ইজৰাইলৰ নাৰী অধিকাৰ কৰ্মী
২৯ প্ৰবন্ধ
-
গোল্ডা মেইৰ
গোল্ডা মেইৰ (Golda Meir; ৩ মে' ১৮৯৮ – ৮ ডিচেম্বৰ ১৯৭৮) এগৰাকী ইজৰাইলী ৰাজনীতিবিদ আছিল যি ১৯৬৯ চনৰ পৰা ১৯৭৪ চনলৈকে ইজৰাইলৰ চতুৰ্থ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
মিনা বেন-জভি
মিনা বেন-জভি (Mina Ben-Zvi, ১৯০৯-২০০০) ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীৰ মহিলা বাহিনীৰ প্ৰথমগৰাকী কমাণ্ডিং অফিচাৰ আছিল।
-
অ'লগা হেনকিন
অ'লগা হেনকিন (Olga Hankin, ৯ জানুৱাৰী ১৮৫২ - ২ এপ্ৰিল ১৯৪২)এগৰাকী নাৰীবাদী, পেছাদাৰী ধাত্ৰী আৰু জায়নিষ্ট কৰ্মী আছিল যি তেওঁৰ স্বামী য়েহোছুয়া হেনকিনৰ সৈতে মিলি অট্টোমান পেলেষ্টাইন আৰু বাধ্যতামূলক পেলেষ্টাইনত জিয়নিষ্ট সংগঠনৰ বেছিভাগ ডাঙৰ মাটি ক্ৰয়ৰ বাবে দায়বদ্ধ আছিল।
-
অৰ্না ডোনাথ
অৰ্না ডোনাথ (Orna Donath, জন্ম ১৫ অক্টোবৰ ১৯৭৬) এগৰাকী ইজৰাইলী সমাজবিজ্ঞানী, প্ৰবক্তা, লেখিকা আৰু নাৰীবাদী কৰ্মী। তেওঁ টেল আভিভ বিশ্ববিদ্যালয়, বেন গুৰিয়ান বিশ্ববিদ্যালয় আৰু টেল আভিভ-য়াফোৰ একাডেমিক কলেজত অধ্যাপনা কৰে।
-
আইদা টৌমা-চুলেইমান
আইদা টৌমা-চুলেইমান (Aida Touma-Suleiman, জন্ম: ১৬ জুলাই ১৯৬৪) এগৰাকী ইজৰাইলী আৰব সাংবাদিক আৰু ৰাজনীতিবিদ। ২০১৫ চনৰ পৰা হাদাছৰ বাবে নেচেটৰ সদস্য হিচাপে তেওঁ কাম কৰি আহিছে।
-
আইৰিছ ষ্টাৰন লেভি
আইৰিছ ষ্টাৰন লেভি (Iris Stern Levi, জন্ম: ১১ মে', ১৯৫৩) মহিলা আৰু মানৱ অধিকাৰৰ বিষয়ত মনোনিৱেশ কৰা এগৰাকী ইজৰাইলী সামাজিক কৰ্মী। তেওঁ অ-লাভজনক সংস্থা হাৰ একাডেমী (২০১৬) আৰু টাৰ্নিং দ্য টেবলছ (২০১১)ৰ সহ-প্ৰতিষ্ঠাপক, যি দুটা সংস্থাই বেশ্যাবৃত্তি আৰু হিংসাৰ পৰা ৰক্ষা পোৱা মহিলাসকলক বৃত্তিমূলক…
-
আদা গেলাৰ
আডা গেলাৰ (Ada Geller) এগৰাকী জায়নিষ্ট আৰু মহিলাৰ অধিকাৰ কৰ্মী আছিল৷ তেওঁ এগৰাকী শিক্ষয়িত্ৰী আৰু প্ৰধান শিক্ষক আৰু বাধ্যতামূলক পেলেষ্টাইনৰ প্ৰথমগৰাকী মহিলা একাউণ্টেণ্ট।
-
ইমুনা ইলন
ইমুনা ইলন (Emuna Elon; জন্ম-১৯৫৫) এগৰাকী ইজৰাইলী লেখিকা, ঔপন্যাসিকা, সাংবাদিক আৰু মহিলা অধিকাৰ কৰ্মী।
-
জিপি লিভনি
