অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মিনা বেন-জভি

মিনা বেন-জভি (Mina Ben-Zvi, ১৯০৯-২০০০) ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীৰ মহিলা বাহিনীৰ প্ৰথমগৰাকী কমাণ্ডিং অফিচাৰ আছিল।

হালনাগাদ: ১৮ মাৰ্চ ২০২৫ ১৪৬ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

মিনা বেন-জভি (Mina Ben-Zvi, ১৯০৯-২০০০) ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীৰ মহিলা বাহিনীৰ প্ৰথমগৰাকী কমাণ্ডিং অফিচাৰ আছিল।১

জীৱনী

১৯০৯ চনত ইউক্ৰেইনত (ভেলিকি মেঝিৰিচি, ৰিভনে অব্লাষ্ট) মিনা বেন-জভিৰ মিনা ৰ’গোজিক নামেৰে জন্ম হৈছিল। ১৯২১ চনত তেওঁ পৰিয়ালৰ সৈতে বাধ্যতামূলকভাৱে পেলেষ্টাইনলৈ গুচি যায়।২ শিক্ষা সমাপ্ত কৰাৰ পিছত ১৯৩৩ চনত ২৪ বছৰ বয়সত হাগানাৰ হাইফা শাখাত যোগদান কৰে।৩

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁ ব্ৰিটিছ সেনাৰ মহিলা বাহিনীত যোগদান কৰা মেণ্ডেট পেলেষ্টাইনৰ প্ৰথম ৬৬ গৰাকী মহিলাৰ ভিতৰত আছিল।.২ তাৰ পিছত তেওঁ ইজিপ্তৰ এটা ব্ৰিটিছ ইউনিটৰ অধিনায়ক হিচাপে কেপ্তেইন পদবী লাভ কৰে।৪ ১৯৪৮ চনৰ যুদ্ধ আৰম্ভ হোৱাৰ সময়ত তেওঁক ইজৰাইলী প্ৰতিৰক্ষা বাহিনীৰ মহিলা বাহিনীৰ প্ৰথম সেনাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়।১১৯৫৩ চনত তেওঁ স্বামী এলিয়াহু বেন-জভিৰ সৈতে ১৯৫৩ চনৰ পৰা ১৯৫৫ চনলৈকে ফিনলেণ্ডলৈ কূটনৈতিক অভিযানত যোগদান কৰে।২ পিছলৈ তেওঁক ৰাষ্ট্ৰসংঘৰ মহিলাৰ মৰ্যাদা আয়োগত ইজৰাইলৰ প্ৰতিনিধি হিচাপে নিযুক্তি দিয়া হয় (১৯৫৬–১৯৫৮)।৫

১৯৬০ চনত গোল্ডা মেইৰে বেন-জভি আৰু ইংগা থৰ্ছন নামৰ এজন ছুইডেনৰ কূটনীতিবিদৰ সহযোগত মাউণ্ট কাৰ্মেল আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰে আৰু পিছলৈ ইজৰাইলত ছুইডেনৰ ৰাষ্ট্ৰদূত হয়।৬ বেন-জভি মাউণ্ট কাৰ্মেল আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সঞ্চালক হয়, আৰু ২৫ বছৰ ধৰি ইয়াৰ পৰিচালক হিচাপে কাৰ্যনিৰ্বাহ কৰে।

হেলাৰৰ মতে তেওঁ "বিশ্বজুৰি মহিলাৰ অধিকাৰৰ উন্নতিৰ বাবে" কাম কৰিছিল।২ তেওঁৰ ২০০০ চনত মৃত্যু হয়।

তথ্যসূত্ৰ

  1. ↑ Olsen, Kirstin. (1994). Chronology of Women's History. Greenwood Publishing Group. পৃ. 266. ISBN 978-0-313-28803-6
  2. ↑ Heller, Daniel Kupfert. (2020). Israeli Aid and the "African Woman": The Gendered Politics of International Development, 1958–73. Jewish Social Studies. পৃ. 49–78
  3. ↑ De Pauw, Linda Grant. (11 July 2014). Battle Cries and Lullabies: Women in War from Prehistory to the Present. University of Oklahoma Press. পৃ. 283. ISBN 978-0-806-17074-9
  4. ↑ Levin, Nora. (1990). The Jews in the Soviet Union Since 1917: Paradox of Survival, Volume 1. NYU Press. পৃ. 372. ISBN 978-0-814-75051-3
  5. ↑ L. Kinnear, Karen. (2011). Women in Developing Countries: A Reference Handbook. ABC-CLIO. পৃ. 114. ISBN 978-1-598-84425-2
  6. ↑ Ben-Yaacov, Yissakhar. (2012). A Lasting Reward: Memoirs of an Israeli Diplomat. Gefen Publishing House Ltd. পৃ. 122. ISBN 978-9-652-29539-2

সম্পৰ্কিত শ্ৰেণী

ইজৰাইলৰ ব্যক্তিইজৰাইলৰ নাৰী অধিকাৰ কৰ্মীসেনা বিষয়াকূটনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিনা বেন-জভি” প্ৰবন্ধৰ সংশোধন ৪৯৩৫৭৮ (১৮ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।