অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ডৰ্মিচন কেথেড্ৰেল, খাৰ্কিভ

এছাম্পচন কেথেড্ৰেল বা ডৰ্মিচন কেথেড্ৰেল (The Assumption or Dormition Cathedral) ১৯০১ চনত এনানচিয়েচন কেথেড্ৰেল নিৰ্মাণ নোহোৱালৈকে খাৰকিভৰ প্ৰধান অৰ্থডক্স গীৰ্জা আছিল। কেথেড্ৰেলটো লোপান নদীৰ পাৰত থকা ইউনিভাৰ্চিটি হিলত অৱস্থিত আৰু সমগ্ৰ চহৰৰ কেন্দ্ৰীয় অঞ্চলৰ ওপৰত আধিপত্য বিস্তাৰ কৰি আছে।

হালনাগাদ: ২১ আগষ্ট ২০২৬ ৬৯৬ শব্দ · ৪ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

এছাম্পচন কেথেড্ৰেল বা ডৰ্মিচন কেথেড্ৰেল (The Assumption or Dormition Cathedral) ১৯০১ চনত এনানচিয়েচন কেথেড্ৰেল নিৰ্মাণ নোহোৱালৈকে খাৰকিভৰ প্ৰধান অৰ্থডক্স গীৰ্জা আছিল। কেথেড্ৰেলটো লোপান নদীৰ পাৰত থকা ইউনিভাৰ্চিটি হিলত অৱস্থিত আৰু সমগ্ৰ চহৰৰ কেন্দ্ৰীয় অঞ্চলৰ ওপৰত আধিপত্য বিস্তাৰ কৰি আছে। ১৮২০ আৰু ১৮৩০ৰ দশকত নিৰ্মাণ কৰা কেথেড্ৰেলটোৰ নব্যধ্ৰুপদী স্থাপত্যশৈলীৰ ঘণ্টা-স্তম্ভটোৰ উচ্চতা ৯০ মিটাৰ। ই ২১শ শতিকালৈকে চহৰখনৰ আটাইতকৈ ওখ অট্টালিকা হিচাপে পৰিগণিত হৈ আছিল। কেথেড্ৰেলটো খাৰৰ্কিভৰ একমাত্ৰ অট্টালিকা আৰু এইটো প্ৰায় সকলো ৰাছিয়াৰ সম্ৰাটে পৰিদৰ্শন কৰিছিল। এই পৰম্পৰা কেথেৰিন দ্য গ্ৰেটৰ সময়ৰপৰা আৰম্ভ হৈছিল।১

ইতিহাস

১৭ শতিকা

১৬৫৬ চনত যেতিয়া খাৰ্কিভ দুৰ্গ পুনৰ নিৰ্মাণ কৰা হৈছিল, তেতিয়া ইয়াৰ অধিকাংশ অঞ্চল নাগৰিকসকলক ঘৰ নিৰ্মাণৰ বাবে দিয়া হৈছিল। অঞ্চলটোৰ উত্তৰ অংশটো ভৱিষ্যতে নিৰ্মাণ হ’বলগীয়া গীৰ্জাখনৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল।২

এই গীৰ্জাখনৰ বিষয়ে প্ৰথম উল্লেখ ১৬৫৮ চনৰ ভয়েভোদা অফ্ৰছিমভৰ এখন সামৰিক প্ৰতিৱেদনত পোৱা যায়।৩ তেওঁ গীৰ্জা নিৰ্মাণৰ বাবে কাঠ যোগান ধৰাৰ বিষয়ে মস্কোলৈ লিখিছিল। গীৰ্জাটো আছিল অতি সৰল আৰু ইয়াত কেৱল কাগজত অংকিত ধৰ্মীয় চিত্ৰ আছিল। পিছৰ শতিকাসমূহত কৰা গৱেষণাত গীৰ্জাখনৰ ওচৰত একাধিক মানুহৰ অৱশেষ পোৱা গৈছিল। ইয়াৰপৰা প্ৰমাণ পোৱা যায় যে গীৰ্জাখনৰ কাষতে নিজা সমাধিক্ষেত্ৰ আছিল।৪

