯৯৩) এগৰাকী ভাৰতীয় পেৰা-এথলীট।১ তেওঁ পুৰুষৰ জেভেলিন থ্ৰো প্ৰতিযোগিতাৰ এফ-৪৬ শাখাত অংশগ্ৰহণ কৰে। ২০২৪ত ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকৰ জেভেলিন থ্ৰো প্ৰতিযোগিতাৰ এফ৪৬ শাখাত ৰূপৰ পদক লাভ কৰে।২৩

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৯৩ চনৰ ৫ ছেপ্টেম্বৰ তাৰিখে উত্তৰ প্ৰদেশৰ ইটাৱাহত অজিত সিং যাদৱৰ জন্ম হৈছিল। বৰ্তমান তেওঁ মধ্যপ্ৰদেশৰ গ্ৱালিয়ৰত অধ্যয়ন কৰি আছে। ২০১৭ চনত বন্ধুক বচাবলৈ গৈ এটা মৰ্মান্তিক ৰে'ল দুৰ্ঘটনাত পতিত হয়। ফলত তেওঁৰ বাওঁহাতখনৰ কিলাকুটিৰ তলৰ অংশৰ পৰা কাট খায়।৪৫ দুৰ্ঘটনাৰ পৰা নিৰাময় লাভ কৰা পৰ্যায়ত দুৰ্ঘটনাৰ প্ৰায় ৪ মাহৰ পিছত ২০১৮ চনত হাৰিয়ানাৰ পঞ্চকুলাত অনুষ্ঠিত পেৰা এথলেটিক চিনিয়ৰ নেচনেল প্ৰতিযোগিতাত তেওঁ অংশগ্ৰহণ কৰে।

টাৰ্গেট অলিম্পিক প’ডিয়াম আঁচনিৰ অধীনত ভাৰত চৰকাৰৰ ক্ৰীড়া কৰ্তৃপক্ষৰ কাৰ্যসূচীত তেওঁক অন্তৰ্ভুক্ত কৰা হৈছিল। ইয়াৰ লগতে অলিম্পিক গোল্ড কুৱেষ্টেও তেওঁক সমৰ্থন কৰে। তেওঁ গ্ৱালিয়ৰৰ লক্ষ্মীবাঈ ৰাষ্ট্ৰীয় শাৰীৰিক শিক্ষা প্ৰতিষ্ঠানত শাৰীৰিক শিক্ষা আৰু ক্ৰীড়া বিষয়ত পি এইচ ডি কৰি আছে।

খেলুৱৈ জীৱন

পেৰা জেভেলিন খেলত অংশগ্ৰহণ কৰাৰ পিছত ২০১৯ চনত তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটে। তেওঁ চীনৰ বেইজিঙত অনুষ্ঠিত হোৱা ৭ম বিশ্ব পেৰা এথলেটিকছ গ্ৰেণ্ড প্ৰিস্কত অংশগ্ৰহণ কৰে আৰু জেভেলিন নিক্ষেপত সোণৰ পদক লাভ কৰে।৬ তেওঁ ২০১৯ চনত ডুবাইত অনুষ্ঠিত হোৱা বিশ্ব পেৰা এথলেটিক্স চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰে আৰু ইয়াত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে।৭ ইয়াৰ ফলস্বৰূপে তেওঁ ২০২০ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছিল।৮৯ ২০২১ চনৰ বিশ্ব পেৰা এথলেটিকছ গ্ৰেণ্ড প্ৰিস্কতো তেওঁ স্বৰ্ণ পদক লাভ কৰে।১০

২০২০ চনত টকিঅ'ত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকত অজিত সিঙে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।১১ তেওঁ ২০২৪ চনত পেৰিছত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ যোগ্যতা অৰ্জন কৰে।১২ পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকৰ জেভেলিন থ্ৰো প্ৰতিযোগিতাৰ এফ৪৬ শাখাত ৰূপৰ পদক লাভ কৰে।

তথ্যসূত্ৰ

  1. ↑ Ajeet Singh Biography
  2. ↑ Ajeet Singh Yadav Wins Paralympics Silver, Had Lost Hand In Train Accident While Saving Friends Life · Olympics News. NDTVSports.com
  3. ↑ (2024-09-04). Train accident survivor Ajeet Singh Yadav who saved friend’s life, wins Paralympics javelin silver with 65.62m throw; Sundar takes bronze. The Indian Express
  4. ↑ दोस्त के लिए गंवाया हाथ, चोट के बाद भी नेशनल गेम्स में कमाया नाम. www.patrika.com
  5. ↑ (2021-07-07). 4 years after losing arm, para-athlete hopes to win another medal at Paralympics. Hindustan Times
  6. ↑ (3 Dec 2019). एक हादसे में गंवाया हाथ, फिर भी पैरा एथलेटिक्स में देश को दिलाया गोल्ड. www.etvbharat.com
  7. ↑ Dubai 2019 Results. www.paralympic.org
  8. ↑ (16 Nov 2019). India record best-ever medals tally in Dubai para event. www.gulftoday.ae
  9. ↑ (18 Nov 2019). Kiren Rijiju felicitates World Para Athletics Championships medal winners with cash awards. www.indiatoday.in
  10. ↑ (2021-07-07). Invincible spirit - lost hand but not courage, Etawah's Ajeet sights gold at Tokyo Paralympics. Hindustan Times
  11. ↑ Athletics: AJEET SINGH Ajeet Singh. Tokyo 2020 Paralympics. Tokyo Organising Committee of the Olympic and Paralympic Games
  12. ↑ Sportstar, Team. (2024-08-14). India at Paris Paralympics 2024: Complete list of 84 athletes at Paralympic Games. Sportstar

সম্পৰ্কিত শ্ৰেণী

উত্তৰ প্ৰদেশৰ ব্যক্তিভাৰতীয় পেৰা-এথলীটপেৰালিম্পিকত পদক বিজয়ী ভাৰতীয়অৰ্জুন বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অজিত সিং যাদৱ” প্ৰবন্ধৰ সংশোধন ৬০৩০৮৩ (২৭ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।