অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

আইদা টৌমা-চুলেইমান

আইদা টৌমা-চুলেইমান (Aida Touma-Suleiman, জন্ম: ১৬ জুলাই ১৯৬৪) এগৰাকী ইজৰাইলী আৰব সাংবাদিক আৰু ৰাজনীতিবিদ। ২০১৫ চনৰ পৰা হাদাছৰ বাবে নেচেটৰ সদস্য হিচাপে তেওঁ কাম কৰি আহিছে।

হালনাগাদ: ২০ মাৰ্চ ২০২৫ ১৪২ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

আইদা টৌমা-চুলেইমান (Aida Touma-Suleiman, জন্ম: ১৬ জুলাই ১৯৬৪) এগৰাকী ইজৰাইলী আৰব সাংবাদিক আৰু ৰাজনীতিবিদ। ২০১৫ চনৰ পৰা হাদাছৰ বাবে নেচেটৰ সদস্য হিচাপে তেওঁ কাম কৰি আহিছে।

জীৱনী

আইদা টৌমা-চুলেইমানৰ ইজৰাইলৰ নাচৰতত এটা আৰব খ্ৰীষ্টান পৰিয়ালত জন্ম হৈছিল।১.২তেওঁ নাচৰতৰ ছেইণ্ট জোচেফ স্কুলত পঢ়িছিল, আৰু হাইফা বিশ্ববিদ্যালয়ৰ পৰা মনোবিজ্ঞান আৰু আৰবী সাহিত্যত বি এ ডিগ্ৰী লাভ কৰিছিল। টৌমা-চুলেইমান দুগৰাকী কন্যাৰ সৈতে একৰত থাকে। ২০১১ চনত তেওঁৰ স্বামী জিৰিছ চুলেইমানৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।৩ তেওঁ এগৰাকী নাস্তিক।.১

চমু জীৱন

টৌমা-চুলেইমানে ১৯৯২ চনত আৰব নাৰীবাদী গোট উইমেন এগেইনষ্ট ভিলেন্স প্ৰতিষ্ঠা কৰিছিল৷ আৰু প্ৰতিষ্ঠা হোৱাৰ পৰাই তেওঁ ইয়াৰ মুখ্য কাৰ্যবাহী বিষয়া বিষয়া হিচাপে কৰ্মনিৰ্বাহ কৰি আছে। তেওঁ পাছলৈ হাদাছ দলত যোগদান কৰে আৰু পিছলৈ হাদাছৰ এটা ফৈদ ইজৰাইলী কমিউনিষ্ট পাৰ্টিৰ মালিকানাধীন আৰবী ভাষাৰ কাকত আল-ইত্তিহাদৰ মুখ্য সম্পাদিকা হয়। ইয়াৰ উপৰিও ইজৰাইলৰ আৰব নাগৰিকৰ বাবে হাই ফ’ল’-আপ কমিটীৰ প্ৰথম মহিলা সদস্য হিচাপে পৰিগণিত হয়। ইয়াৰ লগতে তেওঁ আন্তৰ্জাতিক মহিলা আয়োগ ফৰ এ জাষ্ট পেলেষ্টাইনী–ইজৰাইল শান্তিৰ সহ-প্ৰতিষ্ঠাপক আছিল।[৪

২০২০ চনত ক’ভিড-১৯ মহামাৰীৰ সময়ত নেচেটলৈ পুনৰ নিৰ্বাচিত হোৱাৰ পাছত টৌমা-চুলেইমানে পশ্চিম পাৰৰ এখন চেকপইণ্টত বীজাণুনাশক কৰাৰ ভিডিঅ’ টুইট কৰি লিখিছিল, “ক’ৰ’না ভাইৰাছৰ আৱৰণত দখলৰ আন এক অত্যাচাৰ — আইডিএফে কালকিলিয়া চেকপইণ্টত পেলেষ্টাইনীসকলক অজ্ঞাত পদাৰ্থ ছটিয়াইছে। এই স্প্ৰে’ৰ লগত সকলো একমত।” সংকটৰ আৱৰণত সংঘটিত হোৱা ভয়ানক অৱস্থাক আওকাণ কৰিব নোৱাৰি।’ ভিডিঅ’টোত প্ৰকৃততে দেখা গৈছে যে পেলেষ্টাইন কৰ্তৃপক্ষৰ কৰ্মচাৰীয়ে কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ চেকপইণ্টৰ পেলেষ্টাইনী পক্ষক বীজাণুমুক্ত কৰিছে৷৫

তথ্যসূত্ৰ

  1. ↑ Prince-Gibson, Eetta. (16 November 2017). No Patience for Patriarchy
  2. ↑ Knesset votes in first-ever Arab committee chair The Times of Israel, 3 June 2015
  3. ↑ עאידה תומא סלימאן מחויבת לנשים החלשות. ושדיילות אל-על יחכו Haaretz, 11 July 2015
  4. ↑ First female Arab Israeli lawmaker to head Knesset committee Al Arabiya News, 5 June 2015
  5. ↑ (13 March 2020). Arab MK accuses IDF of ‘atrocity’ for spraying Palestinians, then backtracks. The Times of Israel

সম্পৰ্কিত শ্ৰেণী

ইজৰাইলৰ নাৰী অধিকাৰ কৰ্মীইজৰাইলৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আইদা টৌমা-চুলেইমান” প্ৰবন্ধৰ সংশোধন ৪৯৪৯০৭ (২০ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।