১৮শ শতিকাত

১৭৩৩ চনৰ ৩ মাৰ্চত খাৰ্কিভত চহৰখনৰ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত ৩০০ৰো অধিক বাসগৃহ আৰু সেইবোৰৰ সকলো অট্টালিকা ধ্বংস হয়। চহৰখনৰ সকলো দোকানো জুইত ভস্মীভূত হয়। ছেইণ্ট নিকোলাছ গীৰ্জাখনো ধ্বংসপ্ৰাপ্ত হয় আৰু ডৰ্মিচন গীৰ্জাটো প্ৰায় সম্পূৰ্ণৰূপে জুইত জাহ যায়। গীৰ্জাটো কেৱল দেৱালসমূহ অক্ষত অৱস্থাত থাকিল; ভিতৰৰ সকলো সজ্জা, ছাদ আৰু গম্বুজ ধ্বংস হয়। অৱশ্যে ১৭৩৪ চনৰ ভিতৰতে গীৰ্জাটো পুনৰ নিৰ্মাণ কৰি পুনৰুদ্ধাৰ কৰা হয়। ৫

১৭৭০ চনত গীৰ্জাটোৰ দেৱালত বিপজ্জনক ফাট মেলা ধৰা পৰে, যিবোৰ মেৰামতি কৰি ঠিক কৰিব পৰা নাছিল। ১৭৭১ চনৰ ১৪ মে’ত নতুন কেথেড্ৰেল নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰা হয়। ভৱিষ্যতে নিৰ্মাণ হ’বলগীয়া গীৰ্জাভৱনৰ নক্সা মস্কোৰ ছেইণ্ট ক্লিমেণ্ট গীৰ্জাৰ আৰ্হিৰদ্বাৰা অনুপ্ৰাণিত হৈছিল। ১৭৭৮ চনৰ বসন্তকালত নিৰ্মাণকাৰ্য সম্পূৰ্ণ নোহোৱা অৱস্থাতে বেদীটো কাজানৰ আমাৰ লেডীৰ সন্মানত পৱিত্ৰ কৰা হয়। ১৭৮০ চনৰ ২৭ ছেপ্টেম্বৰত ইয়াক পুনৰ ঈশ্বৰৰ মাতৃৰ স্বৰ্গাৰোহণৰ সন্মানত পৱিত্ৰ কৰা হয়। এই পৱিত্ৰকৰণ অনুষ্ঠানত জেনেৰেল পিয়ত্ৰ ৰুমিয়ান্তছেভ উপস্থিত আছিল। ৬

কেথেড্ৰেলখন এনে এক সময়ত নিৰ্মাণ কৰা হৈছিল, যেতিয়া আড়ম্বৰপূৰ্ণ বাৰোক স্থাপত্যশৈলীৰ জনপ্ৰিয়তা ক্ৰমাৎ হ্ৰাস পাইছিল আৰু ইয়াৰ ঠাইত ধীৰে ধীৰে ধ্ৰুপদী স্থাপত্যশৈলীয়ে স্থান লাভ কৰিছিল। এই দুয়োটা স্থাপত্যশৈলীৰ সংমিশ্ৰণ কেথেড্ৰেলখনৰ নিৰ্মাণশৈলীত স্পষ্টভাৱে দেখা যায়। কেথেড্ৰেলটোত বাৰোক শৈলীৰ প্ৰভাৱত চূণগছৰ কাঠেৰে খোদাই কৰা আৰু সোণেৰে সজোৱা এখন ধৰ্মীয় প্ৰতিমা-দেৱাল আছিল। ইয়াৰ নক্সা ৰাস্ত্ৰেলিৰ ৰ'কোকো শৈলীৰ আৰ্হিৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছিল। একে সময়তে কেথেড্ৰেলটোৰ বাহিৰৰ সন্মুখভাগ আছিল তুলনামূলকভাৱে সৰল, সংযত আৰু কঠোৰ ধ্ৰুপদী শৈলীৰ। ৭

