অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হান্না আজৌলে হাছফাৰী

হান্না আজৌলে-হাছফাৰী (Hanna Azoulay-Hasfari; জন্ম: ২৯ জুন, ১৯৬০) এগৰাকী ইজৰাইলী অভিনেত্ৰী, চিত্ৰনাট্যকাৰ, নাট্যকাৰ, চলচ্চিত্ৰ পৰিচালক আৰু দুবাৰকৈ অফিৰ বঁটা বিজয়ী।

হালনাগাদ: ২৬ মাৰ্চ ২০২৫ ২৯৯ শব্দ · ২ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

হান্না আজৌলে-হাছফাৰী (Hanna Azoulay-Hasfari; জন্ম: ২৯ জুন, ১৯৬০) এগৰাকী ইজৰাইলী অভিনেত্ৰী, চিত্ৰনাট্যকাৰ, নাট্যকাৰ, চলচ্চিত্ৰ পৰিচালক আৰু দুবাৰকৈ অফিৰ বঁটা বিজয়ী। তেখেত এগৰাকী মহিলা অধিকাৰ কৰ্মী, আৰু সামাজিক ন্যায়ৰ বিষয় আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ সন্দৰ্ভত সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত নিজৰ কেৰিয়াৰ উৎসৰ্গা কৰিছে।১ তেওঁক ২০১৫ চনত নিউয়ৰ্কৰ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ সন্মানত ভাষণ দিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল, য’ত তেওঁ বাল্য বিবাহক নিন্দা কৰি তেওঁৰ ছবি অৰেঞ্জ পিপল প্ৰদৰ্শন কৰিছিল।২

প্ৰাৰম্ভিক জীৱন

১৯৬০ চনৰ ২৯ জুনত ইজৰাইলৰ বেৰচেবাত আজৌলাই-হাছফাৰীয়ে জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ-মাতৃ দুয়ো মৰক্কোৰ পৰা ইজৰাইললৈ প্ৰব্ৰজন কৰিছিল। ৩ তেওঁ জেৰুজালেমৰ “মাই বয়ৰ” নামৰ আৱাসিক বিদ্যালয়ত পঢ়িছিল। হাইস্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত আজৌলে-হাছফাৰীয়ে ইজৰাইলী প্ৰতিৰক্ষা বাহিনীত সামৰিক থিয়েটাৰত বাধ্যতামূলক সেৱা আগবঢ়ায়। সামৰিক সেৱাৰ পিছত তেওঁ টেল আভিভ বিশ্ববিদ্যালয়ত নাট্য আৰু অভিনয়ৰ শিক্ষা গ্ৰহণ কৰে।

থিয়েটাৰ

আশীৰ দশকৰ আৰম্ভণিতে আজৌলাই-হাছফাৰীয়ে টেল আভিভ বিশ্ববিদ্যালয় এৰে। পৰৱৰ্তী সময়ত তেওঁ শিল্পীসকলক তেওঁলোকৰ সাংস্কৃতিক বিশ্বদৃষ্টিভংগী প্ৰকাশ কৰিবলৈ আৰু তেওঁলোকৰ প্ৰকল্পৰ কেন্দ্ৰীয় কেন্দ্ৰবিন্দু হ’বলৈ সক্ষম কৰা বহু-সাংস্কৃতিক দল ছিম্পল থিয়েটাৰ গ্ৰুপৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য হিচাপে পৰিগণিত হয়। থিয়েটাৰ গোটটোৱে স্থানীয় ইতিহাসৰ ভিতৰৰ মানুহৰ বাস্তৱ অভিজ্ঞতাক প্ৰতিনিধিত্ব কৰাত মনোনিৱেশ কৰিছিল৷ যেনে-হ’ল’কাষ্টৰ পৰা ৰক্ষা পোৱা প্ৰথম প্ৰজন্ম আৰু ইজৰাইলৰ দ্বিতীয় প্ৰজন্মৰ মিজ্ৰাচিম। আজৌলে-হাছফাৰীয়ে নাট্যগোষ্ঠীৰ সকলো দিশতে কাম কৰিছিল৷ তেওঁ ধন সংগ্ৰহ, চিত্ৰনাট্য লিখা, প্ৰডাকচন আৰু অভিনয়ত অংশগ্ৰহণ কৰিছিল।৪