জিপি লিভনি (Tziporah Malka "Tzipi" Livni) (জন্ম: ৮ জুলাই ১৯৫৮) এগৰাকী ইজৰাইলী ৰাজনীতিবিদ, কূটনীতিবিদ আৰু উকীল৷ নেচেটৰ প্ৰাক্তন সদস্য আৰু কেন্দ্ৰ বাওঁপন্থী ৰাজনৈতিক শিবিৰৰ নেতা লিভনি এগৰাকী প্ৰাক্তন বৈদেশিক মন্ত্ৰী, উপ-প্ৰধানমন্ত্ৰী, ন্যায় মন্ত্ৰী আৰু বিৰোধী-নেত্ৰী।
-
জুলিয়া জাহেৰ
জুলিয়া জাহেৰ (Julia Zaher) এগৰাকী ইজৰাইলী আৰব ব্যৱসায়ী, লোকহিতৈষী আৰু প্ৰাক্তন স্কুল শিক্ষয়িত্ৰী। তাহিনি প্ৰস্তুত কৰা কোম্পানী আল আৰ্জ তাহিনিৰ তেওঁ স্বত্ত্বাধিকাৰী আৰু মুখ্য কাৰ্যবাহী বিষয়া। মহিলাৰ অধিকাৰ, বিশেষভাৱে সক্ষম লোক, আৰু এলজিবিটি স্বাস্থ্যৰ বাবে কৰা দানশীল কাৰ্য্যৰ বাবে তেওঁ পৰিচিত।
-
জেহেভা গেলন
জেহেভা গেলন (Zeheva Galon; জন্ম: ৪ জানুৱাৰী ১৯৫৬), এগৰাকী ইজৰাইলী ৰাজনীতিবিদ, গৱেষণা প্ৰতিষ্ঠান ZULAT for Equality and Human Rights-ৰ সভানেত্ৰী আৰু Meretz-ৰ প্ৰাক্তন নেত্ৰী।
-
ডেনা ফেল্ডমেন
ডিনা ফেল্ডমেন (Dina Feldman) অক্ষম ব্যক্তিৰ সম-অধিকাৰৰ বাবে কৰ্মৰত ইজৰাইলৰ দ্বিতীয় আয়ুক্ত৷ তেওঁ মানৱ অধিকাৰ, মহিলাৰ সম সুযোগ, সাংস্কৃতিক, শৈক্ষিক আৰু আন্তঃধৰ্মীয় আলোচনা আৰু পোলেণ্ডৰ ইহুদীসকলৰ ইতিহাস সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰি আছে৷
-
নাওমি ছেজেন
নাওমি ছেজেন (Naomi Chazen; জন্ম:-১৮ নৱেম্বৰ ১৯৪৬) এগৰাকী ইজৰাইলী শিক্ষাবিদ, কৰ্মী আৰু ৰাজনীতিবিদ। বিধায়ক হিচাপে ছেজেনে মানৱ অধিকাৰ, মহিলাৰ অধিকাৰ আৰু গ্ৰাহক সুৰক্ষাৰ কাৰণসমূহৰ লগত জড়িত আছিল। ছেজেন নিউ ইজৰাইল ফাণ্ডৰ এগৰাকী ভূতপূৰ্ব সভাপতি।
-
বেবা আইডেলছন
বেবা আইডেলছন (Beba Idelson; ১৪ অক্টোবৰ ১৮৯৫ – ৫ ডিচেম্বৰ ১৯৭৫) আছিল এগৰাকী জায়নিষ্ট কৰ্মী আৰু ইজৰাইলৰ ৰাজনীতিবিদ।
-
ভিভিয়ান ছিলভাৰ
ভিভিয়ান ছিলভাৰ (Vivial Silver) কানাডা-ইজৰাইলৰ শান্তি কৰ্মী আৰু মহিলা অধিকাৰ কৰ্মী। ২০২৩ চনত হামাছৰ নেতৃত্বত ইজৰাইলৰ ওপৰত হোৱা আক্ৰমণৰ সময়ত বে'ৰি হত্যাকাণ্ডত তেওঁক হত্যা কৰা হৈছিল।
-
মিচাল ৰ'জিন
মিচাল ৰ'জিন ( Michal Rozin; জন্ম: ২৫ জুন ১৯৬৯) এগৰাকী ইজৰাইলী ৰাজনীতিবিদ যিয়ে ২০১৩ চনৰ পৰা ২০১৯ চনলৈকে মেৰেটজৰ বাবে নেচেটৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু তাৰ পিছত পুনৰ ২০২১ চনৰ পৰা ২০২২ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল।