১৯ শতিকাত

ফিলাৰেট গুমিলেভস্কিৰ মতে, নেপোলিয়ন বোনাপাৰ্টক ৰাছিয়াৰপৰা বিতাড়িত কৰাৰ পাছত পৃথকে থিয় হৈ থকা আলেকজেণ্ডাৰ ঘণ্টা-স্তম্ভটো নিৰ্মাণ কৰা হৈছিল। ইয়াৰ উদ্দেশ্য আছিল “সম্ৰাট আলেকজেণ্ডাৰ প্ৰথমৰ প্ৰতি জনসাধাৰণৰ কৃতজ্ঞতা প্ৰকাশ কৰা”। ১৮২১ চনৰ ২ আগষ্টত ঘণ্টা-স্তম্ভটোৰ আধাৰশিলা স্থাপন কৰা হয়। ১৮৩৩ চনৰ ৫ নৱেম্বৰত ইয়াৰ মুখ্য বেদীটো পৱিত্ৰ কৰা হয়। ১৮৪১ চনৰ ১ অক্টোবৰত মস্কোৰ কাৰিকৰ লুকিনভে নিৰ্মাণ কৰা সোণেৰে মেৰিয়াই দিয়া ক্ৰছটো ঘণ্টা-স্তম্ভটোৰ ওপৰত স্থাপন কৰা হয়। ৮

এই ঘণ্টা-স্তম্ভটো এসময়ত ইউক্ৰেইনৰ দ্বিতীয় সৰ্বোচ্চ অট্টালিকা আছিল। ইয়াতকৈ ওখ আছিল গ্ৰেট লাভ্ৰা ঘণ্টা-স্তম্ভ। ১৮৪৬ চনত স্থানীয় বিশপৰ আসনখন পুৰণি পোক্ৰভ গীৰ্জাৰপৰা ডৰ্মিচন গীৰ্জালৈ স্থানান্তৰ কৰা হয়।৯ ১৮৫৬ চনত ঘণ্টা-স্তম্ভটোত এটা বৃহৎ ফৰাচী ঘড়ী স্থাপন কৰা হয়। সামগ্ৰিকভাৱে, ঘণ্টা-স্তম্ভটো নিৰ্মাণ কৰোঁতে ১,১০,০০০ ৰুবলতকৈ অধিক ধন ব্যয় হৈছিল।৮

বিংশ শতিকাত

১৯২৪ চনত চহৰখনৰ আটাইতকৈ ওখ অট্টালিকা হিচাপে ঘণ্টা-স্তম্ভটোত প্ৰথম ছোভিয়েট ৰেডিঅ’ কেন্দ্ৰৰ বাবে এটা এণ্টেনা স্থাপন কৰা হয়। পিছলৈ সম্প্ৰচাৰণৰ যন্ত্ৰটো ঘণ্টা-স্তম্ভৰ ভিতৰলৈ স্থানান্তৰ কৰা হয়, যাৰ ফলত গীৰ্জাটোৰ দেৱালত থকা চিত্ৰসমূহ যথেষ্ট ক্ষতিগ্ৰস্ত হয়। ১৯২০ৰ দশকত গীৰ্জাটোৰ কাঠেৰে নিৰ্মিত বেদীটো খাৰ্কিভ কলা সংগ্ৰহালয়লৈ স্থানান্তৰ কৰা হয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এই বেদীটো অগ্নিকাণ্ডত জ্বলি ধ্বংস হয়। ১৯৩০ চনৰ ১৭ ফেব্ৰুৱাৰীত কৰ্তৃপক্ষই কেথেড্ৰেলটো বন্ধ কৰি দিয়ে। ইয়াৰ পাঁচটা গম্বুজেই ধ্বংস কৰা হয় আৰু ঘণ্টা-স্তম্ভটোৰপৰা ঘণ্টাসমূহ আঁতৰাই পেলোৱা হয়। ১০ পৰৱৰ্তী সময়ত অট্টালিকাটো প্ৰথমে গুদাম হিচাপে ব্যৱহাৰ কৰা হয় আৰু পিছত চহৰ প্ৰশাসনৰ কাৰ্যালয়সমূহৰ বাবে ব্যৱহাৰ কৰিবলৈ দিয়া হয়। ১১

