অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শ্বিৰিন আবেদীনিৰাদ

শ্বিৰিন আবেদীনিৰাদ (জন্ম: ১৯৮৬) হৈছে এগৰাকী ইৰানীয় সমসাময়িক শিল্পী আৰু ইউটাহ ভেলী ইউনিভাৰ্চিটীৰ সহকাৰী অধ্যাপক। তেওঁ মূলতঃ প্ৰকৃতি, আধ্যাত্মিকতা আৰু অপটিকেল ইলিউচন (দৃষ্টিভ্ৰম)ৰ বিষয়সমূহ অন্বেষণ কৰা বৃহৎ পৰিসৰৰ দাপোনভিত্তিক ইনষ্টলেশ্যন আৰ্ট, কনচেপচুৱেল আৰ্ট আৰু লেণ্ড আৰ্ট প্ৰকল্পৰ বাবে পৰিচিত।

হালনাগাদ: ৩১ মে’ ২০২৬ ৪৫১ শব্দ · ৩ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

শ্বিৰিন আবেদীনিৰাদ (জন্ম: ১৯৮৬) হৈছে এগৰাকী ইৰানীয় সমসাময়িক শিল্পী আৰু ইউটাহ ভেলী ইউনিভাৰ্চিটীৰ সহকাৰী অধ্যাপক। তেওঁ মূলতঃ প্ৰকৃতি, আধ্যাত্মিকতা আৰু অপটিকেল ইলিউচন (দৃষ্টিভ্ৰম)ৰ বিষয়সমূহ অন্বেষণ কৰা বৃহৎ পৰিসৰৰ দাপোনভিত্তিক ইনষ্টলেশ্যন আৰ্ট, কনচেপচুৱেল আৰ্ট আৰু লেণ্ড আৰ্ট প্ৰকল্পৰ বাবে পৰিচিত।১ ২০২৪ চনৰপৰা তেওঁ ইউটাহ ভেলী ইউনিভাৰ্চিটীৰ আৰ্ট এণ্ড ডিজাইন বিভাগত সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত হৈ আছে ২ ২০২৩ চনত তেওঁ আলী আহমদজাদেহৰ চলচ্চিত্ৰ ক্ৰিটিকেল জ’নত এগৰাকী অভিনেত্ৰী হিচাপে অভিনয় কৰিছিল, যিখন ছবিয়ে লোকাৰ্নো চলচ্চিত্ৰ মহোৎসৱত গোল্ডেন লিপাৰ্ড বঁটা লাভ কৰিছিল।৩

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

শ্বিৰিন আবেদীনিৰাদৰ জন্ম ১৯৮৬ চনত ইৰানৰ তাব্ৰিজত হৈছিল।৪ তেওঁ ২০০২ চনত চিত্ৰকলাৰ জৰিয়তে নিজৰ শৈল্পিক যাত্ৰা আৰম্ভ কৰিছিল। তেওঁ অৰ্দাবিল ভোকেচনেল কলেজ ফৰ গাৰ্লচৰপৰা গ্ৰাফিক ডিজাইন বিষয়ত এটা সহযোগী ডিগ্ৰী (২০০৩–২০০৫) লাভ কৰে আৰু তেহৰানৰ শৰীয়তী টেকনিকেল কলেজৰপৰা ফেশ্বন এণ্ড টেক্সটাইল ডিজাইন বিষয়ত স্নাতক ডিগ্ৰী (২০০৯–২০১৪) লাভ কৰে, য’ত তেওঁৰ গৱেষণা পত্ৰই ধাৰণাগত কলা (কনচেপচুৱেল আৰ্ট) আৰু ফেশ্বন ডিজাইনৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰিছিল।৪

২০১৩ চনত তেওঁ প্ৰখ্যাত ইৰানীয় চলচ্চিত্ৰ নিৰ্মাতা আব্বাছ কিয়াৰোষ্টামীৰ নেতৃত্বত অনুষ্ঠিত এটা দৃশ্য কলা (ভিজুৱেল আৰ্টচ) কৰ্মশালাত অংশগ্ৰহণ কৰে।৪। ২০২১ চনৰপৰা ২০২৪ চনলৈকে তেওঁ মিছিগান ষ্টেট ইউনিভাৰ্চিটীত ষ্টুডিঅ' আৰ্ট বিষয়ত 'মাষ্টাৰ অৱ ফাইন আৰ্টচ' (এমএফএ) ডিগ্ৰী গ্ৰহণ কৰে আৰু তেওঁৰ গৱেষণা প্ৰকল্প "ৰিফ্লেক্টিভ জাৰ্নি"ৰ সৈতে স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে।৫

