ৰোজা জিনোছাৰ (Rosa Ginossar১৮৯০-১৯৭৯) এগৰাকী ইজৰাইলী অধিবক্তা আৰু মহিলা অধিকাৰ কৰ্মী আছিল। ফ্ৰেডা স্লুট্জকিনৰ পিছত তেওঁ মেণ্ডেটৰী পেলেষ্টাইনৰ দ্বিতীয়গৰাকী মহিলা অধিবক্তা১ হয় আৰু ইজৰাইলৰ প্ৰথমগৰাকী অনুশীলনকাৰী মহিলা অধিবক্তা আছিল।২ ১৯৬৬ চনৰ পৰা ১৯৭০ চনলৈকে তেওঁ WIZO-ৰ সভানেত্ৰী আছিল।
জীৱনী
১৮৯০ চনৰ ১৪ জুলাইত বেলাৰুছিয়াৰ গোমেলত লেখক মৰ্ডেকাই বেন হিলেল হাকোহেনৰ কন্যা ৰোজা হাকোহেন (পিছলৈ গিনজবাৰ্গ জিনোছাৰ)ৰ জন্ম হৈছিল। ১৯০৭ চনত তেওঁ পৰিয়ালৰ সৈতে প্ৰাক-ৰাজ্য পেলেষ্টাইনলৈ প্ৰব্ৰজন কৰে আৰু তাৰ পৰাই তেওঁ আইন অধ্যয়ন কৰে।৩
ৰোজাই তেওঁৰ পিতৃ আৰু জিয়নিষ্ট নেতা আৰু লেখক আহদ হাম (আশ্বাৰ জিভি হিৰ্চ গিঞ্জবাৰ্গ)ৰ বন্ধুত্বৰ জৰিয়তে তেওঁৰ ভৱিষ্যত স্বামী শ্লোমো গিঞ্জবাৰ্গক লগ পাইছিল। ১৯০৮ চনত শ্লোমো পেলেষ্টাইনলৈ আহি হাকোহেন পৰিয়ালৰ লগত থাকে। তেওঁ ৰোজাক তেওঁৰ লগত পেৰিছ বিশ্ববিদ্যালয়ত পঢ়িবলৈ মান্তি কৰাইছিল, য’ৰ পৰা ১৯১৩ চনৰ ১৯ অক্টোবৰত তেওঁ আইন বিভাগৰ ডিপ্লমা লাভ কৰিছিল।
প্ৰথম বিশ্বযুদ্ধৰ সময়ত তেওঁ পিতৃ-মাতৃৰ সৈতে টেল আভিভত থাকে যদিও ১৯১৭ চনত তেওঁ আৰু শ্লোমোৰ বিবাহ ছুইজাৰলেণ্ডত হয় আৰু তেওঁলোকে চাৰি বছৰৰ বাবে লণ্ডনত থকা শহুৰেকৰ ঘৰলৈ গুচি যায়। তাত থকাৰ সময়তে তেওঁ বহুতো জিয়নিষ্টৰ সংস্পৰ্শলৈ আহে আৰু তেওঁ আৰু তেওঁৰ স্বামী এই আন্দোলনৰ সৈতে জড়িত হৈ পৰে।২
১৯২২ চনত ৰোজা আৰু শ্লোমো পেলেষ্টাইনলৈ উভতি আহে। ১৯৪৯ চনৰ পৰা ১৯৫১ চনলৈকে ইটালীত শ্লোমোক প্ৰথম ইজৰাইলৰ ৰাষ্ট্ৰদূত নিযুক্তি দিয়া হয়, তাৰ পিছত তেওঁলোক ইজৰাইললৈ উভতি যায়। ৰাষ্ট্ৰদূত পদৰ সময়ত তেওঁ পৰিয়ালৰ নাম সলনি কৰি জিনোছাৰ কৰে।৩
তথ্যসূত্ৰ
- ↑ Rosa Ginossar | Jewish Women's Archive. Jwa.org
- ↑ Katvan, Eyal; Halperin-Kaddari, Ruth. Rosa Ginossar. Jewish Women's Archive
- ↑ Encyclopaedia Judaica, 2 ed., vol. 7, Ginossar (Née Hacohen), Rosa, Macmillan Reference USA, 2007, pp. 607-608
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰোজা জিনোছাৰ” প্ৰবন্ধৰ সংশোধন ৪৯৩৭৮০ (১৮ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।