১৯৭৫ চনত এজাক ঘূৰ্ণীবতাহৰ ফলত ঘণ্টা-স্তম্ভটো অধিক ক্ষতিগ্ৰস্ত হয়। ১৯৭০ৰ দশকৰ শেষৰফালে কেথেড্ৰেলটো পুনৰুদ্ধাৰ কৰা হয়। ২০০৬ চনত ইয়াক পুনৰ ইউক্ৰেইনীয় অৰ্থডক্স গীৰ্জাৰ হাতলৈ হস্তান্তৰ কৰা হয়। স্থানীয় বিচপৰ কাৰ্যালয়ে এই অট্টালিকাটো এখন ফিলহাৰ্মনিক সংস্থাৰ সৈতে যৌথভাৱে ব্যৱহাৰ কৰে। ১৯৮৬ চনত অট্টালিকাটোৰ ভিতৰত ৰীগাৰ-ক্লছ কোম্পানীয়ে নিৰ্মাণ কৰা এটা পাইপ অৰ্গান স্থাপন কৰা হৈছিল।১২

একবিংশ শতিকাত

২০২২ চনৰ ২ মাৰ্চত ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ সময়ত খাৰ্কিভৰ ডৰ্মিচন কেথেড্ৰেলটোত গোলাবৰ্ষণৰ ফলত ক্ষতিগ্ৰস্ত হয়। সেই সময়ত অসামৰিক লোকসকলে বোমাবৰ্ষণৰ পৰা ৰক্ষা পাবলৈ কেথেড্ৰেলটোৰ ভিতৰত আশ্ৰয় লৈ আছিল। আক্ৰমণৰ ফলত গীৰ্জাটোৰ খিৰিকী আৰু ৰঙীন কাঁচ ভাঙি যায় আৰু গীৰ্জাৰ ভিতৰৰ সা-সামগ্ৰী তথা সজ্জাও ক্ষতিগ্ৰস্ত হয়। ১৩১৪১৫১৬

গ্ৰন্থপঞ্জী

তথ্যসূত্ৰ

  1. ↑ Paramonov 2020
  2. ↑ Novogorodov 1990, পৃ. 7-8
  3. ↑ Riedin 2006, পৃ. 18
  4. ↑ Novogorodov 1990, পৃ. 7-8
  5. ↑ Leibfried Polyakova 1998
  6. ↑ Novogorodov 1990, পৃ. 13-14
  7. ↑ Novogorodov 1990, পৃ. 20-21
  8. ↑ Filaret Gumilevsky. Историко-статистическое описание Харьковской епархии
  9. ↑ Leibfried Polyakova 1998
  10. ↑ Novogorodov 1990
  11. ↑ Kaliberda 2016, পৃ. 581
  12. ↑ Kaliberda 2016, পৃ. 581
  13. ↑ (2022-03-02). Российский снаряд попал в Успенский собор Харькова: там укрывались люди. TV Channel 24
  14. ↑ (2022-03-03). "Святое место теперь побито войной" — Зеленский об Успенском соборе в Харькове. 2 Day UA
  15. ↑ Glushenko, O. (2022-03-03). Во время обстрелов в центре Харькова поврежден Свято-Успенский собор. Ukrainskaya Pravda
  16. ↑ (2022-03-03). В Харькове от обстрела пострадал собор, который выстоял во время Второй мировой войны

সম্পৰ্কিত শ্ৰেণী

গীৰ্জাঘৰইউক্ৰেইনৰ গীৰ্জাঘৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডৰ্মিচন কেথেড্ৰেল, খাৰ্কিভ” প্ৰবন্ধৰ সংশোধন ৬২৯৬২৯ (২১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।