অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শ্ববনাম ঘোৰবানী

শ্ববনাম ঘোৰবাণী (জন্ম: ১০ জুলাই, ১৯৮৯) হৈছে এগৰাকী ইৰানীয় অভিনেত্ৰী। তেওঁ মূলতঃ এনী ডে নাও (২০২০), কুইন অৱ বেগৰ্চ (২০২২), দ্য লুজাৰ মেন (২০২২), এলিগেটৰ ব্লাড (২০২৪) আৰু টুবা (২০২৪) আদি চলচ্চিত্ৰ আৰু ধাৰাবাহিকত কৰা অভিনয়ৰ বাবে পৰিচিত।

হালনাগাদ: ২৩ জুন ২০২৬ ৩১৭ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

শ্ববনাম ঘোৰবাণী (জন্ম: ১০ জুলাই, ১৯৮৯) হৈছে এগৰাকী ইৰানীয় অভিনেত্ৰী। তেওঁ মূলতঃ এনী ডে নাও (২০২০), কুইন অৱ বেগৰ্চ (২০২২), দ্য লুজাৰ মেন (২০২২), এলিগেটৰ ব্লাড (২০২৪) আৰু টুবা (২০২৪) আদি চলচ্চিত্ৰ আৰু ধাৰাবাহিকত কৰা অভিনয়ৰ বাবে পৰিচিত। ২০২৪ চনত তেওঁ মজনুন (২০২৪) চলচ্চিত্ৰত আগবঢ়োৱা উৎকৃষ্ট অভিনয়ৰ বাবে ৪২সংখ্যক ফাজৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ সহকাৰী অভিনেত্ৰীৰ ক্ৰিষ্টাল চিমৰ্গ বঁটা লাভ কৰে।১২

প্ৰাৰম্ভিক জীৱন

শ্ববনাম ঘোৰবাণীৰ জন্ম ১৯৮৯ চনৰ ১০ জুলাইত ইৰানৰ ৰাজধানী তেহৰানত হৈছিল।৩৪৫৬

কৰ্মজীৱন

২০১৬–২০২২: প্ৰাৰম্ভিক কেৰিয়াৰ

ঘোৰবাণীয়ে ২০২০ চনৰ ড্ৰামা চলচ্চিত্ৰ এনী ডে নাওত অভিনেতা শাহাব হোছেইনীৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰে আৰু প্ৰথমবাৰৰ বাবে মুখ্য চৰিত্ৰত আত্মপ্ৰকাশ কৰে।৭ ২০২২ চনত তেওঁ দ্য লুজাৰ মেন নামৰ এটা নিও-নৱাৰ ড্ৰামা ছবিত অভিনয় কৰে। এই ছবিখন ৪০সংখ্যক ফাজৰ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল আৰু তেওঁৰ অভিনয়ে সমালোচকৰপৰা ইতিবাচক সঁহাৰি লাভ কৰিছিল।৮

২০২৩–বৰ্তমান: সফলতা

২০২৪ চনত ৪২সংখ্যক ফাজৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত তেওঁ অভিনয় কৰা দুখন ছবিৰ প্ৰিমিয়াৰ হয়— এখন যুদ্ধভিত্তিক ড্ৰামা ছবি মজনুন আৰু আনখন একচন-কমেডী ছবি এলিগেটৰ ব্লাড।৯ মজনুন ছবিত মেহদী জেনোদ্দিনৰ পত্নী মনিৰেহ আৰমাঘানৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ সমালোচকৰ উচ্চ প্ৰশংসা লাভ কৰে আৰু এই অভিনয়ে তেওঁলৈ শ্ৰেষ্ঠ সহকাৰী অভিনেত্ৰীৰ ক্ৰিষ্টাল চিমৰ্গ বঁটা কঢ়িয়াই আনে।১০ চিনেমাগৃহত মুক্তি পোৱাৰ পিছত এলিগেটৰ ব্লাড ইৰানৰ ইতিহাসৰ চতুৰ্থ সৰ্বাধিক উপাৰ্জনকাৰী চলচ্চিত্ৰ হিচাপে পৰিগণিত হয়।১১ একেটা বছৰতে ঘোৰবাণীয়ে দ্য ইয়াৰ অৱ কেট নামৰ এখন অতি সফল কমেডী ছবিতো অভিনয় কৰে। ছবিখনে নেতিবাচক সমালোচনা লাভ কৰা সত্ত্বেও ইৰানৰ ইতিহাসৰ একাদশ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে নাম পঞ্জীয়ন কৰে।১২