-
মেৰাভ মিকেলি
মেৰাভ মিকেলি (מרב מיכאלי) এগৰাকী ইজৰাইলী ৰাজনীতিবিদ, সাংবাদিক, টিভি এংকৰ, ৰেডিঅ' সম্প্ৰচাৰক, নাৰীবাদী আৰু সমাজকৰ্মী৷ তেওঁ বৰ্তমান লেবাৰ আৰু মেৰেটজৰ একত্ৰীকৰণৰ ফলত গঠন হোৱা নেচেট ফৰ দ্য ডেম'ক্ৰেটৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
মৰাণ জেৰ কেটজেনষ্টেইন
মৰাণ জেৰ কাটজেনষ্টেইন (Moran Zer Katzenstein; জন্ম:-১৩ আগষ্ট ১৯৮২) এগৰাকী ইজৰাইলী মহিলা অধিকাৰ কৰ্মী, প্ৰবক্তা, সমাজ কৰ্মী, কৌশলবিদ আৰু সংবাদ মাধ্যমৰ ব্যক্তিত্ব।
-
লিনোৰ আবাৰগিল
লিনোৰ আবাৰগিল (Linor Abargil; জন্ম: ১৭ ফেব্ৰুৱাৰী, ১৯৮০) এগৰাকী ইজৰাইলী অধিবক্তা, অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য্য ৰাণী যি ধৰ্ষিতা হোৱাৰ কিছু দিনৰ পিছতে ১৯৯৮ চনৰ মিছ ৱৰ্ল্ড বঁটা লাভ কৰে। তেতিয়াৰ পৰাই তেওঁ যৌন হিংসাৰ বিৰুদ্ধে যুঁজি বিশ্বব্যাপী বহু লোকৰ সমৰ্থন আদায় কৰে।
-
লেচলি চেচ
লেচলি চেচ (Lesley Sachs; জন্ম: ২৫ আগষ্ট ১৯৫৮) এগৰাকী ইজৰাইলী সমাজ কৰ্মী, মুখ্য কাৰ্যবাহী বিষয়া আৰু শিল্পী। ইজৰাইল উইমেনছ নেটৱৰ্ক (আই ডব্লিউ এন), ইজৰাইল ৰিলিজিয়াছ একচন চেণ্টাৰ (আই আৰ এ চি), ৱৰ্ল্ড ইউনিয়ন ফৰ প্ৰগ্ৰেছিভ ইহুদীজম (ডব্লিউ ইউ পি জে) আৰু উইমেন অৱ দ্য ৱাল (ডব্লিউ অ' ডব্লিউ)ৰ চি ই অ'…
-
শূলমিত আলোনি
শূলমিত আলোনি (Shulamit Aloni; ২৭ ডিচেম্বৰ ১৯২৭ – ২৪ জানুৱাৰী ২০১৪) এগৰাকী ইজৰাইলী ৰাজনীতিবিদ। তেওঁ ৰাটজ্ পাৰ্টি প্ৰতিষ্ঠা কৰা, মেৰেট্জ দলৰ নেত্ৰী৷ তেওঁ ১৯৮৮ চনৰ পৰা ১৯৯০ চনলৈকে বিৰোধী দলৰ নেত্ৰী আৰু ১৯৯২ চনৰ পৰা ১৯৯৩ চনলৈকে শিক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে।
-
শ্বেলী ইয়াচিমোভিচ
শ্বেলী ৰেচেল ইয়াচিমোভিচ (Shelly Rachel Yachimovich, জন্ম: ২৮ মাৰ্চ ১৯৬০) এগৰাকী ইজৰাইলী ৰাজনীতিবিদ, যি তিনিটা কাৰ্যকাল বিৰোধীৰ চৰকাৰী নেতা, নেচেটৰ সদস্য আৰু বৈদেশিক পৰিক্ৰমা আৰু প্ৰতিৰক্ষা সমিতিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
শ্বোছানা গেৰ্শ্বোনোভিচ