শৈল্পিক শৈলী

আবেদীনিৰাদৰ কামসমূহৰ ভিতৰত মূলতঃ নিৰ্দিষ্ট স্থান-ভিত্তিক ইনষ্টলেশ্যন অন্তৰ্ভুক্ত, য’ত তেওঁ দৃষ্টিভ্ৰম সৃষ্টি কৰিবলৈ আৰু মানুহৰ ধাৰণাৰ সৈতে প্ৰাকৃতিক পৰিৱেশক সংযোগ কৰিবলৈ দাপোণ তথা প্ৰতিফলনশীল সামগ্ৰী ব্যৱহাৰ কৰে।৬ তেওঁৰ ইনষ্টলেশ্যনসমূহত প্ৰায়ে ইচলামিক স্থাপত্যৰদ্বাৰা অনুপ্ৰাণিত জ্যামিতিক ৰূপ, বিশেষকৈ জিলগুৰাট আৰু পিৰামিড অন্তৰ্ভুক্ত কৰা হয়, যিবোৰ তেওঁ চাৰিওফালৰ প্ৰাকৃতিক দৃশ্যক প্ৰতিফলিত আৰু খণ্ডিত কৰিবলৈ দাপোনেৰে আৱৰি দিয়ে।৭

তেওঁৰ শৈল্পিক দৰ্শন পোহৰ, প্ৰতিফলন আৰু স্থানৰ হেৰাফেৰিৰ জৰিয়তে "এটা পাৰমাৰ্থিক অভিজ্ঞতা" সৃষ্টি কৰাৰ ওপৰত কেন্দ্ৰিত। তেওঁ উল্লেখ কৰিছে যে তেওঁৰ কামৰ লক্ষ্য হৈছে "পৃথিৱীক আকাশৰ সৈতে সংযোগ কৰা" আৰু প্ৰকৃতিৰ সৈতে মানৱজাতিৰ সম্পৰ্কৰ বিষয়ে চিন্তা কৰাৰ মুহূৰ্ত সৃষ্টি কৰা।৮

কৰ্মজীৱন

শৈক্ষিক কেৰিয়াৰ

২০২৪ চনত আবেদীনিৰাদে ইউটাহ ভেলী ইউনিভাৰ্চিটীৰ আৰ্ট এণ্ড ডিজাইন বিভাগত সহকাৰী অধ্যাপক হিচাপে যোগদান কৰে, য’ত তেওঁ ফাইবাৰ আৰ্ট, স্কাল্পচাৰ ৩ (ভাস্কৰ্য) আৰু ৩ডি ডিজাইনৰ পাঠ্যক্ৰমসমূহ পঢ়ুৱায়।২ এই নিযুক্তিৰ পূৰ্বে তেওঁ মিছিগান ষ্টেট ইউনিভাৰ্চিটীত ত্ৰিমাত্ৰিক ৰূপ বিষয়ৰ প্ৰশিক্ষক হিচাপে সেৱা আগবঢ়াইছিল।(২০২২–২০২৩) ৪

প্ৰধান ইনষ্টলেশ্যনসমূহ

আবেদীনিৰাদৰ প্ৰথমটো বৃহৎ আউটডৌৰ ইনষ্টলেশ্যন আছিল নাৰ্চিছাছ (২০১৩)। ইৰানৰ কেন্দ্ৰীয় মৰুভূমিত নিৰ্মিত এই ইনষ্টলেশ্যনটোত দাপোনেৰে আবৃত এটা সৰ্পিল খট‌খটী প্ৰদৰ্শন কৰা হৈছিল।৬। ইয়াৰ পিছতে তেওঁ কেন্দ্ৰীয় মৰুভূমিতে ইভকেশ্যন (২০১৩) নামৰ আন এটা প্ৰকল্প তৈয়াৰ কৰে। ই প্ৰাকৃতিক পৰিৱেশত দাপোন ব্যৱহাৰ কৰি দৃষ্টিভ্ৰম সৃষ্টি কৰাৰ তেওঁৰ স্বকীয় শৈল্পিক শৈলীক প্ৰতিষ্ঠা কৰে।৯

২০১৪ চনত ইটালীৰ ফেব্ৰিকা ৰিচাৰ্চ চেণ্টাৰত জলপানী লাভ কৰাৰ সময়ত তেওঁ হেভেন অন আৰ্থ নামৰ এটা ইনষ্টলেশ্যন সৃষ্টি কৰে, যাৰ জৰিয়তে তেওঁৰ দাপোনৰ কামক এটা অভ্যন্তৰীণ স্থানলৈ লৈ আহে। ছিডনীৰ ককৰাটো আইলেণ্ডত অনুষ্ঠিত আণ্ডাৰবেলী আৰ্টছ ফেষ্টিভেলত প্ৰদৰ্শিত মিৰৰ্ড জিলগুৰাট (২০১৫) প্ৰকল্পৰ জৰিয়তে তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ খ্যাতি লাভ কৰে আৰু ই সংবাদ মাধ্যমৰ ব্যাপক দৃষ্টি আকৰ্ষণ কৰে।১০