ঘোৰবাণীয়ে ২০২৪ চনত প্ৰথমবাৰৰ বাবে টুবা নামৰ ৰোমাণ্টিক ড্ৰামা ধাৰাবাহিকত মুখ্য চৰিত্ৰত অভিনয় কৰে। টুবাচ আৰবাইন নামৰ গ্ৰন্থখনৰ আধাৰত নিৰ্মিত এই ধাৰাবাহিকখনত ১৯৭০ চনৰপৰা ২০১০ চনৰ ঘটনাৱলীৰ পটভূমিত টুবা হামুন আৰু তাইৰ পৰিয়ালৰ কাহিনী দেখুওৱা হৈছে।১৩ বিশেষকেই ইয়াৰ চিত্ৰনাট্য আৰু পৰিচালনাক লৈ মিশ্ৰিত সমালোচনা লাভ কৰা সত্ত্বেও, মুখ্য জুটি ঘোৰবাণী আৰু আমিন জেন্দেগানীৰ মাজৰ সুন্দৰ ৰসায়নে ইয়াক সেই সময়ৰ আটাইতকৈ বেছি চোৱা ধাৰাবাহিকসমূহৰ ভিতৰত অন্যতম কৰি তুলিছিল।১৪১৫

ব্যক্তিগত জীৱন

২০২১ চনৰ ২৭ ফেব্ৰুৱাৰীত ঘোৰবাণীয়ে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টৰ এটা পোষ্টৰ জৰিয়তে আমিন মিৰশ্বেকাৰীৰ সৈতে হোৱা বিবাহৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে।১৬১৭ বৰ্তমান এই দম্পতীহালৰ দুটি সন্তান আছে।১৮

তথ্যসূত্ৰ

  1. ↑ تعداد فرزندان شبنم قربانی و عکسهای خانوادگی اش. نمناک
  2. ↑ (2024-09-14). عکس عروسی شبنم قربانی بازیگر طوبی سریال طوبی + عکس · روزنو. صاحب‌خبر
  3. ↑ (2024-09-12). اسم زیبایی که شبنم قربانی روی پسرش گذاشت!. دلگرم
  4. ↑ عکس زایمان بازیگر نقش طوبی در اتاق عمل! / بوسه شبنم قربانی به نوزاد خوشگل و نازش! · مجله سرگرمی جالبتر
  5. ↑ (2024-08-12). (تصاویر) بیوگرافی، عکس ها و زندگی خصوصی شبنم قربانی. فرادید · Faradeed · فرادید
  6. ↑ بیوگرافی شبنم قربانی بازیگر نقش سارا در سریال ملکه گدایان+عکس. www.beytoote.com
  7. ↑ · Berlinale · Archive · Programme · Programme. www.berlinale.de
  8. ↑ (2022-01-31). "مرد بازنده" صاحب پوستر شد/ رونمایی از ۲ پوستر دیگر. خبرگزاری مهر · اخبار ایران و جهان · Mehr News Agency
  9. ↑ کریمیان, مریم. (2024-01-15). رقابت حبیبی، ادبی و قربانی در جشنواره فیلم فجر. جشنواره فیلم فجر
  10. ↑ جشنواره فیلم فجر به ایستگاه پایانی رسید/ امینی: بخش نگاه نو؛ محلی برای ظهور سینماگران جوان/ رسولیان جایزه‌اش را به شهید تهرانی‌‌مقدم تقدیم کرد + فیلم و عکس - تسنیم. خبرگزاری تسنیم · Tasnim
  11. ↑ (2024-04-10). "تمساح خونی" سومین فیلم پرفروش تاریخ سینما شد/ رکوردشکنی در فروش ماه نخست. www.khabaronline.ir
  12. ↑ (2024-04-13). فیلم سینمایی سال گربه نیامده رکورد شکست+ فیلم. اقتصادنیوز
  13. ↑ نگاهی به محرم تلویزیون/سریال "طوبی" به شبکه یک می‌رسد - تسنیم. خبرگزاری تسنیم · Tasnim
  14. ↑ نگاهی به سریال اربعینی تلویزیون/ سریالی به‌نام "طوبی" - تسنیم. خبرگزاری تسنیم · Tasnim
  15. ↑ (2024-09-10). امین زندگانی، سریال طوبی و یک اتفاق خوب. اخبار روز فناوری، راهنمای خرید، آموزش و بررسی - راهنماتو
  16. ↑ شمال گردی شبنم قربانی با همسر و فرزندانش. نمناک
  17. ↑ Admin. شبنم قربانی و همسرش · عکس های شبنم قربانی و همسرش امین میرشکاری. www.niksalehi.com
  18. ↑ شبنم قربانی و همسر و فرزندانش+ عکس. TABNAK

সম্পৰ্কিত শ্ৰেণী

ইৰানৰ ব্যক্তিঅভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ববনাম ঘোৰবানী” প্ৰবন্ধৰ সংশোধন ৬১৩৯৩১ (২৩ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।