শ্বোছানা গেৰ্চোনোভিচ (Shoshana Gershonowitz, ১৯০৬–১৯৮৬) ইজৰাইল প্ৰতিৰক্ষা বাহিনীৰ এগৰাকী বিষয়া আছিল যি ১৯৫২ চনৰ পৰা ১৯৫৯ চনলৈকে মহিলা বাহিনীৰ অধিনায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। শ্বোছানা যৌৱনকালত ৰাছিয়াৰ পৰা প্ৰব্ৰজন কৰি জেৰুজালেমত বসতি স্থাপন কৰে। হাগানাত তেওঁ সক্ৰিয় আছিল।
-
ষ্টেভ ছফিৰ
ষ্টেভ শ্বাফিৰ (Stav Shaffir; জন্ম: ১৭ মে' ১৯৮৫) এগৰাকী ইজৰাইলী ৰাজনীতিবিদ আৰু নেচেটৰ প্ৰাক্তন সদস্য। গ্ৰীণ পাৰ্টিৰ নেত্ৰী হিচাপে ডেম’ক্ৰেটিক ইউনিয়নৰ মিত্ৰতাৰ নেচেটৰ সদস্য আছিল।
-
স্মাদাৰ লেভি
স্মাদাৰ লেভি (Smadar Lavie) কেলিফৰ্ণিয়া ডেভিছ বিশ্ববিদ্যালয়ৰ নৃতত্ত্বৰ অধ্যাপক এমেৰিটা, আৰু মিজৰাহি নৃতত্ত্ববিদ, লেখক আৰু কৰ্মী। তেওঁ ইজিপ্ত, ইজৰাইল আৰু পেলেষ্টাইনৰ নৃতত্ত্বৰ বিশেষজ্ঞ; জাতি, লিংগ আৰু ধৰ্মৰ বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
-
হান্না আজৌলে হাছফাৰী
হান্না আজৌলে-হাছফাৰী (Hanna Azoulay-Hasfari; জন্ম: ২৯ জুন, ১৯৬০) এগৰাকী ইজৰাইলী অভিনেত্ৰী, চিত্ৰনাট্যকাৰ, নাট্যকাৰ, চলচ্চিত্ৰ পৰিচালক আৰু দুবাৰকৈ অফিৰ বঁটা বিজয়ী।
-
হায়া শ্বেলম
হায়া শ্বেলম (Haya Shalom; জন্ম: ৪ ডিচেম্বৰ, ১৯৪৪, ইজৰাইলৰ জেৰুজালেমৰ) এগৰাকী লেছবিয়ান নাৰীবাদী আৰু মানৱ অধিকাৰ কৰ্মী। জেৰুজালেমৰ হিব্ৰু বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস অধ্যয়নত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে। ১০০০ মহিলাৰ ভিতৰত শ্বালমক শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত কৰা হৈছিল।
-
ৰেউট নগৰ
ৰেউট নগৰ (Reut Naggar) এগৰাকী ইজৰাইলী প্ৰযোজক, সাংস্কৃতিক উদ্যোগী আৰু সামাজিক কৰ্মী, যি মূলতঃ এলজিবিটি আৰু মহিলাৰ অধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। নগৰ এলজিবিটি নিউজ চাইট ডব্লিউডিজিৰ প্ৰতিষ্ঠাপক আৰু থিয়েটাৰ প্ৰডাকচন "লেচবিহনেষ্ট"ৰ প্ৰযোজক। তেওঁ টেল আভিভ জাফা চহৰ পৰিষদৰ সদস্য।
-
ৰোজা জিনোছাৰ
ৰোজা জিনোছাৰ (Rosa Ginossar১৮৯০-১৯৭৯) এগৰাকী ইজৰাইলী অধিবক্তা আৰু মহিলা অধিকাৰ কৰ্মী আছিল। ফ্ৰেডা স্লুট্জকিনৰ পিছত তেওঁ মেণ্ডেটৰী পেলেষ্টাইনৰ দ্বিতীয়গৰাকী মহিলা অধিবক্তা হয় আৰু ইজৰাইলৰ প্ৰথমগৰাকী অনুশীলনকাৰী মহিলা অধিবক্তা আছিল। ১৯৬৬ চনৰ পৰা ১৯৭০ চনলৈকে তেওঁ WIZO-ৰ সভানেত্ৰী আছিল।