ইটালীৰ ডিজাইনাৰ গুগো টৰেলীৰ সৈতে যুটীয়াভাৱে নিৰ্মাণ কৰা বেবেল টাৱাৰ (২০১৫) তেওঁৰ আটাইতকৈ জনপ্ৰিয় কামসমূহৰ ভিতৰত অন্যতম।১১ এই ইনষ্টলেশ্যনটোত দাপোনেৰে আবৃত এটা পিৰামিড আকৃতিৰ সজ্জা আছিল, যিটো গতিশীল প্ৰতিফলন সৃষ্টি কৰিবলৈ ঘূৰি আছিল। এই চিত্ৰখন পৰৱৰ্তী সময়ত ষ্টেনফৰ্ড ইউনিভাৰ্চিটী প্ৰেছৰদ্বাৰা প্ৰকাশিত চিৰাজ আহমেদৰ "আৰ্কিঅ’লজী অৱ বেবেল: দ্য কলনিয়েল ফাউণ্ডেশ্যন অৱ দ্য হিউমেনিটিজ" গ্ৰন্থৰ প্ৰচ্ছদ হিচাপে নিৰ্বাচিত কৰা হৈছিল।১২

তেওঁৰ আন এটা কাম ৰিভিজন (২০১৮) অষ্ট্ৰেলিয়াৰ লৰ্ন স্কাল্পচাৰ বিয়েনালেত প্ৰদৰ্শিত হৈছিল।১৩ আনহাতে ৰিফ্লেক্টিভ জাৰ্নি (২০২৩–২০২৪) জাপানৰ ওকু-নোটো ট্ৰিয়েনালে আদিকে ধৰি একাধিক আন্তঃৰাষ্ট্ৰীয় স্থানত আৰু আৰ্ট ডুবাই ডিজিটেলত এটা ভিআৰ (VR) ইনষ্টলেশ্যন হিচাপে প্ৰদৰ্শিত হৈছে।

চলচ্চিত্ৰ কেৰিয়াৰ

২০২৩ চনত আলী আহমদজাদেহৰ চলচ্চিত্ৰ ক্ৰীতিকেল জ’নৰ জৰিয়তে আবেদীনিৰাদে অভিনয় জগতত আত্মপ্ৰকাশ কৰে। এই চলচ্চিত্ৰখনে লোকাৰ্নো চলচ্চিত্ৰ মহোৎসৱত গোল্ডেন লিপাৰ্ড বঁটা লাভ কৰিছিল।৩ দ্য হলিউড ৰিপোৰ্টাৰে এই ছবিখনক "এটা অভিনৱ আৰু উদ্দীপক অন্তৰ্নিহিত আহ্বান" বুলি অভিহিত কৰিছে।৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Stinson, Liz. (March 5, 2017). 8 Remote Works of Art We Insist You Track Down. Wired
  2. ↑ Faculty & Staff. Utah Valley University
  3. ↑ Mintzer, Jordan. (2023). 'Critical Zone' Review: Ali Ahmadzadeh's Subversive Iranian Drug Drama. The Hollywood Reporter
  4. ↑ Lukiy, Kseniya; Popiolek, Kim. (April 20, 2023). Celebrated Iranian Visual Artist Pursues Master's Degree at MSU. Michigan State University College of Arts & Letters
  5. ↑ (March 9 – May 26, 2024). 2024 Master of Fine Arts Exhibition. MSU Broad Art Museum
  6. ↑ Jobson, Christopher. (2013). Mirror Installations by Shirin Abedinirad Reflect the Sky in Stairs and Desert Dunes. Colossal
  7. ↑ Jobson, Christopher. (January 28, 2016). Babel Tower: A Kinetic Mirrored Ziggurat Reflects the Surrounding Iranian Landscape. Colossal
  8. ↑ (2022). Studio Secrets with Shirin Abedinirad. Arcual
  9. ↑ Gragert, Anna. (June 3, 2015). Iranian Artist's Mirror Installations Symbolize the Relationship Between Humans and Nature. My Modern Met
  10. ↑ Adams-Dzierzba, Nicholas. (July 31, 2015). Underbelly Arts Festival: Iranian artist wants viewers to take a good long look at themselves. The Sydney Morning Herald
  11. ↑ Rhodes, Margaret. (February 8, 2016). Watch a Pyramid of Mirrors Morph Based on Desert Weather. Wired
  12. ↑ Ahmed, Siraj. (2017). Archaeology of Babel: The Colonial Foundation of the Humanities. Stanford University Press. ISBN 9781503604025
  13. ↑ Coslovich, Gabriella. (March 16, 2018). Scavenging art for Landfall: Lorne Sculpture Biennale. The Saturday Paper

সম্পৰ্কিত শ্ৰেণী

ইৰানৰ ব্যক্তিশিল্প

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বিৰিন আবেদীনিৰাদ” প্ৰবন্ধৰ সংশোধন ৬১০৪৩২ (৩১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।