অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

নাওমি ছেজেন

নাওমি ছেজেন (Naomi Chazen; জন্ম:-১৮ নৱেম্বৰ ১৯৪৬) এগৰাকী ইজৰাইলী শিক্ষাবিদ, কৰ্মী আৰু ৰাজনীতিবিদ। বিধায়ক হিচাপে ছেজেনে মানৱ অধিকাৰ, মহিলাৰ অধিকাৰ আৰু গ্ৰাহক সুৰক্ষাৰ কাৰণসমূহৰ লগত জড়িত আছিল। ছেজেন নিউ ইজৰাইল ফাণ্ডৰ এগৰাকী ভূতপূৰ্ব সভাপতি।

হালনাগাদ: ১৮ মাৰ্চ ২০২৫ ২৪১ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

নাওমি ছেজেন (Naomi Chazen; জন্ম:-১৮ নৱেম্বৰ ১৯৪৬) এগৰাকী ইজৰাইলী শিক্ষাবিদ, কৰ্মী আৰু ৰাজনীতিবিদ। বিধায়ক হিচাপে ছেজেনে মানৱ অধিকাৰ, মহিলাৰ অধিকাৰ আৰু গ্ৰাহক সুৰক্ষাৰ কাৰণসমূহৰ লগত জড়িত আছিল।১২ ছেজেন নিউ ইজৰাইল ফাণ্ডৰ এগৰাকী ভূতপূৰ্ব সভাপতি। বৰ্তমান ছেজেন টেল আভিভ-য়াফোৰ একাডেমিক কলেজৰ স্কুল অৱ গভৰ্ণমেণ্ট এণ্ড ছ'চাইটিৰ মুৰব্বী আৰু শৰণাৰ্থী আৰু প্ৰব্ৰজনকাৰীৰ হটলাইন ব'ৰ্ডৰ পদত আছে।৩

জীৱনী

ব্ৰিটিছ মেণ্ডেট যুগত জেৰুজালেমত নাওমি ছেজান (জন্ম হাৰমান)ৰ জন্ম হৈছিল। তেওঁৰ পিতৃ-মাতৃ আছিল আব্ৰাহাম আৰু জিনা হৰমান। পিছলৈ তেওঁৰ পিতৃ আমেৰিকাত ইজৰাইলৰ ৰাষ্ট্ৰদূত আছিল, আনহাতে মাতৃয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত কাম কৰিছিল৷ ১৯৬৯ চনৰ পৰা ১৯৭৪ চনৰ ভিতৰত নেচেটৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

ছেজেনে কলম্বিয়া বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি বি.এ. আৰু এম.এ সম্পূৰ্ণ কৰে৷ তাৰপিছত জেৰুজালেমৰ হিব্ৰু বিশ্ববিদ্যালয়ৰ পৰা তেওঁ পি এইচ ডি লাভ কৰে। পিছলৈ তেওঁ বিশ্ববিদ্যালয়খনৰ ট্ৰুমেন ইনষ্টিটিউট ফৰ দ্য এডভান্সমেণ্ট অৱ পিছৰ নেতৃত্ব দিয়ে। ১৯৯৪ চনত আফ্ৰিকাৰ ৰাজনীতিত বিশেষজ্ঞ ৰাজনীতি বিজ্ঞানৰ অধ্যাপিকা হয়।

ৰাজনৈতিক জীৱন

ছেজেন ১৯৮৫ চনত নাইৰোবিত ৰাষ্ট্ৰসংঘৰ মহিলা সন্মিলনত ইজৰাইলৰ প্ৰতিনিধি দলৰ সদস্য আছিল, আৰু ১৯৯৫ চনত বেইজিঙত অনুষ্ঠিত হোৱা মহিলা সম্পৰ্কীয় চতুৰ্থ বিশ্ব সন্মিলনত অংশগ্ৰহণ কৰিছিল। তেওঁ ছ'চাইটি ফৰ ইণ্টাৰনেশ্যনেল ডেভেলপমেণ্টৰ ইজৰাইলী শাখাৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেওঁ ইজৰাইল ৱমেনছ নেটৱৰ্কৰ প্ৰতিষ্ঠাপক আৰু ব'ৰ্ডৰ সদস্য আছিল৷ লগতে ইণ্টাৰনেশ্যনেল এছ'চিয়েচন অৱ পলিটিকেল ছায়েন্সৰ উপ-সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৪

১৯৯২ চনত মেৰেট্জ তালিকাত নেচেটলৈ নিৰ্বাচিত হয়। ১৯৯৬ চনৰ নিৰ্বাচনত আসন অক্ষুণ্ণ ৰাখি উপাধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰে। ১৯৯৮ চনৰ জেৰুজালেমৰ মেয়ৰৰ নিৰ্বাচনত প্ৰাৰ্থী হিচাপে ৪% ভোট লাভ কৰি চতুৰ্থ স্থান দখল কৰিছিল। ১৯৯৯ চনত পুনৰ নেচেটলৈ নিৰ্বাচিত হোৱা ছেজেনে ২০০৩ চনৰ নিৰ্বাচনত আসন হেৰুৱালৈকে উপ-সভাপতি হিচাপে থাকে৷

তথ্যসূত্ৰ

  1. ↑ Israel Moshe Katsav rape USA Today
  2. ↑ A Conversation With Naomi Chazan. www.pjvoice.com
  3. ↑ Hotline for Refugees and Migrants | Board of Directors. hotline.org.il
  4. ↑ Naomi Chazan: Public Activities Knesset website

সম্পৰ্কিত শ্ৰেণী

ইজৰাইলৰ নাৰী অধিকাৰ কৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাওমি ছেজেন” প্ৰবন্ধৰ সংশোধন ৪৯৩৬২৭ (১৮ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।