টেলিভিছনত

আজৌলে-হাছফাৰী প্ৰলিটাৰিয়েট৫ আৰু মাই লিটল এম্পায়াৰ নামৰ তথ্যচিত্ৰ ধাৰাবাহিকখনৰ মূল সৃষ্টিকৰ্তা৷ যি উদ্যোগীকৰণৰ জৰিয়তে মহিলাসকলৰ সবলীকৰণত উৎসাহিত কৰে। টিভি ধাৰাবাহিক জেৰুজালেম মিক্সৰ কেইবাটাও খণ্ডৰ তেওঁ চিত্ৰনাট্য লিখিছে।৬

সামাজিক ক্ৰিয়া-কলাপ

বিপদাশংকাত ভোগা ছোৱালী আৰু যুৱতীসকলক শৈক্ষিক, আৱেগিক আৰু শাৰীৰিকভাৱে উৎকৃষ্টতাৰ সুযোগ প্ৰদান কৰাত মনোনিৱেশ কৰা ইজৰাইলী সংস্থা বেইট ৰুথৰ প্ৰ’ ব’নো অধ্যক্ষ হিচাপে হাফছাৰীয়ে সামাজিক ন্যায়ৰ বিষয়ত কাম কৰি আছে। তেওঁ ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ ভিতৰত প্ৰচাৰ, ধন সংগ্ৰহ, আৰু বিত্তীয় আৰু নীতিগত চুক্তিৰ আলোচনাৰ দায়িত্বত আছে।৭

২০১৮ চনত অৰ্লি লেভি-আবেকাছিছৰ নেতৃত্বত গেছাৰ ৰাজনৈতিক দলৰ অন্যতম প্ৰতিষ্ঠাপক হিচাপে হাফছাৰী পৰিগণিত হয়।৮

ব্যক্তিগত জীৱন

আজৌলাই-হাছফাৰী বৰ্তমান ইজৰাইলৰ জাফাত বাস কৰে। তেওঁ নাট্যকাৰ আৰু পৰিচালক শ্বমুৱেল হাছফাৰীৰ সৈতে তিনিটা সন্তানৰ মাতৃ।৯

তথ্যসূত্ৰ

  1. ↑ hanna-azoulay-hasfari. MUBI
  2. ↑ Hanna Azoulay Hasfari. AICF
  3. ↑ Jewish Boston. Jewish Boston
  4. ↑ חנה אזולאי-הספרי - תיאטרון בית ליסין. תיאטרון בית ליסין
  5. ↑ "הפועלות", שבת 19:30, ערוץ בריזה - וואלה! תרבות. וואלה! תרבות
  6. ↑ Meorav Yerushalmi (TV Series 2003– )
  7. ↑ It takes a village to heal Israel's abused teen girls
  8. ↑ פרסום ראשון: אלו מייסדי מפלגת 'גשר' של אורלי לוי-אבקסיס. www.maariv.co.il
  9. ↑ (2010-07-17). הוצתו כלי הרכב של שמואל וחנה אזולאי-הספרי. ynet

সম্পৰ্কিত শ্ৰেণী

চিত্ৰনাট্য লেখকনাট্যকাৰচলচ্চিত্ৰ পৰিচালকঅভিনেত্ৰীইজৰাইলৰ ব্যক্তিইজৰাইলৰ নাৰী অধিকাৰ কৰ্মীমানৱ অধিকাৰ কৰ্মীঅভিনয় শিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হান্না আজৌলে হাছফাৰী” প্ৰবন্ধৰ সংশোধন ৪৯৭৩৭৯ (২৬ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।